ফটাঢোল

কবি হোৱাৰ বিড়ম্বনা- ডা° শ্বফিক-উজ-জামান 

(প্ৰয়াত ডা° শ্বফিক উজ জামান সাহিত্যৰ এগৰাকী নিৰৱ সেৱক আছিল৷ মেঘালয় সীমান্তৰ ফুলবাৰী নামক ভিতৰুৱা গাঁঁৱত থাকিও ‘নৱ-পৰিচয়’, ‘অংকুৰ’ আৰু ‘ৰঙাই’ নামক লিটিল মেগাজিন অনিয়মিতভাবে হ’লেও প্ৰকাশ কৰি স্থানীয় কবি-সাহিত্যিকসকলক উৎসাহ দিছিল৷ গল্প, কবিতা লিখাৰ বাহিৰেও ডা° জামান আছিল অবিভক্ত গোৱালপাৰা জিলাৰ ইতিহাসৰ এজন বিশিষ্ট গৱেষক৷ তেওঁৰ লেখাৰ ওপৰত ভিত্তি কৰিয়েই প্ৰত্নতত্ব বিভাগে গাৰো পাহাৰত স্থানীয় কোচ ৰজা বিষ্ণু দত্তৰ ৰাজ-প্ৰসাদ, মঠ-মন্দিৰ আৰু বৌদ্ধ স্তুপ খান্দি উলিয়াবলৈ সক্ষম হৈছিল৷ বৰ্তমান সেই স্থান পৰ্যটকৰ বিশেষ আকৰ্ষণৰ স্থলী৷ চাকৰিসূত্ৰে অসম চৰকাৰৰ পশু চিকিৎসা আৰু পশু পালন বিভাগৰ পৰা এডিশ্বনেল ডাইৰেক্টৰ হিচাপে অৱসৰ গ্ৰহণ কৰে৷ ২০১৮ চনৰ ১৫ আগষ্টত তেওঁৰ মৃত্যু হয়৷)

সাহিত্যৰ সৈতে জড়িত প্ৰায় প্ৰতিজন ব্যক্তিৰ দৰে এই অধমেও কবিতাৰেই নিজৰ লিখা-মেলাৰ পাতনি মেলিছিলোঁ আৰু বহু যাতনা, অত্যাচাৰ আৰু ত্যাগ স্বীকাৰ কৰি কবিতাৰ তিনি অংগ – শব্দ চয়ন, ছন্দ আৰু দৰ্শনৰ বিষয়ে শিকিছিলোঁঁ৷ অৱশ্যে ভাগ্যৰ কৰুণ দুৰ্বিপাকত পৰি সেই কবিতা মোৰ জীৱনত বেছিদিন স্থায়ী নহ’ল৷ আপোনালোকে হয়তো ভাবিছে যে কবিতা লিখাটো কষ্টকৰ হ’বও পাৰে, কিন্তু যাতনা, অত্যাচাৰ? আছে মহাশয়, কষ্ট আছে, যাতনাও আছে৷ কবি হোৱাটো মুখৰ কথা নহয়৷

কবিতা লিখাৰ প্ৰথম পাঠ মই স্কুলীয়া দিনতে লাভ কৰোঁঁ৷ মেট্ৰিক পৰীক্ষা দি মাত্ৰ উঠিছোঁঁহে, ফলাফল আহিলেই কলেজলৈ যাম৷ হাতত অফুৰন্ত সময়৷ এনেকুৱা সময়ত বয়সৰ দোষত অলপ-অচৰপ কবিতা কোনে নো নিলিখে কওকচোন? ময়ো আৰম্ভ কৰিলোঁ, বাহিৰা বহীৰ অৱশিষ্ট পাতসমূহ কবিতাময় কৰি পেলোৱাৰ এক দৃঢ় সংকল্প ল’লোঁঁ৷ ভবা মতে কাম, দিন ৰাতি একাকাৰ হৈ গ’ল৷ আকাশ, তৰা, গছ, ফুল, পাত আদি বিষয়ত কবিতা সৃষ্টি কৰি যেতিয়া কবিতাৰ বিষয়বস্তু প্ৰায় শেষ হওঁ হওঁ হ’ল তেতিয়া চাহৰ কাপ, পানীৰ জগ আদিৰ ওপৰতো কবিতা লিখি নিৰস বাস্তৱতাক মোৰ কবিতাত এক উচ্চ স্থান দিবলৈ আৰম্ভ কৰিলোঁঁ৷ পৰিয়ালৰ আন সদস্যৰ দৃষ্টিৰ পৰা দূৰত, দেউতাৰ ষ্টাডি ৰূমৰ এচুকত বহি, আকাশৰ পিনে চাই চাই কবিতাৰ ছন্দৰ সন্ধান কৰোঁতে কৰোঁতে কেতিয়াবা খোৱা-বোৱাৰ কথাও পাহৰি যোৱা হ’লোঁঁ৷ মাতৃ হৃদয় চিৰ সন্দেহবাদী, সেই হৃদয়ত সৰুকৈ সন্দেহ এটিৰ উদ্ৰেক হ’ল, দেউতাৰ কাঁহিত মাছ এপিচ তুলি দি বেচ চিন্তিত ভাবেই ক’লে,

: শুভ্ৰৰ পৰীক্ষা খুব সম্ভৱ ভাল হোৱা নাই৷ দিনটো ৰূমত মন মাৰি বহি কিবা-কিবি বিৰবিৰাই থাকে, খোৱা নাই, বোৱা নাই, মুখখন শুকাই আমৰ আচাৰৰ নিচিনা হৈছে৷

দেউতা চিৰকাল গুৰু-গম্ভীৰ, কম কথাৰ মানুহ৷ মাৰ পৰা সকলো বিতংকৈ শুনি কেৱল উচ্চাৰণ কৰিলে,

: হুমম…৷

মানুহে ঠিকেই কয়, কবিতা হ’ল দিল্লী কা লাড্ডু, পঢ়া জনেও পস্তাই, লিখা জনেও৷ মোৰ অৱস্থাও ব্যতিক্ৰম নহ’ল৷ অৱশ্যে ঘটনাটোক নিতান্তই কাব্যিক উচ্ছাস বুলি উপেক্ষা কৰা গ’লহেঁতেন, কিন্তু ভাগ্যত ৰাহুৰ অৱস্থান কেতুৰ সমীপত হ’লে আপোনাৰ ভাল কাম এটাতো পৃথিৱীয়ে কেৱল দোষহে দেখা পাব৷ একো গৰ্হিত কাম কৰা নাছিলোঁ, মাথো এদিন কাব্যিক মুড হাই-লেভেলত থকা সময়ত লিখিবলৈ ওচৰত একো নেপায় উপায়ন্তৰ হৈ বাইদেউৰ অৰ্থনীতিৰ নোটবহীতে উচ্ছাসিত চাৰি লাইনৰ কবিতা এটি লিখি পেলালোঁ৷ কোনে নো জানিছিল অৰ্থনীতিৰ এই নিৰীহ নোটবহীয়েই কিশোৰ কবিৰ জীৱনত এনেকুৱা অথন্তৰ ঘটাব বুলি৷ বাইদেৱে কবিতাটো পঢ়ি চিধাই সন্দেহ কৰিলে এয়া বান্ধৱী ৰত্নাৰ ককায়েক সুবলদাৰ কীৰ্তি বুলি৷ ঘটনাৰআকস্মিকতাত ময়ো চুপ হৈ থকাটোৱে শ্ৰেয় বুলি বিবেচনা কৰিলোঁঁ৷ কিন্তু কবিতাটোত ‘মই আৰু তুমি’ৰ পয়োভৰ ইমান বেছি আছিল যে স্বাভাৱিকতে দুয়ো পৰিয়ালৰ মাজত প্ৰথমতে বেয়া পোৱা-পুই আৰু তাৰ পিছত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হ’ল৷ ঘটনাটো ক্ৰমাত এক অস্বস্তিকৰ পৰিস্থিতিৰ ফালে ধাবিত হৈ আছে দেখি অৱশেষত কোনোমতে সাহস সঞ্চয় কৰি মই এই কথা সকলোৰে আগত স্বীকাৰ কৰি ল’লোঁ যে- সুবলদা নহয়, কবিতাটিৰ প্ৰকৃত ৰচক হ’লোঁ মই আৰু কবিতাটি মাত্ৰ এটি উদ্দেশ্যহীন ভাবাবেগ, বিশেষ কাকো উদ্দেশ্য কৰি লিখা হোৱা নাই৷

কিন্তু তেতিয়ালৈকে সম্ভৱত বহু দেৰি হৈ গৈছিল৷ ৰয়েল বেংগল টাইগাৰ দেখিছে কেতিয়াবা? নাই, ময়ো চাৰ্কাচ বা চিৰিয়াখানাৰ বন্দী বাঘৰ বাহিৰে কাহানিও কোনো ৰয়েল বেংগল টাইগাৰ দেখাৰ সুযোগ পোৱা নাছিলোঁঁ৷ কিন্তু সিদিনা দেউতাই ক্ৰুদ্ধ, আক্ৰোশত মোৰ ওপৰত যিদৰে জঁপিয়াই পৰিছিল, সেই অপৰূপ ভংগীমা দেখি ভাবিছিলোঁ, ইয়েছ, দিচ ইচ দ্য পয়েশ্চাৰ! হাৱাই চেণ্ডেলৰ নিৰন্তৰ সদব্যৱহাৰ কৰি থাকোঁতেই চিৰকাল কম কথাৰ মানুহ আমাৰ দেউতাই কেৱল এইখিনিহে কৈছিল,

: কুকুৰ, আজি তোক কবিতাৰ শব্দ-চয়ণ শিকাম৷

আৰু এইদৰেই এক অপ্ৰীতিকৰ পৰিস্থিতিত হ’লেও অতি আকস্মিকভাবে কবিতা লিখাৰ প্ৰথম পাঠ মই মোৰ পিতৃদেৱতাৰ পৰা গ্ৰহণ কৰোঁঁ৷

দ্বিতীয় পাঠৰ কথা যদি সোধে তেন্তে অৱশ্যেই নাম ল’ব লাগিব এসময়ৰ বিখ্যাত সাহিত্যিক-সম্পাদক শ্ৰী অনাদি শংকৰ বৰুৱাৰ দেৱৰ৷ বৰুৱা ডাঙৰীয়া তেতিয়া ‘সময় দৰ্পন’ৰ মূখ্য সম্পাদক৷ অতি কাঠচিত, বে-ৰসিক সাহিত্য সম্পাদক হিচাপে কবি মহলত তেওঁৰ এক দুৰ্নাম আছিল৷ তেওঁৰ আলোচনীলৈ বহু কবিতা পঠালোঁ কিন্তু ভাল কোনো সঁহাৰি নাই৷ অতিষ্ঠ হৈ অৱশেষত ঠিক কৰিলোঁ যে এবাৰ সম্পাদক মহাশয়কে লগ কৰা যাওক৷ কবিতা, গল্প প্ৰকাশ কৰিবলৈ বহুতেই অলপ-অচৰপ ধৰাধৰি, তৈল-মৰ্দন কৰেই দিয়কচোন, কিনো ডাঙৰ কথা? ভবা মতেই আলোচনীৰ দপ্তৰলৈ গ’লোঁ, দুদিন৷ কিন্তু একো লাভ নহ’ল৷ কবি-সাহিত্যিক-সাংবাদিক পৰিবেষ্টিত মূখ্য-সম্পাদক ডাঙৰীয়াৰ চিকচিকিয়া তপা মূৰটোহে কেৱল দূৰৰ পৰা দেখাৰ সৌভাগ্য হ’ল৷ উপাইহীনহৈ অৱশেষত সম্পাদক ডাঙৰীয়াক তেওঁৰ ঘৰতে সাক্ষাৎ কৰাটো থিৰ কৰিলোঁঁ৷ কিন্তু তাতো বিশেষ সুবিধা কৰিব নোৱাৰিলোঁ, চিকিউৰিটি গাৰ্ডে গেটতে বাধা দিলে৷ ফলত এদিন গভীৰ ৰাতি…

প্ৰায় এন্ধাৰ বেডৰুমত ভালদৰে মনিব নোৱাৰি, জঁপিয়াই নামি আহোঁতেই ভৰিত লাগি চাইড টেবুলখন বস্তুসহ ভীষণ শব্দ কৰি বাগৰি পৰিল৷ মাজৰাতি হঠাতে বেডৰূমত হোৱা এই ভয়ংকৰ শব্দ শুনি আতংকিত হৈ অনাদি শংকৰ বৰুৱাই টোপনিৰ পৰা একেজাঁপে আঁঠুৱাৰ ভিতৰতে উঠি থিয় দিলে আৰু প্ৰায় লগেলগে চিঞৰি উঠিল- কোন? কোন? লাজ আৰু ভয় মিহলি হৈ নিজৰ ওপৰতে ধিক্কাৰ জন্মিল, কোনোমতে সেপধুকি সেমেনা সেমেনি কৈ ক’লোঁ,

: মই

: মই কোন?

: ছাৰ, মই এজন নবীন কবি৷

: ইমান ৰাতি? ইয়াত কিয়?

: অকমান অনুগ্ৰহ বিচাৰি আহিছোঁ, ছাৰ৷

শেষ বাক্যটো উচ্চাৰণ কৰোঁতে মাতটো আবেগত থোকাথুকি হৈ আহিল৷ মোৰ আবেগিক সংলাপ শুনি বৰুৱা ডাঙৰীয়াই তৎক্ষণাত আঁঠুৱাৰ বাহিৰলৈ মুখখন উলিয়ালে৷ তাৰ পিছত লাইট জ্বলাই মোক ভালদৰে নিৰীক্ষণ কৰিলে৷ অৱশেষত যেতিয়া তেওঁ নিশ্চিত হ’ল যে মই কোনো চোৰ-দস্যু নহয়, সঁচাকৈয়ে এজন নিৰীহ নবীন কবি, তেতিয়া তেওঁ অলসভাবে হামিয়াই হামিয়াই সুধিলে,

: কি নাম?

 অলপ যেন ভৰসা পোৱা গ’ল, নাম ক’লোঁঁ৷ এইবাৰ তেওঁ চকু বন্ধ কৰিলে৷ তাৰ পাছত বহুদেৰি কোনো সাৰ-শব্দ নাই, আকৌ টোপনিয়েই গ’ল নেকি ধৰিব নোৱাৰিলোঁঁ৷ ইফালে মোৰ গালত, মুখত তেতিয়া মহে কামুৰি আছে, নিজৰ গালত যে নিজে এটা চৰ মাৰিম তাৰো উপায় নাই৷ প্ৰায় বাৰ মিনিট, বত্ৰিছ চেকেণ্ড পিছত বৰুৱা ডাঙৰীয়াই মাত দিলে,

: ইয়েচ, মনত পৰিছে৷ তোমাৰ কবিতা পঢ়িছোঁঁ৷ কিন্তু সেইবোৰত দেখোন ছন্দৰ নাম-গোন্ধয়েই নাই, ছন্দহীন কবিতা কিবা কবিতা হ’ল নেকি? কেনেকৈ ছপাব দিওঁ তুমিয়েই কোৱাচোন?

প্ৰশ্ৰয় অকমান পাই আৰু অলপ সাহস সঞ্চয় কৰি সোঁহাতেৰে মূৰটো খজুৱাই খজুৱাই ক’লোঁঁ,

: কেনেকৈ লিখিলে ছপাৰ যোগ্য হ’ব…মানে সেই ছন্দৰ বিষয়ে ছাৰে যদি অকমান বুজাই দিলেহেঁতেন….

বৰুৱা ডাঙৰীয়াৰ হয়তো তেতিয়াহে মনত পৰিলে যে মই এই ৰূমত প্ৰবেশ কৰিলোঁ কিদৰে? সেয়ে সুধিলে,

: পিচে তুমি এই মাজৰাতিখন মোৰ বেডৰুমত প্ৰবেশ কৰিলা কেনেকৈ?

মই সলজ্জভাবে মিহিকৈ অলপ হাঁহিবলৈ চেষ্টা কৰিলোঁঁ,

: মানে ছাৰ, দাৰোৱানে মেইন গেটেদি সোমাবলৈ নিদিলে যে, সেয়ে উপায় নেপাই….

কথা শেষ নকৰি মূৰটো নত কৰিলোঁঁ৷

: উপায় নেপায়?

বৰুৱা ডাঙৰীয়াই ভূতদেখাৰ দৰে বিচূৰ্তি খালে,

: উপায় নেপায় তুমি পাইপ বগাই তৃতীয় মহলালৈ উঠি আহিলা?

কেই মুহূৰ্তৰ নিস্তব্ধতা, তাৰ পিছত বৰুৱা ডাঙৰীয়াই সমগ্ৰ ঘৰ কঁপাই হো-হো কৈ হাঁহি উঠিল আৰু তাৰ পাছত বেছ তাচ্ছিল্যৰ সুৰত ক’লে,

: কবিতাৰ ছন্দ শিকিব বিচাৰিছিলা নহয়? যোৱা, ইয়াৰ পৰা ওলোটা ভৰিৰে পাইপলৈ যোৱা আৰু সেই পাইপৰেই লাহে লাহে তললৈ নামি থাকা, যেতিয়া তোমাৰ ভৰিয়ে মাটি স্পৰ্শ কৰিব গম পাবা যে এটা পয়াৰ কমপ্লিট হ’ল৷ এই মাজৰাতি ছন্দ শিকিব আহিছে – অ’ মোৰ সোণটো৷

প্ৰতিষ্ঠিত কবি হ’ম বুলি সোমাইছিলোঁ, ‘সোণটো’হৈ ওলাই আহিলোঁ৷ ইয়াৰ পিছত আৰু কেতিয়াও কবিতাৰ ছন্দৰ বিষয়ে কোনো শিক্ষা গ্ৰহণ কৰিব লগা হোৱা নাই৷

এইদৰে, শব্দ চয়ন আৰু কবিতাৰ ছন্দৰ বিষয়ে শিক্ষা গ্ৰহণ কৰিলোঁ যদিও কবিতাৰ দৰ্শনৰ বিষয়ে মোক্ষম শিক্ষাটি কিন্তু দিলে ৰুবিৰ দেউতাকে, তাকো ৰুবিৰ মাৰফতত৷ ৰুবি মোৰ দীৰ্ঘ সময়ৰ প্ৰেমিকা৷ কলেজৰ শিক্ষা সাং কৰি মই তেতিয়া বিভিন্ন চৰকাৰী-বেচৰকাৰী অফিচত চাকৰিৰ দৰখাস্ত পঠিয়াওঁ আৰু পূৰ্ণোদ্যমে কবিতা লিখোঁঁ৷ এই ফালে ৰুবিহঁতৰ ঘৰত তেতিয়া ৰুবিৰ বিয়াৰ বাবে পাত্ৰৰ সন্ধান আৰম্ভ হৈ গৈছে৷ উচ্চপদস্থ পুলিচ বিষয়াৰ একমাত্ৰ সন্তান ৰুবিৰ কাৰণে গোটেই ভূ-ভাৰস্তৰ পৰা ডাক্তৰ-ইঞ্জিনিয়াৰ পাত্ৰৰ সম্বন্ধ আহিল৷ মোৰ শীঘ্ৰেই চাকৰি হ’ব এই আশাত ৰুবিয়ে এটাৰ পাছত এটা প্ৰস্তাৱ নাকচ কৰি গৈ আছে৷ কিন্তু চাকৰি নেপালে কি হ’ল কবি হিচাপে মোৰ এটা পৰিচয় আছে৷ ‘নীলা আকাশ’ লিটিল ম্যাগাজিনৰ সম্পাদক অদীপ সাগৰদাই কেতিয়াবা টকা ধাৰ ল’বলৈ আহে, মোৰ কবিতাৰ প্ৰশংসা কৰে, সেই কবিতা গুৰুত্বসহকাৰে ‘নীলা আকাশ’ত প্ৰকাশো হয়৷ এইবোৰ কথাৰ কোনো দাম নাই নেকি? চাকৰিয়েই সকলো? ৰুবিক এইবোৰ বিভিন্ন বুজনি দি অৱশেষত পঠালোঁ দেউতাক আমাৰ প্ৰেমৰ বিষয়ে অৱগত আৰু পৰিণয়ৰ বিষয়ে সন্মত কৰাবলৈ৷ কিন্তু ৰুবি যি গ’ল আৰু গ’লেই- না খবৰ, না ফোন৷ জীৱন্ত এগৰাকী নাৰী, সুন্দৰী নাৰী, যেন বতাহত নাইকিয়া হৈ গ’ল৷ পুলিচ বিষয়াৰ ঘৰৰ পাইপ বগোৱাটো যে কিমান বিপদসংকুল সেই কথা আপোনালোকে নিশ্চয় বুজি পায়৷ গতিকে অপেক্ষাৰ বাহিৰে আন উপায় নাই৷ সম্পূৰ্ণ তেৰ দিনৰ মুৰত ৰুবিৰ সাক্ষাৎ পালোঁ, তাকো কোনোমতে দহ মিনিটৰ বাবে৷ ৰুবিৰ মুখ শুষ্ক, চকুৰ তলত নিদ্ৰাহীনতাৰ স্পষ্ট চিহ্ন৷ তাইক দেখিয়েই স্বভাৱসুলভ কাব্যিক আবেগত কঁপি কঁপি সুধিলোঁ,

: দেউতাক ক’লা নে মোৰ কথা?

ৰুবিয়ে মূৰ দোঁৱাই জনালে কৈছে বুলি৷ বুকুখন ঢপঢপাই গ’ল,

: কি বুলি ক’লা?

ৰুবিয়ে ক’লে,

: ক’লোঁ যে তুমি বেকাৰ৷

মুখখন ক’লা হৈ গ’ল মোৰ,

: আৰু দেউতাই কি ক’লে?

ৰুবিয়ে ক’লে,

: দেউতাই ক’লে এবাৰ বিয়া পাতিলে কামাই-ৰোজগাৰ কৰা নিজে শিকি যাব৷

অবিশ্বাস আৰু আনন্দৰ মিশ্ৰিত আৱেগত জঁপিয়াই উঠিলোঁঁ

: কি কোৱা! তাৰপিছত?

: ক’লো, তুমি মাজে সময়ে মদ খোৱা বুলি৷

: কি! মদ খোৱাৰ কথা কিয় ক’ব লাগে? দেউতাই কি ক’লে?

: ক’লে আজিকালি ল’ৰাবোৰে দুই-এপেগ খায়েই৷ একেবাৰে মদাহী নহ’লেই হ’ল৷

: কি কোৱা? দেউতা দেখোন বৰ লিবেৰেল মানুহ হে…গুড গুড…তাৰপিছত?

: ক’লো তুমি ৰাজনীতি-আন্দোলন আদি কৰা বুলি৷

: কৈ দিলা?

: দেউতাই ক’লে ছাত্ৰ জীৱনত এইবোৰ বিপ্লৱ-আন্দোলন নকৰিলে বুঢ়া বয়সত কৰিব নেকি? এবাৰ মোৰ জোঁৱাই হৈ আহক, চিধা হৈ যাব৷

এক অবিশ্বাস্য আনন্দৰ প্লাবনত থিৰে থাকিব নোৱাৰিলোঁ, ৰুবিক সাৱটি ধৰি বুকুত ল’ব খোজোঁতেই হঠাৎ ৰুবিয়ে মোক গতা মাৰি সেই প্লাবনত ভেটা দিলে আৰু অতি ৰুক্ষ সুৰত ক’লে,

: ৰ’বা, সম্পূৰ্ণ কাহিনী শুনা আগত৷

আৰু কি কাহিনী থাকিব পাৰে? কণ্ঠত স্পষ্ট খং লৈ চিন্তিত ৰুবিয়ে ক’লে,

: ভুলতে দেউতাক কৈ পালোঁ যে তুমি কবিতা লিখা বুলি! বচ, সকলো শেষ৷ লাগি গ’ল কুৰুক্ষেত্ৰ, দেউতাই ক’লে লাগিলে ছোৱালী চিৰকুমাৰী হৈ ঘৰতে বহি থাকিব কিন্তু মই জীয়াই থাকোঁতে কোনো কবিৰ লগত ছোৱালীৰ বিয়া নিদিওঁ৷ পিতৃ দায়িত্ব বুলিও কথা এষাৰ আছে, জানি-বুজি মোৰ ছোৱালীক জুইত পেলাই দিব নোৱাৰোঁ নহয়, কোনটো সতে কবি, পাগল এইবোৰৰ লগত মোৰ একমাত্ৰ সন্তানৰ বিয়া দিওঁ তোমালোকেই কোৱা?

বিয়া দূৰৰ কথা কবি নামধাৰী কোনো প্ৰাণীৰ সৈতে ৰুবিয়ে যাতে সামান্য কোনো সামাজিক সম্পৰ্কও ৰক্ষা কৰিব নোৱাৰে তাৰ বাবে ৰুবিক প্ৰায় নজৰবন্দি কৰা হ’ল৷ মোবাইল কাঢ়ি লোৱা হ’ল, ঘৰৰ পৰা বাহিৰ হ’লে ভৰি ভাঙি দিয়াৰ হুমকিও দিয়া হ’ল৷ আজি ৰুবিয়ে মাহীহঁতৰ ঘৰৰ পৰা কোনোমতে পলাই আহিছে মোক লগ কৰিবলৈ৷ যোৱাৰ আগত উচুপি উচুপি ৰুবিয়ে আক্ষেপ কৰিলে,

: কিমান বাৰ যে তোমাক কৈছিলোঁ নিলিখিবা, নিলিখিবা৷ নিলিখিবা সেইবোৰ গোবৰ-মাটি৷ বাদ দিয়া৷ কিন্তু তুমি শুনিলেহে মোৰ কথা৷ এতিয়া আহিবা মোৰ বিয়া খাবলৈ৷

আপোনালোকেই কওকচোন বাৰু, ইয়াৰ পাছতো কোনোবাই কবিতা লিখিব পাৰিব জানো?

☆ ★ ☆ ★ ☆

4 Comments

  • Sadananda Bhuyan

    ৱাও ! বহুত ভাল লাগিল দেই ।

    Reply
  • এছ. আই শ্বাহানুৰ

    বহুত ভাল লাগিল
    আমেজ পালোঁ পঢ়ি।

    Reply
  • ৰিণ্টু

    বহুত ভাল লাগিল পঢ়ি

    Reply
  • চিদানন্দ ৱৰা

    বঢ়িয়া ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *