ফটাঢোল

জীৱন লগৰী বিচাৰি-দীপ্তি শৰ্মা

আঘোনৰ পে আমাৰ ঝীয়া লিকিৰা গিলাকৰ বিয়াৰ পুৰা জোৰ উঠছি। কৰ’নাই ফাগুন, ব’হাগত হবা লাগা বিয়া গিলাক পিছুৱেই পিছুৱেই আঘোনক লেগি ঠেলি আনি আছেই।পিচে ইতা দিন গিলাকৰ অলপ ভাল মুখ দেখি লাহে লাহে বিয়াৰ জোৰতো বেছি হৈ আইছি। কোন্বা দিনাতো একে দিনাই পাঁচ-ছয়খানকে বিয়া পৰবো হানে লাগছি। আমাৰ জয়ন্ত দাও এইকেইদিন পুৰা ব্যস্ত। তেওঁ এই  দিনকেইটাৰ পুৰা চান্স লৈ আছেই।তাতে আকো দাদাৰ বয়স তোয়েও বহুত সুবিধা কৰি দিছি। হিতেশৰ লগহৈ  দুটায়ে কেইদিনমানৰ পে পুৰা ঘূৰি ফুৰি আছেই। লগতে চাহ, ভাত, তামোল সৱ বিনামূলীয়াকেও লাভ কৰি আছেই। কবাত যায় থাকোঁতে যদি চাহ খাওঁ খাওঁ লাগেই হোটেলত আৰু নুসুমৱেই। বাটত কোনবা বুৰা মানুহ পালি কাৰ ঘৰত বিয়া দিবা লাগা ঝীয়া আছেই বৰ ধুনীয়াকে আতি-গুৰি মাৰি সুধি লৈ সেইখান ঘৰত যায় হিতিপ কে প্ৰবেশ কৰেই।ডাঙাৰ লিকিৰা থাকা ঘৰক আকো ভুলতেও নাযায়। যায়ে কোন্বা সোন, মুন, জোনে পঠৱা বুলি কৈ ঝীয়া সুধভা যাৱা বুলি কৱেই। ঝীয়াৰ ঘৰেও বেছি আৰু প্ৰশ্ন নকৰেই। কাৰণ সবৰে কুৰমা গিলাকত সেই নামৰ মানুহ এটা হলিও থাকেয়ে। তাৰ পে আৰম্ভ হৈ যায় সোধ পোচ পৰ্ব। ঝীয়া ঘৰৰ আৰম্ভ হৈ যায় কি খুৱবো কি নুখুৱবো। কেনকে লিকিৰা কেইটাই বেয়া নাপৱাকে আপ্যায়ন কৰ্বা পাৰেই তাৰে চিন্তা। ইফালে জয়ন্তদাহাঁতৰো  নাটক আৰম্ভ হৈ যায়। বঢ়িয়াকে সেইখিনি সময় ষ্টেজত থাকা বুলি ভাবি নিখুঁট ভাৱে অভিনয় কৰি যায়। লাহে লাহে তামোল, চাহৰ পৰ্ব শেষ কৰি তাৰ পে ফৰিং চিতকা দেই। এনকে এক মাহ মান কৰি কৰি কালি সুমাল যায় ঘৰ এখানত। আকো আগৰ সেই একে অভিনয়। কালি পিচে ঝীয়াটো ঘৰত নাছিল। মাক দেউতাকে বৰ আচ-পোচ কৰি চাহ, তামোল খুৱলা।ইতা সেহেত উঠি নাহেইহে নাহেই।ঝীয়াৰ দেউতাকে লাহেকে ক’লা,

: বাপা আমাৰ ইতা ঝীয়াটো নাই নহয়।

: একো নহয়েই দে। মোৰ দেখোন আপোনালোকক কিবা অপ্পাৰ নিজৰ নিজৰ লাগছি। সেইকাৰণে অলপ বহো বুলি ভাবছোঁয়া।

: দে বহ বাপা বহ। আমি দুখীয়া মানুহ।কিবাকে মূৰটো গুজি আছোঁদে।তোকো মোৰ নিজৰ নিজৰ লাগছি।কমলা হান চলিয়ে বাপা তই।

: লাজে লাগেয়ে দাদা সেনকে কলি।কথা এটা ক’লোঁ হয় বেয়া পাবো নেকি?

: নাপওঁ নাপওঁ কৌচোন কি?

: মূৰ্গী কেইটা যি চোতালত দাউৰি আছেই কাৰনো?

: সেই কেইটা আমাৰে বাপা। ঝীয়াতো ই পুইহছি।

: দিমা পাৰেই নে?

: পাৰেই পাৰেই। খাই চাবি নেকি? বৰ সদ। মোৰ ঝীয়াটোই পোহা সৱ বস্তুৰে সদটো বেছি। যি পোহেই তাকে হৱেই।লক্ষ্মী ঝীয়া।

: খাবা পাৰি পিচে দিমাতকে মানে হেৰিতো হে খাই বেছি ভাল পাওঁ। দে হবো দে বাৰু আজি বাৰু দিমা কে খাই যাওঁ। বেলেগ একদিন আহি ভাতৰ লগত মাংসও খাই যাম।

: হবো বাপা হবো। কুৰ্মাখান হলি আৰুতো কথাই নাই!

মানুহটোয়ো ঘৈনাকক মাতি আনি  ডিমা ২টা উহৱা দিলা। লগতে ক’লা বোলে ডিমা কেইটা দেওঁতে লগত নিমখ অকন মান আৰু চামুচ এখানো দিবা। যি হ’লিও ঝীয়া সোধা মানুহ।ক’ত হাতেইদি খাবা দিবা পাৰি।এফালে জয়ন্তদা আৰু হিতেশৰ মনত পুৰা ফূৰ্তি। যি নহওক অভিনয় কৰি হ’লিও ঘৰৰ মূৰ্গীৰ দিমা খাবা পাবো।মনে মনে দুটাৰে গৌৰৱত বুকখান অলপ ফুলিও উঠিল। অলপ পিছত ঝীয়াৰ মাকে  বৰ ধুনীয়াকে দুখান প্লেটত দুটা উহৱা দিমা লৈ আহিল।লগত এখান এখান চামুচো। সেহেঁতক খাবা দি ঝীয়াৰ মাক বাপক বাহিৰক ওলেই গেল। জয়ন্তদাক আৰু কোনে পাৱেই। চখু একেবাৰে জোনকি পৰুৱাৰ নিচিনাকে ঝিলকি উঠিল।লগে লগে দিলা নহয় ডিমাটোৰ মাজতে চামুচখানেই দি হেঁচা মাৰি।তাৰপে ডাঙাৰকে চকু কেইটা মেলি চাই দেখেই ডিমা তো প্লেটত নাই। কি হ’লেই বুলি দাদাৰ পিলুই চমকি গেল।প্লেটত থাকা দিমা কেনকে, ক’ত গেল!  হে ভগবান ৰক্ষা কৰ বুলি ইফালে সিফালে চাবা ধল্লা। নাই পিচে ক’তো দেখা নাপালা। হিতেশে আকো পুৰা খাই লৈছি। জয়ন্তদাৰ আকুত বিকুত হোপা দেখি লাহেকে সুধিলা-

: অ জয়ন্ত দা কি হ’লেই?

: অ হিতেশ ক’ত গেল চাউচোন।

: কি???

: ডিমা

: কিনো কহে। ডিমা আকো ক’ত যাবো,খালি কিজানিয়া!

: নায়ে। খাবা খোজোঁতে নহৱা হ’ল।

: ভয় খুয়েই নামেৰবি দেই।

: সোঁচাকে কৈছোঁ ভাই এই গিলাক কিবা ভূতৰ কাৰবাৰ হানহে পাইছোঁ।

: তোৰ লগত আহাই ভুল।

: পিছত গালি পাৰবি। বিচাৰচোন।

: নৰো মই। মই যাওঁ তই থাক।

: হেই মৰা ৰহচোনেই। ক’বাত মাৰ খাই নমল্লিয়ে হৈছি। বিচাৰ বিচাৰ। সেহেঁতে বিচাৰেইহে বিচাৰেই ডিমাটো হ’লি ক’তো নাপালা। যি হয়েই হ’বো বুলি আইভা খোজোঁতে  বাহিৰত বৰ ডাঙাৰ কে কোনবা ঝীয়া এটাই আতাহ পাৰা শুনলা।

: অ মাই মায়েই। আহচোনেই।

: কি হ’লে মাই। কুৰমা আইছি লাহে লাহে মাত।

: অ মাই দাউৰি আহেই।

: কি হ’লেই? কিয়া দেদেই মৰাহেই। লাজ-মান খেদেই দিবিয়ে তই।

: অ মাই লাজ পিছতো লগেবি।অকালত অসৃষ্টি হৈছি আমাৰ ঘৰত।

: কিনো কহেই? ক’ত হাতী ঘোঁৰা ওলাল চাওঁ।

: অ’ মাই মায়ে  চাওঁচোনেই আমাৰ কলি মূৰ্গীয়ে দেখোন উহৱা দিমা বাকেলি গুচেই উমেন ধৰি আছেই।

☆ ★ ☆ ★ ☆

6 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *