ফটাঢোল

এটা ভঙা আইনাৰ গিলাচ-হিমাংশু ৰাজখোৱা

সৰুতে শুনা সাধুবোৰত দৈত্যৰ ‘জীৱ’টো লুকাই থাকে এটা শালিকা চৰাইৰ দেহত। সেই শালিকাটো ধৰি নেলু চেপি দিলেই কোনোবা সাত সাগৰ তেৰ নদীৰ সিপাৰে কোনোবা দেশৰ ৰাজকুমাৰীক বলেৰে হৰণ কৰিব খোজা দৈত্যৰ প্ৰণবায়ু ওলাই যায়। 

আপুনিও শুনিছে সেই সাধু, নহয় জানো!

মোৰ ‘পত্নী’ দৈত্যও নহয় আৰু জীৱটোও কোনো শালিকাৰ দেহত সোমাই থকা নাই কিন্তু তেওঁৰ ‘জীৱ’টোৰ নিচিনা কিবা এটা সোমাই আছে পাকঘৰৰ আইনাৰ গিলাচ বা বাতিবোৰত। নহ’লে কিবা কাৰণত কাৰোবাৰ হাতৰ পৰা পৰি আইনাৰ কিবা এটা ভাঙিলেই ঘৰৰ য’তেই নাথাকক কেনেকৈ ঘটনাস্থলীত আহি পাই যায় তৎক্ষণাত!

ঘৰত থকা এটা আইনাৰ গিলাচৰ দাম কিমান? খুব বেছি ১০০ টকা। গিলাচ হাতৰ পৰা পৰি ভাঙিবই, সেইটোনো কি ডাঙৰ কথা!… এইখনটো ‘হেৰী পটাৰ’ৰ পৃথিৱী নহয় যে, হাতৰ পৰা পৰি যোৱা গিলাচ শূণ্যত ওপঙি থাকিব! আৰে ভাই, সি গিলাচ হৈ জন্ম লৈছে যেতিয়া, মজিয়াত পৰি ভঙা টোৱেই তাৰ শেষ দশা।

কিন্তু মোৰ হাতৰ পৰা বা মোৰ ল’ৰাৰ হাতৰ পৰা পৰি এটা আইনাৰ গিলাচ  ভঙাত পত্নীৰ যি প্ৰতিক্ৰিয়া! বাপৰে! যেন গিলাচ ভঙা নাই শচীনৰ ৰেকৰ্ডহে কোনোবাই ভাঙিলে! ধেই!

এনেকুৱা লাগে যেন তেওঁৰ জীৱনৰ সকলো সুখ, স্বপ্ন, আশা, ভৰষা সেই ভঙা গিলাচটোতে লুকাই আছিল আৰু আমি বাপেক পুতেক হালেই তেওঁৰ স্বপ্ন ভংগৰ কাৰণ।

“ভাঙিল ন? জানিছিলোঁৱেই এইটো গিলাচ যে তুমি ভাঙিবা। ইমান ধুনীয়া গিলাচটো! সেই কাৰণেই এইবোৰ নুলিয়াও মই।” 

এনেকুৱা অস্বস্তিকৰ পৰিস্থিতিত প্লাষ্টিকৰ গিলাচ-বাতি আৱিস্কাৰটোৱেই শতিকাৰ শ্ৰেষ্ঠ আৱিস্কাৰ যেন লাগি যায়।

অভিজ্ঞতাই শিকাইছে, এনে পৰিস্থিতিত আপুনি নিজে বিধান সভাৰ অধ্যক্ষৰ দৰে হেড ফোনটো পিন্ধি  পত্নীক বিৰোধী দলপতিৰ ভূমিকা লৈ ১০/১৫ মিনিটমান চৰকাৰক সমালোচনা কৰিবলৈ দিয়াই শ্ৰেষ্ঠ উপায়। কাৰণ আপুনি যদি পৰিস্থিতি স্বাভাৱিক কৰিবলৈ ঝাড়ুডাল আনি ভঙা গিলাচৰ টুকুৰা সাৰিবলৈ যায় তেন্তে আৰু কথা শুনাৰ চান্স আছে। 

“হ’ব, হ’ব, এতিয়া কাম কৰি দেখুৱাব নালাগে। যি ক্ষতি হ’ব লগা আছিল হ’ল, ইমান ধুনীয়া গিলাচৰ ছেট আছিল, ভাঙি ভাঙি শেষ হ’ল”….

সেইয়া, ছেট! ক্লাছ নাইন টেনৰ পৰা ছেটৰ অংকই মোৰ পিছ এৰা নাই। আজীৱন ছেটৰ অংক, ছেটৰ গিলাচ শুনি শুনি মই নিজেই আপছেট হৈ গৈছোঁ।

এনেকুৱা সময়ত আকৌ আপুনি যদি কয়, “একো নাই হে, আৰু এটা ছেট আনি দিম।”– তেতিয়া আপুনি শেষ! 

“খুব পইচা হৈছে ন? আৱেগৰ কিবা মূল্য আছে তোমাৰ ওচৰত? এনেকুৱা ছেট এটা আকৌ ক’ত বিচাৰি পাম মই?”

এইবোৰ শুনি এনেকুৱা লাগে যেন মই দুনীয়াৰ আটাইতকৈ ডাঙৰ লুজাৰ! ধেই, আইনাৰ গিলাচ আৰু পত্নীৰ মন ভঙাৰ বাদে মই আৰু কি কৰিছোঁ জীৱনত! আৎসা, এটা আইনাৰ গিলাচত কিহৰ আৱেগ লুকাই আছে ভাই? পত্নীয়ে এনেকুৱা এটা আৱেগ ঢালিছে যেন অলপ পিছতে ফেচবুক ষ্টৰীত ভঙা গিলাচৰ টুকুৰাৰ ফটোৰে তেওঁ লিখিব – 

” মিছ ইউ গিলাচ”

মোৰ ধাৰণা মতে আইনাৰ গিলাচ ভঙাৰ পিছত স্বাভাৱিক প্ৰতিক্ৰিয়া হোৱা উচিত এনে ধৰণৰ-

“কেনেকৈ ভাঙিল? ভৰি-হাতত আইনা সোমাইছে নেকি?”

অথবা, কোনো প্রতিক্রিয়াই হোৱা উচিত নহয়, ঠিক যেনেকৈ পত্নীৰ হাতৰ পৰা গিলাচ পৰি ভঙাৰ সময়ত নহয়! 

“কি ভাঙিল হে?” 

“একো হোৱা নাই। গিলাচ এটা হাতৰ পৰা পৰিল।”

 “নতুন ছেটটোৰ গিলাচ ভাঙিল?” 

“আইনাৰ গিলাচ, হাতৰ পৰা পৰিলেটো ভাঙিবই!”

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *