নিৰ্বাচন আহিছে, নিৰ্বাচন-ঋতুপৰ্ণ শৰ্মা
এনেকুৱা লাগিছে আজি নিশাটো যেন মোৰ টোপনি নাহিব আৰু! যিমানে নিৰ্বাচন ওচৰ চাপি আহিছে, সিমানে মোৰ বুকুৰ ঢপ্ঢপনিও দেখোন বাঢ়ি আহিব ধৰিছে। এইবাৰ দিল্লীলৈ গ’লে ভালকৈ এবাৰ ডাক্তৰক দেখুৱাই ল’ব লাগিব। নাই, এতিয়া দিল্লীলৈ যাব নোৱাৰি। তাত আকৌ কৰ’ণা সংক্ৰমণ আৰম্ভ হৈছে। চেন্নাইতে গৈ এবাৰ দেখুৱাই আহিব লাগিব। অলপ টকা খৰচ হ’ব অৱশ্যে। পিচে টকালৈ চাই থাকিলে নহ’ব। দেহা থাকিলেহে বেহা। ৰাইজৰ কাম কৰিছোঁ যেতিয়া ৰাইজৰ পইচা খৰচ কৰিমেই। কাৰণ এই টকাবোৰনো ক’ত মোৰ নিজৰ টকা! ৰাইজৰহে টকা। নাই, কি যে কথাবোৰ চিন্তা কৰি থাকোঁ নহয়! একো হোৱা নাই মোৰ। আজি সনাতন হাজৰিকালৈ ফোন কৰিছিলোঁ। দুবাৰেই ফোন নধৰিলে তেওঁ। সেয়েহে চিন্তা হৈছে অলপ। সেই কাৰণেই চাগৈ বুকুখন ঢপ্ঢপাইছে। নাই, নাই তথাপিও এবাৰ পৰীক্ষা কৰাই লোৱাটো ভাল হ’ব। কথাবোৰ ভাবি মই একো পাৰাপাৰ নোপোৱা হ’লোঁ।
বিধায়ক হোৱাৰ আগৰেপৰাই সমষ্টিত মই যথেষ্ট জনপ্ৰিয় আছিলোঁ। গতিকে দলৰপৰা টিকট পোৱাত মোৰ কোনো অসুবিধা নহ’ল। সমষ্টিৰ প্ৰায়বোৰ অঞ্চলতেই মোৰ বহু বিশ্বাসীলোক আছিল, যিকেইজন সেইবোৰ অঞ্চলৰ গণ্যমান্য লোক হোৱাৰ লগতে যথেষ্ট সৎ প্ৰকৃতিৰ লোক আছিল। তেওঁলোকৰ সহায়তে মই নিৰ্বাচনী বৈতৰণী পাৰ হৈ বিধায়ক হিচাপে প্ৰতিষ্ঠিত হৈছিলোঁ। পিচে বিধায়ক হোৱাৰ পিছত লাহে লাহে মই তেওঁলোকৰপৰা আঁতৰি আহিবলৈ ধৰিলোঁ। চাওকচোন, মই তেওঁলোকক কওঁ আপোনালোকৰ কিবা ব্যক্তিগত কাম আছে যদি কওক, মই কৰি দিওঁ। নাই, তেওঁলোক সদায় আহে কিছুমান ৰাজহুৱা কাম লৈ। যিবোৰ তেওঁলোকৰ কথামতে কৰিলে মোৰ ‘কমিচন’ একেবাৰে কম হয়। জানেই নহয়, আজিকালি ‘কমিচন’ৰ ওপৰতেইতো সকলো!
লাহে লাহে মোক বেৰি ধৰিলে দালাল প্ৰকৃতিৰ কিছুমান লোকে। মই যেন শামুকৰ খোলা এটাত বন্দী হৈ পৰিলোঁ। মোক বিচৰা সেই সৎ মানুহবোৰে সেই খোলাত সোমাই মোক লগ ধৰিব নোৱাৰা হ’ল। ময়ো পাহৰি পেলালোঁ সেই মানুহবোৰৰ মোৰ প্ৰতি থকা অকৃত্ৰিম মৰমক। তাৰ সলনি মই সেই দালালকেইটাক লগত লৈ বহু সা-সম্পত্তি কৰিলোঁ যোৱা পাঁচটা বছৰত। এতিয়া মই লাহে লাহে বুজিছোঁ এই দালালবোৰে মোক আকৌ বিধায়ক হোৱাত একো সহায় কৰিব নোৱাৰে। সেয়েহে মই পুনৰ সেই সনাতন হাজৰিকাহঁতৰ ওচৰ চপাৰ চেষ্টা কৰিছোঁ।
পিচে এই সনাতন হাজৰিকাই আজি মোৰ ফোন নধৰিলে। কিয়? এতিয়াহে মোৰ মনত পৰিছে, এই সনাতন হাজৰিকাই যোৱা নিৰ্বাচনত মোৰ বাবে দেহে-কেহে খাটিছিল। হাজৰিকাক সকলোৱে ভালপায়। সেয়েহে মোৰো সুবিধা হৈছিল তেওঁক লৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ। মই বিধায়ক হোৱাৰ পিছত এই সনাতন হাজৰিকাই মোৰ বিধায়ক আৱাসলৈ কেইবাবাৰো আহিছিল মোক লগ ধৰিবলৈ। কিবা-কিবি অজুহাত দেখুৱাই মই মাত্ৰ এবাৰহে তেওঁক লগ দিছিলোঁ। কাৰণ মই জানো তেওঁৰ অঞ্চলৰ পথটো পকী হ’বলৈ দিলে তেওঁ তাত কোনো দুৰ্নীতি হ’বলৈ নিদিয়ে আৰু হ’লেও তাৰ দুৰ্ঘোৰ প্ৰতিবাদ কৰিব। ফলত মোৰ স্বাৰ্থ সিদ্ধি নহ’ব। সেয়েহে মই সেই পথটো পকী হ’বলৈ নিদিলোঁ। সেই কথাটোৰ বাবেই হয়তো তেওঁ এইবাৰ নিৰ্বাচনত মোক সংগ নিদিব। তেওঁৰ দৰে মানুহে সংগ নিদিলে মোৰ পৰাজয় নিশ্চিত।
এইবোৰ কথাই আজি মোৰ নিদ্ৰা হৰণ হোৱাৰ মূল কাৰণ। এইবোৰ ভাবি থাকোঁতেই পুৱতি নিশা মোৰ চিলমিলকৈ টোপনি আহিছিল। হঠাতে যথেষ্ট শব্দ কৰি মোৰ মোবাইল ফোনটো বাজি উঠাত খপ্জপকৈ উঠি বহিলোঁ। ঘড়ীটোলৈ চালোঁ। পুৱা আঠ বাজিছে। খৰধৰকৈ ফোনটো ধৰিলোঁ। আচৰিত! মোবাইল ফোনৰ সিটো মূৰত স্বয়ং সনাতন হাজৰিকা।
“ছাৰ, যোৱা ৰাতি ফোন কৰিছিলে আপুনি! ফোনটো চাইলেণ্ট হৈ থকাৰ বাবে মই গম নাপালোঁ। আপোনাৰ কামতেই ব্যস্ত আছিলোঁ। অহা দেওবাৰে হাইস্কুলৰ খেলপথাৰতে মিটিং দিছোঁ। চিন্তা নকৰিব। যথেষ্ট মানুহ হ’ব। আপোনাৰ জয় এইবাৰো নিশ্চিত।”
সনাতন হাজৰিকাৰ সৈতে কথা পতাৰ পিছত যথেষ্ট সকাহ পালোঁ। সঁচাকৈ কিছুমান মানুহ ভবাতকৈয়ো বহু সৰল। বিধায়ক হোৱাৰ পথটো পুনৰ মুকলি হোৱা যেন পাই মোৰ মুখত ফুটি উঠিল এক কুটিল হাঁহি।
☆ ★ ☆ ★ ☆
11:12 am
বঢ়িয়া
2:22 pm
ধন্যবাদ জনালোঁ দাদা।
10:07 pm
ভাল লাগিল দেই৷
11:11 am
ধন্যবাদ দাদা।