পুনৰ্জীৱন- ভবেন্দ্ৰ নাৰায়ন মহন্ত
২০২০ বৰ্ষটো সমগ্ৰ পৃথিৱীৰ বাবেই অন্যতম এক অভিশপ্ত বৰ্ষ। সমগ্ৰ পৃথিৱী জুৰি ক’ভিডে মহামাৰীৰ ৰূপত দুবাহু মেলি মৃত্যুদূত হিচাপে ধৰালৈ নামি আহিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা স্বীকৃত, মহামাৰী নামেৰে অলংকৃত এই ভাইৰাছৰ কৱলত পৰি পৃথিৱীৰ মহাশক্তিধৰ দেশসমূহৰ পৰা খাবলৈ নোপোৱা দুৰ্ভিক্ষ পীড়িত দেশসমূহে ত্ৰাহি মধুসূদন সোঁৱৰিছে। সকলো কল-কাৰখানা বন্ধ হৈ পৰাৰ উপৰিও উন্নয়ণ স্তব্ধপ্ৰায়। চাৰিওফালে কেৱল বে-ৰোজগাৰৰ উচুপনি।
আমি চৰকাৰী বিষয়া। এই চৰকাৰী কৰ্মচাৰীসকলৰ ক’ভিডৰ ভয়ত ঘৰত পেঁপুৱা লাগি সোমাই থাকিলে নহ’ব। তাতে আকৌ বৃহত্তৰ ৰাজহুৱা স্বাৰ্থ জড়িত এটা বিভাগত কৰ্মৰত বিষয়া হিচাপে দায়িত্ব অতি গধুৰ। যোৱা তিনিটা মাহ একেৰাহে বৰ্ষা বিঘ্নিত ৰূপটোৰে মেঘেও যেন ক’ভিডৰ সমানে সমানে ফেৰহে মাৰিলে। ৰাইজৰ খেতি-বাতিৰ অৱশিষ্টকণো বৰষুণ সৃষ্ট বানপানীয়ে নিঃশেষ কৰিলে।অন্যহাতেদি ‘ভুতৰ ওপৰত দানহ পৰা’ দি ফেনে-ফোটোকাৰে বাঢ়ি অহা নদ-নদীসমূহৰ ঔদ্ধত্যত মথাউৰিসমূহ থৰহৰি কম্পমান হৈ উঠিল।
আবেলিৰে পৰা সতৰ্কীকৰণ বাৰ্তাবিলাক লেথাৰি নিছিগা ৰূপত আহিবলৈ ধৰিলে। চাইটৰ পৰা প্ৰেমেশ্বৰে বাৰে বাৰে মাতি আছে, আহক চাৰ, মথাউৰি ছিঙো ছিঙো অৱস্থা। যেনি-তেনি মথাউৰিৰ মাজভাগতে বহি গৈছে। উঁই আৰু নিগনিৰ যহত পানীৰ পুঙ ওলায়, সেয়েহে এইবিলাক বালি ভৰ্তি বস্তাৰে তাৎক্ষণিক উপায়েৰে বন্ধ কৰা হয়।
ৰাতি প্ৰায় ১০ বজাত নতুনকৈ অহা ওপৰৱালা মহিলা বিষয়াক খবৰ দিয়া হ’ল। তেখেতে মোৰ লগতে যাম বুলি কোৱাত মোৰ মূৰত সৰগ ভাঙি পৰিল হঠাতে যাব লগা হোৱাত। কোনো যা-যোগাৰ নকৰাকৈ যাবলৈ হ’লে ঠাইডোখৰ পাবলৈ ১২ কি:মি: খোজকাঢ়িব লাগিব। অৱশ্যে তেখেতৰ পতিদেৱো লগতে যাবলৈ ওলোৱাৰ বাবে সাহস বাঢ়িল। মুঠ পাঁচজন মানুহৰ মাজত দুটাহে টৰ্চ। মথাউৰিৰ তলেদি যোৱা গড়কাপ্তানি বিভাগৰ ৰাস্তাত একঁকাল পানী। ইফালে মথাউৰিৰ ওপৰত বান্ধি ৰখা গৰু, মহ, গাহৰি, ছাগলীৰ বিষ্ঠাৰ সংমিশ্ৰণত বমি আহিবৰ উপক্ৰম। খোজ চলোৱাৰ আগতেই গাড়ীতেই জোতা ছেণ্ডেল এৰি আহিলোঁ। চাৰিওফালে কেৱল আন্ধাৰ আৰু আন্ধাৰ। দুটামান বনৰীয়া হাতীয়েও বিচৰণ কৰি থকাৰ খবৰ দিনৰ ভাগতে পাইছিলোঁ। গন্তব্য স্থানলৈ যাত্ৰা কৰি থাকোঁতে মই অনৰ্গল মুখৰে লেপ লেপাই গৈ আছোঁ, যাতে বাকী সকলৰ মনলৈ ভয়ৰ ভাৱটো নাহে। কোনে কিমান বাৰ পিছলি পৰি কাৰ গাত ধৰি ৰক্ষা পৰিল হিচাব নাই। কোনেও কাৰো ফালে চাবলৈ অৱকাশ নাই, কেৱল তললৈ মূৰ কৰি ভৰিৰ খোপনি ৰাখি গৈ গৈ পুৱাৰ পোহৰ হোৱাৰ আগতে নিৰ্দ্দিষ্ট ঠাইখনত উপস্থিত হ’লোঁগৈ।
এইবাৰ আমাক আদৰণি জনালেহি এক আচৰিত বেশ-ভূষাৰ পালোৱান ডেকাই। সম্পূৰ্ণ বোকা, ভাওনাত অংশ গ্ৰহণ কৰি অহা ভাৱৰীয়া সদৃশ। সি মোক নৰম আৰু গৰম সুৰেৰে বাক্যবাণ নিক্ষেপ কৰি উত্তেজিত হ’বলৈ ধৰিলে। তাৰ বাক্যবাণ শুনি আৰু কেইজনমান যুৱক আগুৱাই আহিল। ক্ৰমান্বয়ে এই বাক্যবাণ তীব্ৰৰ পৰা তীব্ৰতৰ হ’বলৈ ধৰিলে। সেইবোৰ শুনি বিভাগীয় কৰ্মচাৰীসকল পলাই ফৰিং ছিটিকা দিলে। ইফালে তেওঁলোকৰ ভাষাবোৰো মোৰ বাবে দুৰ্বোধ্য। কি বা কৈ আছে, মাৰিমেই নে কাটিমেই, মই একো বুজি পোৱা নাই। তাৰ মাজতে চকা-মকাকৈ প্ৰেমেশ্বৰক দেখা পাই মুখলৈ পানী আহিল।
ঠাই ডোখৰ দৰ্শন কৰোঁ বুলি বুদ্ধিৰে আগবাঢ়ি গৈ দেখা পালোঁ মথাউৰিৰ অৱস্থা সঁচাকৈয়ে শোচনীয়। য’তে ত’তে সোঁ মাজতে বহি যোৱা বাবেই বালি ভৰ্তি বেগসমূহ দি ৰখা হৈছে। তেওঁলোকৰ সম্পাদিত কৰ্মসমূহ এফালৰ পৰা দেখুৱাই যাবলৈ ধৰিলে।
হঠাতে কি হ’ল একো তৰ্কিবই নোৱাৰিলোঁ। “এই সোমাল সোমাল”- এই শব্দ দুটাহে কৰ্ণ কুহৰত বাজি থাকিল। তাৰ পাছত একো মনত নাই। যেতিয়া মোৰ সম্বিত ঘূৰি আহিল, চকু মেলি চাই প্ৰথমেই শিয়ৰি উঠিলোঁ, মোৰ শৰীৰৰ ওপৰত সেই কিম্ভূত-কিম্ভাকাৰ, বাক্যবাণ নিক্ষেপ কৰি মোক উত্তেজিত কৰি তোলা ডেকাজন। সি মোৰ জ্ঞান ঘূৰাই আনিবলৈ অহোপুৰুষাৰ্থ কৰিছিল। যেতিয়াই মোৰ জ্ঞান ঘূৰি আহিল, সি কিৰিলি পাৰি জঁপিয়াবলৈ লাগি গ’ল। তই বাচিলি চাৰ, তই বাচিলি। তাৰ কিৰিলি শুনি সকলোৱে দৌৰি কাষ চাপি আহিল। সকলোৱে ধৰি লৈছিল, মোৰ মৃত্যু হ’ল। ইতিমধ্যেই এই খবৰ দূৰ দূৰণিলৈ বিয়পাই দিয়া হৈছিল।
চকু মুখত পানী মাৰি দিয়াৰ পাছত অলপ সুস্থ অনুভৱ কৰাৰ পাছত যি গম পালোঁ, মই থিয় হৈ থকা মথাউৰিৰ সেই অংশটো হঠাতে তললৈ বহি গ’ল আৰু মই তাৰ ভিতৰত সোমাই পৰিলোঁ। লগে লগেই সেই কিম্ভূত- কিম্ভাকাৰ ডেকাজনে নিজৰ জীৱনকো তুচ্ছ কৰি জাঁপ মাৰি গাঁতটোত সোমাই পৰিল আৰু বহু কষ্টেৰে বোকা মাটিত সোমাই পৰা মোৰ দেহাটোক সংজ্ঞাহীন অৱস্থাত তুলি আনি মোক পুনৰ্জীৱন দান কৰিলে।
ইতিমধ্যে পূবে ঢল ফাঁট দিয়াত চতুৰ্দিশে পোহৰ হৈ উঠিল। তেতিয়াহে সকলোৰে চকু ডেকাজনলৈ গ’ল আৰু সকলোৱে উচ্চস্বৰে হাঁহিবলৈ লাগিল। কি হ’ল একো ধৰিব পৰাৰ আগতেই সি দৌৰি গৈ নদীৰ পানীত জঁপিয়াই পৰিল গৈ। কোনোবাই আনি দিয়া হাফ পেণ্ট এটা পানীৰ তলতে পিন্ধিহে সি পাৰলৈ উঠি আহিল। ইমান দুখ কষ্টৰ মাজতো আমি সকলোৱে গিৰ্জনি মাৰি হাঁহিলোঁ৷
☆ ★ ☆ ★ ☆
11:34 am
খুব ভাল লাগিল দাদা৷ লিখি থাকিব৷
1:01 pm
চেষ্টা কৰিম বুলি ভাবিছো।
4:48 pm
জান বহুত সুন্দৰ লিখনি পঢ়িবলৈ দিলা । মনতে ভাৱিছো — এইটো নিশ্চয় তোমাৰ জীৱনৰ সঁচা কাহিনী ।
লিখি থাকিবা ।
11:35 pm
Khub dhunia moha…. pohi val lagil
11:37 pm
Khub dhunia hoise moha… val lagil pohi
12:49 am
দাদা বিৰাটেই ভাল লাগিল৷ আপোনাৰ লিখাৰ শৈলীটো বঢ়িয়া, সাৱলীল৷
আগলৈও আশা কৰিলোঁ
3:28 pm
বৰ ভাল লাগিল। সাংঘাতিক অভিজ্ঞতা। ৰস লগাকৈ প্ৰকাশ কৰিছে।
4:57 pm
ভাল লাগিল… লিখি থাকিবা..