ফটাঢোল

নিৰুদ্দেশ সময় : দিগন্ত কুমাৰ ভট্টাচাৰ্য

বাৰণ্ডাতে চকীখনত বহি আছোঁ। আগতে সন্মুখৰ ৰাস্তাটোৰে পাৰ হৈ যোৱা দুই-চাৰিজনে মাত দি গৈছিল। ওচৰৰ বৰুৱা-শৰ্মাহঁতে দেখিলে ভিতৰলৈ আহি কিছু সময় বহিছিলও কেতিয়াবা। বৰুৱা ঢুকাল। শৰ্মাৰ বেমাৰ। বিছনাতে বেছি সময় পাৰ কৰে।

ঘৰৰ ওচৰতে এখন পাৰ্ক আছে। পাৰ্ক বুলি ক’ব নোৱাৰি। মুকলি চৰকাৰী ঠাই এটুকুৰা। লোকেল ‘এমএলএ’জনে কিবাকিবি দুখনমান লোহাৰ স্থায়ী চকী লগাই, দুজোপামান ফুলৰ গছ ফুলাই নাম দিছিল -‘উদ্যান’। আমি কেইজনমানে আবেলি তাত বহিবলৈ যাওঁ। সুখ-দুখৰ কথা পাতোঁ। মনটো সজীৱ অনুভৱ কৰোঁ। সেই কেইজনমানৰ দুজনমান নোহোৱা হ’ল। এজন-দুজন বিছনাত পৰিল। আমি তিনি-চাৰিজন বাকী ৰৈছিলোঁ।

মাৰ্চৰ শেষৰপৰাই সকলো বন্ধ হৈ গ’ল।

“তোমালোক বুঢ়া মানুহ, একদম নোলাবা”, জীয়াৰী ৰিণিয়ে ফ’নত সদায় চিঞৰে। “মানুহ আহিলেও ওচৰলৈ নাযাবা, ওচৰলৈ গ’লেও মুখত মাস্ক এখন লগাবা। ..মাস্ক নাই? গামোচা, ৰুমাল আছে নহয়। সেইবোৰেৰে মুখখন ঢাকিবা৷”

মাছ বেপাৰী এজন সোমাই আহিছে। আজিকালি মই মাছ নাখাওঁ। খাব নোৱাৰোঁ। খাব পাৰোঁ কিন্তু খোৱাত বাধা। ডাক্তৰৰ। “সৰু ফ্ৰেছ মাছ পালে খাব পাৰে, নহ’লে নাখাব। ‘ভেজ’টোৱেই ভাল আপোনাৰ কাৰণে”, ডাক্তৰে কোৱাৰ পাছত বোৱাৰীয়ে মাছৰ কাঁইট এডালো ভাতৰ পাতত নিদিয়া হ’ল।

: কি মাছ আনিছানো?

মাছ কিনাটো মোৰ এক চখ আছিল। এসময়ত দেওবাৰে পাঁচমাইল আঁতৰৰ নদলা হাটলৈ গৈ বুঢ়াদিয়া নৈৰপৰা উঠোৱা মাছবোৰ চুই চাইছিলোঁ, কিনিছিলোঁ। মাছ বেপাৰী চামছুল চিনাকি আমাৰ। ভাবিলোঁ তাৰ লগতে দুই-এষাৰ কথা পাতোঁ।

: খুৰা, ভালে আছেনে?

: এহ, কিনো ভাল? চলি আছে আৰু জীৱন। জীৱন নহয়, জীৱটো, হেঃ হেঃ!

মোৰ ৰসিকতাত মই নিজেই হাঁহিলোঁ। এনেতে বোৱাৰী আহিল ভিতৰৰপৰা।

: দেউতা, এইখন পিন্ধক মুখত। ৰিণিয়ে ইমানকৈ কৈ থাকে আপোনাক, তথাপিও…

বোৱাৰীয়ে মুখত লগাবলৈ মাস্ক এখন দি গ’ল৷ চামছুলো অপ্ৰস্তুত হ’ল। সিও কান্ধত ওলোমাই ৰখা গামোচাখনেৰে নিজৰ নাক-মুখ ঢাকিলে। তাৰপিছত সি কোৱা কথাবোৰ অস্পষ্ট হৈ সোমাল মোৰ দুকাণত। অশান্তি লাগিল মোৰ। ভিতৰলৈ সোমাই গ’লোঁ।

অলপপৰ পাছত বাহিৰলৈ ওলাই আহি দেখিলোঁ বৰপুত্ৰ ৰণ্টুৱে মাছ ৰাখিছে। অস্পৃশ্য যেন সকলো। চামছুল, মাছবোৰ, মাছ ৰখা খৰাহীটো, মাছ কটা দা’খন….। সকলো।

মই চকীখন একাষৰীয়াকৈ টানি নি দূৰত বহিলোঁ।
গে’টেৰে সোমাই আহিছে মোৰ শৈশৱৰ বন্ধু যোগানন্দ আৰু কেশৱ। আমি একেলগে পঢ়িছিলোঁ প্ৰাইমেৰীৰপৰা কলেজলৈ। আজি কথা পাতিম। সুখ-দুখৰ। ৰোমন্থন কৰিম শৈশৱ, অতীত। মোৰ মুখত হাঁহি বিৰিঙি উঠিল।

: আহ আহ যোগা, কেশৱ। ভালে আছ নে তহঁত?

মোৰ চিঞৰ শুনি চামছুলে ৰণ্টুলৈ চালে।

: ইহঁত দুটা মোৰ লগৰ। চল্লিশ বছৰমান লগেই পোৱা নাছিলোঁ। ডিঙিলৈকে কথা জমা হৈ আছে। আজি হেঁপাহ পলুৱাই কথা পাতিম৷

চামছুলক ক’লোঁ মই। চামছুলে ৰণ্টুলৈ চালে পুনৰ।

: ঐ ৰণ্টু, যাচোন আৰু এখন চকী লৈ আহ ভিতৰৰপৰা। ইহঁতক চাহ দিবলৈ বোৱাৰীক ক গৈ যা৷

ৰণ্টুৱে মাছৰ খৰাহীটো লৈ যাবলৈ ওলাইছে।

: দেউতা, ভিতৰলৈ আহা। টিভিত নিউজ চোৱাহি। নহ’লে ৰামায়ণ দিব এতিয়া, চাবা আহা।

ৰামায়ণ টিভিত আৰম্ভ হোৱাৰ পাছত টিভি কিনিছিলোঁ মই। মাষ্টৰৰ চাকৰিৰে তেতিয়া টিভি কিনা অসম্ভৱ আছিল। স্কুলৰ ফাণ্ডৰপৰা সূতত লৈছিলোঁ টিভি কিনাৰ খৰচ। ৰিণি-ৰণ্টুৰ মুখত সন্তুষ্টি আৰু আনন্দৰ হাঁহিটো চাবলৈকে টিভি কিনিছিলোঁ।

“মই ৰামায়ণৰ বাহিৰে বাকীবোৰ প্ৰ’গ্ৰেম মাত্ৰ দহমিনিট চাম দেউতা”, দুয়োটাই মোৰ হাতখন চুই চুই কৈছিল। ‘ৰামায়ণ’ মোৰ অতীতৰ এখিলা সোণালী পাত।

মই ৰণ্টুৰ পিছে পিছে লাহে লাহে আগবাঢ়িলোঁ। চামছুল উভতিবলৈ বাট লৈছে।

: বুঢ়াটো দেখোন পাগল হ’ল হে বাই…

যাওঁতে ফুলৰ টাববোৰ চফা কৰি বহি থকা আমাৰ ঘৰত কাম কৰা ৰমলাক কৈ গ’ল। ৰমলাই একো মাত নিদিলে। মই আকৌ এবাৰ বাৰাণ্ডাখনলৈ চালোঁ। কেশৱ আৰু যোগা নোহোৱা হৈ গ’ল পলকতে। মনত পৰিল, সিহঁত বহু বছৰ আগেয়ে তেনেকৈয়ে এদিন নোহোৱা গৈ গৈছিল পৃথিৱীৰপৰা। সিহঁত চাগে এতিয়া শান্তিত আছে। পৰলোকত আছে নে বাৰু লকডাউন!

বোৱাৰীয়ে কিবাকিবি ৰান্ধি আনি ডাইনিং টেবুলত থৈছে। ম’বাইল ফ’নটো উলিয়াই কথা পাতিছে। ম’বাইলটো খোৱাবস্তুবোৰৰ ওপৰে ওপৰে লৈ গৈছে। হয়তো কাৰোবাক ভিডিঅ’ কৰি দেখুৱাইছে। মাজে মাজে তেওঁ হাঁহি হাঁহি চকীখনতে বহি পৰিছে। সুখী তেওঁ। ভিডিঅ’ কৰি নিজক দেখুৱাই, নিজে ৰন্ধা বস্তু দেখুৱাই প্ৰশংসা লভি সন্তুষ্টি পাইছে তেওঁ। মানুহৰ সুখবোৰৰ উৎসবোৰ ক’ত কেনেকৈ সলনি হৈ গৈ থাকে! সিদিনা ল’ৰাহঁতৰ বিবাহ-বাৰ্ষিকী আছিল। সন্ধিয়া এগালমান সম্পৰ্কীয়, বন্ধু-বান্ধৱীৰ লগত ঘণ্টা জুৰি ভিডিঅ’ কলত সিহঁতে কথা পাতি, নিজক দেখুৱাই, আনক দেখি সুখী হৈছিল। মাখিটোৰ সমান মুখবোৰৰ লগত বাৰ্তালাপ কৰিছিল। খবৰ-বাতৰি লৈছিল, দিছিল। মই আচৰিত হৈছিলোঁ।

“ভাৰ্চুৱেল, আজিকালি সকলো ভাৰ্চুৱেল ককা। গোটেই ৱ’ৰ্ল্ডখনেই ভাৰ্চুৱেল”, নাতিটোৱে মোৰ অবোধ মুখখন চাই কৈছিল। ময়ো হাইস্কুলৰ ইংৰাজীৰ শিক্ষক আছিলোঁ। কিমান শব্দ যে নতুনকৈ শিকিবলৈ লৈছোঁ এই শেষ বয়সত। সমাজ, বন্ধুত্ব, সম্পৰ্ক সকলো ভাৰ্চুৱেল এতিয়া। প্ৰতিদিনে চাৰি-পাঁচশ ছাত্ৰ, কমন ৰূমৰ ত্ৰিশজনতকৈ অধিক শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত অতিবাহিত কৰি আহিলোঁ চাকৰি জীৱন। যোৱা ছমাহত পৃথিৱীখনেই যেন ওলোটাকৈ ঘূৰিবলৈ ল’লে। অচিনাকি হৈ পৰিল। চকু চাই, উশাহৰ শব্দ শুনি কথা পতা মানুহ আমি। কম্পিউটাৰ বা ম’বাইলটোত মাখিটোৰ সমানকৈ ওলোৱা ছবিবোৰৰ মাজত আন্তৰিকতা বিচাৰিবলৈ আমি যে অপাৰগ!

যোৱা সপ্তাহত মাইনুৰ বিয়াখন হৈ গ’ল। তাই মোৰ ভাইটোৰ নুমলীয়া ছোৱালী। তাইৰ বিয়া ঠিক হোৱাৰেপৰা মোৰ মনত এক উৎকণ্ঠা আৰু আনন্দই আৱৰি আছিল। ভাইটো ঢুকোৱাৰ পাছত কন্যাদানৰ গুৰুদায়িত্ব মোৰ ওপৰতে পৰিছিল।

: পাৰিবা নে দেউতা তুমি শ্ৰাদ্ধ আদি কৰিব?

: বিয়াৰ কন্যাদানত বহু কাম থাকে? কষ্ট নহ’ব?

ল’ৰাহঁতে মোক সুধিছিল। মই হাঁহিছিলোঁ। কিয়নো নোৱাৰিম? বয়স মোৰ আশীৰ ওচৰা-উচৰি হ’লেও মানসিক উদ্যম কম হৈ যোৱা বুলি নাভাবোঁ। তাতে মোৰ ভাইৰ ছোৱালী। দেউতাক নোহোৱা ছোৱালী। দুদিন আগতেই যাম বিয়াত। কিমান বছৰৰ মূৰত আপোন মানুহখিনি যে দেখিম। সেই মাইনুৰ বিয়া হৈ গ’ল।

: পিছুৱাব নোৱাৰি নে?

এবাৰ কৈ চাইছিলোঁ।

নাই। নোৱাৰি হেনো। অক্টোবৰৰ পাছত দৰাৰ যোৰ বছৰ পৰে। এবছৰলৈ ৰ’ব লাগিব।

: এবাৰ মাইনুহঁতক আশীৰ্বাদ এটা কৰি যাওকহি৷

বোৱাৰীয়ে মোক মাতিছিল। কম্পিউটাৰৰ স্ক্ৰীণত মাইনুৰ চলচলীয়া দুচকু দেখিছিলোঁ। হাতযোৰ কৰিছিল তাই। ময়ো ভালে ভালে থাকিবি বুলি আঁতৰি আহিছিলোঁ। মই সিহঁতৰ ছবিবোৰ মনিবলৈ কষ্ট পাইছিলোঁ। চকু দুটাই চটফটাইছিল। হাজাৰ মানুহ মাতি ভালদৰে তাইক বিদায় দিম বুলি ভবা বিয়াখনত খুব বেছি পোন্ধৰজন মানুহ গোট খাইছিল। বোৱাৰীয়ে বিয়া বুলি মাংস-মাছ ৰান্ধিছিল ঘৰতে। মিঠাই আনিছিল। মই এগৰাহ ভাতো খাব পৰা নাছিলোঁ ভালকৈ।

: তাই কিবা কৈছে। আপুনি মুখেৰে মাত এষাৰ দিয়ক৷

বোৱাৰীয়ে কৈছিল কাণৰ কাষত।

: কিবা এটা কোৱা..নোকোৱা কিয় দেউতা?

ৰণ্টুৱে হাতেৰে হেঁচুকিছিল। মই বোবা হৈ পৰিছিলোঁ।

: বুজিছা নে? দেউতাৰ সঁচাকৈ কিবা এটা হৈছে। ডাক্তৰক দেখুৱাব লাগিব৷

বোৱাৰীয়ে ৰণ্টুক ফুচফুচাই কোৱা কথাবোৰ কাণত পৰিছিল। সকলোবোৰ মোৰ অচিনাকি যেন বোধ হৈছিল। এই মাইনু মোৰ ভাইৰ ছোৱালীজনী নহয় যেন।
এই মানুহবোৰ মোৰ কাৰণে অচিনাকি যেন। এই চৌদিশৰ পৃথিৱীখনেই মোৰ চিনাকি নহয় যেন। এই এটি এটি পল মোৰ কাৰণে এটি এটি যাতনা যেন।

দুপৰীয়া বাৰমান বাজিছে। ৰণ্টুৱে নিজৰ কোঠাত অ’ফিচৰ কাম কৰিছে। নাতিটোৱে স্কুলৰ ক্লাছ কৰিছে। অনলাইন। সি মনোযোগ দিছেনে নাই চাবলৈ কোনো নাই। সি বহীটোত কি আঁক-বাক কৰিছে, সেয়াও কোনেও নাচায়। ঘৰতে বহি স্কুলৰ পাঠ পঢ়িছে। কষ্ট নাই। বোৱাৰী পাকঘৰত ব্যস্ত। ঘৰৰ মানুহবোৰক চকুৰ আগতে অহৰহ দেখি আন দুশ্চিন্তাবোৰৰ পৰা তেওঁ নিলগত। সুখী তেওঁ। মই আঙুলিৰ মূৰত হিচাপ কৰিছোঁ, কিমান দিন মই গে’টৰ বাহিৰলৈ ওলোৱা নাই। কিমান দিন মই ওচৰৰে পাৰ্কখনলৈ যোৱা নাই? শৰ্মা-দত্তহঁতক নেদেখা কিমান দিন হ’ল? কিমান দিন আগেয়ে মই সন্তুষ্টিৰ হাঁহি মাৰিছিলোঁ? তেজ-মঙহৰ শৰীৰ এটাৰ ওচৰত ৰৈ কিমান দিন আগেয়ে মই প্ৰাণখুলি দহমিনিটৰ কাৰণে কথা পাতিছিলোঁ! গণিবলৈ ল’লোঁ মই।

টিভিৰ পৰ্দাত নৰেন্দ্ৰ মোদী ওলাইছে। এইবাৰ সৰ্বানন্দ সোণোৱাল। মাজতে অমিতাভ বচ্চনে ক’ৰণাৰপৰা বাচিবলৈ কি কৰিব লাগিব, কৈ গ’ল। বচ্চন চাহাব মোৰ প্ৰিয়। তেওঁ মোতকৈ বয়সত সৰু হ’ব। স্বাস্থ্য কিন্তু পৰি যোৱা নাই। সেয়া তৰুণ গগৈ। প্ৰাক্তন মুখ্যমন্ত্ৰী। এবাৰ ওচৰৰে স্কুল এখনৰ মিটিঙত তেওঁ আহিছিল। মই আছিলোঁ নিৰ্দিষ্ট বক্তা। মোৰ ভাষণ শুনি তেওঁ ভাল পাইছিল। মই তেতিয়া একেৰাহে এঘণ্টালৈ ভাষণ দিব পাৰিছিলোঁ। হাজাৰ মানুহৰ চকুবোৰে মোক ক’বলৈ উৎসাহ দিছিল। তৰুণ গগৈয়ে হয়তো মোক চিনি পাব এতিয়াও। মোৰ তেওঁৰ লগত কিছু দেৰি কথা পাতিবলৈ বৰকৈ মন গ’ল। মই টিভিটোৰ একেবাৰে ওচৰলৈ গ’লোঁ।

: নমস্কাৰ গগৈ, মোক চিনি পাইছে? মই বীৰেণ মজুমদাৰ। শিক্ষক। সেই যে হৰিদত্ত স্কুলৰ বাৰ্ষিক মিটিং এখনত লগ পাইছিলোঁ। হয়, হয়। আপুনি তেতিয়া মুখ্যমন্ত্ৰী আছিল। মনত আছে? আপোনাৰ ভাল? অসুখ হৈছিল? মোৰো অসুখ, মনৰ অসুখ৷ পৃথিৱীৰেইতো অসুখ৷ কি ক’লে?…

সেইসময়তে ৰমলাই ঘৰ সাৰিবলৈ আহিছিল। মোক দেখি তাই দৌৰি ওলাই গ’ল। ৰমলাই বোৱাৰীক কৈ থকা কাণত পৰিল,

: ও বৌ, চামছুল মাছ বেপাৰীয়ে ঠিকেই কৈছিল, আমাৰ খুড়া সঁচাকৈ পগলা হ’ল!

☆★☆★☆

19 Comments

  • মানসী বৰা

    বৰ ভাল লাগিল দাদা ।মনটো বিষাদেৰে ভৰিল।বা

    Reply
  • কি যে কঠিন সময়! বহুত ভাল লাগিল দিগন্ত৷

    Reply
  • abhijit goswami

    বৰ ভাল লাগিল দাদা

    Reply
  • Partha Pratim Sarmah

    ইজ য়ুজুৱেল… দা দিগন্তদা ফ্লেভাৰ ??

    Reply
  • Partha Pratim Sarmah

    এজ য়ুজুৱেল… দা দিগন্তদা ফ্লেভাৰ ??

    Reply
  • আৰাধনা বৰুৱা

    ধুনীয়া গল্প

    Reply
  • Sankar Jyoti Bora

    সছাকৈয়ে সময়ে বহুতক অসুখী কৰি তুলিছে৷বয়স লৈ কথা নাই৷বৰ ধুনীয়া লাগিল৷

    Reply
  • HEMANTA KAKATI

    বঢ়িয়া লাগিল দিগন্ত৷

    Reply
  • নীলাঞ্জনা

    অ দিগন্ত সাংঘাটিকহে বুলিলো

    Reply
  • সুকুমাৰ গোস্বামী

    এইবাৰো আপুনি নিৰাশ নকৰিলে, বঢ়িয়া।

    Reply
  • কাবেৰী মহন্ত

    কবলৈ ভাষাই নাই দিগন্ত! তোমাৰ গল্প বা যিকোনো লেখাই বেলেগ এখন জগতলৈ লৈৈ যায়৷ চেলুট

    Reply
  • মন্দিৰা

    বৰ ভাল লাগিল পঢ়ি দিগন্ত

    Reply
  • গল্পটো বহুত ভাল লাগিল দাদা ৷ সময়বোৰ যে কেতিয়া আগৰ দৰে হ’ব!

    Reply
  • মিনতি মহন্ত ।

    মনত থুপ খাই থকা অনুভূতিখনি তোমাৰ আঙুলিৰে প্ৰকাশ কৰিলা দিগন্ত ! অদ্ভুত , কিছুমান মোৰ লগত মিলি গৈছে । ভালতকৈ ওপৰত কি শব্দ আছে নাজানো ।

    Reply
  • Anonymous

    Xosakoi Bortoman manuhor manoxik thiti anekuwai hoise

    Reply
  • Rituparna

    খুবেই ভাল লাগিল।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    অন্তৰস্পৰ্শী গল্প এটা পঢ়িলোঁ৷ বঢ়িয়া৷

    Reply
  • জয়ন্ত দাস

    বহুত ভাল লাগিল৷ কলিজাটোত এটা শোকেও খুন্দিয়াই গল৷

    Reply
  • নীলাক্ষি দেৱী ডেকা

    বহুত ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *