অভাৱী আই-দীক্ষিতা বৰা
(বাস্তৱৰ জুমুঠিৰ আধাৰত)
ব্যস্ততাহীন মোৰ বন্ধ দিনৰ পুৱাটো মোল্লা নাছিৰুদ্দিন, বীৰবলৰ সাধুবোৰে ৰঙীয়াল কৰি আছিল। পৃষ্ঠাই পৃষ্ঠাই মোৰ শৈশৱৰ সুবাস। “আটাইতকৈ আপোন কোন হয়, নিশ্চয় সন্তান?” আকবৰৰ এই প্ৰশ্নৰ উত্তৰ দিবলৈ বীৰবলে পোৱালি সহিতে বান্দৰী এজনী ধৰাই আনি গাঁতত সোমোৱাই থ’বলৈ নিৰ্দেশ দিছিল। পিছদিনা পুৱা বীৰবলে শিকাইছিল আকবৰক মায়া মোহৰ প্ৰকৃত পাঠ। বান্দৰীজনী থকা গাঁতটোত পানী ঢালিবলৈ নিৰ্দেশ হৈছিল। পোৱালিটো লৈ সাঁতুৰি বাছিবলৈ চাইছিল তাই, নোৱাৰিলে। শেষত পোৱালি এৰি দি নিজেই কোনোমতে সাঁতুৰিবলৈ ল’লে, প্ৰাণৰ মায়া। তেতিয়া বীৰবলে ক’লে আকবৰক “চাওক জাহাপনা, নিজৰ প্ৰাণলৈ সদায় মমতা অধিক।”
বীৰবলে কোৱা প্ৰাণৰ মমতাৰ কথাষাৰ ভাবি চোৱাৰ পৰতে কোনোবা অহা যেন পালোঁ ঘৰলৈ। গাঁৱৰে তুলু জেঠাই আহিছে। শাক এমুঠি বা বনৰীয়া তিতাকেৰেলা কেইটামান লৈ আহিছে চাগে। চাহ একাপ খাই যাব আৰু নুখুজিলেও মায়ে দি পঠিওৱা পইচাকেইটাৰে দোকানৰ পৰা চাউল, চেনী কিবা আনিবগৈ। তিনিজনীকৈ ছোৱালী জন্ম দিয়াৰ বাবে গিৰিয়েকে খেদি দিয়া জেঠায়ে অকলশৰীয়া মাকৰ ওচৰলৈ আহি লোকৰ ঘৰত কাম বন কৰি, শাক পাতেৰেই খুৱাই বোৱাই তিনিজনী ছোৱালী ডাঙৰ কৰিলে, আৰু বুঢ়ী মাকজনীকো মৰা দিনালৈকে চোৱা চিতা কৰিলে। এৰা, এয়াইতো মাতৃ। জীয়েকহঁতৰ বাবেই খেদা খাই আহিও আকৌ সিহঁতৰ বাবেই কষ্ট কৰি মাকৰ ঘৰতে সংসাৰখন গঢ়িছিল। আইৰ সমান হ’ব কোন….
জেঠাইৰ অতীতটোৱে মোৰ মনটো বীৰবলৰ পৰা আঁতৰাই আনিছিল। দুখে আকালে হ’লেও ভাগে ভাগে তিনিওজনীৰে সংসাৰকেইখন হোৱাৰ পিছত উৰুখা পঁজাটোত জেঠাই এতিয়া অকলশৰীয়া। মাতষাৰ দিবলৈ বুলি কোঠাৰ পৰা ওলাই গ’লোঁ, মা আৰু জেঠাইৰ মাজত তেতিয়া চলিছে চাহমেল। পাকঘৰৰ দুৱাৰডলিৰ বাহিৰৰ পৰাই শুনিলোঁ এটা ফুচফুচীয়া মাত, জেঠাইৰে হয়। এসপ্তাহৰ আগতে থাকিবলৈ অহা মাজু জীয়েকে পিছ চোতালত মেলি থোৱা চেলেংখন যাবৰ পৰত মনে মনে লৈ যোৱাৰ কথা দুখ মনেৰে কৈ আছে মাৰ আগত। ভনীয়েকক চাবলৈ জেঠাইৰ ককায়েকটো জীয়াই নাথাকিলেও তেখেতে জীৱিত কালতে সাংস্কৃতিক অনুষ্ঠানবোৰত পোৱা চেলেং গামোচাবোৰেই যেন এতিয়া সাৰথি হৈ আছে জেঠাইৰ লজ্জা নিবাৰণৰ। বীৰবলৰ সাধুকথাৰ বান্দৰীজনীলৈ মনত পৰিল, গাঁতটোত পানী বাঢ়ি আহোঁতে পোৱালিটো এৰি দি কিদৰে নিজে সাঁতুৰিছিল।
☆ ★ ☆ ★ ☆
8:44 am
ভাল লাগিল পঢ়ি৷