ফটাঢোল

মাষ্টাৰ চে’ফ- পাপৰি ভাগৱতী নাথ

লকডাউন নোহোৱা হ’লে হয়তো অসম মুলুকত যে হাজাৰ-বিজাৰ ৰন্ধন বিশাৰদ  বিদ্যামান সেইটো কোনেও গমেই নাপালেহেতেন! বাপৰে বাপ কি হৰেক ৰকমৰ খাদ্য-সম্ভাৰৰ মুকলি প্ৰদৰ্শনহে। পিছে অহংকাৰ কৰি লাভ নাই, এইবোৰ ৰন্ধন কলাত আকৌ মই সৰুৰে পৰা পাৰ্গত। চেনিটাইজ কৰা খাদ্য গ্ৰহণৰ অভ্যাস সেই তাহানিৰে পৰা আছে। মিছা ক’লে কিদাল হ’ব মোৰ আকৌ সৰুৰেপৰাই ষষ্ঠ ইন্দ্ৰিয়ৰ ভিতৰত জিভাখন সবাতোকৈ  সক্ৰিয় আৰু তেৰাৰ কৃপাত সেই সক্ৰিয়তা  এতিয়ালৈকে অটুট ৰাখিছোঁ। জিভাখনৰ কথা ক’লোঁ‌ যে সেইখন মোৰ খুউব স্মাৰ্ট, আলুপিটিকা ভাত হ’লেও অকণমান ঘি বিচাৰে। জিভাখনৰ অৰ্হনিশে কৰি থকা আবদাৰৰ বাবেই মায়ে বনোৱাৰ ওপৰতে আৰু এখন নিজৰ পচন্দৰ ভাজি বনাই খাব পৰা হ’লোঁঁ।‌ মায়েও মোৰ ৰন্ধন বিদ্যাৰ প্ৰতি থকা অখণ্ড হাবিয়াসৰ উচিত মৰ্য্যদা দি ৰবিবাৰৰ পুৱাৰ আহাৰৰ দায়িত্বটো মোকেই  প্ৰদান কৰি নিজে গা কাপোৰ আদি ধোৱাৰ উৎসৱটো বৰ সুন্দৰকৈ আৰম্ভ কৰিলে। এনেকুৱা এটা দেওবাৰৰ দিনতে ৰাতিপুৱাই সৰু মামা আহি ওলাল। মই তেতিয়া নৱম শ্ৰেণীৰ ছাত্ৰী। ৰাতিপুৱা গাখীৰত মচুৰ দাইল অলপ তিয়াই সেইখিনি বটি মূখত লগাই পাগঘৰতে অকণমান সৌন্দৰ্য্য চৰ্চা কৰি বৰ সুন্দৰকৈ ফুলা ফুলা লুচি আৰু বুটৰ দাইল বনাই মামাক খাবলৈ দিলোঁ‌।  মনত ভাবিছোঁ মামাই ক’ব, ভাগিন বৰ সুন্দৰ বনাইছাহে। পিছে তেওঁ আকৌ কাটিং মাৰি ক’লে যে, “মেট্ৰিক পৰীক্ষাত ফেইল কৰিলে  হোটেল খুলিয়ে খাব পাৰিবা, তামাম চলিব।” ভাল বুলিয়েই ক’লে নে বেয়া বুলি আজিও মই বুজি নাপালো।

প্ৰথম অৱস্থাত মই ৰন্ধা আঞ্জাত  নিমখ কম হ’লেও সোৱাদ সোৱাদকৈ খোৱা পিতৃদেৱতাই লাহে লাহে অনুভৱ কৰিলে যে মোৰ এই ৰন্ধন প্ৰীতিৰ আঁ‌ৰত আন এক উদ্দেশ্য নিহিত হৈ আছে আৰু সেইটো হ’ল ৰাতিপুৱা কিতাপ লোৱাৰ পৰা মুক্তি। এই ৰহস্য উদ্ঘাটন হোৱাৰ পিছতে মোৰ ৰবিবাৰৰ পুৱাৰ সমগ্ৰ কাৰ্যসূচী সলনি হৈ গ’ল। আটা মৰাৰ চলেৰে টিভিৰ সন্মুখত ৰৈ ৰংগলী চোৱাৰ মুধাও মৰিল। পাগঘৰৰ সৌন্দৰ্য্য চৰ্চা আৰু ফুলা ফুলা লুচিৰ সলনি পঢ়া মেজ আৰু মাৰ হাতৰ শুকান শুকান ৰুটি। এনে অৱস্থাত  মোৰ জিভাখনে বিদ্ৰোহ কৰি উঠে যদিও দেউতাৰ ৰঙা চকুৰ ভয়তে অতৃপ্ত বাসনাক দবাই থ’ব লগাত পৰে। ইতিমধ্যে ৰন্ধন মোৰ বাবে এক এৰাব নোৱৰা আসক্তিলৈ ৰূপান্তৰিত হৈছিল। কিমান দিন দবাই ৰাখিম এই ইচ্ছাক! ইতিমধ্যে মোৰ ৰন্ধন বিদ্যাৰ খ্যাতি বেলেগত নহ’লেও আমাৰ সম্বন্ধীয় ভাই – ভনীসকলৰ মাজত বিয়পি পৰিল আৰু সময় সুবিধা মিলিলে  মোৰ হাতেৰে  যে এসাঁ‌জ খোৱাৰ ইচ্ছা সকলোৰে আছে সেইটো সকলোৱে প্ৰত্যক্ষ ভাবে জাহিৰ কৰিলে। অৱশেষত সেই শুভদিনতো আহিল। মামাহঁ‌তৰ বাঁ‌হনিৰ পিছফালে লুকাই চুৰকৈ এটা পাৰ্টিৰ আয়োজন কৰা হ’ল আৰু অৱধাৰিত ভাবে মইয়ে ৰান্ধনীৰ পদটো শুৱনি কৰিলোঁ। পাৰ্টি মানে, ভাত, সৰু আলু ভাজি আৰু কণীৰ দম। জুই ফুৱাই ফুৱাই ৰান্ধনীৰ অৱস্থা কাহিল, কিন্তু দায়িত্ব লৈছোঁ যিহেতু পালন কৰিবই লাগিব। এই পাৰ্টিটোৰ সফলতাৰ ওপৰতে ৰান্ধনী হিচাপে মোৰ ভবিষ্যত নিৰ্ভৰ কৰিব। কণীৰ পইচা যেনিবা আমাৰ হাতত আছিল কিন্তু চাউল, তেল, সৰু আলু ইত্যাদি মনে মনে আইতাৰ পাকঘৰৰ পৰাই অনাৰ সিদ্ধান্ত লোৱা হ’ল। মূল ৰান্ধনী মই। কণীৰ দম বনোৱা কেনেকুৱা ডাঙৰ কাম সেইয়া মই সিদিনা সকলোকে বুজায় দিব বিচাৰিছিলোঁঁ ‌আৰু সেইয়া কৰিবলৈ গৈ হেতাৰে লৰাওতে লৰাওতে গোটেইকেইটা কণী গৈ সোমাল চৌকাৰ ভিতৰত। হেই কি কৰিলি কি কৰিলি বুলি ভাই ভনী কেইটাই চিঞৰ বাখৰ লগোৱাত কৃত্ৰিম গাম্ভীৰ্য দেখুৱাই ৰান্ধিলেতো এনেকুৱা ধৰণৰ ঘটনা হয়েই ধৰণৰ অভিব্যক্তি এটা দেখুৱাই হেতাখনেৰে চিধাই কণীকেইটা চৌকাৰ ভিতৰৰ পৰা উলিয়াই আনি পুনৰ কেৰাহীত উঠাই দিলোঁ। কিংকৰ্তব্যবিমোৰ দৰ্শনাৰ্থীসকলৰ ফালে চকু ঘোপা কৈ চাই উত্তৰ দিলোঁ, “এইদৰে কণীকেইটা জুইত পেলাই লৈ বেক্টেৰিয়া নিধন যজ্ঞ পাতিলোঁ। সকলোৱে মই কৈছোঁ যিহেতু হ’বও পাৰে বুলি ভাবি  মুৰ দুপিয়ালে। গৌৰৱ কৰা নাই কিন্তু ক’ব বিচাৰিছোঁ‌ মোৰ দৰে ভাই ভনী কেইজনো সঁচা অৰ্থত জ্ঞানী আছিলোঁ আৰু বুজি পাইছিল যে বিজাণু ধ্বংসৰ বাবেহে মাষ্টাৰ চেফ পাপৰিয়ে কণীকেইটা জুইত দিছিল। এই দাহন প্ৰক্ৰিয়াৰ বৈজ্ঞানিক বিশ্লেষণ হিচাপে আইতাহঁ‌তে ফুটছাইৰে  বাচন মাজি যে আচলতে বিজাণু ধ্বংস কৰে সেইটো উদাহৰণ দিবলৈ নাপাহৰিলো। ফুটছাইয়ে যদি বিজাণু মাৰিব পাৰে তেন্তে জ্বলন্ত আঙঠাই কিমান বিজাণু মাৰিব ভাবি চাওক।

আপোনালোকে নাভাবিব ৰান্ধনী ঘৰত মই আৰু কৃতিত্ব দেখুওৱা নাই এনেকুৱা পাৰদৰ্শিতা মই এতিয়াও অক্ষুণ্ণ ৰাখিছোঁ। জিভাখনৰ কৃপাত পথালি কোমোৰাৰ পৰা গৈ মোৰ আকৃতিটো বৰ্তমান ৰঙালাউ যেন হৈছে। খোৱাৰ নামেই জীৱন বুলি ভাবি খোৱা লোৱাৰ ক্ষেত্ৰত কেতিয়াও কৃপণালি কৰা নাই বুলি ফটাঢোলৰ শপত খাব পাৰোঁ‌।

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *