ফটাঢোল

সময়- জয়শ্ৰী শৰ্মা

এটা সময় আছিল, আমাৰ চিনাকি মানুহৰ তালিকাখনত আছিল কেৱল আত্মীয় মানুহখিনি, ওচৰ-চুবুৰীয়া তথা বিদ্যালয়ৰ সমনীয়া বন্ধু বান্ধৱীবোৰ আৰু কোনোবা অনুষ্ঠান, প্ৰতিষ্ঠানত লগ পোৱা কোনোজন। এতিয়া সময় সলনি হ’ল। ইণ্টাৰনেটৰ লগত সংযোজিত সামাজিক মাধ্যমসমূহ যেনে ফেচবুক, টুইটাৰ, হোৱাটচ এপ, ইনষ্টাগ্ৰাম ইত্যাদিৰ জৰিয়তে আমাৰ চিনাকিৰ জগতখনো বিশাল হৈ পৰিল। এতিয়া আমি কোনোজনকে বহুত দিন লগ নোপোৱাৰ অনুভৱ কৰিবলগীয়া নহয়।

আমাৰ শৈশৱত আমি ইণ্টাৰনেটেৰে চিনাকি নাছিলোঁ। হঠাৎ কাৰোবাক লগ পালে হোৱা অনুভূতিবোৰ বৰ উচ্ছল আছিল। সেই যে বাৰীৰ সীমনাত সখীয়তী চৰাইজনীয়ে ঘৰলৈ কোনোবা আলহী অহাৰ ইংগিত দিলে মনটো নাচি উঠিছিল আনন্দত। ঘৰলৈ কোনোবা আলহী আহিলে কি যে ফূৰ্ত্তি, কাপোৰ কানি অথবা জোতা আদি লুকুৱাই থৈ এসপ্তাহলৈ আলহী ৰখাৰ ৰেকৰ্ডো নোহোৱা নহয়।

পিছে, সময়বোৰ সলনি হ’ল! আৰু মনবোৰ? বাৰু যি কি নহওক, নমুনা দুটামান ৰাইজে পঢ়ক:

২০০০ চনৰ কথা, মই তেতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থী। বৰদেউতাৰ ল’ৰা মানে দাদাৰ বিয়া। মনত অলেখ আনন্দ, প্ৰথমবাৰৰ বাবে সম্পৰ্কীয় সকলো সমবয়সীয়া ল’ৰা ছোৱালী বাছত উঠি দৰাৰ লগত যাম। কি কৰিম, কি নকৰিম, মুঠৰ ওপৰত কল্পনাৰ অন্ত নাই। এদিন ভণ্টিয়ে মনে মনে ফ’ৰচেপ (টুইজাৰ বুলি কৈছিলোঁ তেতিয়া) এডাল আনি মোক ক’লে, “তোৰ ডাঠ চেলাউৰিসোপা মই ধুনীয়া কৰি দিম দে।” কথা মতেই কাম। এডাল এডালকৈ চেলাউৰিৰ নোমবোৰ উঘালি (বিষত চকুপানী, নাকৰ পানীৰে একাকাৰ হ’লেও) দীঘলীয়া আকৃতি দিওঁতেই দেউতাৰ প্ৰৱেশ।

– এয়া কি?

– তাইৰ চেলাউৰিবোৰ বিয়াৰ কাৰণে মই ধুনীয়া কৰি দিছোঁ।

সেপ ঢুকি কোনোমতে ভণ্টিয়ে কথাটো ক’লে।

লগে লগে টুইজাৰ মাজতে জৰাসন্ধ ফালন দি গালিৰ বৰ্ষণ, “এনেকৈ তহঁতে দেশ উদ্ধাৰ কৰিবি! ভগৱানৰ কি বিচাৰ বিবেচনা নাই যে অদৰকাৰী বস্তু এসোপা মানুহৰ গাত গুজি দিব। এইবোৰ পখৰা ধুনপেচ নকৰাকৈ বাপেৰৰ চৈধ্য পুৰুষ গ’ল…”

আৰু এনেকৈয়ে এডাল সৰু আৰু এডাল ডাঙৰ চেলাউৰিৰে মোৰ দৰাৰ লগত যোৱা উছাহত চেঁচাপানী পৰিল।

দুবছৰৰ আগতে ভণ্টিৰ বিয়াৰ সময়ত নাতিয়েকে গুলি সূতা এডাল লৈ আইতাকক ‘চাওঁ আইতা, মই তোমাৰ বয়স দহবছৰ কমাই দিওঁ’ বুলি ককাকৰ মুখৰ আগতে চেলাউৰিযোৰ থ্ৰেডিং কৰি পেলাওঁতে, ককাকে যেতিয়া হাঁহি হাঁহি ক’লে, “কৰ কৰ, আইতাৰক একেবাৰে গাভৰু কৰি দে।” মই মাত্ৰ বেঙাৰ দৰে হাঁহি থাকিলোঁ।

এতিয়া ইপিনে ল’ৰা ছোৱালীৰ উৎপাত! স্কুল বন্ধ, মানে কৰ’নাৰ ভৰপক। অনলাইন ক্লাছৰ নামত যেনেতেনে এঘণ্টামান বহি চিধা চিধি পেট পেলাই বিচনাত পৰি মোবাইল পিটিকিব। লগতে চিঞৰ, ‘মোৰ এতিয়া ৰুটী খাবলৈ মন নাই, মেগী বনাই দিয়া। পাচলি নিমিলাবা কিন্তু!’ এফালে আকৌ এজনীয়ে চকী চোঁচৰাই নি ড্ৰয়াৰ খুলি মিল্ক পাউদাৰ এসোপা মুখত ভৰাব, বাকীখিনি তলত পেলাব। উফ্! দেউতাহঁতে পাব লাগিছিল ইহঁতক। কেনেকৈ যে কণ্ট্ৰ’ল কৰিলেহেঁতেন! আমি আখৰে আখৰে আজ্ঞা পালন কৰোঁতেও কিমান ৰকমৰ যে গালি, বোলে ‘তহঁতৰ অতপালি দিনক দিনে বাঢ়িছে। পিঠি ফালি সেৰা সেৰ কৰিম ৰহ!’ মুখৰ ভিতৰতে বকি থাকোঁতেই যাব। তেনেতে ঘৰৰ ফোন – “কি কৰি আছ? ল’ৰা ছোৱালীয়ে কি কৰিছে? জোঁৱাই ক’ত?” মই বোলো বৰ অতপালি অ’ ইহঁতৰ। উৎপাত দিনক দিনে চৰিছে। ক’বলৈহে পালোঁ হেৰ’, বোলে ‘নিজৰ ল’ৰা ছোৱালীক হ’বলা তেনেকৈ কয়! কি অতপালি হাঁ! কি শিকিলি মানে তই? ভিতৰখনতে কি কৰিব সিহঁতে? অকণমান মুকলিকৈ ৰাখিলেহে!’ ময়ো বোলো কথাটো হয়। উৎপাত কৰিলেও নিজৰ ল’ৰা ছোৱালীক অতপালি কৰা বুলি নকয়! বাৰু অলপ মুকলিকৈয়ে থাকিব সিহঁত, ককাকৰ ঘৰলৈকে যাওঁ দুদিনমানলৈ।

ল’ৰাই পেনপেনালে, ককাকৰ ঘৰত ভালকৈ নেটৱৰ্ক নাপায়। মই বোলো নেপালেও নাই, দিনটো মুকলি পথাৰখনত খেলিবি। বৰশী বাই মাছ ধৰিবি। মই বৰ ধুনীয়াকৈ নৰাৰ পেঁপা বনাব জানোঁ নহয়, দুইটাকে শিকাই দিম। ল’ৰাই হাঁহিত ৰ’ব নোৱাৰা হ’ল, “মা, তুমি মানে মস্ত ফানি। নৰাৰ পেঁপা বজোৱাটো শিকিবলগীয়া কথা নেকি!”

যোৱাবাৰ বন্ধত যাওঁতেই হেনো ককাকে নৰাৰ পেঁপাও দিছে, একেলগে বজাইছেও। সঁচাকৈয়ে সময়ৰ, সমন্ধবোৰৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ মনবোৰো যে কিমান সলনি হৈছে!

☆ ★ ☆ ★ ☆

7 Comments

  • Anonymous

    সুন্দৰ

    Reply
  • কাবেৰী মহন্ত

    ভাল লাগিল জয়শ্ৰী৷

    Reply
    • Jayashree Sharma

      ধন্যবাদ বা

      Reply
    • দীক্ষিতা

      খুবেই ভাল লাগিল। কিন্তু অতীত কিছু বৰ্তমান আৰু ধামখুমীয়াত আমিবোৰ।

      Reply
  • নয়নমণি হালৈ

    ভাল লাগিল।

    Reply
  • Anonymous

    মোৰ শৈশৱ আৰু মোৰ পোনা দুটাৰ শৈশৱৰ মাজত এখন বৰ ওখ দেৱাল !

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *