ফটাঢোল

জীৱনৰ গোটাচেৰেক-পঞ্চী প্ৰিয়া দাস

ল’ৰালি কালৰপৰাই মানুহৰ জীৱনত কিমান যে লটিঘটি হয়! মোৰ শৈশৱত ঘটা দুটা ঘটনাৰ বিষয়ে লিখিছোঁ

লটিঘটি (১)

 

মাৰ মেখেলা-চাদৰ

আমাৰ মাৰ এযোৰ হালধীয়া মেখেলা-চাদৰ আছিল। যিযোৰ পিন্ধিলে মাক মই খুব ধুনীয়া দেখিছিলোঁ। মোৰো মাজে মাজে সেইযোৰ পিন্ধি ধুনীয়া হ’বলৈ মন গৈছিল। কিন্তু সুযোগ পোৱা নাছিলোঁ। পঞ্চম শ্ৰেণীৰ সৰস্বতী পূজাত মই সেইটো সুযোগ পালোঁ। মাক এসপ্তাহৰ আগৰপৰাই পেঘেনিয়াই আছিলোঁ সেই মেখেলা-চাদৰযোৰ পিন্ধাই দিবলৈ। মায়ে হ’ব বুলি কৈ থৈ দিলে কথাটো। কিন্তু মোৰ জিদ, পিন্ধিলে সেইযোৰেই পিন্ধিম। পিচে কাপোৰযোৰ অলপ পিচল মানে পলিষ্টাৰ সূতাৰ আছিল। তাতে মই সৰু ছোৱালী চম্ভালিব নোৱাৰিম বুলি মায়ে বৰকৈ পাত্তা দিয়া নাছিল কথাটোত। ইপিনে ময়ো আকোঁৰগোজ সেইযোৰ পিন্ধিবলৈ। শেষত সৰস্বতী পূজাৰ দিনটো আহিলে। ৰাতিপুৱাই গা-পা ধুই মই ৰেডি মেখেলা-চাদৰ পিন্ধিবলৈ। মায়ে সেইযোৰ ট্ৰাংকৰপৰা নুলিয়াইহে নুলিয়ায়। মই ৰৈ আছোঁ পিন্ধাব বুলি। এপাকত মই নিজেই মাক ক’লোঁ পিন্ধাই দিবলৈ। নেৰানেপেৰাকৈ ধৰাত মায়ে ভিতৰত লংপেণ্ট আৰু চাৰ্ট এটাৰ লগত মোক ওপৰতে মেখেলা-চাদৰযোৰ পিন্ধাই দিলে। আৰু দেউতাই ৰিক্সা এখনত থৈ আহিলগৈ স্কুলত। মই ৰিক্সাৰপৰা নমাৰ পিছত অলপ সময় খোজ কাঢ়িবলৈ অসুবিধা পালোঁ। তথাপি মনত খুব ফূৰ্তি পচন্দৰ কাপোৰযোৰ পিন্ধিবলৈ পাই। অলপ সময় চলাফুৰা কৰাৰ পিছত অনুভৱ কৰিলোঁ যেন মেখেলাখনে পকাখন মচি দিছে। মানে মেখেলা খোলখাই ওলমি আছে। মই এতিয়া লাজত থাকিবপৰা নাই। কি কৰোঁ বুজা নাই। সেইবাৰ আৰু মোৰ স্কুলত খিচিৰি খোৱা নহ’ল। কেনেকৈ সোনকালে ঘৰ পাওঁগৈ সেইটো চিন্তা৷ ভাগ্যে লগৰ ছোৱালীকেইজনীহে ওচৰত আছিল, ল’ৰাবোৰে অলপ আঁতৰত খেলি আছিলে। তাহাঁতে মোক বেৰি বেৰি নি লগৰ এজনীৰ ঘৰ ওচৰত আছিল বাবে তাইৰ ঘৰ পোৱালেগৈ। তালৈ নি মোৰ কাপোৰযোৰ সলাই দিলে। ময়ো মেখেলা-চাদৰ আৰু ডাঙৰ নোহোৱালৈকে কেতিয়াও নিপিন্ধো বুলি শপত খালোঁ আৰু সেই পিচল কাপোৰযোৰ খুলি শান্তিত উশাহ ল’লোঁ। লগতে তাইৰ মাকে মোৰ মাৰ কাপোৰযোৰ বেগ এটাত সুমুৱাই দি ঘৰলৈ পঠিয়াই দিলে। ময়ো তাৱত বেগটো লৈ ঘৰলৈ গুচি গ’লোঁ। ঘৰত গৈ মাহীহঁতক ঘটনাটো কওঁতে খুব হাঁহিলে।

লটিঘটি (২)

 

আমাৰ ঘৰত মই ডাঙৰ গতিকে যাবপৰা দূৰত্বত যদি কিবা পূজা হয়, বা কিবা প্ৰতিযোগিতা হয়, তেতিয়া ভণ্টিক লৈ মই তালৈ যাবই লাগিব। সৰুতে তেনেকৈ কিছুমান প্ৰতিযোগিতাত পুৰস্কাৰো পাই অহা মনত পৰে। তেনেকৈয়ে এবাৰ সৰস্বতী পূজাত স্কুলত খিচিৰি খাই ঘূৰি আহোঁতে সাংঘাতিক লটিঘটি হৈছিল৷

ঘটনাটো ২০০৬ চনৰ সৰস্বতী পূজাৰ। মই তেতিয়া ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী। ভণ্টি এল. পি. স্কুলত। সেইবাৰ মাহঁতে ক’লে, ভণ্টিক লৈ পূজাত স্কুললৈ গৈ পূজা কৰি খিচিৰি খাই আহিবলৈ। ময়ো ৰাতিপুৱাই গা-পা ধুই ভণ্টিক লৈ ওলাই গ’লোঁ দহমান বজাত স্কুললৈ বুলি। স্কুলত পূজা হোৱাৰ পিছত অঞ্জলি  লৈ অলপ লগৰ কেইজনীৰ লগত স্কুলতে খেলিলোঁ আৰু খিচিৰি খাই ঘৰলৈ আহিবলৈ ল’লোঁ। ভণ্টিয়ে ময়ে দুইজনীয়ে সেইদিনা চুৰিদাৰ পিন্ধি গৈছিলোঁ। আমাক তেতিয়া মায়ে কাঁটা-লাগা ষ্টাইলত চুৰিদাৰ চিলোৱাই দিছিল। লগতে দুইজনীয়ে ওখ (তেতিয়া হিল চেণ্ডেলক ওখ চেণ্ডেল বুলি কৈছিলোঁ) চেণ্ডেলো পিন্ধি গৈছিলোঁ।

ঘূৰি আহি থাকোঁতেই ঘটিল ঘটনাটো। আমাৰ এম.ই. স্কুলৰপৰা ওলাই আহিয়ে ৰে’লৱে কলনিৰ ফিল্ডখন পায়। ফিল্ডলৈ যাবলৈ মাজতে অকণমানি নলা এটা পাৰ হ’ব লাগে আৰু তাত মাত্ৰ দুটা খুঁটা পেলাই থোৱা আছিল যাতে সৰু গলীটোৰে মানুহ কোনোমতে অহা-যোৱা কৰিব পাৰে। মই নলাটো পাৰ হৈ আগলৈ আপোনমনে খোজকাঢ়ি গৈ আছোঁ। অলপদূৰ গৈ ভণ্টিক লগত নেদেখি ভাবিছোঁ ক’লৈ গ’ল। আকৌ পিছুৱাই নলাটোৰ ওচৰ পালোঁগৈ। দেখিছোঁ ভণ্টি তাতেই ৰৈ আছে। মই সুধিলোঁ,

: কি হ’ল ইয়াত কিয় ৰৈ আছ? পাৰ হ’বলৈ ভয় লাগিছে নেকি?

তাই মোলৈ চাই এবাৰ এবাৰ ভৰিলৈ চাই। মই তেতিয়া বুজিলোঁ তাই পাৰ হ’বলৈ লওঁতেই এটা ভৰি নলাটোত সোমাই গ’ল। আৰু নতুন চুৰিদাৰযোৰৰ পেণ্টটোত বোকা লাগিলে। তাই পেণ্ট লেতেৰা হোৱাৰ দুখতে তাতেই থিয় হৈ আছে। তাই আগলৈও নাযায় পিছলৈও নাযায়। মই কি কৰোঁ নকৰোঁ কৈ অলপ দেৰি থিয় হৈ থাকিলোঁ। কি কৰোঁ ভাবি থাকিলোঁ। অলপ দেৰিৰ পিছত আকৌ স্কুললৈ উভতি গ’লোঁ দুইজনী আৰু পিছফালেদি স্কুলত সোমাই টিউবেলত তাইৰ ভৰি ধুৱাই দিলোঁ। ভৰিটো ধুৱালোঁ যদিও বোকাৰ দাগ অলপ থাকি গ’ল। তেনেকৈয়ে তাইক যেনেতেনে ঘৰলৈ আনিলোঁ। পিছত পেণ্টটোৰ বোকাৰ ক’লা দাগটো ভালকৈ নগ’লেই স্কুলৰ টিউবেলৰ পানীত ধুৱাই দিয়াত আইৰণ লাগি গ’ল।

ভণ্টি তেতিয়াৰপৰাই অলপ গেঁঠেলী আছিলে, পটকৈ মুখ নেমেলে। কিবা কথাত পেঁচ পাতিলে কেৱল মুখখন ফুলাই থৈ দিছিলে। এতিয়া তাইৰ বাইশবছৰ বয়স৷ এতিয়াও তাইৰ সেইটো অভ্যাস থাকি গ’ল। কিবা চিন্তা হ’লে, বা দুখ লাগিলে এতিয়াও তাই মুখখন ফুলাই চুকত বহি থাকে।

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *