ফটাঢোল

নামৰ মহিমা-কমলা দাস

আহমেদাবাদত ব্যৱসায়ৰ প্ৰশিক্ষণ ল’বলৈ যোৱাৰ সময়ৰ কথা।

চৰকাৰৰ ফালৰ পৰা ব্যৱসায়ৰ প্ৰশিক্ষণ এটা ল’বলৈ সেইবাৰ আহমেদাবাদৰ “আই.আই.এম”ৰ ফালৰ পৰা নিমন্ত্ৰণ পালোঁ। (I I M. Ahmedabad) এইটো ছয় দিনীয়া প্ৰশিক্ষণ আছিল। সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰশিক্ষণটোত ভাৰতৰ প্ৰতিখন ৰাজ্যৰ পৰাই অংশগ্ৰহণ কৰিছিল। 

সময় মতে গৈ পোৱাৰ দিন বাৰ হিচাব কৰি, সেইমতে গুৱাহাটীৰ পৰা দিল্লীলৈ নিৰ্দিষ্ট দিনত ৰাজধানী ৰেলেৰে যাত্ৰা কৰিলোঁ। পিছদিনা ৰাতিপুৱাই দিল্লী ষ্টেচন পালোঁগৈ। ৰাতিপুৱা সাত বজাতেই দিল্লী গৈ পোৱাৰ বাবে অলপ অসুবিধাই হ’ল। আহমেদাবাদলৈ যোৱা ৰেল আছে গধূলি আঠ বজাত। দিনটো এতিয়া কি কৰোঁ! ইফালে ৰাতিপুৱাৰ প্ৰাতঃকৰ্ম বিলাকৰো সময় হৈ আহিছে৷ কিছুসময় ভাবি চিন্তি লগত থকা ডাঙৰ বেগটো ষ্টেছনৰ লক ৰূমত থৈ আহিলোঁ। তাৰ পাছত ৱেইটিং ৰূমত থকা বাথৰূমত নিজৰ প্ৰাতঃকৰ্ম কৰি গাটো ধুই ল’লোঁ। আজৰি হৈ ৰুটি ঘুগুনি খাই ষ্টেছনৰ ৱেইটিং ৰূমতে বহি বহি গধূলি হ’বলৈ অপেক্ষা কৰিলোঁ। দিনটো মানুহেই চালোঁ। অলেখ মানুহ! কিমান যে মানুহ, ক’লৈ যে গৈছে! কাৰো খন্তেক ৰ’বলৈ সময় নাই! সময়ৰ টিকনি আগফালে দৌৰাৰ নিচিনাকৈ, মানুহবোৰ কেৱল মাত্ৰ দৌৰি আছে৷

গধূলি সময় হোৱাৰ লগে লগে আহমেদাবাদলৈ যাব লগা ৰেলগাড়ীখন ষ্টেছনত আহি সোমাল। ময়ো উঠি লৈ নিৰ্দিষ্ট চিট বিচাৰি বহি ল’লোঁ। ৰেল চলিবলৈ ধৰিলে। অলপ পাছত টি টি আহিল টিকট পৰীক্ষা কৰিবলৈ। আহি, আহি মোৰ ওচৰ পোৱাত, এবাৰ মোৰ ফালে আৰু এবাৰ তেওঁ লৈ অহা লিষ্টখনৰ ফালে চাই মোক ক’লে,

: মেডাম, চিটটো লওঁতে আপোনাৰ ভুল হৈছে কিজানি৷ এইটো জেণ্টচৰ চিট হে। 

মই ক’লোঁঁ,

: আপুনি মোৰ টিকট চাওক। মোৰ নামেৰে সৈতে একেই। 

টি টি য়ে টিকট চাই, তেওঁৰ লিষ্টৰ লগত মিলাই মোক ক’লে,

: আপহি কম্লা দাস হো? মানে মই ভাবিছিলোঁ কম্লা দাস কোনোবা মতা মানুহ হ’ব৷

মই বোলো,

: কিয়? 

টি টি য়ে ক’লে,

: কাৰণ এই নামটো মতা মানুহৰ বেছিকৈ থাকে, তিৰোতা মানুহৰ কম থাকে। মেৰা নাম ভি কম্লা তিৱাৰী! 

মই মিচিকিয়া হাঁহি মাৰিলোঁ যদিও মনতে ভাবিলোঁ, খা বাপ্পেকে! পিছদিনা ৰাতিপুৱা আহমেদাবাদ পালোঁগৈ। টেক্সি এখন লৈ আই আই এম কেম্পাচ পালোঁগৈ। ইতিমধ্যে আন আন বহুতেই আহি পাইছে। নাম ধাম এণ্ট্ৰী কৰাৰ পাছত আমাক নিজৰ নিজৰ ৰূম দেখুৱাই দিলে। আমিও ৰূমত সোমাই গা পা ধুই ব্ৰেকফাষ্ট কৰিবলৈ ওলাই আহিলোঁ। 

আমাক ৰিচেপচনতেই কাৰ্যসূচীবোৰ দি দিয়া হৈছিল। সেইমতে আমাৰ ব্ৰেকফাষ্টৰ পিছতেই দহ বজাৰ পৰা ক্লাছ আছে। প্ৰতিটো ক্লাছৰ বিপৰীতে ক্লাছটো যিয়ে ল’ব, তেওঁৰো নাম উল্লেখ আছিল। আমাৰ প্ৰথম ক্লাছৰ প্ৰশিক্ষক আছিল কিৰণ ত্ৰিপাঠী। প্ৰথম ক্লাছৰ প্ৰশিক্ষক কিৰণ ত্ৰিপাঠী বুলি জানি আমি সকলোৱে ভালেই পালোঁ। অন্ততঃ পৰিচয় আদান প্ৰদান কৰাৰ সময়ত অলপ সহজ হ’ব পাৰিম৷ দৌৰাদৌৰিকৈ আমি সকলোৱে ব্ৰেকফাষ্ট কৰি ক্লাছ ৰূম বিচাৰিলোঁগৈ। বিশাল আই আই এমৰ, বিশাল বিল্ডিং বোৰৰ মাজত আমাৰ ক্লাছ ৰূমটো বিচাৰি উলিওৱা আমাৰ পক্ষে টানেই আছিল৷ মাৰ্চ মাহৰ গৰমেও আমাক বাৰুকৈয়ে কষ্ট দিছিল। আহমেদাবাদৰ ফালে এনেও গৰমটো অলপ বেছিয়েই। যি নহওক, সুধি পুচি যেনেতেনে আমাৰ ক্লাছ ৰূম উলিয়ালোঁ। ৰূমত সোমাই এ চিৰ বতাহ পাইহে আমাৰ গাবোৰে আৰাম পাইছিল। আমি সকলোৱে ভালদৰে বহিবলৈ নৌপাওঁতেই প্ৰশিক্ষক আহি দুৱাৰমুখত হাজিৰ হৈছিল। অৰ্থাৎ ঘড়ীৰ কাটাই কাটাই দহ বাজিছিল। তেওঁলোকে সময়ৰ ক্ষেত্ৰত কোনো ধৰণৰ এৰাধৰা নকৰিছিল। এইটো একেবাৰে শেষৰ দিনলৈকে অটুট আছিল। 

আমাক ক্লাছৰূম দেখুৱাই দিয়াৰ পৰা ৰূমটোত কিবাকিবি লগাবলৈ দুই এজন মানুহ ৰূমৰ ভিতৰলৈ আহি আছিল বাবে আমি প্ৰশিক্ষক জনকো তেনেকুৱা কোনোবা বেলেগ মানুহ বুলিয়েই ভাবিছিলোঁ। সেই বাবে তেওঁ সোমাই অহাতো আমি বেছি গুৰুত্ব দিয়া নাছিলোঁ। পিচে তেওঁ আহি স্পিকাৰত কথা ক’বলৈ লওঁতেহে আমি সকলোৱে চুপচাপ নিজৰ নিজৰ চিটত বহি তেওঁ কি কয়, শুনিবলৈ অপেক্ষা কৰিলোঁ। 

তেওঁ নিজৰ পৰিচয়েৰে কথা আৰম্ভ কৰিলে,

: নমস্কাৰ, মেৰা নাম কিৰণ ত্ৰিপাঠী হেঁ, ঔৰ মে আপলোগোকে পেহলা ক্লাছ কে ট্ৰেইনাৰ হু। 

সকলোৰে মুখবোৰ মেল খাই ৰ’ল। হাৰিয়ানাৰ পৰা অহা এজনেতো কৈয়েই পালে,

: ছাৰ, আপ কিৰণ ত্ৰিপাঠী হো! হামনে তো চ’চা থা কিৰণ ত্ৰিপাঠী নাম কে কোই লেডী আয়েগি৷

কথা শুনি ছাৰজন প্ৰথমতে হতভম্ব হ’ল৷ তাৰ পাছত তেওঁৰ নামটোৰ খেলিমেলি বুজিব পাৰি হাঁহি দিলে আৰু আমিও হাঁহি দিলোঁ। এনেদৰে হাঁহি ধেমালিৰে আমাৰ প্ৰথম ক্লাছটো আৰম্ভণি হ’ল।

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *