জেঠুৰ চিকিৎসা-মৃদুলা গগৈ
টিং টং ..টিং টং ..টিং টং……….
আৰে, একেৰাহে কলিং বেলটো কোনে বজাই আছে! দৰ্জাখনতে প্ৰহৰীহৈ ৰৈ থাকোঁ বুলি ভাবে নেকি বাৰু এই মানুহবোৰে!
টিং টং ..টিং টং…….
উফ! গৈছোঁ গৈ আছোঁ।
কাপোৰ কেইটামান চাৰ্ফত জুবুৰিয়াইছিলোঁহে। হাতখন ধুবলৈও ৰক্ষা পোৱা নাই। চাদৰৰ আঁচলেৰে হাতখন মচি মচি দুৱাৰ খুলি দেখোঁ বীণা জেঠাই উচ পিচ কৰি আছেহি।
: কি হ’ল অ’ জেঠাই। ইমান উধাতু খাই আহিছে যে।
: তোৰ গিৰিয়েৰ আছে নে ঘৰত?
: আছে আছে। আগতে আপুনি ভিতৰলৈ আহকচোন।
: ঐ পৱন, এইফালে মাত এষাৰ দেচোন।
দৰ্জাখন খুলি দিয়াৰ লগে লগে বীণা জেঠাইয়ে আমাৰ গিৰিহঁতক মানে মোৰ এখেতক চিঞৰি সোমাই আহিল।
: কি হ’ল জেঠাই। ইমান উধাতু খাই আহিছা যে।
এখেতে জেঠাইৰ অৱস্থা দেখি পিছফালৰ পৰা লৰা-লৰিকৈ আহি সুধিছেহি।
: জেঠুৰ গাটো বৰ বেয়া অ’। কালিৰ পৰা একো এটাকে মুখলৈ নিব পৰা নাই। ডিঙিটো বোলে বৰকৈ বিষাইছে। কালি এইখন হাস্পাতাললৈ(আমাৰ ঘৰৰ ওচৰৰ হস্পিতাল) গৈছিল। ডাক্তৰে ঔষধ দিছে। হ’লে কি হ’ল পানীকে গিলিব নোৱাৰে ঔষধ কেনেকৈ খাব। জেঠুৱে ডিব্ৰুগড়লৈ যাওঁ বুলিহে কৈছে। তয়েই কাইলৈ ডিব্ৰুগড়লৈ লৈ যাচোন। খৰছ-পাতি মই সকলো দিম বাৰু!
: কাইলৈ দেওবাৰ জেঠাই। ডাক্তৰ পাবলৈ অলপ অসুবিধা। আজি আৰু কাইলৈ চাওকচোন ভাল নাপালে পৰহিলৈ ৰাতিপুৱাই যাম দিয়ক।
কথাখিনি আলোচনা কৰি জেঠাই ঘৰলৈ গ’লগৈ। মইও ঘৰৰ কাম-বন কৰি আজৰিহৈ জেঠুৰ খবৰ এটা লৈ আহোঁ বুলি জেঠাইহঁতৰ ঘৰ পালোঁগৈ।
জেঠু ভয়তে কুঁচি-মুচি হৈ চকী এখনতে বহি আছে। আকাৰে ইংগিতেহে কথা কৈছে। জেঠুৰ ভয়তো অৱশ্যে এনেও অলপ বেছি। তেওঁৰ মতে ডিঙিটো বৰ বিষ। ডিব্ৰুগড়লৈ নগ’লে তেওঁৰ ভাল হোৱাৰ আশাই নাই। জেঠুৰ অৱস্থা দেখি মই এখেতক ক’লোঁহি ..
“জেঠুক কাইলৈকে লৈ যাওক বুজিছে, এনেকৈ চাই থকা কথা নহয়।”
মোৰ কথা শুনি এখেতেও চিন্তা-চৰ্চা কৰি পিছদিনা ৰাতিপুৱাই জেঠুক লৈ ডিব্ৰুগড়লৈ ওলাল। লগত জেঠাইও ওলাল। বাটটো জেঠুৱে কেঁকাই গোঁঠাই গৈছে। জেঠাইয়ে এবাৰ জেঠুলৈ চাই এবাৰ এখেতক সোধে…
“আৰু কিমান বাট আছে অ’। অলপ বেগ দি চলাচোন।”
কেইবাখনো চেম্বাৰত ঘূৰি অৱশেষত এঠাইত ডাক্তৰ পালে। নামটো ভৰ্তি কৰি নিৰ্দিষ্ট সময়লৈ অপেক্ষা কৰাত লাগিল। জেঠুৰ নম্বৰলৈ তেতিয়াও বহুত সময় থকাত এখেতে জোৰ কৰি জেঠাই আৰু জেঠুক চাহ অকণ খাবলৈ লৈ গ’ল। জেঠুৱে ডিঙি বিষৰ ভয়ত হাতেৰে ইংগিত দি নাখাওঁ নাখাওঁ কৰিছে। একো নোখোৱাকৈ ইমান সময় থাকিলে গা বেছি বেয়া হ’ব বুলি ভাবি আমাৰ এখেতে জোৰ কৰি জেঠুক চাহ কাপত সোহা মাৰিবলৈ বাধ্য কৰালে। সেই সোহাটোতে জেঠুৰ চিকিৎসা হ’ব বুলি আগতে জনা হ’লে ঘৰতে একাপ চাহ খুৱাই দিলেহেঁতেন। ইমানখন কষ্ট আৰু চিন্তা কাৰোৱেই নহ’লহেঁতেন!
চাহ কাপ খাই দিয়াৰ লগে লগে চৰ্চৰণি খাই জেঠুৰ ডিঙিৰ পৰা সৰু কঁঠাল গুটি এটা ওলাই আহিল। ডায়েবেটিচ থকা জেঠুক ঘৰত কঁঠাল খাবলৈ নিদিয়ে। চুৰ কৰি লৰালৰিকৈ খাওঁতে কঁঠালগুটিটো কিবাকৰি গৈ জেঠুৰ ডিঙিত লাগি ধৰিল। ভয়তে জেঠুৰ এই গতি। ইয়াৰ ডাক্তৰে একো কৰিব নোৱাৰিব বুলি জানি তেখেতে ডিব্ৰুগড়লৈ যাবলৈ হুলস্থূল লগাইছিল। চাহ কাপত সোহা মৰাৰ পিছতহে উৰহী গছৰ ওৰ ওলাল। কঁঠাল গুটিটোলৈ আঙুলিয়াই জেঠুৱে ভয়ে ভয়ে কৈছে,
“এইটোৱে লাগি ধৰিল অ’ সেইদিনা। ইফালেও নাযায় সিফালেও নাযায়।”
গুটিটো ওলাই অহাৰ পিছত জেঠুৰ কথাৰ শেষ নাই। ভাত-পানী খাই লাহে-ধীৰে ঘৰলৈ উভতি আহিল।
জেঠাইয়ে বোলে গোটেই ৰাস্তা গালি পাৰিয়ে আহি থাকিল। জেঠুৱেও গুটি থকা বস্তু মুখত নিদিওঁ বুলি এশবাৰমান কাণত ধৰিছে৷
☆ ★ ☆ ★ ☆