ফটাঢোল

পাপ আৰু প্ৰায়চিত্ত – হেমন্ত কাকতি

দুপৰীয়া বন্ধবাৰ বুলি মবাইলটো লৈ অলপ বহি আছিলো ৷ টোপনি টোপনি ভাৱ এটাই ছানি ধৰিছিল ৷ হয়তো কালিৰ হেং অভাৰ শেষ হোৱা নাছিল ৷ চকু দুটা মুদি ধেৰ কিবা কিবি চিন্তা কৰি থাকিলো ৷
——
সিদ্ধান্তটো লৈয়ে পেলালো ৷ মানে মই আত্মহত্যা কৰিম ৷ এনে ধিক জীৱন আৰু জীয়াই নাথাকো ৷ সকলোৰে ঠাট্টা মস্কৰা শুনি শুনি মোৰ সহ্যৰ সীমা পাৰ হৈছিল ৷ অলপ বুঢ়া আৰু দেখিবলৈ ইমান বেয়া হলো বুলিয়েই ইমান ইতিকিং ভাল নালাগে ৷ছালডোখৰ কলা বা চুলি কিডাল সৰিলেও মই ইমানো পেলনীয়া নহয় যে সকলোৱে মোক দেখিলেই হাঁহি উপলুঙা কৰিব ৷ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে সবে মিলি ইমান ধোৱন পখলন দিয়ে যে জীয়াই থকাৰ আৰু স্পৃহা নাই ৷ এইবোৰ ভাবি ভাবি ৰেলৱে ষ্টেচন পালোগৈ ৷ কাষৰ ফালে থকা চকী এখনত বহি লৈ শেষ বাৰৰ বাবে গড়মাৰ্কা বটল এটা একে শোহাতে শেষ কৰিলো ৷

ৰেলৱে কেন্টিনতে দুপৰীয়াৰ ভাত সাজ গিলি ঘৰৰ পৰা চাধা পাত মিহলাই অনা তামোল খন মুখত লৈ বিড়ি এটা হুপি হুপি প্লেটফৰ্মৰ চকীখনত আউজি ৰেলখন অহালৈকে ৰখি আছিলো ৷

হঠাৎ মুৰটো ঘুৰুৱা হেন পালো ৷ বুকু খনৰ কোনোবা এটা চুকত কিহবাই খামুছি ধৰা যেন লাগিল ৷ চকুৰে ধোঁৱা ধোঁৱা দেখা যেন পালো ৷ তাৰ পিচত একো কব নোৱাৰো ৷

চকু মেলিলো এটা অচিনাকী জেগাত ৷ এটা কচাইখানাৰ নিচিনা বিকৃত গোন্ধ নাকত লাগিল৷ চাৰিওফালে অচিনাকী মুখবোৰ ৷ দুজন বিশালকায় দৈত্য যেন লগা মানুহে মোক ধৰি ৰাখিছে ৷ সন্মুখত স্বয়ং যমদেৱ নিজেই প্ৰকট হৈ আছে ৷ বুজিবলৈ বাকী নাথাকিল যে মোৰ ম়ত্যু হৈছে ৷ মই যমপুৰীত ৷

যমদেৱৰ ওচৰতে গাৰ পৰা ভেকেটা ভেকেট গোন্ধ ওলাই থকা কিচকিচিয়া ক’লা পিশাচিনী যেন লগা মতা আৰু মাইকী মানুহৰ আবিৰ্ভাৱ ঘটিল ৷মানুহ কেইজন/জনী কমেও সাতফুট মান ওখ আৰু ওজনো এশ কিলোৰ কম নহব হেন পালো ৷দাতবোৰ আগফালে বিকৃত ভাবে ওলাই থকা ৷ দেখাত কোনো আফ্ৰিকীয় মুলুকৰ দৈত্যকায় নাগৰিক যেন লাগিল ৷ দুৰত কিছু মানুহৰ অট্টহাস্য, চিৎকাৰ আৰু ভয়াৰ্ত আৰ্তনাদো শুনা যেন পালো ৷ তেতিয়া মোৰ নিচিনা বহুতো মৃতকৰে মুখমণ্ডলত ত্ৰাস আৰু ভয় বিৰাজমান ৷ আধা আন্ধাৰ আধা পোহৰ কোঠাটোত হঠাৎতে বাদুলী দুটামান মুৰৰ ওপৰেদি উৰি যোৱা যেন লাগিল৷ অলপ দেৰি ভয়তে পেঁপুৱা লাগি ৰৈ আছিলো, হঠাৎ দুটা চিনাকী মানুহ দৃষ্টিগোচৰ হ’ল, সিহতক লাহে লাহে আমাৰ ওচৰলৈ টানি আনি আছিলে ৷ ওচৰৰ পৰা যি দেখিলো সেয়া বৰ্ণনাতীত আছিল ৷

সন্মুখৰ দুইখন লিফ্টৰ পৰা নামিল সোশৰীৰে স্বয়ং আপেল শৰ্মা আৰু আনটোত আমাৰ কিউটী কৌৰ ৷ এওলোকৰ কেতিয়া আৰু কেনেকৈ মৃত্যু হ’ল ভাবি ভাবি আকৌ বুকুখন বিষালে ৷ হাজাৰ হলেও চিনাকী মানুহক শেষ সময়ত হলেও এবাৰ দেখি মনটো পুলকিত হৈ উঠিল ৷ দুয়োজন মানুহে ফটাঢোলত মোৰ প্ৰিয় আছিলে ৷ অলপ পিচতে যমৰাজৰ কঠোৰ আদেশ জাৰি হ’ল ৷ আপেলৰ লগত এগৰাকী আফ্ৰিকীয় মুলুকৰ পিশাচিনীক সোমাবলৈ নিৰ্দেশ দিলে আৰু পাপৰ প্ৰায়চিত্ত শুনালে-সিহঁতক জীৱন ভৰ একেলগে থাকিবলৈ ৷ সজল নয়না কিউটীয়ে কান্দি কান্দি ৰৈ থাকিল সিহতলৈ চায় -কিন্তু তায়ো বেচি দেৰি ৰবলৈ নেপালে ৷ এটা অদ্ভুত চেহেৰাৰ দৈত্যই তাইকো লৈ গ’ল ভিতৰলৈ ৷

মই ইতিমধ্যে ভয়ত পেপুৱা লাগি আকৌ এবাৰ মৃতপ্ৰায় হও হও হৈছো ৷হয়তো মানৱ জীৱনত অলপ ভাল পুন্যৰ কাম কৰা হেতেন আজি এনে দিন দেখিব লগীয়া নহল হেতেন! আপেল আৰু কিউটীৰ জেগাত নিজকে কল্পনা কৰিবলৈ সাহস হোৱা নাছিল ৷ ভয়তে চকু কিটা মুদি থাকিলো ৷

ক্ষন্তেক পিচতে আৰু এটা মৃতকৰ আগমন হল ৷ এইবাৰ যি হ’ল সেয়া মোৰ কল্পনাৰো অগোছৰ আছিল ৷ এয়াচোন হলিউডৰ মিছ এঞ্জেলিনা জ’লী! ! তেওৰ কিমান যে চিনেমা চালো, বেচেৰীৰ কথা ভাবি অন্তৰ খনৰ কোনোবা এটা চুকত আকৌ দুখে কিল মাৰি ধৰিলে ৷ নিজৰ দুখৰ কথা পাহৰিয়েই গৈছিলো খন্তেকৰ বাবে ৷ কি বা শাস্তিৰ বিধান আহে চকু মুদি শুনি থাকিলো ৷

যমৰাজৰ কঠোৰ নিৰ্দেশ ~ এঞ্জেলীনাৰ শাস্তি আৰু ভয়াবহ ! মোলৈ আঙুলিটো টোৱাই কলে
-থাক ইয়াৰ লগত, জীৱন ভৰ !!!
—–+++++—–

–পিচফালৰ পৰা হাতখনত কোনোবাই ধৰা হেন পাই ধহমহ কে সাৰ পাই উঠিলো ৷ সন্মুখত চোন কিউটী আৰু আপেল ৷
” কাকতী দা, কি চিন্তা কৰি আছে হে? মিছন চাইনা চাব যাও ব’লক৷”

★★★★

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *