সূৰ্য্যমুখী-নাজিয়া হাচান
অসহ্য গৰম। প্ৰায়ে ৰাতি কাৰেণ্ট নাথাকে! ইফালে ঘৰৰ গোটেইবোৰ মানুহে আজিকালি নিষ্কর্মাৰ দৰে বেছিভাগ দিন ঘৰতেই থাকিব লগা হৈছে। স্কুল বন্ধ, কলেজ বন্ধ। ক’ৰ্ট কাছাৰী বন্ধ। চবৰে আৰাম। মাজে মাজে লকডাউন দিলে দোকানী, ড্ৰাইভাৰবোৰেও আৰাম কৰে; ঘৰত শুই বহি। মাথোঁ আৰাম নাই গৃহিণীবোৰৰহে।
ৰাতিপুৱা কোনো শুই নুঠোতেই বেলিটোৱে সাৰ পায় আৰু বেলিয়ে সাৰ পোৱাৰ ঠিক পিছতেই ৰহমান চাহাবৰ গৃহিণীগৰাকীয়েও সাৰ পায়। পুৱা চকুহাল মেলাৰপৰা ৰাতি বিছনাত পৰি চকুহাল মুদালৈকে মানুহগৰাকীৰ ঘৰখনত কামৰ অন্ত নাই! চাৰিটা ল’ৰা ছোৱালী আৰু পতিদেৱৰ সৈতে তেওঁৰ ঘৰত মুঠ ছজন সদস্য। ল’ৰা-ছোৱালীকেইটাৰ এটাতকৈ আনটোৰ বয়স এবছৰ কি দুবছৰৰ মাত্ৰ ব্যৱধান। ডাঙৰ ল’ৰাটোৱে এইবাৰ মেট্ৰিক পাছ কৰিছেহে। ৰহমান চাহাব এজন অভিজ্ঞ উকীল।
মহামাৰী ক’বিডৰ এই সময়খিনিত সকলো বন্ধ বাবে ঘৰৰ সকলোকেইটি সদস্যই এতিয়া ঘৰত। গতিকে মানুহগৰাকীৰ জীৱন পৰিক্ৰমা ঠিক পুৱা সাৰ পোৱা আৰু গধূলি ডুব যোৱা বেলিটোৰ নিচিনা সাইলাখ একেই ধৰণে চলি গৈ আছে। মানুহগৰাকীয়ে বেলিটোক নিজৰে আন এটা ৰূপ যেন বুলি মাজে মাজে অনুভৱো কৰে। তেওঁৰ মতে, বেলিটোৱে এনেয়ে ইমান টেম্পাৰ দেখুৱাই নাথাকে নহয়। কাৰণ আছেতো। গোটেই দিনটো চকু টিপ এটা নামাৰি বেলিটোৱে এইদৰে নিঃস্বাৰ্থভাৱে কাম কৰি থাকে, কোনোবাই বেলিটোক সহায় অলপ কৰি দিয়েনে কিবা! সেই খঙতেইতো বেলি দেৱতাই ইমান গৰম বৰষাই মাজে মাজে। এনেয়ে নে কিবা! মাজে মাজে মানুহজনীৰ মূৰটোও এনেয়ে গৰম নহয় নহয়! কাৰণ থাকেতো।
: হেৰা! চোতালখনৰ একাষে বহি তুমি কি কৰি আছা?
: বঠিদাখন ধাৰ কৰি আছোঁ।
: হাও! কিয়? সেইখন সিদিনা ধাৰ দিছিলাহে! আকৌ বদুৱা হ’লনে!
: মাছ, মাংস, পাচলি আদি জীৱনত বঠিদাৰে কাটি পাইছেনে আপুনি দাৰ ধাৰ কিমান দিনলৈ থাকে, নাথাকে বুজিবলৈ?
: অঁ অঁ, হয় দিয়া। হেৰা শুনাচোন! আজি বৰ কাঢ়াকৈ ৰ’দ দিছে হে! মোক নেমু চৰ্বত এগিলাচ এতিয়াই বনাই দিয়াচোন। ঘামি ঘামি মোৰ গাটো বৰ দুৰ্বল দুৰ্বল লাগিছে হে!
ধাৰ দিয়া বঠিখন ভালদৰে চাফা কৰি পত্নীয়ে গছৰপৰা নেমুটেঙা এটা চিঙি আনি ঘচঘচকৈ চাৰি ফাল কৰি কাটি, চেনী, নিমখ দিয়া পানীত টেঙা মিঠা চৰ্বত এগিলাচ সাউৎকৈ বনাই দিলে। বিছনীখন মাৰি মাৰি চোতালৰ একাষে চকীখনত বহি থকা ৰহমান চাহাবে পত্নীদেৱীৰ নেমু কটা দৃশ্যটো দেখি চকুহাল পাক খাই যোৱা যেন অনুভৱ কৰিল।
: হেৰা! এনেকৈ ঘচঘচকৈ নেমু কাটিলা যে? আঙুলিকেইটা সৰকি নাযাবনে তোমাৰ? দাখনৰ মাজভাগটো ৰূপৰ নিচিনা চিকমিকাই থকাকৈ ইফালে ধৰাই লৈছা তুমি!
“লওক। এয়া আপোনাৰ চৰবত। খাওক” – বুলি মানুহগৰাকীয়ে বেলেগ একো উত্তৰ নিদি চাদৰৰৰ আচলটোৰে কপালৰ ঘামখিনি একেচোচে মচি, নহৰু, পিয়াজ, আলু আৰু হালাল কৰি অনা মতা কুকুৰাটো লৈ পীৰাখন পাৰি চোতালৰ একাষে বহি ল’লে আৰু ধাৰ দি চিকমিকাই থকা বঠি দাখনৰ মাজভাগটোৰে ঘচাঘচ সেই সকলোখিনি বস্তু আধা ঘণ্টাত কাটি তেওঁ শেষ কৰি দিলে।
: হেৰা! তুমি মানুহজনী কাম কাজত বেছ পাৰ্গত হে! মই বুজি পাই গৈছোঁ তুমি যে ঘৰৰ কামবোৰ ইমান পৰিপাটি আৰু নিয়াৰিকৈ কেনেকৈ কৰা! বাপৰে, ইমান খৰধৰ তোমাৰ কাম আৰু ইমান পৰিপাটিও। হেৰা, শুনাচোন বহুদিনৰ মূৰত এই লোকেল মতা কুকুৰাটো হালাল কৰাই আনিছোঁ। অলপ তেল, মছলা বেছিকৈ দি সোৱাদ লগাকৈ ৰান্ধিবাচোন দেই।
ৰহমান চাহাবে পত্নীৰ কামৰ ৰূপ দেখি হেঁপাহেৰে অনা মতা কুকুৰাৰ তৰকাৰীখনৰ কথাহে বাৰুকৈ চিন্তা কৰিছে! পত্নীদেৱীৰ মেজাজ আজি হাই টেম্পাৰত বুলি বুজি পায়ে অলপ মৰম লগাই তেওঁ কথাখিনি ক’লে।
পতিদেৱৰ কথাত পিছে তেওঁ মুখেৰে এইবাৰো একো উত্তৰ নিদিলে। পতিদেৱে একো উত্তৰ নাপাই গোটেই দিনটো মানুহক জ্বলাই মৰা আৰু ডুবিবলৈ লোৱা সেই ৰঙা বেলিটোলৈ কেৰাহিকৈ মাথো চাই থাকিল।
ৰাতিৰ সাজ খাবলৈ বহি ৰহমান চাহাব বৰ খুচ হ’ল। লোকেল কুকুৰাৰ আঞ্জাৰ সুগন্ধত ঘৰখনৰ চাৰিওকাষ মলমলাই আছে। তাতে আকৌ আঞ্জাৰ ৰংটো ঠিক তেওঁ ভবাৰ দৰেই ৰঙা আৰু তেল বিৰিঙা!
ঠাণ্ডা পানীৰ বটলটোৰপৰা ঢোকঢোককৈ পানীখিনি গিলি তেওঁ ল’ৰা ছোৱালীহঁতক সেহাই সেহাই সুধিলে,
“বাছাহঁত খাবলৈ পৰিছনে অ’ তহঁতে?”
: পাৰিছোঁ পাপা। পাৰিছোঁ। এয়া এগৰাহ ভাত আৰু দুধোক পানী। তুমি যেনেকৈ মনে মনে খাই আছা আমিও তেনেকৈ খাই আছোঁ পাপা।
: হয় দে। মই ঠিকেই অনুমান কৰিছিলোঁ অ’! বেলিটোৱেও আজি বেছ উগ্ৰমূৰ্তি ধাৰণ কৰিছিল নহয়! দিনটো বেলিয়ে জ্বলালে আৰু এতিয়া তৰকাৰীখনতো ক’বলৈ সাহ নোহোৱাকৈ ইমান জ্ব..লা…! হেৰা,বৰ ধুনীয়া ৰান্ধিলা হে। ফ্ৰীজৰপৰা ঠাণ্ডা পানীৰ বটলটো দিয়াচোন।
: পানীৰ বটল দেখোন ফ্ৰীজত এটাও নাই! ছটাকৈ পানীৰ বটল দেখোন আপোনালোকেই খাই শেষ কৰিলে! মোক আৰু আমনি নকৰিব। মই ছিৰিয়েলখন চাবলৈ লৈছোঁ!
এইজনী মানুহকে সেই সময়ত ন-কইনাৰ ৰূপত চন্দ্ৰমুখী হেন লাগিছিল তেওঁৰ!
☆ ★ ☆ ★ ☆