ইভিনিং ৱাক-নীতাশ্রী নেওগ
চুক ভেকুলী চিনি পাই নহয়? সেই যে দুৱাৰৰ চুকত থমথমকৈ বহি থাকে। কিছুদিন আগলৈকে মােৰ চুক ভেকুলীৰ লগতে তুলনা হৈছিল। একেবাৰে খাজে খাজে পৰাকৈ ঘৰৰপৰা স্কুল, পিচলৈ কলেজ, তাৰ বাহিৰে ওচৰ পাজৰৰ ৰাস্তাও আছিল মােৰ বাবে অচিনাকী। মােৰ ঘৰ মূল চহৰৰপৰা সােমাই অহা এটা ৰাস্তাৰে দুই কিলােমিটাৰ ভিতৰুৱা এখন গাঁৱত। সেই পথেৰেই মােৰ দৈনন্দিন অহা যােৱা। তাৰ বাহিৰেও আন এটা ৰাস্তাৰেও যে মূল পথৰপৰা ঘৰলৈ আহিব পাৰি শুনি থাকোঁ। গৈ পােৱা নাছিলোঁ তেতিয়ালৈকে।
এবাৰ মােৰ সমবয়সীয়া মামাৰ ছােৱালীজনী ছেমিষ্টাৰ ব্ৰেকত আমাৰ ঘৰতে আছিলহি। দুইজনী তেতিয়া ডিগ্রী চেকেণ্ড ছেমিষ্টাৰত। আবেলি ফুৰিবলৈ দুইজনী ওলাই যাওঁ৷ লগতে ঢােলৰ লগৰ টেমেকা হৈ মােৰ ভণ্টি। এদিন তেনেকৈ পাঁচমান বজাত তিনিওজনী ওলালোঁ৷ ঘৰত পিন্ধা সাজেই মুখ হাত ধুই, পাউদাৰ হিমানী সানি লৈছােঁ যেনিবা। ঘৰৰপৰা ওলাই বাঁওফালে চহৰলৈ যােৱা ৰাস্তাটো, সোঁফালে আনটো ৰাস্তা। ঠিক হ’ল আজি সেইটো ৰাস্তাৰেই যাম আৰু অলপ দূৰলৈকে যাম। হাততে পইচা দুটামানাে ল’লাে বাটত কিবা খাম বুলি। ঘৰতাে ক’লাে, আজি নতুন ৰাস্তাটোৰে দূৰলৈকে যাম অলপ। মায়েও বেছি দেৰি নকৰিবলৈ সকীয়াই দিলে কাৰণ সেইদিনা দেউতাও ঘৰত নাই। আমিও হ’ব বুলি কৈ ওলাই গ’লাে। নতুন ৰাস্তাটোৰে অলপ দূৰ যােৱাৰ পাছতে সকলাে নতুন নতুন লাগিবলৈ ধৰিলে। ঘৰ-দুৱাৰ, গছ গছনি, পথাৰ। মােৰ মনত পৰিলে; সৰুতে দুবাৰমান এইফালে আহিছোঁ।
সিহঁতক ক’লাে, “অলপ দূৰ গৈয়ে দলং এখন আছে, তাৰপৰাই ঘূৰিম ব’ল”।
আধাঘণ্টামান খােজকাঢ়ি গৈ দলংখন পালোঁ। মই যে আগতে সেইফালে যােৱাতাে হয় নিশ্চিত হ’লোঁ।
ভণ্টিয়েও ক’লে, “তই সঁচাকে আহিছ! ক’লৈ আহিছিলিনো?” তাই এইটো ৰাস্তাৰে ইমান দূৰলৈকে আহি পােৱা নাছিল।
মই মনত পেলাবলৈ চেষ্টা কৰিলোঁ। ক’লৈ বা আহিছিলোঁ।
“অ’ই আৰু অলপমান যাওঁচোন ব’ল। এইখিনিতে অলপ আগলৈ স্কুল এখন আছে হ’বলা। এল পি স্কুলত থাকোঁতে তালৈ অহা যেন মনত পৰিছে।” – মই ক’লোঁ। সিহঁতাে মান্তি হ’ল। মােৰ অলপ মনলৈ আহিল। সেই স্কুলখনতে তৃতীয় শ্রেণীত থাকোঁতে কিবা এটা প্রতিযােগিতাত ভাগ ল’বলৈ আহিছিলোঁ। কিন্তু স্কুলখনলৈ কিমান দূৰ আছে সেইটোহে ধৰিব নােৱাৰিলোঁ। বহুখিনি বাট যােৱাৰ পাছতাে স্কুলখন নােপােৱা দেখি দুইজনীয়ে ভৰি বিষাইছে বুলি থেনথেনাবলৈ ধৰিলে। মােৰাে অৱশ্যে ভৰি বিষাইছিল। প্রায় তিনি কিলােমিটাৰ খােজকঢ়া হ’ল। উভতি যাবলৈ আছেই। পিয়াহাে লাগিছে। অলপ দূৰতে দোকান এখন আছিল। সিহঁতক ক’লাে, “তাত মেংগ ফ্ৰুটি কিনি খুৱাম ব’ল। তাৰপৰাই উভতি যাম”। দোকানত গৈ ফ্ৰুটি আৰু চিপচ কিনিলোঁ। ফ্ৰুটি ফ্ৰীজত থােৱা বাবে দোকানীক দহ টকা লাগে। মই পাঁচ টকা দিওঁ। মামাৰ ছােৱালীজনীয়ে তিনি টকাহে দিয়ে। তাই খঙত বকিবলৈ ধৰিলে। তাইৰ বকনি শুনি দোকানীয়ে এটকাও বেছিকৈ নােলােৱাকৈ হাঁহি হাঁহি ধেমালি কৰিছিলোঁ বুলি ক’লে।
খাই বৈ এইবাৰ জোৰ আহিলে। “আৰু অলপ গৈ চাই আহোঁ ব’ল” – ভণ্টিয়ে ক’লে। উভতি যাবলৈও যে শক্তি লাগিব পাহৰিয়ে গৈছিলোঁ।
দুইজনীয়ে যাবলৈ মান্তি হােৱাত মই ভালেই পালোঁ। আইডিয়া এটাও মনলৈ আহিল। যিহেতু উভতি যাবলৈ দূৰ হ’ব গতিকে স্কুল পাৰ হৈয়াে আমি অলপ দূৰ যাম। অলপ দূৰ গ’লেই ঘাই পথ পামগৈ৷ তাৰপৰা টাউনলৈকে মেজিকত উঠি গুছি যাম। তাৰপিছত ঘৰলৈ যাবলৈ টেম্পু পামেই। হাতত আছে পঞ্চাছ টকা। হৈ যাব।
সিহঁতেও ভাল পালে। উভতি যাওঁতে খােজ কাঢ়িলেও হ’ব। এজনীয়ে কাপােৰ যে ভাল পিন্ধি নাই অহা সেইটো ক’লে। একো নাই, আন্ধাৰেই হ’বইচোন অলপ পাছত।
খােজ কাঢ়িবলৈ আৰম্ভ কৰিলোঁ। মাজৰখিনি বর্ণনা নকৰোঁ। পিছতাে বহুত আছে। স্কুল পাৰ হৈ ঘাই আলি পাওঁ পাওঁ যেন লাগে, গাড়ীৰ মাত শুনা যেন লাগে, কিন্তু নাপাওঁহে নাপাওঁ। ইতিমধ্যে ইমান দূৰ গুছি আহিছিলাে যে খােজকাঢ়ি উভতি যােৱাটোও সম্ভৱ নাছিল। হাতত ফোন এটা আছিল যিটোত ৰিচার্জ নাছিল। মায়ে তেতিয়ালৈকে ফোন কৰা নাছিল। ঘৰৰপৰা নিবলৈ আহিবলৈও দেউতা নাই ঘৰত।
যেতিয়া ঘাইপথটোত উঠিছিলােগৈ সাত বাজিছিল। গৰম দিন আছিল বাবে ইমান ৰাতি হােৱা নাছিল অৱশ্যে। তেনেকুৱাতে মায়ে ফোন কৰিলে। কাহিনী শুনাবলৈ পালোঁহে গালিৰ বৰষুণ হ’বলৈ ধৰিলে। আধা ঘণ্টাৰ ভিতৰত ঘৰ আহি নাপালে দেউতা আহি পাবহি আৰু তেতিয়া আমাক কি কৰিব সেইটো সোঁৱৰাবলৈ নাপাহৰিলে। মই ভণ্টিহঁতক বুজালোঁ। মেজিকত এইকণ যাওঁতে পাঁচ মিনিটেই নালাগে। তিনি কিলােমিটাৰ মাত্র। কলেজৰপৰা মই এইফালেই যাওঁচোন। আকৌ টেম্পুত উঠি ঘৰ পােৱালৈ দহ মিনিট। মেইন ৰাস্তা পালোঁ যেতিয়া চিন্তা নাই, পােন্ধৰ মিনিটত ঘৰ পাই যাম। দুইজনীৰ মােৰ কথালৈ কাণ নাই, চেন্দেলে কটা উখহা ভৰিলৈ চাই চাই উস্ আস্ কৰি আছে।
ঘৰ পাবলৈ লগা পােন্ধৰ মিনিট গাড়ীলৈ ৰৈ থাকোতেই গ’ল। গাড়ী নাহেহে নাহে। তেনেতে মামাৰ ছােৱালীজনীয়ে মূৰে কপালে হাত দি বহি দিলে।
“কি হ’ল?”
“ডাঙৰ কথা হ’ল নহয়। আজিতাে অসম বন্ধ। ”
“কি? হয়তাে!”
আকৌ সৰগ ভাগি পৰিল। কি হ’ব এতিয়া! খােজকাঢ়ি ঘৰলৈ যাবলৈ দুঘণ্টা লাগিব। ইফালে ৰাতি। আৰু আহোঁতে আমাৰ যি অৱস্থা ঘূৰি যাবলে হ’লে জীয়া মানুহ ঘৰ গৈ নাপাওঁগৈ।
এনেকৈ আলােচনা কৰি থাকোঁতেই মেজিক এখন সাউতকৈ পাৰ হৈ গ’ল। পিছফালৰপৰা চিঞৰিলোঁ। ক’ত শুনিব! আকৌ ভাগ্যক দুষিলোঁ।
তথাপি আশাৰ ৰেঙনি এটা দেখিলোঁ। গাড়ী পাম। দহ মিনিটমানৰ পিছত এখন টেম্পো পালোঁ। যিখনে ঘৰলৈ সােমােৱা ৰাস্তাটোৰপৰা দুশ মিটাৰ আগত আমাক নমাই দি ক’লে, আৰু নাযাওঁ। পইচাও লাগে পঞ্চাছ টকা বন্ধৰ দিন বুলি। আকৌ কাজিয়া। আমাৰ বকনি শুনি হাঁহিছেহে চবেই। বিশ টকা দিলোঁ টেম্পুত, লাগিবই ত্রিশ টকা।
আকৌ খােজ কাঢ়িবলৈ আৰম্ভ কৰিলোঁ। হ’ব দে, এইকণ গৈ পালে ঘৰেই পাম আৰু বুলি সিহঁতক সান্তনা দিলোঁ। মায়ে ফোন কৰিলে – “বাপেৰ আহিলে, পঠিয়াই দিমনে, আহিছ?”
“গৈছোঁ টেম্পুত উঠিবলৈ লৈছোঁ। পামগৈ আৰু। দেউতাক নক’বা।” – মই ক’লাে। দহ মিনিটত পামগৈয়ে এনেইনাে কেলেই গালিসােপা খাওঁ। সময় চালোঁ। আঠ বাজিলৈ পােন্ধৰ মিনিট।
অসম বন্ধৰ দিনা চহৰলৈ কোনােবা আহিব জানাে! টেম্পুষ্টেণ্ডত গৈ দেখিলোঁ এখনাে নাই। হাঁহিম নে কান্দিম ভাবি নাপালোঁ।
“ৰৈ থাকি লাভ নাই। খােজ কাঢ়িয়ে যাওঁগৈ ব’লা।” মামাৰ ছােৱালীজনীয়ে ক’লে।
“পাৰিম জানাে”? মই কন্দনামুৱা হ’লাে।
“উপায় নাই নহয়। পেহীয়ে আকৌ ফোন কৰিলে পেহাক আহিবলৈ কৈ দিবা। গালি দিলেও দিব আৰু এনেও গম পাবই।”
তাই চেন্দেল খুলি হাতত ল’লেই। আমিও খুলি ল’লাে। যিহে কাটিলে পিন্ধি লৈ এখােজো দিব নােৱাৰি৷
ৰাস্তাটো আহি থাকোঁতে মায়ে এবাৰাে ফোন নকৰিলে। (দেউতাৰপৰা আমাৰ কাণ্ড লুকুৱাবলৈ তেওঁ বা কি কৰি আছে ঘৰত) দুই কিলােমিটাৰ ৰাস্তা বিশ মিনিটত আহি পালোঁ৷ ক’ৰপৰা শক্তি আহিল নাজানোঁ। ভয়ত অৱস্থা বেয়া। দেউতাই চাগে গম পালেই। আমাক এতিয়া কি কৰে ঠিক নাই। মই বেছিকৈ পাম মজাটো।
হাতত সাৰে ভৰিত সাৰে ঘৰত সােমালোঁ। আঠ বাজি গৈছিল। দেউতাই টিভি চাই আছিল। মায়ে দেউতাই নুশুনাকৈ খুব গালি পাৰিলে। “দেউতাৰক কোৱা নাই। ক’লে পাবি মজা” বুলি ভয় খুৱালে। অৱস্থা দেখি বেয়াও লাগিল চাগৈ। দুখে ভাগৰে লেবেজান। গৰমত মজিয়াতে পৰি দিছোঁ। সেইদিনাৰ সমান লটি ঘটি আজিলৈকে হােৱা নাই। ইমান বেছি খােজো কঢ়া নাই। পিছত গম পালোঁ দেউতা আহি পাওঁতেই মায়ে ক’লে। টেম্পুত আহি আছােঁ বুলি ক’লত বিচাৰি নগ’ল৷ দেউতাই হেনাে আমাৰ অৱস্থা দেখিয়েই খং নকৰিলে। ইফালে চল পাম বুলি গম নােপােৱাৰ ভাও ধৰিও থাকিল।
☆ ★ ☆ ★ ☆
11:06 pm
ভাল লাগিল৷
12:11 am
ভাল লটিঘটিখন হ’ল৷
7:01 am
ভাল লাগিল।
3:18 pm
ইচ ৰাম, দেউতাকবোৰ জীয়েকৰ বাবে মৰমীয়ালে হয়৷ ভাল লাগিল নীতাশ্ৰী৷