ফটাঢোল

মাস্ক-প্ৰমথ হাজৰিকা

গান গাই গাই বাইক ৰাইডটো এনজয় কৰি কৰি তিনি আলিটো পাবলৈ এশ মিটাৰমান থাকোঁতে মুখত হাত দি দেখোঁ সৰ্বনাশ। আজিও লাগি নাহিল জহনীত মৰা মাস্কখন।

তোৰ শিক্ষা নহ’ল আৰু মিষ্টাৰ বিজয় বুলি স্বগতোক্তি কৰি ৰাস্তাৰ কাষত ৰৈ দি চিন্তা কৰিলোঁ কি কৰা যায়। দুদিন মানৰ আগতে মোক এইটো কাৰণতে বাঘে ধৰাদি ধৰিছিলেই এই তিনি আলিটোতে চি আৰ পি কেইটামানে।

“বাইক মে স্পীদত আহোঁতে এডাল ৰবৰ কাণ চে এৰ খাই গল সেইকাৰণে বতাহ মে মাস্ক উৰ গিয়া” মিছা কাহিনী বনাই ৰক্ষা পৰিছিলোঁ সেইদিনা।

ভাবিলোঁ আজিও একেটা কাহিনীকে ৰিপিত কৰি দিওঁ নেকি। নাই ৰিক্স ল’ব নোৱাৰি। আগৰকেইটাই আছে যদি এইবাৰ ডাইৰেক্ট পিঠিত ড্ৰাম ছেট বজাব। পকেটত ৰোমালখন চালোঁ তেনেই সৰু। ৰচীৰ নিচিনা কৰি ল’লেও কাণ দুখন ঢুকি নাপাইগৈ। বহাগী বিদায় বুলি বেনাৰ লিখিবলৈ অনা কাপোৰখন ক্লাৱৰ পৰা ফাক মাৰি আনি এই শহুৰৰ জীয়েকক দিওঁতে কৈছিলোঁৱেই বোলো ৰুমাল ডাঙৰকৈ বনাবি। নাই নুশুনিলে।

“আজি যদি টকা পাঁচশ ভৰিবলৈ পাওঁ অহা এবছৰলৈ মাক জীয়েকে নতুন কাপোৰ নাপাই কৈ থলোঁ কিন্তু।”

খঙৰ ভমকত শহুৰৰ জীয়েকৰ কাণত পৰক বা নপৰক বাবা বিশ্বকৰ্মাক সাক্ষী কৰি শুনাই দিলোঁ বাপ্পেকে। মোজা এপাত খুলি তাকে মাক্স বনাই পিন্ধি লওঁ বুলি উলিয়াওঁতে যিটো গোন্ধ বাহিৰ হ’ল, নাক মুখত বান্ধি লোৱা হ’লে ই ক্লৰফৰ্মৰ কাম কৰি মোক বেহুঁচ কৰি দিলেহেঁতেন। উপায়হীন হৈ ইফালে সিফালে চাওঁতে টিং কৈ শব্দ কৰি আইডিয়া কোম্পানীৰ লাইটটো জ্বলি উঠিল। এয়া দেখোন চীনে পাকিস্তানলৈ পঠোৱা মাস্কৰ নমুনা মোৰ কাষতেই ওলমি আছে।

ইফালে সিফালে চাই কাকো নেদেখি লাহেকৈ জেউৰাখন হেঁচুকি ৰচি এডালত ওলমি থকা বস্তুবিধ সাউৎকৈ পকেটত ভৰাই গছ এজোপাৰ আঁৰ লৈ বস্তু বিধৰ ওপৰত চাৰ্জাৰী চলাই দুটা ভাগৰ এটা ভাগ ছেদ কৰি ব্যৱহাৰৰ উপযোগী কৰি ল’লোঁ। ট্ৰাইল দি চাই ইমান পাৰফেক্ট ফিটিং পাই নিজেই আচৰিত হ’লোঁ।

এইবাৰ মোক কোনে পায় পিপ পিপ ব্ৰোম ব্ৰোম তিনি আলিত দেখিলোঁ কেইবাজানো পুলিচ চি আৰ পিৰ উপৰিও আন এজনে মাস্ক নিপিন্ধাবোৰৰ পৰা টকা পাঁচশ পাঁচশ ফাইন লৈ আছে। দায়িত্ব সম্পন্ন নাগৰিক হিচাপে ৰখালেও ৰখাওক বুলি বাইকখন শ্ল’ কৰি দিলোঁ যদিও মাস্ক পিন্ধাৰ কাৰণে নৰখালে মৰাখনে।

টকা পাঁচশ বচাই বজাৰ সমাৰ কৰি হাফ এটাও ইন পকেটত ভৰাই আনন্দ মনেৰে উলটি আহি মোৰ হেণ্ডমেইড মাস্কখন খিলি এটাত ভুলতে ওলোমাই থ’লোঁ। হাতত চেনিটাইজাৰ লগালেও মুখখন শুঙি চোৱা, গ্ৰে’ হাউণ্ডত কৈয়ো ছেনচিটিভ নাকৰ গৰাকী, পকেটৰ ৰোমালত লিপষ্টিকৰ দাগ বিচাৰি ফুৰা, চি আই এৰ চৰতকৈ সাতচাৰ মোৰ অৰ্ধাংগিনীৰ চকুত আজিলৈকে বস্তুটো ধৰা নপৰাকৈ থকাটোহে আচৰিত কথা হৈছে।

যাওঁ, ‘মহাভাৰত ছিজন তিনি’  আৰম্ভ হোৱাৰ আগতেই আঁতৰাই থওঁগৈ।

☆ ★ ☆ ★ ☆

One comment

  • Pranita Goswami

    হাঃ হাঃ। ওলমি থকা পালে যে… নহ’লে টকা পাঁচশ টিপতে গ’লহেঁতেন!

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *