ফটাঢোল

খৰগ সিং, মানালি যাত্ৰা আৰু অন্যান্য- কমলজিত মেধি

পিছপিনৰ পৰা শোধোৱা বাঘ ঢকাটো কোনোমতে চম্ভালি খঙেৰে চাই দেখোঁ খৰগ সিঙে বত্ৰিশটা দন্ত উদঙাই থিয় দি আছে ।

: ইমান দিনৰ মূৰত ….ইয়াত কি কৰি আছ তই!

দিল্লীলৈ মোৰ বদলিৰ খবৰটো ওলোৱা অফিচৰ মেইলবোৰ বোধহয় সি পঢ়া নাছিল। সেইবাবেই লোধী ৰ’দৰ অফিচৰ সন্মুখত মোক দেখি সি আচৰিত হৈছিল।

খৰগ সিঙৰ আচল নাম খৰগ নহয়। মাক বাপেকে দিয়া হিন্দী চিনেমাৰ ঠাকুৰবোৰৰ দৰে গুৰু গম্ভীৰ নাম এটাও আছে। আমি দুয়ো একেলগে বৰোদা ৰিফাইনেৰিত যোগদান কৰি প্ৰশিক্ষণ লৈছিলোঁ। সি ইঞ্জিনিয়াৰিং পঢ়িছিল আই আই টি খৰগপুৰত। সেই সূত্ৰেই তাৰ নামাকৰণ হৈছিল খৰগ সিং। আমাৰ লগৰ অন্য এজনে আকৌ সেই সময়ত খুব কণী খাই ভাল পাইছিল। তাৰ নাম ৰখা হ’ল ‘অন্দা’। ক্লাছত বেছিকৈ প্ৰশ্ন সোধা এজনৰ নাম হৈছিল ‘Q -Man’।

প্ৰায় দুই দশক আগৰ কথা। সেই ধেমেলীয়া ল’ৰাবোৰ এতিয়া একো একোজন দায়িত্বশীল ব্যক্তি হ’ল। কিন্তু ইজনে সিজনক লগ পালে বাহিৰৰ মুখাখন আঁতৰাই আকৌ সেই কোনোবাটো ‘অন্দা’, ‘খৰগ’ বা ‘Q-man’টো হৈ পৰে।

খৰগক লগ পাই সেইদিনা মনটো আকৌ বৰোদা চহৰলৈ উৰি গ’ল। বৰোদাৰ কালা ঘোৰা, অলকাপুৰী , IPCL ৰ ষ্টেডিয়ামত ক্ৰিকেট খেলা আৰু জিকা হৰা লৈ সৃষ্টি হোৱা প্ৰচণ্ড কাজিয়াবোৰৰ কত কিমান স্মৃতি!

এবাৰ প্ৰশিক্ষণৰ খবৰ ল’বলৈ আমাৰ কোম্পানীৰ দিল্লীৰ মুখ্য কাৰ্য্যালয়ৰ পৰা এজন শীৰ্ষ বিষয়া আহিল বৰোদালৈ। আমাৰ পৰা তেওঁ কিবা অসুবিধা পাইছোঁ নেকি জানিবলৈ বিচাৰিছে। ইপিনে আমাৰ প্ৰত্যেককে আগতীয়াকৈ শিকাই থোৱা আছে আমি এশ শতাংশ সন্তুষ্ট বুলি ক’বলৈ। তথাপিও সেইজন বিষয়া নাচোৰবান্দা। ইমান দূৰলৈ আহিছে৷ কিবা কিবি অসুবিধাৰ কথা গম নাপালে, কেনেকৈ হ’ব!

: কোই personal প্ৰব্লেম ভি নেহি … মে মদদ কৰ সকতা হু।

কোনোমতেই নেৰে, একেবাৰে চান্তা মুদত তেওঁ।

খৰগ থিয় হ’ল।

: Sir, I don’t have a Girl friend here. If you can help.

সমস্ত হলঘৰটোত এক মুহূৰ্তৰ বাবে থমথমীয়া নীৰৱতা। আমাৰ ট্ৰেইনিং মেনেজাৰজনে জিভা কামুৰি মূৰ তল কৰি আছে। খৰগ তেতিয়াও গহীনত থিয় হৈ কিবা উত্তৰৰ আশাত ৰৈ আছে। বাৰোদাৰ এজনী মডেলৰ পিছ লৈ সি দামী জোতা আৰু কাপোৰ কিনি হায়ৰান তেতিয়া! উপায় এটা পালে ভালেই।

: ইয়ে গাৰ্ল ফ্রেণ্ড বনানে কা টেকনিক মুঝে মালুম হোতা, খুদ কে লিয়ে এপ্লাই নেহি কৰতা?

বিষয়জনে হাঁহি হাঁহি উত্তৰ দিলে। হাঁহিৰ শব্দত গোটেই হলঘৰটো ৰজনজনাই গৈছিল। বচ সেই দিনাই তাৰ নতুন নামাকৰণ হৈ গ’ল আৰু আমাৰ গোটটোৰ মনোৰঞ্জনৰ এক মধ্যমণি হিচাপে কায়মনোচিত্তে সকলোৱে মানি ল’লোঁ।

ছেপ্টেম্বৰ মাহত আমাক Indian Institute of Petroleum ত দেৰমাহৰ প্ৰশিক্ষণৰ বাবে ডেৰাডুনলৈ পঠোৱা হ’ল। দুৰ্গা পূজাৰ বন্ধত আমি কেইজনমানে ডেৰাডুনৰ পৰা চিমলা আৰু মানালিলৈ ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত ল’লোঁ। মই, অন্দা, খৰগ, নিখিল (Q মেন), সন্তোষ, ৰঞ্জিত আৰু অভিষেক জৈন। কম ভাড়াত এখন টাটা চুমো পাই গ’লোঁ। কোনোবা আহমেদ নামৰ এজন উত্তৰাখণ্ডৰ মন্ত্ৰীৰ নামফলক লগোৱা গাড়ী। মাথো টেক্সিৰ পাৰ্মিট নাই। কিন্তু ড্ৰাইভাৰে কৈ থৈছে – কোনো চিন্তা নাই।

ডেৰাডুনৰ পৰা কিমান ফূৰ্তি কৰি গধূলি চিমলা পালোঁ। কম দামৰ আমাৰ হোটেলখন আকৌ পাহাৰৰ টিং এটাৰ ওপৰত। সমুখৰ ৰাস্তাটো ঠেক, টাটা চুমোখন নোসোমায়। বয় বস্তুবোৰৰ হেভাৰচেকটো পিঠিত লৈ হোটেল অভিমুখে ওলাইছোঁ। এনেতে খৰগৰ চকুত পৰিল – A চাৰ্টিফিকেটৰ ছবি এখনৰ জবৰদস্ত বিজ্ঞাপন। তাক আৰু কোনে পায় ! অন্দা আৰু এজনক লগত লৈ চিধাই চিনেমা হলৰ পিনে খোজ দিলে। বয় বস্তু তাতেই পেলাই থৈ কৈ গ’ল,

: নিলে নিবি, নহলে ৰাস্তাত পেলাই থ’বি।

বয়বস্তু ক’তনো ৰাস্তাত এৰি যাম, সেইবোৰো আমাৰ কেইজনৰ পিঠিত উঠিল।

ফোঁপাই জোঁপাই এসময়ত হোটেল পালোঁহি। পাহাৰীয়া ঠাইত এনেয়ে নিজৰ দেহাটো টনাই কষ্টকৰ। তাতে অতিৰিক্ত বেগবোৰ৷ মনলৈ খৰগক ভাল শিক্ষা এটা দিয়াৰ বুদ্ধি আহিল। সহায়কাৰী হিচাপে নিখিলক লৈ ল’লোঁ। এই নিখিল গান্ধীয়ে পিছলৈ চাকৰি এৰি বৰ্তমান এজন উদ্যোগপতি। বাৰোদা আৰু মালয়ছিয়াত তাৰ কোম্পানী আছে। দেশ বিদেশলৈ ৰেডি টু ইট খাদ্য সামগ্ৰীৰ ৰপ্তানি কৰে।

খৰগহঁত উভতাৰ পিছত নিখিলে উলিয়ালে,

: বুইছ খৰগ, এই মেধিৰ কি কাণ্ড! আজি মলৰ’দত চণ্ডীগড়ৰ পৰা ফুৰিবলৈ অহা ছোৱালী কেইজনীমানৰ লগত মেধিৰ চিনাকি হৈ গ’ল। আজি গধূলি আমি সিহঁতৰ লগত একেলগে মলত ঘূৰিলোঁ, কফি খালোঁ। ই মেধাই (মেধি) আকৌ অহাকালি সিহঁতৰ গাড়ীতহে মানালি যাব। আমাৰ লগত নাযায়। মোকো লগ ধৰিছিল ছোৱালী কেইজনীয়ে। মই নাযাওঁ বুলি কৈছোঁঁ৷

সেই সময়ত মোৰ বৰ্তমানৰ পত্নীৰ লগত ফোনত দীঘলীয়া কথোপকথনবোৰ আৰম্ভ হৈ গৈছিল। পিচিওত মোৰ দৰ্শনে পিচিও মালিকৰ মুখত হাঁহি ফুটায় আৰু অন্য গ্ৰাহকবোৰৰ মুখত দীঘলীয়া অপেক্ষাৰ আশংকা। খৰগ একেকোবে আহি মোৰ কোঠাত পদাৰ্পণ কৰিলে। হোহোকা পিছলাখন কৰি কাহিনীবোৰ উলিয়াবলৈ বিচাৰিছে। মইহে নকওঁ। তাৰ বিশ্বাস আনিব লাগিব। তাৰ বহু চেষ্টাৰ পিছত চিমলাৰ মলৰ’দৰ সন্ধিয়াৰ মনেসজা ঘটনাবোৰৰ পুংখানুপুংখ বৰ্ণনা দি গৈছোঁ। নিখিলে কোৱাখিনি আকৌ এবাৰ শুনাই দিলোঁ।

সিহঁতে চাবলৈ যোৱা চিনেমাখনৰ পোষ্টাৰখনে যি বিপুল সম্ভৱনাৰ আশা অন্তৰত জগাই তুলিছিল, বাস্তৱত হেনো তেনে বিশেষ একো নাছিল সেইখনত৷ তাৰেই কঁপালৰ দোষ৷ এনেহেন ৰোমাণ্টিক পৰিবেশত সি সন্ধিয়া মলৰ’দত ঘূৰিব লাগে নে মহা ফটুৱা চিনেমাখন চাব যাব লাগে! সমস্ত দোষৰ বাবে জগৰীয়া কৰিলে অন্দাক। সিহে হেনো প্ৰথম পোষ্টাৰখন দেখা পাইছিল। অন্দাৰো মন জ্বলি আছে মলৰ’দৰ এনেহেন সন্ধিয়া এটা অথলে যোৱাত। শেষলৈ খৰগ আৰু অন্দাৰ মাজত মোটামুটি এখন লাগিলেই।

শোক আৰু হতাশাৰে ভাৰাক্ৰান্ত খৰগ মাজৰাতি আকৌ এবাৰ আহিছিল মোৰ কোঠালৈ। মোৰ লগত চণ্ডীগড়ৱালীৰ গাড়ীত তাকো নিয়াৰ বাবে আকুল প্ৰাৰ্থনা, অভিমান, খং আৰু শেষত মোৰ হ’বলগীয়া শ্ৰীমতীক সকলো ফোনযোগে জনোৱাৰ ধমকি।

পিছদিনা ৰাতিপুৱা টাটা চুমোৰ গাড়ীৰ ছিটত মোক দেখি খৰগৰ তামাম ফূৰ্তি৷ এনেয়ে গাড়ীৰ আগৰ খিড়িকীৰ কাষৰ ছিটটোৰ বাবে তাৰ লগত মোৰ প্ৰায়ে লাগি থাকে। সেইদিনা পিচে বিনা আপত্তিত মহানন্দে সি পিছত বহি ল’লে। সেই আনন্দ মানালি যাত্ৰাত মোক একেলগে পাই নহয়, চণ্ডীগড়ৱালীৰ গাড়ীত মই নোযোৱাৰ আনন্দ আছিল সেয়া। আনন্দত সকলোৱে অন্তক্ষাৰী খেলি মানালি অভিমুখে গৈ আছোঁ। হঠাৎ এজন পুলিচে হাত দাঙি আমাৰ গাড়ী ৰখাই দিলে।

: গাড়ী কা কাগজ নিকালো৷

লাগিল নহয় লেঠা। টেক্সিৰ পাৰ্মিট নথকা গাড়ী৷ সি কোনোমতে এৰি নিদিয়ে। কিমান অনুনয় বিনয়, সকলো ধোঁৱা চাঙত। আমাৰ মেনেজ মাষ্টাৰ সন্তোষে চেষ্টা এটা চলালে।

: ভাই, আপুনি ঠিকেই কৈছে এইখন টেক্সি নহয়। এইখন প্ৰাইভেট গাড়ী। আমি মিছাকৈ কোনো মিনিষ্টাৰৰ নাম ফলকো লগোৱা নাই৷ মিনিষ্টাৰ চাহাবৰ পুত্ৰও আহিছে আমাৰ লগত। প্ৰাইভেট গাড়ী।

সন্তোষৰ কথা শুনি নিয়ম কানুন দেখুৱাই গৰম হোৱা পুলিচজন হঠাৎ বিনয়ী হৈ পৰিল৷

: কোনজন আহমেদ চাবৰ বেটা?

অলপ দূৰত থিয় হৈ কল এটা খাই থকা অভিষেক জৈনক দেখুৱাই দিলে সন্তোষে। পুলিচজন আগুৱাই গ’ল আৰু অভিষেকক হাতজোৰ কৰি সুধিলে,

: আপ মিনিষ্টাৰ চাব কা বেটা হায়!

অভিষেক চোকা ছাত্র। ৱাৰঙ্গল এন আই টি ৰ স্বৰ্ণ প্ৰদক প্ৰাপ্ত ল’ৰা। লগে লগে বুজি পালে কিবা এটা পাক আছে। কলখোৱা সাময়িকভাবে স্থগিত ৰাখি ক’লে,

: হা হা…মে উনকা বেটা হু৷

: আপ কা শুভ নাম৷

: অভিষেক জৈন….

ব্ৰেক মৰাৰ আগেয়ে ওলাইয়ে গ’ল।

: আহমেদ কা বেটা জৈন।

লাগিল নহয় আৰু এখন লেঠা। বিনয়তাৰ ধ্বজাবাহী সেই পুলিচজনৰ চকু মুখ প্ৰকাণ্ড জ্বালামুখীৰ ৰূপ ল’লে আৰু সেই জুইশিখাৰ অগনিৰে আমাক পুৰি পেলাবলৈ উদ্যত হ’ল।

: মা….(অশ্লীল), বে…..

জ্বালামুখীৰ সম্পূৰ্ণ উদ্গীৰণৰ আগেয়ে সন্তোষে নিমিষতে এখন খমখমীয়া নোট তেওঁৰ পকেটত সুমুৱাই দিলে। সেই খমখমীয়াৰ স্পর্শ লাগি মুহূৰ্তৰ ভিতৰতে আইচ ক্ৰীম গলাৰ দৰে গলি শেষ হৈ গ’ল সেই জুইশিখা৷

সেইদিনা গধূলিলৈ ব্যাস নদীৰ পাৰে পাৰে গৈ মানালি পালোঁগৈ।

☆ ★ ☆ ★ ☆

5 Comments

  • ৰিণ্টু

    অতি সুন্দৰ আৰু সাৱলীল। খুব ভাল লাগিল পঢ়ি

    Reply
  • Anonymous

    বৰ ভাল লাগিল পঢ়ি ।

    Reply
  • সুকুমাৰ গোস্বামী

    মজ্জা লাগিল কমল দা ??

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    বঢ়িয়া৷

    Reply
  • মুনমুন

    ভাল পালোঁ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *