প্ৰথম প্ৰেমৰ বিলাই-অৰ্চন শৰ্মা
এখন গণ্য-মান্য ব্যক্তিৰ সভাত এজন ব্যক্তিয়ে এটা প্ৰশ্ন উত্থাপন কৰিলে,
“মানুহ কেতিয়া প্ৰেমত পৰে?”
প্ৰশ্নটো শুনি সকলো গভীৰ সমস্যাত পৰিল, আজিলৈকে কোনেও ভবা নাছিল মানুহ কিয় প্ৰেমত পৰে! বিভিন্নজনে বিভিন্ন ব্যাখ্যা আগবঢ়ালে, বহুতৰ মাজত তৰ্ক বিতৰ্কও চলিল, লাহে লাহে তৰ্ক বিৰ্তক গৈ মাৰ-পিটৰ ৰূপ ল’লে, বহুলোক গুৰুতৰ ভাৱে আহত হ’ল, দুই এজন বৃদ্ধ ব্যক্তি স্বৰ্গগামীও হ’ল, যেতিয়া তিনিঘণ্টা চলা কাজিয়াৰ শেষত সকলো ফোঁপাই জোপাই বহি পৰিল, তেতিয়া এজন যুৱকে ক’লে,
: ৰাইজ, মই আপোনালোকৰ যোগ্যৰ নহওঁ যদিও আপোনালোকৰ সন্মতি হ’লে মই এই প্ৰশ্নটোৰ উত্তৰটি দিবলৈ চেষ্টা এটা কৰি চাব পাৰোঁ।
ৰাইজে বোলে, আও, ইমান ডাঙৰ ডাঙৰ পণ্ডিতেও এই প্ৰশ্নটোৰ উত্তৰ দিব নোৱাৰিলে, এই ওঁঠ চেপিলে গাখীৰ ওলোৱা ল’ৰাটোৱে কি উত্তৰ দিব! বাৰু শুনোচোন ই কি কয়!
তেতিয়া যুৱকজনে ক’লে,
: ৰাইজ মই বিশেষ নাজানো যদিও এটা কথাই ক’ম, যেতিয়া এজন মানুহৰ মানসিক সন্তুলন হেৰাই যায়, আৰু গ্ৰহদোষ, কালদোষ, দৈৱদোষ সকলোৱে আহি তেওঁক হেঁচা মাৰি ধৰে ঠিক তেতিয়াই এজন মানুহ প্ৰেমত পৰে। কথাষাৰ কৈয়ে যুৱকজনে ইনাই-বিনাই কান্দিবলৈ ধৰিলে।
এতিয়া সেই যুৱকজন কোন বুলি নুসুধিব দেই, নিজৰ নামটো কোন সতেৰে লওঁ বাৰু? লাজ বুলিও কথা এটা আছে নহয়!
প্ৰেম সকলোৰে জীৱনলৈ আহে, মোৰ জীৱনলৈও আহিছিল, তেতিয়া মই ন বছৰীয়া ডেকা, প্ৰাথমিক স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ যদিও প্ৰেমত পৰিলোঁ যেতিয়া ডেকাই হৈছোঁ আৰু!
বাৰু কাহিনীটো প্ৰথমৰপৰাই আৰম্ভ কৰোঁ দিয়ক, মই আছিলোঁ সৰুৰেপৰাই তিখৰ, প্ৰতি দিনাই স্কুলত দহ বিশটা এচাৰিৰ কোব, চাৰি পাঁচবাৰ কাণত ধৰাটো মোৰ দেইলি ব’নাচ আছিল। তেতিয়া আমাৰ চতুৰ্থ শ্ৰেণীৰ ক্লাছবোৰ আৰম্ভ হৈছেহে মাত্ৰ, নতুন কিতাপ, নতুন বিষয়, পঢ়াত পিচে মোৰ সমূলি মন নাই! পিচে স্কুল নগ’লে ঘৰত পিটন, গ’লে স্কুলত পিটন, মুঠেই অশান্তিৰ জীৱন আৰু!
এনেকৈয়ে এদিন প্ৰথম পিৰিয়ড আৰম্ভ হৈছেহে মাত্ৰ, হেড বাইদেৱে নতুন ছোৱালী এজনীৰ হাতত ধৰি আমাৰ শ্ৰেণীকোঠালৈ সোমাই আহি ক’লে তাই হেনো আজিৰপৰা আমাৰ লগতে পঢ়িব। বেলেগ স্কুলৰপৰা নতুনকৈ আহিছে, পঢ়াত হেনো বৰ চোকা।
সেই সময়ত স্কুললৈ নতুন ল’ৰা ছোৱালী আহিলে সকলোৱে ঘূৰি ঘূৰি চোৱাটো একপ্ৰকাৰ নিয়মেই আছিল, কিন্তু মই যেন একেথৰে তাইকে চাই থাকিম, গুলপীয়া গাল, চুলিত দুডাল ৰিবন, ধুনীয়া চকু, দেখিলেই ভাল লাগি যায়। সেই সময়ত আকৌ মই শ্বাহৰুখ খানৰ ডাঙৰ ফেন, দিল ট’ পাগল হে, কুছ কুছ হ’তা হে’ ৰ গান, ডাইলগ সকলো মুখস্থ। শ্বাহৰুখ খানৰ চিনেমাবোৰ চালেই কাৰোবাৰ প্ৰেমত পৰোঁ পৰোঁ লাগে। পিচে প্ৰেমত পৰে কেনেকৈ সেইটোহে নাজানো। তাইক দেখাৰপৰাই বৰকৈ প্ৰেমত পৰিবলৈ মন গৈছে, তেন্তে উপায় কি? দুদিনমান খুব চিন্তা কৰিলোঁ, নাই! কোনো উপায় ভাবি নাপাওঁ হে নাপাওঁ, উপায় নাপাই মোৰ খাচ বন্ধু, লংগ’তীয়া য়াৰ ঘিটিলাইক কথাটো কাণ চোৱালোঁ, বোলো অমুকীক দেখিলেই মোৰ মন ৰাই-জাই কৰে এতিয়া প্ৰেমত পৰাৰ উপায় এটা দে।
তেতিয়াহে ঘিটিলায়ে বোলে,
: দোষ্ট কথা এটা হ’ল নহয়!
মই বোলো
: কি কথা?
তেতিয়াহে গম পালোঁ বপুৰাও তাইৰ বাবেই দিৱানা। এতিয়া মই কৰোঁ কি? ইফালে বন্ধুত্বৰ খাটিৰ, আনফালে প্ৰেম, মোৰ দুই নাৱত দুই ভৰিৰ দৰে অৱস্থা হ’ল। অৱশেষত দুইটাই চিন্তা কৰিলোঁ যে আমি দুয়োটাই দেখোন বৰশীত উঠা মাছৰপৰা আদি কৰি কমলা টেঙা মৰ্টনটোলৈকে ভগাই খাওঁ তেনে ছোৱালীজনীনো কি কথা তাইকো ভগাই লোৱা যাওক। এতিয়া সমস্যা হ’ল তাইক কিদৰে জনোৱা যায়, তাৰো উপায় দিলে ঘিটিলায়ে, বোলে, চিঠি এখন দিয়েই তাইক মনৰ কথা জনাব পাৰি দেখোন!
এৰা মই দেখোন এই সৰু কথাটোকে ভাবিব পৰা নাছিলোঁ, তেন্তে চিঠি এখনকে লিখা যাওক। পিচে তাতো আহিল সমস্যা, পঢ়াৰ ফালে দুয়োটা গাধ, চিঠিতো দূৰৰে কথা পৰীক্ষাত উত্তৰকেইটা লিখিবলৈ বহিয়েই সৰিয়হ ফুল দেখি যাওঁ তেনেক্ষেত্ৰত চিঠি! প্ৰেমতকৈ চিঠিৰ সমস্যাটোহে এতিয়া আমাৰ বাবে এশ কেজিৰ বোজা যেন হ’ল।
দিনবোৰ গৈ আছে, ভালপোৱাও বাঢ়িছে, পিচে চিঠি লিখাৰ উপায় বিচাৰি নাপাওঁ হে নাপাওঁ। তেনেতে এদিন অসমীয়াৰ পিৰিয়ডত বাইদেৱে ক’লে সকলোৱে অৰ্ধ ছুটি বিচাৰি প্ৰধান শিক্ষকলৈ এখন আৱেদন পত্ৰ লিখা, বাইদেৱে শিকাই দিলে আৱেদন লিখাৰ নিয়ম, বচ! আমাক আৰু কোনে পাই, চিঠি লিখিব নোৱাৰিলোঁ কি হ’ল, এইবাৰ প্ৰেমৰ আৱেদন লিখিম বাপ্পেকে।
পিছদিনাই আৰম্ভ কৰিলোঁ আমাৰ মিছন প্ৰেম আৱেদন। কৃষ্ণক চিন্তি আৰম্ভ কৰিলোঁ জীৱনৰ প্রথম প্ৰেমৰ আৱেদনখনি।
প্ৰতি,
শ্ৰীমতী অমুকী
বিষয়: প্ৰেমত পৰাৰ বাবে আৱেদন।
মাননীয়া,
অমুকী, অধীনৰ বিনীত নিবেদন এই যে, মই আৰু ঘিটিলাই তোমাক প্ৰথম দেখাৰপৰা ভালপাই আহিছোঁ, গতিকে তুমিও আমাক ভাল পাই আমাৰ প্ৰেমত পৰিবা বুলি আশা কৰিলোঁ।
এয়ে তোমাৰ ওচৰত আমাৰ সৰল প্ৰাৰ্থনা।
ইতি
তোমাৰ একান্ত বাধ্য প্ৰেমিক
অমুকা,
ঘিটিলাই।
আৱেদন পত্ৰখনি লিখিলোঁ হয়, এতিয়া পত্ৰখন দিওঁ কেনেকৈ, তাইক দেখিলেই বুকুৰ মাজত ৰাজধানী এক্সপ্ৰেছ চলিবলৈ ধৰে, তেনেক্ষেত্ৰত চিঠি দিয়া দূৰৰে কথা। পিচে অসমীয়াত কয় নহয় “মন কৰিলেই চন”। আমি ঠিক কৰিলোঁ পানীখোৱা ছুটিত তাইৰ বেগত চিঠিখন মনে মনে ভৰাই থৈ আহিম। কথামতেই কাম, যথাসময়ত মনে মনে চিঠিখন তাইৰ বেগত ভৰাই দুয়ো শান্ত-শিষ্ট হৈ বহি আছোঁ। ইফালে মনত ফাগুনৰ বাউলি বতাহ।
এতিয়া তায়ো আমাক ভাল পাব, আমি তিনিও একেলগে খেলিম, টেঙা মৰ্টন ভগাই খাম ইত্যাদি অলেখ কল্পনা মনত। ভাৱত বিভোৰ হৈ কেতিয়া ঘৰ পালোঁগৈ খবৰেই নাই!
পিছদিনা ফূৰ্তিতে আনদিনতকৈ সোনকালে স্কুল পালোঁগৈ, প্ৰাৰ্থনা শেষ কৰি শ্ৰেণীকোঠালৈ গ’লোঁ, তাইলৈ বাৰে বাৰে চাইছোঁ কিজানিবা আমাৰ প্ৰেমত পৰিছেই! নাই তাই দেখোন আমাৰ ফালে চকু দিয়াই নাই। এনেতে হাতত মস্ত বেত এডাল লৈ সোমাই আহিল হেড বাইদেউ, হাতত এখন কাগজ, কাগজখন দেখাৰ লগে লগে আমাৰ ভয়তে হাত ভৰি কঁপিবলৈ ধৰিলে, সেইখন আছিল কালি আমি তাইক দিয়া প্ৰেমৰ আৱেদনখন। আস! এনে বিশ্বাসঘাটকতা!
বেছি ভাবিবলৈ সময়ে নাপালোঁ, বাইদেৱে দুয়োটাকে মাতি এনে বৈদ্য পিটন দিলে ঔ, আজিও মনত পৰিলে গাৰ নোম শিয়ঁৰি উঠে। প্ৰেমৰ সেই অধ্যায় সিমানতে ইতি পৰিল, ইফালে ঘৰত খবৰটো পোৱাৰ পাছত পিতায়ে ফলাখৰিৰে যিটো পিটন দিলে এমাহলৈকে ভালকৈ খোজ কাঢ়িব পৰা নাছিলোঁ ঔ!
এয়াই আছিল মোৰ প্ৰেমৰ বিফল অধ্যায়, কিনো ক’ম আৰু সেইদিন ধৰি বৰলাই মোৰ পৰিচয়, এতিয়া তাইৰ প্ৰতি প্ৰেম ছেম নাই যদিও তাইক দেখিলেই হেড বাইদেউৰ চেকনিৰ কোবকেইটালৈ মনত পৰে।
☆ ★ ☆ ★ ☆
11:52 am
দেহি, বৰ দুখ পালোঁ প্ৰথম প্ৰেমে এনে লটিঘটি কৰোৱা বুলি জানি। অমুকা আৰু ঘিটিলাইৰ প্ৰতি সমবেদনা জনালোঁ আৰু চকুপানী টুকি টুকি।
9:12 pm
তেতিয়াৰ পৰাই মই ছিংগল ঔ, বৰ বেদনাদায়ক অতীত
1:18 pm
একচামুচ চকুপানীৰে সমবেদনা… অমুকা লৈ
9:14 pm
বা দুখতে বহিছোঁ তাকে এতিয়া গাখীৰ চাহ এক জাৰ আৰু চিঙৰা দহটা লৈ, কিবা খাবই মন যোৱা নাই
4:33 pm
প্ৰথম প্ৰেমপত্ৰৰ ‘নমুনা’ দেখি নাহাঁহি নোৱাৰিলোঁ। বঢ়িয়া লাগিল
9:15 pm
আমি আগৰেপৰাই অমায়িক আকৌ , সেয়ে প্ৰেম নিবেদন নকৰি আৱেদন কৰিছিলোঁ
4:50 pm
হাঃ হাঃ। প্ৰেমৰ আবেদন
9:16 pm
বা মই ভাল ল’ৰা যে , সেয়ে আৱেদন কৰিছিলোঁ
6:54 pm
প্ৰেম এনেকুৱাই, চোলা খুলি পিঠিত কোবাই।
9:17 pm
একদম লাখটকীয়া কমেণ্ট দেই এইটো
6:06 pm
এপোৱা সমবেদনাৰ বাদে কিনো দিব পাৰো? মজা লিখিলা৷
11:36 pm
হেমন্ত কাকতি দা , যি দিয়ে দিয়ক আৰু , এনেও ফুটা কপাল ঔ
11:20 pm
আয়ু বৰ দুখ পালো৷ প্ৰেমৰ আবেদন কিন্তুু ফাটাফাটি হৈছিল৷
11:36 pm
পিছে আৱেদনৰ মূল নুবুজা মানুহক নিদিয়াই ভাল বুইছে
11:55 pm
সমবেদনা জনালোঁ৷ লেখাটো পিছে ৰসাল৷