জিন্দাবাদ- নাজিয়া হাচান
চকুৰে মনিব নোৱাৰা অদৃশ্য শক্তি এটাৰ আগমনত গোটেই বিশ্বত আজি তোলপাৰ লাগিছে! স্বাধীন দেশৰ নাগৰিক হলেও; আজি মানুহে স্বাধীনতানো কি বস্তু সেয়া যেন পাহৰিয়ে পেলালে। শক্তিটোৱে ইফালে মানুহক “পাইছ মজা,পাইছ মজ্জা..” বুলি কৈ কৈ কোনেও নেদেখাকৈ সকলোকে কাণত ধৰি উঠা বহা কৰাই আছে।
মহিলা গৰাকীৰ মূৰত আজিকালি এনেবোৰ কথায়ে ভিৰ কৰিব ধৰিছে। উপায় নাই, সময়ৰ লগত খোজ মিলাই চলিবই লাগিব। কি কৰিব পৰিবনো, নহ’লে! কথাবোৰ ভাবি, তেওঁ মুখত ডেৰশ টকা দামৰ মাস্কখন লগাই, হাতত চেনিটাইজাৰ অলপ ঘঁহি লৈ গাড়ীখন ষ্টাৰ্ট দিলে। বজাৰ কৰিবলৈ যাব। ঘৰত একো নাই। ইফালে লকডাউন হেনো আকৌ বহুদিনলৈ বুলি আৰম্ভ হ’ব। সেয়ে কিবাকিবি অলপ লওঁ বুলি তেওঁ ওলাই গ’ল।
মানুহগৰাকীয়ে তেওঁৰ মানুহজনক অফিছটোৰ বাহিৰে আৰু ক’তো ওলাবলৈ নিদিয়ে। মানুহজনৰ ওপৰত তেওঁৰ অলপো বিশ্বাস নাই। বিশ্বাস নথকাৰৰ কাৰণ পিচে বহুত। প্ৰথম হ’ল, বাহিৰলৈ গ’লে মানুহজনৰ মুখৰ মাস্কখন প্ৰায়ে নাকৰ পৰা সৰি থুতৰিত ওলমি থাকেগৈ। দুই, মানুহজনে ভিৰ ভাৰ একো বুজি নাপাই; দূৰত্ব নাৰাখি সম ভাবত সকলোৰে লগত থিয় হৈ থাকেগৈ। তিনি, চেনিটাইজাৰটো লগত থাকে যদিও, মানুহজনে হাতত সানিবলৈ সদায় সদায় পাহৰে, আদি। এই সকলোবোৰ কাৰণতেই মানুহগৰাকীয়ে মানুহজনক বিশ্বাসত নলয়। আৰু এইবোৰ কাৰণৰ বাবেই মানুজনৰ অফিছৰ পিয়ন,চেক্ৰেটাৰী কেইজনৰ লগত মানুহগৰাকীয়ে ভাল সম্বন্ধ এটা ৰাখিবলৈয়ো বাধ্য হৈছে। কথাটো হ’ল,মানুহজন অফিছত থকা সময়খিনিত মানুহগৰাকীয়ে আধা ঘণ্টাৰ মূৰে মূৰে পিয়ন বা মানুহজনৰ চেক্ৰেটাৰীগৰাকীক মনে মনে ফোন কৰি খবৰ লৈ থাকে,” ছাৰে মুখত মুখাখন লগাই আছেনে বাৰু? নাকত নে থুতৰিত? চেনিটাইজাৰ ঘঁহিছেনে বাৰু ছাৰে, অলপ পিছে পিছে? দূৰত্ব বজাই চলিছেতো মানুহবোৰৰ লগত, ছাৰে? আদি। আৰু সিহঁত কেইজনেও সেইমতেই সঁচা ৰিপৰ্টবোৰ মানুহগৰাকীক সততাৰে দিনটোত দি থাকে।
মানুহজনীৰ এইবোৰ অসাধাৰণ আৰু অস্বাভাৱিক সতৰ্কতাৰ বাবে কেম্পাছৰ বহুবোৰ মহিলাই তেওঁৰ বিষয়ে ফুচফুচাই কিবাকিবি কৈ থাকে যদিও, তেওঁ কিন্তু সেইবোৰক পাত্তা দিয়াত নাই। এই সময়বোৰ ধেমালিৰ নহয় বুলি তেওঁ ভালকৈ বুজে। সতৰ্ক সতৰ্কয়ে হৈ থাকিব তেওঁ সদায়। কাৰোবাৰ ফুচফুচনি কথাত তেওঁ অসাৱধান হ’ব নেকি কিবা! নহয়, বাছ।
বজাৰত মানুহৰ বৈদ্য ভিৰ। মানুহজনীয়ে যেনে তেনে শাক পাচলি অলপ লৈ, গেলামালৰ দোকানখনৰ ফালে আগবাঢ়িল। দোকানৰ সন্মুখ পাই মানুহজনী অবাক! এয়া কি? দোকানখনত ইমান মানুহৰ ঠেলা হেঁচা! অৱস্থা দেখি ভিতৰলৈ যাবলৈ তেওঁৰ অলপো সাহ নহ’ল। গ্ৰাহকবোৰৰ বহুতৰে মুখতচোন মাস্ক নাই! কোনো কোনোৱে মাস্ক লগাইছে যদিও; নাকত নাৰাখি সেইখন থুতৰিটোতে লগাই থিয় হৈ আছে। কোনোৱে আকৌ দোকানৰ পৰা ঠাণ্ডা পানীৰ বটল এটা কিনি; লগে লগেই ভিৰৰ মাজতে খাবলৈ লৈছে! হাই বিধি! কি হ’ব এই দেশখনৰ! ভাবি থাকোঁতেই হঠাৎ তেওঁৰ চকুত পৰিল, সেয়া দেখোন তেওঁৰ বহুখিনিয়ে চিনাকি মানুহ দোকানখনত। প্ৰতিবেশী শইকীয়া, কলিতা, দাস, শৰ্ম্মা, ৰহমান..সকলো! এইবোৰ কি? বস্তু কিনাৰ ব্যস্ততাত তেওঁলোকে মানুহগৰাকীক লক্ষ্যই কৰা নাই! ছে: এওঁলোকৰ পত্নীবোৰে তেওঁলোকক বিশ্বাস কৰে বুলিহে এইদৰে বজাৰলৈ পঠায়! আৰু তেওঁলোকে সেই বিশ্বাস এইদৰে ভংগ কৰিব পাইনে? এই অসতৰ্কতাই বিপদ নামাতিবনে বাৰু? এই কথাই কথা নহয় বুলি মনতে ভাবি,তেওঁ লগে লগে মনে মনে তেওঁলোকৰ সৰু vdo এটা কৰি পত্নীবোৰলৈ চেন্দ কৰি দিলে।
শুনামতে, vdo টো পোৱাৰ পিছৰ পৰা ; কেম্পাছৰ মহিলাবোৰে তেওঁৰ বিষয়ে ফুচফুচ কৰাটো বাদেই, তেওঁৰ পৰা এতিয়া গাড়ী চলাবলৈয়ো শিকিব বুলিহে হেনো সিদ্ধান্ত লৈছে!
☆ ★ ☆ ★ ☆
12:48 pm
বঢ়িয়া লাগিল। বৰ্তমানৰ পৰিস্থিতি…
1:34 pm
ভাল লাগিল একদম সচা কথা। মাস্ক নিপিন্ধা বোৰক দেখিলেই চৰিয়াই দিম যেন লাগে।
12:22 am
ভাল লাগিল নাজিয়া।