ফটাঢোল

ক’ছিৰ পৰা অসমলৈ বাছেৰে ছদিনীয়া যাত্ৰা-কেশৱকৌশিক সোনোৱাল

অৱশেষত বহুদিন অপেক্ষাৰ পিছত ঠিক কৰা হ’ল এখন বাছ ক’ছিৰ পৰা অসমলৈ। কৰ্মসূত্ৰে ক’ছিৰ চহৰ এৰনাকোলামত থকা পাঁচবছৰ অতিক্ৰম কৰিবলৈ কেইমাহ মানহে বাকী। ব’হাগ বিহুত ঘৰলৈ উভতাৰ কথা আছিল, তেনেকুৱাতে আৰম্ভ হ’ল আপদীয়া লকডাউন; হয় এতিয়া সকলোৰে চিনাকি শব্দ ‘কৰ’ণা’ মহামাৰীয়ে পৃথিৱীত আপদৰ ত্ৰাস সৃষ্টি কৰিছে। 

ইমান বছৰৰ পিছত ঘৰলৈ যাম, বিহু বুলি অকণমান মনৰ ইচ্ছাৰে বন্ধুৰ লগত ফূৰ্তি-ফাৰ্তা কৰিম; পিচে সকলো কল্পনাৰ বিপৰীতে বন্দী হ’লোঁ বিয়াল্লিছদিনীয়া লকডাউনত। অৱশ্যে ইয়াৰ ফলত কিছু ক্ষেত্ৰত ভালো নোহোৱা নহয়, কৰ্মৰত মোৰ পাঁচবছৰীয়া সৰু প্ৰাইভেট্ কোম্পানীৰ সৰু কামটোৰ বাবে ভাড়াৰূমত আৰম্ভণিৰ পৰাই আছোঁ, ইমান দিন থকাৰ পাছতো ৰোমমেটজনৰ বাহিৰে কাকো চিনি নোপোৱা মই এতিয়া যেন কাষৰ ৰূমৰ সকলো ভাড়াতীয়া এতিয়া মোৰ আপোন মানুহ।

বুকুত এসোপামান সপোন বান্ধি উগুল-থুগুল মনেৰে সকলো বয়বস্তু সামৰি-সুতৰি  উলাই আহিলোঁ কেৰেলাৰ অন্তৰ্গত উত্তৰ-এৰনাকোলাম (north-ernakulam railways) ষ্টেছনৰ ফালে। তাতে আছে আমি ঠিক কৰা আল্ট্ৰা বাছখন। লকডাউনৰ বাবে সকলো ৰেলসেৱা, বিমানসেৱা বন্ধ থকাৰ বাবে অৱশেষত কেইজনমান অসমৰ যুৱকে বাছেৰেই অসমলৈ যোৱাটো ঠিক কৰা হৈছিল। ভাড়াৰূমৰ পৰা টেক্সিৰে আহি গন্তব্য স্থান পোৱাৰ পাছত দেখিলোঁ তাত প্ৰায় দুশমান মানুহেৰে ভৰি আছে; সকলোৰে হাতত-পিঠিত একোটাকৈ ডাঙৰ বেগ-চ্যুটকেছ্…

ভিৰৰ মাজত বহু কষ্টেৰে কেইবাঘণ্টা অপেক্ষা কৰাৰ অন্তত প্ৰায় নিশা ১:৩০ মান বজাত আমাক গাড়ীৰ ভিতৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিলে উক্ত বাছখনৰ এজন ব্যক্তিয়ে। বাছৰ ভিতৰত কিছু সময় ৰোৱাৰ পাছত বাছৰ ড্ৰাইভাৰে বাছৰ ইঞ্জিন চলাই দিলে। লাহেকৈ বাছখনে গতি কৰাৰ লগে লগে ভগৱানৰ নাম লৈ প্ৰাৰ্থনা কৰিলোঁ সুকলমে যেন ঘৰ পাওঁগৈ। শেষত আমাৰ হিয়াৰ আমঠু সোণৰ অসমখনলৈ বুলি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। বাছখন ৰৈ থাকোঁতে যিমান হাল্লা-কোলাহল হৈছিল কিছু মুহূৰ্তত সকলো নিমাত হোৱা দেখা গ’ল। মাত্ৰ কেইদিনমানৰ পাছত আপোন ঘৰখন দেখাৰ কল্পনা কৰি লাহেকৈ আৱেগৰ চকুহাল মুদি দিলোঁ। দিনৰ পৰা ঘৰলৈ যোৱাৰ যা-যোগাৰৰ বাবে ইফাল-সিফাল দৌৰা-দৌৰি কৰি আকৌ ষ্টেছনত ঘণ্টা ধৰি থিয় দিয়াৰ বাবে অৱশ্যে ভাগৰো লাগিছিল। অনিচ্ছা স্বত্বেও চকুহাল মুদ খাই গৈছিল।

পিছদিনা পুৱা সাৰ পাই দেখোঁ মূল পথৰ দাঁতিত গাড়ীখন ৰৈ আছে। বাছৰ যাত্ৰীসকল এনেয়ে গাড়ীৰ ভিতৰতে ইফাল-সিফাল কৰি আছে। কিছুমানে খিৰিকীৰে বাহিৰলৈ চকু ফুৰাই আছে কিবা দেখাৰ আশাত। ময়ো কিবা দেখা পাওঁ নেকি ভাবি খিৰিকীৰে বাহিৰলৈ চালোঁ, বাহিৰলৈ চাই দেখোঁ কেইজনমান আৰক্ষী বিষয়াৰ সৈতে আমাৰ বাছৰ কণ্ডাক্টৰজনে কিবা আলচ কৰি আছে। মাজে-মাজে এজন আৰক্ষীয়ে বাছৰ কণ্ডাক্টৰক আঙুলিৰে ইংগিত দিয়া যেন লাগিছে। সম্ভৱ আমাৰ গাড়ীখনক গেট পাৰ হ’বলৈ অনুমতি দিয়া নাই। মনত কৌতুহলৰ সৃষ্টি হ’ল। বাছৰ ভিতৰত যাত্ৰীসকলৰ মাজত বুবু-বাবা আৰম্ভ হ’ল। এক কথাত ক’বলৈ গ’লে কিছু হুলস্থূলীয়া পৰিৱেশৰেই সৃষ্টি হ’ল। এয়াৰ-কণ্ডিছন নিদিয়াৰ বাবে বাছৰ ভিতৰত যথেষ্ট গৰমো হৈছিল। প্ৰথমবাৰ বহি থকা চিটটোৰ পৰা উঠি অন্য যাত্ৰীসকলক চোৱাৰ আশাৰে এমূৰৰ পৰা মানুহবোৰলৈ চালোঁ। যাত্ৰীসকলৰ মোৰ লগত অহা তিনিজন বন্ধুৰ বাহিৰে সকলোবোৰেই অচিনাকি। বয়োজ্যেষ্ঠ কেইজনমানৰ বাহিৰে বাকী প্ৰায়সকল যাত্ৰী মোৰ সমবয়সৰ যেনেই লাগিল। যিয়েই নহওক, অসমৰ অসমীয়া মানুহ হিচাপে সকলোকে মোৰ আপোন মানুহ যেনেই অনুভৱ হ’ল৷

এতিয়াও গাড়ীখন চলিবলৈ আৰম্ভ কৰা নাই। আকৌ চকুহাল মুদি দিলোঁ। আগদিনা ৰাতি টোপনি খতি হোৱাৰ বাবেই চাগে আকৌ খুব সহজতে টোপনি গুছি গ’লোঁঁ৷ কেইঘণ্টামানৰ পাছত সাৰ পাই দেখিলোঁ মৃদু শব্দ কৰি গাড়ীখনে প্ৰচণ্ড বেগত গতি কৰিছে সন্মুখৰ দীঘলীয়া সীমাহীন পথটোৱেদি। খিৰিকীৰে বাহিৰলৈ চালোঁ, ৰিব্‌-ৰিব্‌ শব্দ কৰি এজাক পছোৱা সোমাই আহি দেহত স্পৰ্শ কৰিলে। বাহিৰত পৰ্বত-পাহাৰৰ বুকুত প্ৰকাণ্ড প্ৰকাণ্ড শিলৰ মাজে মাজে সেউজীয়াৰে ভৰা এক মনোৰম দৃশ্য। পথৰ আনটো দিশত সেউজী ঘাঁহনিৰে ভৰা অন্য এক মনোমোহা দৃশ্য। দেখি কিবা এটা ভাল লাগি গ’ল। সপোন সপোন মনটোৱে জুবিনদাৰ এটি গীতৰ অভাৱ অনুভৱ কৰিলোঁ। লগে-লগেই বেগৰ পৰা মোবাইলটো উলিয়াই কাণত ইয়েৰফোন লগাই জুবিনদাৰ মোৰ অতি প্ৰিয় গীতটি লগাই দিলোঁ। বাজি উঠিল কাণত,

সংগীবিহীন মই

সংগীবিহীন…

প্ৰায়বোৰ বাছ বা ৰেল যাত্ৰাতে ঘূৰাই ঘূৰাই শুনা এই গীতটি সঁচাকৈয়ে মোৰ অতি প্ৰিয়। পৰিৱেশৰ লগত খাপ খোৱা গীতটিৰ লগত মোৰ অন্তৰাত্মাৰ চাগে কিবা এক অবুজ সম্পৰ্ক অৱশ্যেই আছে, সেই বাবেই পাহৰি যাওঁ বাস্তৱটোক। কিয় ঘৰলৈ উভতিছোঁ, বৰ্তমান যে পৃথিৱীত কৰ’ণা মহামাৰীয়ে আতংকৰ সৃষ্টি কৰিছে, কৰ’ণাৰ বাবেই যে আজি মোৰ লগতে পৃথিৱীৰ কৌটি-কৌটি মানুহে হাৰাশাস্তিত ভুগিছে, লাখজনে যে অঁকাল মৃত্যুক আঁকোৱালিব লগা হ’ল, সকলো যেন পাহৰি যাওঁ কেইমুহূৰ্তমানৰ বাবে। শাস্ত্ৰই বাৰে বাৰে কৈ গৈছে, নিৰ্ধাৰিত সময়ৰ মূৰে মূৰে হেনো যুগ সলনি হয় পৃথিৱীত আৰু যুগে যুগে হেনো মানুহ জাতিৰ পাপ-নিষ্কৰ্মবোৰ ভগৱানে বিনাশ কৰে। মোৰ ভাব হয় পৃথিৱী ধংস হোৱাটো অসম্ভৱ-অনিচ্ছিত, সেইবাবে সময়ে সময়ে পৃথিৱীত মহামাৰীৰ সৃষ্টি হয় পাপীক নাশ কৰিবলৈ। কৰ’ণাও তেনে এক পাপ বিনাশকাৰী মহামাৰী।

হঠাৎ মনলৈ এটা কথা আহিল, জীৱনত ময়ো কেতিয়াবা পাপ কৰা নাইতো? এই মহামাৰীয়ে বাৰু মোক জীয়াই ৰাখিব নে? যদি এই যাত্ৰাৰ মাজতেই…আৰু ভাবিব নোৱৰা হৈ গ’লোঁ। কথাবোৰ ভাবোঁতেই কেতিয়ানো চকুকেইটা মুদ খাই গৈছিল গমকে নাপালোঁ। বাস্তৱক পুনৰ দেখিলোঁ৷ মোৰ প্ৰিয় গীতটি ইতিমধ্যে বন্ধ হৈছে। হাতৰ মোবাইলটো হাতত নেদেখি উচপ খাই গ’লোঁ। চিটৰ পৰা ইফালে-সিফালে চাই দেখিলোঁ হাতৰ পৰা খহি গৈ মোবাইলটো তলত পৰি আছেগৈ। মোবাইলটো হাতত লৈ মোবাইলৰ পৰ্দাত দেখিলোঁ সময় দিনৰ দুই বাজি পাৰ হৈছে। আগদিনা আবেলিয়ে পৰঠা খোৱা, ৰাতি পানীৰ বাহিৰে একো খোৱা নাছিলোঁ বাবে ভোক বেছিয়ে লাগিছিল। বেগৰ ভিতৰত পানী বিচাৰি হাত সুমুৱালোঁ। ইতিমধ্যে পানীৰ বটলো শেষ হৈছিল। বাহিৰলৈ চালোঁ পাহাৰীয়া ঠাইৰ বাবেই বাহিৰত তেনেকুৱা একো দোকান নেদেখিলোঁ। যাত্ৰীসকলৰ ফালে মূৰ ঘূৰালোঁ, পিছৰ চিটৰ এজনে পানীৰ বটল এটা লৈ থকা দেখিলোঁ। লগে-লগেই একো বাট নাচাই মোৰ মুখৰ পৰা উলাই গ’ল চেপা মাতেৰে,

: পিতাই অ’ অকণমান পানীৰ বটলটো দি না৷

ল’ৰাজন মোৰ সমবয়সৰেই আছিল। মানুহৰ লগত খুব সহজভাবে আৰু হাস্যকৰ হৈ কথা পতাটো মোৰ পুৰণি অভ্যাস। ল’ৰাজনে মিচিকিয়াই পানীৰ বটলটো মোৰফালে আগবঢ়াই দিলে। মই সৰুকৈ thank you কৈ পানীৰ বটলটো গ্ৰহণ কৰিলোঁ। পিয়াহ পলোৱাই পানী খাই মই বটলটো পুনৰ ল’ৰাজনৰ ফালে আগবঢ়াই দিলোঁ। লগে লগে ল’ৰাজনে আপত্তি কৰি ক’লে,

: নালাগে দিয়ক, হোটেল পোৱাৰ আগত আপোনাক আকৌ দৰকাৰ হ’ব পাৰে, গতিকে আপুনিয়ে ৰাখি থওক! মোৰ লগত আৰু দুটামান পানীৰ বটল জমা আছেই।

ল’ৰাজনৰ কথাখিনি শুনি বৰ সুখী হ’লোঁ। সঁচাকৈয়ে অসমীয়া মানুহবোৰ কিমান সহজ-সৰল। আজিৰ দিনত এনেকুৱা সৎ-মানসীকতাৰ মানুহ খুব কমহে পাওঁ। ভাব হ’ল পৃথিৱীৰ মানুহৰ মাজত এতিয়াও মানৱীয়তা হেৰাই যোৱা নাই; মুখত মাস্ক পৰিধান কৰা ল’ৰাজনক এবাৰ চাবৰ মন গ’ল। সাউতকৈ ফটা মুখখন মেলি কৈয়ে পেলালোঁ,

: হেৰা বন্ধু! তুৰ কথাখিনি শুনি ভাল লাগিল। বহুত সুখী হ’লোঁ, পুনৰ এবাৰ হৃদয়েৰে ধন্যবাদ জনাইছোঁ। অনুগ্ৰহ কৰি এবাৰ মুখৰ মুখাখন খুলি মুখখন চোৱাৰ সুবিধা কৰি দিবি নেকি?

লগে লগে ল’ৰাজনে হাঁহি হাঁহি মুখৰ মাস্কখন খুলি আকৌ পিন্ধি ল’লে। তেওঁৰ ফালে চাই মই আকৌ আৰম্ভ কৰিলোঁ,

: বাপৰে! মস্ত ঠৌগা আপাচোণ তুই! কি নাম তুৰ?

মানুহৰ লগত কথা পাতিলে তুমি-আপুনি বাদ দি ‘তই’ সম্বোধন কৰাটোও মোৰ বাবে কোনো নতুন কথা নহয়। এইবাৰ ল’ৰাজনে তেনেই সহজ হৈ উত্তৰ দিলে,

: ধেই মই handsome নহয় দেই, আপুনিহে তামাম handsome. By the way মোৰ নাম অজয় দেউৰী, ঘৰ ধেমাজিত৷

এইবাৰ মই আৰু অকণমান সহজ আৰু আপোন কৰিবলৈ চিঞৰাৰ দৰেই,

: উই বাপৰে! ধেমাজিৰ নিকি? ধেমাজিখন মোৰ নিজৰ দৰেই; আমিও ধেমাজিৰ পৰাই অহা। পিচে জন্ম হোৱাৰ আগতেই মই মাৰ গৰ্ভতে শদিয়ালৈ গুছি আহিলোঁ। হাঃ হাঃ…পিচে ধেমাজিৰ কোন ঠাইৰ হয় বে?

