বিয়াঘৰৰ ঠিকনা বিচাৰি লতিঘটি- অভিজিৎ গোস্বামী
এই ঘটনা আজি প্ৰায় ছয়বছৰ মান আগৰ। সেইটো সময়ত মই ডালমিয়া চিমেণ্টত চাকৰি কৰি আছিলোঁ গুৱাহাটীত। আমি কোম্পানীৰ চাৰিজন যথেষ্ট ভাল বন্ধু আছিলোঁ, আমাৰ মনবোৰ প্ৰায় মিলিছিল। গতিকে বহু সহযোগী থকাৰ স্বত্বেও আমি চাৰিজনে প্ৰায়ে একেলগে কামবোৰ কৰিছিলোঁ। এদিনাখন আমাৰ মাজৰে এজন বন্ধু শান্তনুৰ বায়েকৰ বিয়া আছিল। গতিকে সন্ধিয়া পৰত আমি তিনিওটা বন্ধু বিয়ালৈ বুলি ওলাই গৈছিলোঁ। যিহেতু ভাল উপহাৰ এটাও দিব লাগিব, সন্মানৰ কথা আছে। গতিকে গোটেই কেইজন মিলি বহুত গুণাগথা কৰি হকিংচৰ পাঁচ লিটাৰৰ প্ৰেচাৰ কুকাৰ এটা কিনি ভালদৰে পেকিং কৰি বিয়া ঘৰলৈও ৰাওনা হ’লোঁ।
এতিয়া আমি যদিও বন্ধু তথাপি তাৰ ঘৰলৈ আগতে কোনো এজনেই যোৱা হোৱা নাছিলে। মাত্ৰ জানো যে বৰ্ষাপাৰা ষ্টেডিয়ামৰ ৰাস্তাটোৰে সোমাই গৈ ২ নে ৩ নম্বৰ বাইলেনত সিহঁতৰ ঘৰ। আমিও ইমান এইটো কথা লৈ মূৰ ঘমোৱাৰ কথাই নাছিল কাৰণ, কিবা অসুবিধা হ’লে ফোনত যোগাযোগ কৰিলেই হ’ব। গতিকে সেইমতেই নিৰ্দিষ্ট ৰাস্তাটোৰে সোমাই গৈ গাড়ীখন ৰখাই তালৈ ফোন কৰিলোঁ। দুবাৰ কৰা পাছতো সি ফোন নোতোলা দেখি ভাবিলোঁ চাগে বিয়াৰ কামত ব্যস্ত হৈ থাকি ফোনৰ ৰিং নুশুনিব পাৰে। ওচৰতে ৰৈ থাকা ল’ৰা দুজনক তাৰ নামটো কৈ ঘৰটো কোনফালে বুলি প্ৰশ্ন কৰিলোঁ। আমি আকৌ নাজানো যে তাক ঘৰৰ ওচৰৰ সকলোৱে মামা বুলিহে জানে। গতিকে শান্তনুৰ ঘৰ ক’ত বুলি সোধাত কোনেও ধৰিব নোৱাৰিলে। মই বোলো আজি যে বায়েকৰ বিয়া আছে তেতিয়া তাৰে এজন ল’ৰাই বোলে, অ বাবাইৰ ঘৰত বিয়া আছে আজি প্ৰথম গলিটোৰে সোমাই লাষ্টৰ ঘৰটো বুলি দেখুৱাই দিলে। আমিও বিশেষ সন্দেহ নকৰি লাহেকৈ সেইফালে সোমাই গ’লোঁ কাৰণ, সি কোৱা শুনিছো প্ৰথম নে দ্বিতীয় বাইলেনতে সিহঁতৰ ঘৰ। বিয়াঘৰ পাই কইনা বহি থাকা দেখি অলপ সকাহ পাইছিলোঁ, যদিও এখনো চিনাকি মুখ নেদেখি মোৰ মন অলপ গোন্ধোৱাত লাগিল। পৰিস্থিতিটো অলপ বেলেগ ধৰণৰ আছিল মানে, ডি.জে বাজি আছে ফুল চুইংত ৰাইজে নাচিও আছে৷ অলপ ঠেকা ঠেকিও বিয়াঘৰখন দেখাত। আমি জনাত মানে সিহঁতৰ ঘৰখন অলপ উচ্চখাপৰ বুলি শুনিছোঁ। মনতে ভাবিলোঁ এনেকুৱা আয়োজনো কৰিছে নে। আমি তেনেকৈ ৰৈ থাকা দেখি দুজনমান ওচৰ চাপি আহিল, আমি বোলো এনেকৈ শান্তনু উৰফে বাবাইৰ অফিছৰ লগৰ। তেওঁলোকে বোলে বাবাইৰ লগৰ আহক আহক বুলি কইনাৰ ওচৰলৈ লৈ যোৱাত নিচিন্ত নোহোৱা স্বত্বেও উপহাৰৰ টোপোলাটো আগবঢ়াই দি চফ দুটামান কইনাৰ হাতৰ পৰা লৈ বহিবলৈ ঘূৰি আহোঁতে, ল’ৰাজনক বোলো বাবাই ক’ত গল! তেওঁ বোলে এইমাত্ৰ বজাৰলৈ গৈছে আহি পাবই অলপ পাছতে, আপোনালোক বহক তেতিয়ালৈকে। ইফালে শান্তনুক ফোন কৰি আছোঁ নুঠাইহে নুঠাই৷ লাহেকে এইফালে বাবাই আহি পালেহি। ল’ৰাজনে বাবাইক আমাৰ ওচৰলে অনাতহে আমাৰ গোটেইকেইটাৰ পিলাই চমকি গ’ল, এইটোতো আমাৰ শান্তনু নহয়। ল’ৰাজনেও আমাক চিনি নাপায় তেওঁক ভালদৰে সোধাপোচা কৰাত বোলে অ শান্তনু উৰফে মামাৰ ঘৰ দ্বীতিয় বাইলেনতহে। আপোনালোকৰ ভুল হৈছে, আমি আৰু গোটেইকেইটা ঠাইতে শিল পৰা কপৌ হেন ৰূপ ল’লোঁ। বাবাইয়ে পিছে আমাক খোৱাবোৱা কৰিবলৈ জোৰ কৰিছিল কিন্তু আমি বোলো সিফালেও খাব লাগিব গতিকে নাখাওঁ দিয়ক বুলি মাত লগাই ওলাই আহিলোঁ। এতিয়া বাহিৰ পাইহে মূৰটো গৰম হৈ পৰিল, ২৫০০ টকীয়া উপহাৰটো দিয়ে আহিলোঁ নহয়, ইফালে দামীও আছিলে গতিকে গাও বেজবেজাই গৈছে। বহু সময় কথা বতৰা হৈ সিধান্ত হ’ল যে, যি হ’ল হ’ল আমাৰ কোনোবা এটা গৈ উপহাৰটো খুজি লৈ আহিহে বিয়া খাবলৈ যাম। অনাহকতে পইচা অপব্যয় কৰি মহান হ’বলৈ আমাৰ কাৰো ইচ্ছা নাই। কিন্তু বাকী এটাও নাযায় তাঁহাতৰ লাজ লাগিছে বোলে, মই বোলো টকাকেইটাতকৈ লাজ ডাঙৰ নহয় পায়। নিজেই লাহেকৈ আগবাঢ়িলোঁ উপহাৰ বিচাৰি, আকৌ গৈ সেই একেজন ল’ৰাকে পালোঁগৈ মই বোলো আমি যে উপহাৰটো দিছিলোঁ সেইটো উভতাই লাগিছিল সিফালেও বিয়া খাব লাগিব যে, ল’ৰাজনে বোলে আহক বাৰু আপোনাক মই উপহাৰ থোৱা কোঠাটোলৈ লৈ যাওঁ, আপুনি কিন্তু নিজ হাতে বিচাৰি ল’ব লাগিব, আমি চিনি নাপাম নহয়। মই বোলো হ’ব হ’ব পাৰিম দিয়ক একো নহয়। মনতে ভাবিছোঁ বোলো দিলি যে ঘূৰাই, বিচৰা উলিয়াই লোৱাটো একো টান কাম নহয় দে। বহুদেৰি বিচাৰি খুচৰি যেনিবা নিজৰ উপহাৰটো পালোঁগৈ। লাহেকৈ সেইটো লৈ ল’ৰাজনক মাতষাৰ লগাই পিছফালে ঘূৰি নোচোৱাকৈ পোনে পোনে মেইন ৰাস্তা পাইছোঁহি। সিফালে লগৰ শান্তনুৱে ফোন কৰি আমাক বিচাৰিও মেইন ৰাস্তা পাইছেহি। শেষত সঠিক বিয়াঘৰ পাই লগৰটোৰ বায়েকক উপহাৰটো দিহে শান্তিৰে উশাহটো লৈছোঁঁ৷
মোৰ কেতিয়াবা এইটো কথা মনত পৰিলেই সদায় এটা কথাই মনলৈ আহে যে, বিয়াঘৰত উপহাৰ দি পুনৰাই ঘূৰাই আনি আকৌ বেলেগ এঠাইত দি বিয়া খোৱা চাগে, মই পৃথিৱীৰ প্ৰথম মানুহ।
☆ ★ ☆ ★ ☆
11:18 pm
হাঃ হাঃ মজা লাগিল অভিজিত
7:31 am
ধন্যবাদ দাদা ?
12:02 am
মজা লাগিল দেই৷
7:31 am
ধন্যবাদ দাদা ? আপোনাৰ তো ভাল লাগিল দেই ?
12:09 am
ভাল লাগিল পঢ়ি।
7:31 am
ধন্যবাদ ?
12:33 am
তোমাৰ এই অভিজ্ঞতাই পাঠকক বাৰুকৈ ৰস দিলে …
7:30 am
ধন্যবাদ ? তোমাৰ তো ভাল লাগিল দেই