স্থিতিস্থাপকতা-পূৰৱী কাকতী
কেইবাদিনো বৰষুণ দিয়াৰ পাছত আজি ৰাতিপুৱাই বেলিটোৱে খাওঁ খাওঁ মূৰ্তি ধৰি ওলাই আহিছে। পৰ্দাৰ ফাঁকেৰে চকু চাট মাৰি ধৰা ৰ’দটো সোমাই খনীন্দ্ৰ ৰৰুৱাৰ মুখতে পৰি চিকুণ টোপনিটো ভাঙি দিলে। ধৰফৰাই উঠি তেওঁ বিচনাতে বহি খিৰিকীখনলৈ চাই স্বগতোক্তি কৰিলে – “আজি গৰমে ৰাইজক এসেকা ভালকৈয়ে দিব দেই।”
উঠি আহি হাত-ভৰিকেইটা অলপ পোনাই লওঁ বুলি তেওঁ চোতালতে দুপাক খোজ কাঢ়ি “নহ’ব দেই মোৰদ্বাৰা” – বুলি খৰধৰকৈ ভিতৰলৈ সোমাই আহিল।
“হেৰা, দেখিছানে কি আচৰিত বতৰ! কালিলৈকে শুবলৈ পাতল কাপোৰ এখন গাত ল’বলগীয়া হৈছিল আৰু আজি… ” বৰুৱাৰ কথা শেষ নহওঁতেই বৰুৱানীয়ে তেওঁক চাহ একাপ দিলেহি।
ফুল স্পিডত চলি থকা ফেনখনৰ তলতে বহি তেওঁ গেঞ্জিটো খুলি পেলালে। চাহকাপ লাহে লাহে খাই থকা দেখি বৰুৱানীয়ে পাকঘৰৰপৰাই মাত লগালে – “আপোনাৰ প্ৰেচাৰটো এবাৰ জোখাই লোৱা ভাল আছিল নেকি? ইমান গৰম লাগিছে যে! জানো পাই আমি জুইৰ ওচৰত থাকি থাকিও ইমান গৰম বুলি চিঞৰি থকা নাইচোন।” পিছৰখিনি বৰুৱাই নুশুনাকৈ বৰুৱানীয়ে মুখৰ ভিতৰতে কৈ থলে।
পুৱাৰ আহাৰখিনি যোগাৰ হোৱালৈকে বৰুৱাই নেৰানেপেৰা বৰষুণত বাৰীখনত লহপহকৈ বাঢ়ি অহা অপতৃণখিনি অলপ আজুৰি পৰিস্কাৰ কৰিবলৈ ধৰিলে। চাপৰি বহিবলৈ বৰ অসুবিধা পাইছে বৰুৱাই। এই কৰ’নাৰ বাবে ঘৰতে বন্দী হৈ থকা সময়চোৱাত ঘৰতে মন পচন্দৰ ৰান্ধি আৰু ৰন্ধোৱাই খাই খাই পেটটো যে ইমান বাঢ়িল, তেতিয়াহে গম পালে বৰুৱাই। পাঁচ মিনিট বহি দহমিনিট থিয় হৈ কথমপি এঘণ্টামান কাম কৰি গা ধুই ভিতৰ সোমালহি তেওঁ।
দিনৰ দহ বজাত ৰ’দৰ প্ৰকোপ ভৰ দুপৰীয়াৰ দৰেই লাগিছে। পুৱাৰ আহাৰ খোৱাৰ পাছত বৰুৱাই বিছনাত তেওঁৰ ফাৰ্ষ্ট কোটাটো দিবৰ হয়েই। আজি তেওঁৰ বিছনাত পৰাৰ একেবাৰে মুড নাই। পকাতে ফেনখনৰ তলত তেওঁ পৰি দিলে।
“এস্ এটা সূৰ্যই আটিছে আৰু এটা সূৰ্য বনাই আছে হেনো। অকস্মাৎ যদি অঘটন হয়, পৃথিৱীখন পৃথিৱী হৈ থাকিবনে বাৰু… ইহ্, খহনীয়াটোকে পাৰিলে বন্ধ কৰকচোন, অতদিনে জ্বলি থকা জুইকুৰাকে নুমুৱাকচোন, কৃটিম সূৰ্য বনায় ইফালে।” –
বৰুৱাৰ নিজে নিজে কথা পতা স্বভাৱটো বৰুৱানীৰ বাবে আজিকালি সহজ হৈ পৰিছে।
তেওঁৰ মূৰৰ ওপৰত ফেনখন দুৰ্বাৰ গতিত চলি আছে। একেথৰে তেওঁ ফেনখনলৈ চাই আছে। কিনো কৰিব শুই নাথাকি? কৰিবলৈ আছেনো কিটো? ভাবিবলৈকে আছেনো কিটো? যিহে গৰম। উস্।
তেওঁ এইবাৰ ঘূৰ্ণীয়মান ফেনখনৰ লগে লগে হাতখন ঘূৰাই থাকিল।
কিবা এটা নহয় কিবা এটাত মনটো হেনো ব্যস্ত ৰাখিব লাগে। খালি মন চয়তানৰ ভৰাঁল। বৰুৱাই এনেই নাথাকে। কেইপাকমান ঘূৰাই হাতখন বিষালেই তেওঁৰ।
এতিয়া কি কৰিব তেওঁ?
যদি এতিয়া ফেনখন মূৰৰ ওপৰত সৰি পৰে, তেতিয়া তেওঁ কি কৰিব? তেওঁ “‘ইউৰেকা’ বুলি চিঞৰ এটা মাৰি ম’ক ড্ৰিল এটাকে কৰিবলৈ সাজু হৈ পৰিল। বৰুৱানী এতিয়া ইয়ালৈ অহাৰ কোনো কাৰণেই নাই। পিছফালে চাগৈ এতিয়া কাপোৰসোপা ঠুকুচি আছেগৈ।
যদি ফেনখন ওপৰৰ পৰা সৰি পৰাৰ উপক্ৰম হয়, নিশ্চয় তেওঁৰ ষষ্ঠেন্দ্ৰীয়ই আগতীয়াকৈ জাননী দিব।
তেওঁ ষষ্ঠেন্দ্ৰীয়ৰ জাননী পোৱাৰ লগে লগে সোঁফালে একপাক জোৰেৰে ঘূৰি দিলে। টুল এখনতে পানীৰ বটল আৰু গিলাচ এটা আছিল। তেওঁৰ গা লাগি ভূ-লুণ্ঠিত হৈ পৰিল। তেওঁ যথাস্থানত সকলো থৈ এইবাৰ ষষ্ঠেন্দ্ৰীয়ৰ পুনৰ জাননী পাই বাওঁদিশে ঘপহকৈ ঘূৰি দিওঁতে কাঠৰ চকীৰ খুটাকেইটাত মূৰটো সামান্য জোৰেৰে লাগিল।
বৰুৱাই এইবাৰ কপাল মোহাৰি মোহাৰি পকাতে বহি পৰিল। নিজৰে হাঁহিও উঠিল। কিযে কৰি আছে তেওঁ!
দুৱাৰ মুখলৈ চাইহে তেওঁৰ মুখৰ মাত নাইকিয়া হৈ পৰিল। মোবাইলটো তেওঁৰ ফালে টোৱাই স্বয়ং সেয়া বৰুৱানী।
: কি, কি কৰিছিলা?
: আপোনাৰ ভিডিঅ’ বনাইছিলোঁ।
ৰ’দত কাম কৰি আহি মানুহজনীৰ মুখখন একেবাৰে পকা থেকেৰাটোৰ দৰেই জিলিকি আছে। কাম-বন কৰি আহি গৰমত যদি কাৰোবাৰ এনে কাণ্ড দেখে, কাৰনো খং নুঠিব? বহুত দেৰী বৰুৱালৈ গহীন হৈ চাই থাকিল বৰুৱানীয়ে।
চাদৰৰ আঁচলটোৰে মুখখন মোহাৰি বৰুৱানীয়ে তেওঁলৈ চাই ৰহস্যময় হাঁহি এটা মাৰিলে।
“আজিৰপৰা মোক গালি পাৰিব, সৱকে এইটো দেখুৱাই দিম। ভাৱকচোন, মানুহে আপোনাক কি বুলি ভাৱিব?”
: অকলে অকলে কিনো কৰিম, এইয়াকে কৰি আছিলোঁ। কাকো নেদেখুৱাবা দেই।
– বৰুৱাই বৰ মৰমেৰে ক’লে বৰুৱানীক। তেওঁ বৰুৱানীৰ হাতখনতে ধৰি টানি আনিলে আৰু তেওঁৰ কাষতে বহুৱাই দিলে- “ইমান গৰমত কিয়নো কাম কৰি মৰিছা, হেৰা?”
বৰুৱানীয়ে লাহেকৈ তেওঁক থেলা এটা মাৰি ক’লে – “ইমান লেৰেলা সাদৰ নেদেখুৱালেও হ’ব।”
: হ’ব দিয়া, আজি আলু পিটিকা, দাইলেই ভাত খাম। তুমি এতিয়া বহি থাকা।
বৰুৱানীয়ে ভিডিঅ’টো লগাই দিলে। দুয়োৰে হাঁহিত ফুল স্পিডত চলি থকা ফেনৰ শব্দটো তল পৰি গ’ল।
☆ ★ ☆ ★ ☆