অজয়ে অৰ্থ বুজি পাই খুব জুৰে হাঁহি কৈ গ’ল,

: ধেমাজিৰ পৰাই নেকি? মই ধেমাজিৰ (কোনোবা গাই নামৰ নদী এখনৰ কথা কৈছিল) আপোনাৰ ঘৰ?

মই ক’লোঁঁ,

: ধেমাজিৰ ল’ৰা হৈ আপুনি আপুনি কৈ আছ! আমাৰ ফালে সমবয়সৰ মানুহ তই বুলিহে কয় দেই, তই মোক তই বুলিয়ে ক’ ভাই! মোৰ ঘৰ বৰ্তমান শদিয়াতেই, প্ৰায় ত্ৰিশবছৰমান আগত আমি ধেমাজিৰ পৰা শদিয়ালৈ আহোঁ। অৱশ্যে মোৰ জন্ম শদিয়াত।

কথাটো কৈ এনেই হাঁহি দিলোঁ। মোৰ হাঁহিটোক সমৰ্থন জনাই অজয়েও হাঁহি দিলে। হাঁহি হাঁহিয়ে সি মোক সুধিলে,

: তুৰ নামভাগ নো কি?

মই ক’লোঁ,

: মোৰ নাম বহুত৷

সি অবাক হৈ মোৰ ফালে চাই৷ কিবা কোৱাৰ আগতেই মই কৈ গ’লোঁ,

: কিছুমান এলেহুৱা মানুহে মোক মৰমতে কে.কে. বুলি মাতে, from কেশৱ কৌশিক। গাঁৱত সকলোৱে তেতে মাতে বেছিভাগ সময় তেতেয়াই থকাৰ বাবে। ঘৰৰ ডাঙৰসকলতকৈ সৰু হোৱাৰ বাবে ঘৰত পোৱালিও মাতে। শৈশৱৰ দুটামান বজ্জাত বন্ধুৱে চিপ্পছ বুলিও মাতে। কোনে কেতিয়া মোক কি নামেৰে মাতে মই পাহৰিয়ে যাওঁ, কেতিয়াবা মই নজনাকৈয়ে কিছুমানে মোক উদ্দেশ্যি কিবা নাম দি মোকেই মাতি থাকে, পিচে মই গমেই নাপাওঁ যে তেওঁ মোকেই মাতিছে। দেখাত অলপ বগা বাবে দুটামান বুঢ়াই মোক আকৌ বগাধৰ বুলিও মাতে।

মোৰ কথাত খুব ৰস পাই অজয়ে এইবাৰ খুব জুৰকৈ হাঁহি দিলে। আচলতে কথাটো সিমান হাঁহিবলগা কথা নাছিল যদিও মোৰ কোৱাৰ যিটো ভংগীমা তাৰ বাবেহে তাৰ হাঁহি উঠিছিল। ইমান পৰে আমাৰ কথা-বতৰাবোৰ আন এজন যাত্ৰীয়ে কাষৰ পৰা প্ৰত্যক্ষ কৰি আছিল। আমাৰ লগত সহযোগ কৰিবলৈ তেঁৱো আহি আমাৰ কাষ পালেহি। আচলতে অচিনাকি মানুহবোৰৰ লগত অচিনাকি এখন গাড়ীত দীঘলীয়া যাত্ৰা কৰাটো সকলোৰে বাবে আমনিদায়ক। আমাৰ কথাত যোগ দি তেঁৱো আহি মাজতে মাত লগালে,

: Hey guys! what are u doing? খুব হাঁহিব লাগিছে?

মই হাতখন দাঙি তেওঁক সম্বৰ্দ্ধনা জনালোঁ। প্ৰত্যুত্তৰত অজয়ে মাত লগালে,

: তামাম জমনি বে! শদিয়াৰ হয়। কথা পাতি বঢ়িয়া লাগিছে।

ইমানপৰে অকণমান সংকোচ ভাব জাগি থকা মোৰ মুখখন এইবাৰ সম্পূৰ্ণ খোলখাই গ’ল। লগে লগে মই পুৰণা কৌতুক এটা মনত পেলাই ক’বলৈ ল’লোঁ,

: জানে, এবাৰ গাঁৱত থাকোঁতে! গাঁৱৰেই মৰা সকাম এখন খাই ৰাতি বাৰমান বজাত ঘৰলৈ গৈ আছিলোঁ। বতৰ ডাৱৰীয়া হৈ থকাৰ বাবে লগত ছাতিটো সামৰি হাতত লৈ গৈছিলোঁ।

সকলোৱে কৌতুহলেৰে সুধিলে,

: তাৰ পাছত?

: তাৰ পাছত….মই আহি আছোঁ, মোৰ ঘৰৰ পৰা মৰাৰ ঘৰৰ মাজত প্ৰায় দুই কিলোমিটাৰমান দূৰত্ব। মাজত আকৌ এখন ঘন জংঘল পাৰ হ’ব লাগে। ইমান দূৰ খোজকাঢ়ি অহাৰ পাছত লাহেকৈ মই জংঘলৰ মাজৰ পথটোত প্ৰৱেশ কৰোঁ। ভয় ভয় ভাৱটোৰে মই আহি আছোঁ।

: তাৰ পাছত?

: তাৰ পাছত? মনিব নোৱাৰা ক্ষীণ জোনৰ পোহৰ অলপ অলপহে ডাৱৰ ফালি গছৰ ফাঁকেৰে পথত পৰিছিল। তেনেকুৱাতে…

: তেনেকুৱাতে?

আচৰিত হৈ সকলোৱে চিঞৰাৰ দৰেই সুধিলে। মই কৈ গ’লোঁ,

: তেনেকুৱাতে এটা বাঘ, প্ৰকাণ্ড নাহৰফুটুকী বাঘ সন্মুখত হাজিৰ হয়। মই চক খাই বেহুচ হ’লোঁ…..বুলি নাভাবিবি! মই বাঘটোৰ ফালে ভালকে চালোঁ। সন্মুখত বাঘটোৱে চকু ডাঙৰ কৰি মোৰ ফালে চাই আছে একেথৰে, মই হ’বলা কমটো? ময়ো বাঘটোৰ ফালে হাউলি চকু ডাঙৰ কৰি চাই দিলোঁ। এইবাৰ বাঘটোৱে মুখ মেলি হাও হাও শব্দ কৰিলে। ময়ো খঙতে বাঘটোলৈ চাই খাওঁ খাওঁ কৰি দিলোঁ নহয়; বাঘটোৰ চাগে খং উঠিছিল; লগে লগে বাঘটোৱে আগ ঠেং দুটা দাঙি মুখখন ডাঙৰকৈ মেলি মোৰ ফালে জঁপিয়াবলৈ লওঁতেই…

: জঁপিয়াবলৈ লওঁতেই?

: উপায় নাপাই মই নিজক বচাবলৈ হাতৰ ছাতিটোকে হাথিয়াৰ হিচাপে লৈ বাঘটোৰ ফালে চাই বাঘটোৰ গাত গাৰ জুৰে এক মাৰ সোধালোঁ। লগে লগেই….

: কি হ’ল লগে লগেই?

: কি হ’ব আৰু? লগে লগেই মিয়াওঁ কৰি বাঘ থিতাতে ঢলি পৰিল।

সকলোৱে মোৰ কাহিনী শুনি বিৰাত ৰস পাই পাগলৰ দৰে জুৰেৰে হাঁহিবলৈ ধৰিলে।

: মিয়াওঁ কৰি বাঘ ঢলি পৰিল নে?

অজয়ৰ প্ৰশ্নত মই গহীনাই উত্তৰ দিলোঁ,

: মই কি জানো সেইটো মেকুৰী আছিল বুলি? আন্ধাৰ হৈ থকাৰ বাবে আকৌ মই মেকুৰীটোকে বাঘ বুলি ভাবিলোঁ।

হাঁহি ৰখাব পৰা নাছিল কোনোৱে বহু সময় ধৰি। মোৰ কৌতুক উপভোগ কৰা অন্য এজন আদহীয়া যুৱকৰ ফালে চাই ক’লোঁ,

: কি কৰিম? ইমান দিন আৰু একেলগে যাব লাগিব; গতিকে একেখন বাছৰ যাত্ৰী যেতিয়া কথা নাপাতি কেনেকৈনো যাম? সকলো মানুহে হয় যেতিয়া ধণাত্মক চিন্তাৰে কৰ’ণাক ধন্যবাদ জনাই গ্ৰহণ কৰোঁ আপদীয়া লকডাউনক। কৰ’ণাৰ বাবে লকডাউন হোৱাৰ ফলতেই আজি আমি ইমানবোৰ অচিনাকি মানুহ একেলগে এই দীঘলীয়া যাত্ৰাটো কৰাৰ সুবিধা পাইছোঁ। কষ্ট কিছু হ’লেওতো বেয়াও লগা নাই।

মোৰ কথাত এইবাৰ সকলোৱে কিছু শান্ত আৰু গহীন হৈ হয়ভৰ দিলে। বহু দেৰি ভাল-বেয়া, সুখ-দুখৰ কথা পতাৰ পাছতো কথা শেষ হ’ব নুখুজা হ’ল, তেনেতে হঠাৎ গাড়ীখন ৰ’লত সকলোৱে আগফালে চালোঁ। বাছৰ কণ্ডাক্টৰে ইতিমধ্যে ফুটা-নুফুটা হিন্দী ভাষাৰে চিঞৰিলে,

: চব ল’গ বাহৰ নিকলৌ! অ’ৰ হ’টেল মে খানা-বাগেৰা খা লৌ!

লগে লগে আমি সকলো বাহিৰলৈ ওলালোঁ। হোটেলত গৈ বহাৰ সময়ত মোবাইলটোলৈ চালোঁ। সময় তেতিয়া আবেলি চাৰি বাজিছিল। ভোক অলপ বেছিয়ে লাগিছিল। ভাত খোৱাৰ সময় নহ’লেও সময়ত হোটেল নোপোৱাৰ বাবে ভাত খোৱাৰ কথাই ভাবিলোঁ। সকলোৰে আহাৰ অৰ্ডাৰ কৰা হৈ গৈছিল। মই অজয় আৰু দুজন আমি একেখন ডাইনিঙতে বহিলোঁ। অলপ দেৰি ৰোৱাৰ পাছত আমাৰ আহাৰ টেবুলৰ ওপৰত থৈ ৱেইটাৰজনে আমাৰফালে চালে। মই তেওঁৰ ফালে চাই ‘বাচ’ বুলি কৈ তেওঁক যাবলৈ ইংগিত দিলোঁ, লগে লগে ৱেইটাৰজন তাৰ পৰা গুছি গ’ল অন্য এখন টেবুলৰ ফালে। খাই থকাৰ মাজতে মই বাকী দুজনৰ ফালে চাই সুধিলোঁ,

: তহঁতৰ নাম কেইভাগ কি কি নো?

লগে লগে এজনে মাত দিলে,

: মই অভিজিত; ঘৰ তেজপুৰত।

আনজনেও লগে লগে,

: মোৰ নাম চপন, আমি একে ঠাইৰে।

তেজপুৰৰ মিছন চাৰিআলিৰ বাসিন্দা ল’ৰা দুজন দেখাত খুৱ সহজ-সৰল যেনেই লাগিল। লাগিবই, যিহেতু আমাৰ অসমখনেই সহজ-সৰল আৰু নিকা। কথাটো পৰীক্ষা কৰি চাবলৈয়ে মই তাহাঁতৰ ফালে চাই সুধিলোঁ,

: বাৰু মাংস-চাংস খাবলৈ পাইছ নে? নাইপোৱা যদি ক’ দুপিছ গাহৰি মগাই দিওঁ?

দুয়োজনে একেলগেই নিৰামিষ চবজিৰে ভৰি থকা থালখনলৈ চাই,

: পাইছোঁ পাইছোঁ।

এজন-দুজনকৈ এতিয়া আমি চাৰিজনীয়া এটি তজবজীয়া দলেই হৈ পৰিলোঁ। ল’ৰাকেইজন বৰ সহজ আৰু ফূৰ্তিবাজ দেই; খাই হোৱাৰ পাছত অলপ দেৰি বহাৰ সময়খিনিত মুখখন অজয়ৰ কাণত লগাকৈ সকলোৱে শুনাকৈয়ে সুধিলোঁ,

: এ সিবিধ চলে নে নচলে?

মোৰ পেপুৱা মাতত সি পুটুককৈ বুজি পালে মই যে মদৰ কথা সুধিছোঁ বুলি। সিও হাঁহি হাঁহি ক’লে,

: চলে চলে…অসমীয়া হয় যেতিয়া কিয় নচলিব?

মই আকৌ আৰম্ভ কৰিলোঁঁ,

: এবাৰ কি হ’ল জান নে? মই গাঁৱত থাকোঁতে এবাৰ মদ খাই আহি থাকোঁতে…

তেনেতে বাছৰ হৰ্ণৰ শব্দ ভাঁহি অহাত আমি খৰধৰকৈ বাছৰ ফালে আগবাঢ়িলোঁ। যোৱাৰ সময় মই এটা বিশেষ ভংগীমাৰে ক’লোঁ,

: গাঁৱত মদ খাই কি হৈছিল মই কিন্তু কমেই দেই পাছত হ’লেও৷

অসজয়ে হাঁহি হাঁহি ‘ওকে’ শব্দৰে সমৰ্থন জনালে।

হোটেলত থকা সময়খিনি বৰ আনন্দৰে পাৰ কৰিলোঁ। গাড়ীত উঠাৰ আগে আগে স্মৃতি ৰক্ষাৰ বাবে চাৰিওজনে কেইবাখনো দলবদ্ধ চেল্ফী ল’লোঁ। মোৰ ফটোত যিটো প’জ আছিল আপুনি দেখিলেও হাঁহি ৰখাব নোৱাৰিব। গাড়ীত আকৌ নানান ধৰণৰ কৌতুক-গাজা আৰম্ভ হ’ল। তাহাঁতে যেতিয়া কিবা কথাত ব্যস্ত হৈ থাকে তাৰ মাজতে মই গৈ সকলোৰে মাজত মাত দি কওঁ,

: এতিয়া চাব হাঁ! মই কিবা ক’ম বুলি সকলোৱে চুপ হ’ব৷

লগে লগে অজয়ে হাঁহি হাঁহি মাত দিয়ে,

: ধেইত! এইটো কিবা ক’ব বুলি আমি এনেই চুপ হৈ যাওঁ।

আকৌ আৰম্ভ হৈ যায় এক হাঁহি কোলাহলৰ পৰিৱেশ। বহুদেৰি এইবোৰ চলাৰ পাছত অৱশ্যে আমাৰ আড্ডাত যতি পৰিল। দ্ৰুত গতিত গাড়ীখন আগবাঢ়িছে সন্মুখৰ ফালে। অসম পাবলৈ এতিয়াও চাৰি দিনৰ বাট; কথাবোৰ ভাবি আকৌ খিৰিকীৰে বাহিৰলৈ চালোঁ। সৌন্দৰ্যৰে ভৰা এক প্ৰাকৃতিক দৃশ্য। প্ৰকাণ্ড প্ৰকাণ্ড শিলবোৰ পিছলৈ দৌৰিব লাগিছে। দৃশ্য উপভোগ কৰাৰ মাজতে হঠাৎ মনলৈ আহিল আকৌ কৰ’ণাৰ কথা। অনেক চিন্তাৰে ভৰি পৰিল মনটো। ভগৱানক কাতৰ প্ৰাৰ্থনা কৰিলোঁ সকলো যেন ঠিক হৈ পৃথিৱীখন যেন আকৌ আগৰ দৰে স্বাভাৱিক হৈ পৰে। এই কৰ’ণাৰ বাবেই কাৰ যে কি কি ক্ষতি হোৱা নাই? বছৰ ধৰি শান্তিৰে কৰ্ম কৰি থকা আমাৰ দৰে এচাম নিবনুৱাৰ হঠাৎ কাম এৰি জীৱনৰ লগত যুঁজ দি ঘৰলৈ উভতিব লগা হৈছে সন্মুখত ঠিকনাবিহীন এটা ভবিষ্যত লৈ। কালি ঘৰলৈ গৈ কি কৰিব? কেনেদৰে ঘৰ-পৰিয়াল চলাব? সাধাৰণ সৰু এটা ব্যৱসায় কৰি জীৱিকা উপাৰ্জন কৰি দুবেলা-দুসাজ খোৱাই পৰিয়াল পুহি থকা সকলৰ যে ‍আজি কি অৱস্থা হৈছে? ফুটপাঠত পৰি ভিক্ষা খুজি খাই জীয়াই থকাসকলৰ কথাটো ভাবিবই নোৱাৰি, কি কৰ’ণা বুজাৰ আগতেই ভিক্ষা খোজাৰো মুধা মৰিছিল৷ হয় চৰকাৰে ইয়াৰ সু-ব্যৱস্থা লোৱাটো নিত্যান্তেই প্ৰয়োজন। কথাতেই কোৱাৰ দৰে “আজিৰ দিনত ভাল কাম কৰিবলৈও ভাল ধনৰ প্ৰয়োজন।” আজি যদি ময়েই কিবা এটা কৰিব পাৰিলোঁ হয় নিশ্চয় ইয়াৰ ব্যৱস্থা ল’লোঁঁহেঁতেন। নিজৰেই ভাল ব্যৱস্থা ল’ব নোৱৰা মই আজি এইসকলৰ কথা ভাবিবই নোৱাৰোঁ। কথাতে কয় “ভাল মন যাৰ আছে তাৰ নাই ভাল ধন, যাৰ আছে ভাল ধন তাৰ আকৌ নাই ভাল মন।” খুব জুৰেৰে ব্ৰেক মাৰি গাড়ীখন ৰ’লত মোৰ ভাৱনাৰ অন্ত পৰিল। সন্ধ্যা নামি অহাৰ বাবে সকলোকে ৰাতিৰ বাবে খাদ্য-আহাৰ সংগ্ৰহ কৰি ল’বলৈ কোৱা হৈছে। ক’ব নোৱাৰি আগত আকৌ সকলোৰে বাবে সুবিধাজনক হোটেল পোৱা যাবনে নাযায়; অজয়-অভিজিতহঁতে আকৌ এবাৰ সোঁৱৰাই দিয়াত সম্বিত ঘূৰাই পাই মই ঘপহকৈ বহা চিটৰ পৰা উঠিলোঁ। গাড়ীৰ পৰা নামি গাটো কিবা-কিবি লাগি থকাত গা ধোৱাৰ সুবিধা বিচাৰি হোটেলৰ ৱেইটাৰ এজনক মাতি কাণে কাণে ক’লোঁঁ,

: বাথৰূম কিধাৰ হ্যে?

আঙুলিৰে দেখুৱাই দিয়াত আমি বাথৰূমৰ ফালে আগবাঢ়িলোঁ। বাথৰূম গৈ দেখিলোঁ এবাৰত এজনৰহে গা ধোৱাৰ সুবিধা আছে। লগে লগে কালৈকো বাট নাচাই চপনে দৌৰি গৈ বাথৰূমত সোমাল মই ততকে ল’ব নোৱাৰিলোঁ। ময়ো দৌৰি গৈ দুৱাৰত গৈ প্ৰচণ্ড ঠেলা এটা মাৰিলোঁ। সি ভিতৰৰ পৰা ল’ক কৰি দিয়াত দুৱাৰখন খোল নাখালে। উপায় নাপাই আমি বাহিৰতে বহি অলপ দেৰি কথা পাতিলোঁ। চপন বাহিৰলৈ উলোৱাৰ লগে লগে মই ভিতৰ সোমালোঁ। শান্তিৰে গা ধুই দোৱাৰখন খুলিবলৈ বাহিৰলৈ ঠেলিলোঁ; আচৰিত হ’লোঁ দুৱাৰখন খোল নাখায়। ভাৱ হ’ল দুৱাৰৰ ল’কটো ভালকে আনলক নহ’ল। সেইটো ভালকে চাই আকৌ ঠেলা মাৰিলোঁ। দুৱাৰ খোল নাখায়। বাহিৰৰ পৰা কোনোবাই দুৱাৰখন বন্ধ কৰি গ’ল। মূৰটো গৰম হৈ গ’ল। খঙতে মই চিঞৰি দিলোঁ,

: দৰবাজা খোল৷

অলপ পাছত হোটেলৰ ৱেইটাৰজন আহি দুৱাৰখন খুলি দিয়ে। উত্তেজনাত দুৱাৰ খুলি বাহিৰলৈ উলাই ইফালে-সিফালে চকু ফুৰাই চিঞৰাৰ দৰেই ক’লোঁঁ,

: কোন বদমাচৰ এই কাম?

কাষতে থিয় হৈ অজয়-অভিজিতহঁতে মুখ টিপি মোৰফালে চাই হাঁহিব লাগিছে; তাহাঁতৰ ফালে আগবাঢ়ি মই,

: ধেই! এনেকুৱা কৰ তহঁতি, যদি ভিতৰত মোৰ হাৰ্ট-ফেইল হৈ….?

সুবিধা বুজি মই চপনৰ পিছফালে গাৰ জুৰে দুই লাঠ মাৰিলোঁ, তাকে দেখি বাকী দুটা ভিৰাই দৌৰিলে। ৰাতিৰ আহাৰ সংগ্ৰহ কৰি আকৌ সকলো গাড়ীত উঠিলোঁ। গাড়ী আগবাঢ়িল। কাণত ইয়েৰফোন লগাই জুবিনদাৰ গান এটি প্লে’ কৰি দিলোঁ। আকৌ ক’ব নোৱাৰাকৈয়ে ভাৱনাত বুৰ গ’লোঁ। পাঁচবছৰ আগতেই এৰি অহা গাঁওখন বাৰু এতিয়া কেনেকুৱা হৈ আছে? শুনিছোঁ গাঁৱৰ আলি-বাটবোৰ এতিয়া আগতকৈ উন্নতৰ হৈছে। নিয়মীয়া বিজুলীৰ ব্যৱস্থা কৰা হ’ল। এই দিশবোৰ চালে বি.জে.পি. চৰকাৰখনো সলাগ ল’বলগীয়া। কংগ্ৰেছৰ সময়ত আগতে আমাৰ গাঁৱত একোৱেই সুবিধা নাছিল, এতিয়া সকলো সুবিধা আছে। PMAY যোজনা দ্বাৰা আৱাসহীন বহুতো পৰিয়ালে থাকিবলৈ একোটাকৈ ঘৰ পালে; নহ’লে আগতে বৰষুণ পৰিলে ভিতৰত টোপা-টোপে পৰা, ৰাতিৰ আকাশত মুধেৰে তৰা দেখা জুপুৰিতহে জীৱন কটাব লগা হৈছিল।

ভাৱনাত অন্ত পেলাই ৰাতিৰ আহাৰ খাই লাহেকৈ চকু মুদি দিলোঁ। এনেকৈয়ে কষ্ট তথা ফূৰ্তিৰে বাকী তিনিটা দিনো সুকলমে যাত্ৰা কৰাৰ পাছত শেষৰ নিশা আহি আমি কোকৰাঝাৰ জিলাৰ অন্তৰ্গত শ্ৰীৰামপুৰত উপস্থিত হ’লোঁ। বাহিৰত প্ৰচণ্ড বৰষুণ, গাড়ীৰ ভিতৰত A/C বন্ধ থকাৰ বাবে বহুত গৰম হৈছিল। গৰমত ঘামি-জামি উত্তপ্ত পৰিস্থিতিৰ উশৃঙ্খল কোলাহলত সকলোৰে মুখত এটাই শব্দ Air Condition. বেছি গৰম সহিব নোৱাৰি আমি চাৰিটা গাড়ীৰ পৰা উলাই আহিলোঁ। তেতিয়া সময় একমান বাজিছিল বাবে বাহিৰত পোহৰ হোৱা নাছিল। গাড়ীৰ লাইট আৰু কিছু দূৰৈত জ্বলি থকা টিউব লাইটৰ পোহৰত দবাপিটা বৰষুণৰ মাজত দীঘলীয়া শাৰীত কেইটামান কেম্প দূৰৰ পৰা দেখিলোঁ। টোপনিয়াই টোপনিয়াই আৰক্ষীৰ জোৱান কেইজনে ডিউটি মাৰি আছে, কাষতে কেইজনমানে চকীখনকে বিছনাৰ দৰে কৰি শুই আছে। বৰষুণৰ বাবে আমাৰ দলটোৱে সেইফালে আগবাঢ়িব পৰা নাছিল। যিহেতু গাড়ী আৰু আগলৈ নিয়াৰ অনুমতি আমাক দিয়া নাছিল। আমাৰ গাড়ীৰ ড্ৰাইভাৰ আৰু কণ্ডাক্টৰে বৰষুণত তিতি তিতি কেম্পৰ ফালে আগবাঢ়িল। খুব জুৰকৈ বৰষুণ দি থকাৰ বাবে আমি পুনৰ গাড়ীৰ ভিতৰ সোমালোঁ। ইতিমধ্যে আমাৰ কাপোৰ-চাৰ্টবোৰ বৰষুণত তিতি জুৰুলি-জুপুৰি হৈছিল। ভিতৰলৈ আহি পিন্ধি থকা চাৰ্টটো খুলি টি-চাৰ্ট এটা পিন্ধি ল’লোঁ আৰু নিজৰ নিজৰ চিটত বহি বৰষুণ এৰালৈ বাত চালোঁ। গাড়ীৰ ভিতৰত সঁচাই বহুত গৰম পৰিছিল বাবে বহি বা থিয় হৈ থাকিবলৈ বহুত কষ্ট হৈছিল। প্ৰায় তিনি-চাৰি ঘণ্টা সময় অশান্তিৰে কটোৱাৰ পাছত কেম্পলৈ যোৱা মানুহ দুজন আহিল। সকলোৱে আশাৰে তেওঁলোকৰ ফালে চালোঁ। বাছৰ কণ্ডাক্টৰে চিঞৰি ক’লে,

: চব ল’গ আপনা আপনা চিট মে বেইথে ৰাহ’৷ বাহৰ হামে এক মেডিকেল টেষ্ট কৰনা পাৰেগা। বাদ মে চব লোগ’কে লিয়ে সুবহ চৰকাৰ গাড়ী ভেজেগা অ’ৰ আপনা আপনা ঘৰ চলে জানা৷

ৰাতিপুৱা পঠিয়াব বুলি কোৱাত সকলোৰে মাজত হুলস্থূল লাগিল। কাৰণ ইতিমধ্যে ভিতৰত সকলোৱে বহুত কষ্টত বহি আছিল। ৰাতিপুৱাবলৈ এতিয়াও কেইবাঘণ্টাও বাকী। তথাপিও উপায় নাই। তেনেতে আমাৰ দলৰে মুৰব্বী বয়সীয়াল মানুহ এজন আগবাঢ়ি আহি আমাক সকলোকে মাতি ক’বলৈ ধৰিলে,

: সকলোৱে একান্ত মনেৰে শুনক! চাওক মাত্ৰ দুজন মানুহে সাহস কৰি সুদূৰ ক’ছি(kochi) ৰ পৰা আমাক অসমলৈ বাছেৰে ৰিস্কলৈ লৈ অনা এই মানুহ দুজনলৈ চাই মানৱীয়তাৰ খাতিৰত আমি সকলোৱে ১০-২০ টকাকৈ বৰঙণি উঠাই তেওঁলোকক চাহৰ খৰচ দিব নোৱাৰিম নে? দিবই লাগে বুলি নহয়, যিয়ে দিব বিচাৰে দিব পাৰে, যাৰ টকাৰ কিছু নাটনি হৈছে তেওঁলোকে দিব নালাগে। মানুহজনৰ কথাত সকলোৱে হয়ভৰ দিলে। ময়ো মানুহজনক সলাগি জেপৰ পৰা এশটকীয়া নোট এখন উলিয়াই মানুহজনৰ হাতত দিলোঁ। যিয়েই নহওক বিপদৰ সময়ত সহায় কৰাজনক ভগৱান বুলি ভবাটো মানৱজাতিৰ প্ৰয়োজন। নহ’লে এনেকুৱা এটা ভয়াবহ পৰিস্থিতিত ঘৰৰ পৰা বাহিৰত থাকিব লগা হ’ল হয়। পুৰা-পুৰি ছয়দিন ছয়ৰাতি টোপনি খতি কৰি বহুত কষ্ট কৰি এনেদৰে ইমান দূৰ কেৱল আমাৰ বাবেই গাড়ী চলাই অহা ব্যক্তি দুজনে এইকণ পোৱাৰ যোগ্য। যিয়ে পাৰিলে মানুহজনৰ হাতত যি পাৰে দি গ’ল। টকাবোৰ সংগ্ৰহ কৰি মানুহজনে গাড়ীৰ কণ্ডাক্টৰজনৰ ওচৰলৈ গৈ টকাবোৰ দি সন্তুষ্ট কৰিলে। কণ্ডাক্টৰে টকাকেইটি লৈ সন্তুষ্ট হৈ কৃতজ্ঞতা প্ৰকাশ কৰিলে। তেনেকৈয়ে কেইঘণ্টামান পাৰ কৰিলোঁ। তেতিয়াও গৰম কমা নাছিল। খিৰিকীৰে বাহিৰলৈ চালোঁ, বৰষুণজাক অলপ পাতলা যেন পালোঁ৷ পিছৰ চিটত বহি থকা অজয়ক ক’লোঁ,

: গৰম পৰিছে, ব’ল বাহিৰত অলপ বতাহ লওঁ৷

লগে লগে সি আৰু চপন উঠি আহিল। বাহিৰত আহি মুকলি হৈ থকা বহল পথটোৱেদি অলপ দূৰ খোজ কাঢ়িলোঁ, প্ৰায় পোহৰ হৈছেই আৰু। অলপ দূৰ যোৱাৰ পাছত দেখিলোঁ দুজন পুলিচ বিষয়া আমাৰ ফালে আহি আছে। লগে লগে আমি ৰৈ দিলোঁ সেইখিনি ঠাইতে। পুলিচৰ জোৱান দুজন আমাৰ কাষ পোৱাৰ পাছতে (প্ৰায় ১.৫ মিটাৰ দূৰৰ পৰা) আমাৰফালে চাই অসমীয়াতেই ক’লে,

: বাহিৰৰ পৰা অহা বাছখনৰ মানুহ নেকি আপোনালোক?

আমি চাৰিওজনে মূৰ দুপিয়ালোঁ। 

: সকলো যাত্ৰীক শাৰীপাতি কেম্পলৈ আহিবলৈ কৈ দিয়ক গৈ৷

লগে লগে আমি গাড়ীখনৰ ফালে উভতিলোঁ। গাড়ীৰ ভিতৰলৈ গৈ সকলোকে জাননী দিলোঁ। লগে লগে সকলো যাত্ৰী খৰধৰকৈ বাহিৰ ওলাল। সকলোৱে দীঘলীয়া শাৰী পাতি কেম্পৰ ফালে আগবাঢ়িলোঁ। কেম্পৰ মূল গেটখনেদি ভিৰতলৈ সোমাই যাবলৈ নিৰ্দেশ দিলে আমাক অন্য এজন জোৱানে। গেটত Automatic Sanitise ৰ ব্যৱস্থা কৰা হৈছিল এক বিশেষ প্ৰক্ৰিয়াৰে। সকলোৱে Sanitise কৰি ভিতৰৰ গ্ৰাউণ্ডলৈ সোমাই গ’লোঁ। ভিতৰত প্ৰতি এক কি:মি: দূৰে দূৰে থিয় হ’বলৈ আমাক নিৰ্দেশ দিয়া হ’ল। অলপ দেৰি শাৰীত থিয় হোৱাৰ পাছত এজন আৰক্ষী বিষয়া আহি আমাক সকলোৱে শুনাকৈ ক’বলৈ ধৰিলে,

: সকলোৱে শুনক, গুৰুত্বপূৰ্ণ কথা যে অলপ আপোনালোকে ইয়াতেই সামাজিক দূৰত্ব বজাই ৰাখি কোনো মানুহৰ লগত মিলামিছা নকৰি শান্তিৰে বহি থাকক। পোহৰ হ’লেই আমাৰ ডাক্তৰ ষ্ক’ৰ্ট আহি আপোনালোকৰ প্ৰয়োজনীয় মেডিকেল টেষ্ট কৰাৰ পাছত আপোনালোকক নিজ নিজ ঠাইলৈ গাড়ীৰে লৈ যোৱাৰ ব্যৱস্থা কৰা হ’ব।

কিছু সময় পাছত অন্য এজন ব্যক্তি আহি আমাৰ সন্মুখত থিয় হৈ ক’বলৈ ধৰিলে,

: সকলোৱে শুনক! আপোনালোকে সকলোৱে নিজৰ নিজৰ ঠাইৰ (জিলা) মানুহ কিমানজন, নাম-ফোন নম্বৰসহ দৰকাৰী তথ্যসমূহ কাগজত লিখি আমাৰ হাতত জমা দিয়ক, যাতে আমি সোনকালে আপোনালোকক নিজ নিজ ঠাইলৈ প্ৰেৰণ কৰিব পাৰোঁঁ৷

এইবুলি কৈ তেওঁ এটা কাউণ্টাৰ ৰূম দেখুৱাই তাত জমা দিব লাগে বুলি বুজাই থৈ গুছি গ’ল। 

আমি তিনিচুকীয়া জিলাৰ তিনিজন আছিলোঁ। তিনিওজনৰ নাম আৰু প্ৰয়োজনীয় তথ্যসমূহ কাগজত লিখি কাউণ্টাৰত জমা দি আহিলোঁ। প্ৰায় সকলোৰে জমা দি হোৱাৰ পাছত আমাক আকৌ একে ঠাইতে বহিবলৈ কোৱা হ’ল। ইতিমধ্যে টোপনিয়ে বাৰুকৈয়ে হেঁচা মাৰি ধৰিছিল। প্লাষ্টিকৰ চকীখনতে আউজি চকুকেইটা মুদি দিলোঁ। কিছু সময়ৰ পাছত বন্ধুৰ মাতত সাৰ পাই ঘপহকৈ চকীৰ পৰা উঠিলোঁ। এজনৰ ওচৰলৈ গৈ খবৰ ল’লোঁ যোৱাৰ কিবা ব্যৱস্থা কৰা হৈছে নেকি? তেতিয়ালৈ একো ব্যৱস্থা নকৰা বুলি জানি বেগৰ পৰা টুথপেষ্ট-ব্ৰাছ উলিয়াই পানী টেপৰ ফালে আগবাঢ়িলোঁ। মুখ হাত ধুই বহাৰ ঠাইলৈ আহি সেইবোৰ পুনৰ বেগত ভৰাই সন্মুখৰ অফিচত বহি থকা ব্যক্তিজনৰ ফালে আগবাঢ়িলোঁ,

: Excuse Me!

মানুহজনৰ সহাৰি পাই তেওঁক সুধিলোঁ,

: আমাক কেতিয়া যাবলৈ অনুমতি প্ৰদান কৰিব?

তেওঁৰ উত্তৰ,

: চাওক আমি সকলো সংগ্ৰিহিত তথ্য ইতিমধ্যে মেইল কৰি পঠিয়াই দিলোঁ, গাড়ী ready হ’লেই আমি মাতিম আপোনালোকক। তেতিয়ালৈ আপোনালোকে সন্মুখৰ চকীত বহি থাকক, যাতে আমি মাতাৰ লগে লগে সহজতে আপোনালোকে শুনা পায়।

মূৰ দুপিয়াই সহাৰি দি মই আহি আকৌ বহাৰ ঠাই পালোঁহি। বহি থাকোঁতে অনুভৱ কৰিলোঁ পেটটো একেবাৰে খালী হৈ গৈছে। চাহ একাপ খোৱাৰ আশাৰে কিছু আঁতৰত থকা সৰু গুমটিকেইখনৰ ফালে আগবাঢ়িলোঁ। দোকানৰ পৰা চাহ একাপ হাতত লৈ থিয় দি ইফালে-সিফালে চাই সুহা মাৰিলোঁ। তেনেতে মোৰ নিচেই কাষতে অন্য এজন ব্যক্তি চাহৰ কাপ লৈ ইফাল-সিফাল কৰি আছে। মানুহজনৰ ফালে ঘূৰি চালোঁ। মানুহজনৰ সৈতে চকুত চকু পৰিলত তেওঁ মোৰ ফালে চাই সুধিলে,

: ক’লৈ যাব?

মোৰ চমু উত্তৰ,

: শদিয়া।

মানুহজনে ‘অহ’ বুলি কৈ কিছু সময় একো নোকোৱা দেখি আকৌ সুধিলোঁ,

: আপুনি?

: মই ইয়াৰে, কোকৰাঝাৰ।

: ক’ৰ পৰা আহিছে?

: পাঞ্জাৱ।

: আৰ্মিত কৰে নেকি?

: হয়। এমাহৰ চুটীত আহিছোঁ, প্ৰায় দহ দিন মান হ’ল অহা। বহুত ঠাইত এনেদৰেই ৰখাই বহু ঘণ্টা মেডিকেল টেষ্টৰ বাবেই ৰ’ব লগা হৈছে। ইয়াত সকলো হৈ যোৱাৰ পাছতো এতিয়ালৈ যাবলৈ অনুমতি দিয়া নাই।

: অঁ, কি কৰিব পৰিস্থিতিয়ে বাধ্য কৰাইছে, উপায়ো নাই।

: অঁ, তাকেই৷

: কেতিয়া আহি পালে শ্ৰীৰামপুৰ?

: যোৱা কালি দিনতেই।

: অ’ তেতিয়াই অহা নেকি? যাব দিব লাগিছিল নহয় ইমান দেৰি?

মানুহজনৰ কথাত ভাব হ’ল আমাকো এনেদৰেই দুই-এদিন পৰ্যন্ত ৰখাই থ’ব নেকি(?) ইতিমধ্যে আমাৰ চাহ খাই সম্পূৰ্ণ হৈছিল। ওচৰতে থকা ডাষ্টবিনত গিলাচকেইটা পেলাই মানুহজনৰ পৰা বিদায় লৈ বহা ঠাইৰ ফালে আগবাঢ়িলোঁ। আহোঁতে এটা কথা ভাবিলোঁ, এমাহৰ কাৰণে চুটী লৈ অহা সেই আৰ্মিৰ জোৱানজনৰ কথা। এমাহ চুটীত যদি ঘৰ পাওঁতেই ১০-১৫ দিন লাগি যায় আকৌ ঘৰৰ পোৱাৰ আগত ১৪ দিন home quarantine ত থাকিব লগা হয়, মুঠতে তেওঁ চুটী পাব কিমান দিন? ঘৰৰ মানুহৰ লগত দেখোন তেওঁ এপলো সময় কটাব নাপাব(?) বেছিকে নাভাবিলোঁ। আহি আকৌ প্লাষ্টিকৰ চকী এখনত আউজি দিলোঁ। এনেকৈয়ে প্ৰায় ছয় ঘণ্টামান তাতেই কতোৱাৰ পাছত সন্মুখৰ অফিচত বহি থকা ব্যক্তিজনে লখিমপুৰ-ধেমাজিৰ সকলক আগবাঢ়ি যাবলৈ নিৰ্দেশ দিলে। তেওঁলোকৰ হাতত কাগজ এখন দি ৬ নং কাউণ্টাৰত গৈ বিশেষ এজনৰ চহী এটা সংগ্ৰহ কৰি (কাষতে থকা Winger এখনলৈ আঙুলিয়াই) গাড়ীখনত বহিবলৈ নিৰ্দেশ দিলে। চূড়ান্তবাৰ অজয়হঁতৰ যোৱাৰ ব্যৱস্থা হৈ গ’ল। কাউণ্টৰলৈ চহী ল’বলৈ যোৱাৰ সময়তে সুবিধা বুজি আমি শেষবাৰৰ বাবে লগ হ’লোঁ। যেন আমাৰ ছয়দিনীয়া বন্ধুত্বৰ এয়াই শেষ দেখা। খুবেই দুখ প্ৰকাশ কৰি ইজনে সিজনক বিদায় দিলোঁ। যোৱাৰ সময়ত অজয়, অভিজিত আৰু চপন তিনিওজনক একেলগেই ক’লোঁ,

: চাওঁ! আকৌ লগ পাম নে নাপাম, এখন ফটো লওঁ স্মৃতিৰ বাবে।

ফটো লৈ সকলোৱে ইজনে সিজনৰ Whatsapp-Phone number ল’লোঁ। তিনিজনে একলগে শেষবাৰ সাৱটি দুখেৰে ক’লোঁ,

: হ’ব দে ভাইহঁত; ভালকৈ যাবিহঁত! আকৌ লগ পাম দে কেতিয়াবা। ভগৱানে সকলোকে কুশলে ৰাখক আৰু ভালকে যেন ঘৰ গৈ পাৱ! গৈ পালে ফোন কৰিবলৈ নাপাহৰিবি৷

সকলোৱে বিদায়ৰ চূড়ান্ত ক্ষণত হাত মিলাই বিদায় ল’লোঁ। সঁচাকৈ এই কাৰোবাক বিদায় দিয়া সময়খিনি বৰ কষ্টকৰ হয়। জীৱনৰ এক সম্পৰ্ক, বন্ধুত্বৰ সম্পৰ্ক যাক মই সদায় উচ্চ শ্ৰেণীত ৰাখোঁ আৰু খুব সন্মান কৰোঁ। মোৰ ভাৱ এই সম্পৰ্কই একমাত্ৰ সম্পৰ্ক, য’ত কোনো স্বাৰ্থ নাই, নাই কোনো হিংসা। যি কয় খোলা-খুলি কোৱা হয় এই সম্পৰ্কত। বন্ধুৱে গালি দি কিবা ক’লেও এক অজান মৰম পোৱা যায়। বৰ বেয়া লাগিল তাহাঁতকেইটাক বিদায় দি। আজিৰ পৰা সকলোৱে আকৌ নিজক লৈ ব্যস্ত হ’ব। এতিয়া অনুভৱ কৰিলোঁ, কষ্ট হ’লেও ছদিনীয়া আমাৰ Unknown Journey টো কৰি বেয়া লগা নাছিল। অধিক কষ্ট হ’লেও বহুত ভালো লাগিছিল। হঠাৎ কাণত বাজি উঠিল,

: তিনিচুকীয়াৰ সকল আহিব লাগে।

লগে লগে আমি গৈ হাজিৰ হ’লোঁ। অজয়হঁতৰ দৰেই প্ৰয়োজনীয় কামবোৰ কৰি গাড়ীত বহিলোঁ। কেইমুহূৰ্তমান ৰোৱাৰ পাছত আমাৰ গাড়ীখন আগবাঢ়িল তিনিচুকীয়াৰ ফালে। খুব উকা উকা লাগি গ’ল। প্ৰায় পয়ত্ৰিশজন যাত্ৰীৰ কোলাহলৰ মাজত ছদিনীয়া যাত্ৰা আৰু এতিয়া ড্ৰাইভাৰ সহ চাৰিজনৰ মৌন এই যাত্ৰাই সকলো উদং কৰি গ’ল। টোপনি খতি হ’লে দুখে অলপতে বেছিকৈ হেঁচা মাৰি ধৰে, মোৰো অৱস্থা তেনেই হ’ল। ছদিনৰ আগৰ সেই নিশাটোৰ পৰা কেইমুহূৰ্তমান আগৰ সময়খিনিও যেন এতিয়া বহু পুৰণি স্মৃতি। খুবেই Miss কৰিলোঁ তাহাঁতকেইটাক। মোবাইলটো উলিয়াই তাহাঁতৰ লগত তোলা ফটোবোৰ এবাৰ নিৰীক্ষণ কৰি চালোঁ। বৰ বেজাৰ লাগিল। স্মৃতিবোৰ এনেকুৱাই, মুহূৰ্ততে কিমান বেদনাদায়ক আৰু মূল্যবান হৈ পৰে; ক্ষন্তেকৰ আমনিৰ সময়খিনিও যেন মধুৰ হৈ পৰে।

ইতিমধ্যে গাড়ীখন কেম্পৰ কম্পাউণ্ডৰ পৰা ওলাই আহি মূল পথটোৰে যথেষ্ট বেগত আগবঢ়াই নিছিল ড্ৰাইভাৰজনে। খিৰিকীখন খুলি বাহিৰৰ সৌন্দৰ্য্য ভৰা প্ৰাকৃতিক দৃশ্য উপভোগ কৰিলোঁ। খালী হৈ পৰা সেউজীয়া চাহ বাগিচাৰ গলিবোৰ দেখি ভাৱ হ’ল, এইখন সেইখনেই অসম, যিখন অসমৰ চাহ বাগিচাত চাৰিমাহৰ আগতো (যেতিয়া লকডাউন আৰম্ভ হোৱা নাছিল) বাগিচাৰ কাম কৰা মানুহেই ভৰি আছিল। পিঠিত টুকুৰী লৈ দীঘলকৈ শাৰী পাতি যোৱা বাগানীয়া যুৱতীসকলে যেন অধিক সৌন্দৰ্য্যৰ সৃষ্টি কৰিছিল। দুখ লাগিল কথাটো ভাবি৷

কৰ’ণাই আলৈ-আথানি কৰা জীৱনটোৰ কথা ভাবিলোঁ। নাজানো ভবিষ্যত কি হ’বলৈ গৈ আছে। বেগৰ পৰা ইয়েৰফোনডাল উলিয়াই কাণত লগাই ল’লোঁ। মন বেয়া লাগিলে সদায় শুনাৰ দৰে আজিও জুবিনদাৰ সেই প্ৰিয় গীতটি লগাই আৱেগেৰে চকুহাল মুদি দিলোঁ।

মই ভাগৰা নাই

জীৱন হেৰোৱা নাই….

জোনাক গলা,

জাৰৰ নিশা…..

☆ ★ ☆ ★ ☆

5 Comments

  • নীলাঞ্জনা

    বৰ ভাল লাগিল পঢ়ি আমোদজনক যাতেৰা, লিখনশৈলী সুন্দৰ৷ আগলৈও আশা কৰিলো৷

    Reply
    • কেশৱ কৌশিক সোনোৱাল।

      অশেষ ধন্যবাদ বা,সকলো আপোনাৰেই কৃপাত

      Reply
  • Pranita Goswami

    এটি দীঘলীয়া যাত্ৰা, সমুখত অনিশ্চিত ভৱিষ্যত, কৰ’ণাৰ সন্ত্ৰাস… এই সকলোবোৰ আওকাণ কৰি যাত্ৰাটো আনন্দমুখৰ কৰি তুলিব পৰা সাধাৰণ কথা নহয়‌। সুন্দৰ সাৱলীল প্ৰকাশ। ভাল লাগিল।

    Reply
    • কেশৱকৌশিক সোনোৱাল

      অশেষ ধন্যবাদ জঁনালো

      Reply
  • Nityananda

    বহুত ভাল লাগিল লিখনিটো

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *