ফটাঢোল

কৌতুক-পদ্মলোচন ভৰদ্বাজ

ভোলা শইকীয়া বৰবৰুৱা থানাৰ অ’ চি। সাতবছৰীয়া পুতেক বিকিক শিকাইছে বোলে, “তোমাক মানুহে নামটো সুধিলে বিকি শইকীয়া বুলিতো ক’বাই লগতে তুমি যে অ’ চি ভোলা শইকীয়াৰ ল’ৰা সেইটোও ক’বা৷”

বিকিৰ মাকে কথাটো বৰ ভাল নাপালে, কিবা অহংকাৰ কৰিবলৈ শিকোৱা নিচিনা পালে। তেওঁ ল’ৰাক সেইটো ক’বলৈ মানা কৰি দিলে।

এদিন ভোলা শইকীয়াৰ কোৱাৰ্টাৰলৈ গুৱাহাটীৰপৰা তেওঁৰ পুৰণি বন্ধুকেইজনমান আহিল। তেওঁলোকৰে এজনে মৰম লগা বিকিক দেখি সুধিলে, “তুমি অ’চি ভোলা শইকীয়াৰ ল’ৰা নহয় জানো?” বিকিয়ে তপৰাই উত্তৰ দিলে, “দেউতাই কৈছে কিন্তু মায়ে নহয় বুলি কৈছে।”

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *