ফটাঢোল

ডিপ্ৰেশ্বন- নাজিয়া হাচান

: হেৰা! হতাশা বুলিলেনো কি বুজি পোৱা বাৰু?

পতিদেৱে গহীনাই পত্নীক সুধিলে।

: একো বুজি নাপাওঁ। কিনোহে?

পত্নীৰ খৰাংখাচ উত্তৰ।

: আচ্ছা। ডিপ্ৰেশ্বন মানেনো কি, জানানে?

পুৱাৰ বাতৰি কাকতখন সামৰি সামৰি পত্নীক পতিদেৱে আকৌ সুধিলে।

: অ…। সেইটোনো কোনে নাজানে? জানোতো!

এইবাৰ পত্নীয়ে বেঁকা হাঁহি এটা মাৰি টপৰাই ক’লে।

: বাৰু কোৱাচোন কি?

: ইস ৰাম! নকৈছোঁ‌নে, সেইটো এটা খুজি লোৱা বেমাৰ আকৌ! আজিকালি পেটুকণা পোৱালীবোৰেও জানে আকৌ সেই বেমাৰবিধক! অৰ্থটো হ’ল, হোৱাই নোহোৱাই চিন্তা। মানে..অদৰকাৰী দৰকাৰী সকলোতে অধিক চিন্তা।

পত্নীয়ে একে উশাহে ক’লে।

: আৰে, বুজিছা তাৰমানে! ভাল কথা। বৰ ভাল কথা।

পতিয়ে হাঁহি হাঁহি ক’লে।

: ই.ই.. কিনো যে কয় নহয় আপুনিও। কিয়নো বুজি নাপাম বাৰু মই। আজিকালি ইফালে সিফালে যিফালেই শুনোঁ‌ সবৰে খালি ডিপ্ৰেছনেই ডিপ্ৰেছন আকৌ! কেলেই, আপুনি শুনা নাই নেকি? ৰহমান চাহাবৰ ল’ৰাটো আৰু মাক, দুইটাই যে এইকেইদিনত ডিপ্ৰেছনতে আক্ৰান্ত হৈছে! জানে?

কথাটো পত্নীয়ে পতিৰ কাণৰ একেবাৰে কাষলৈ গৈ ফুচ-ফুচাই কোৱাদি ক’লে।

: অঃ! হয় নেকি, কিয়? কেনেকৈ? ছেঃ!

কথাটোত পতিয়ে বৰকৈ দুখ প্ৰকাশ কৰিলে।

: এহ, কি ক’ব এইবোৰ মানুহৰ কথা! পৰীক্ষাত তেওঁৰ পুতেকে এইবাৰ আশী শতাংশ নম্বৰ পাই উত্তীৰ্ণ হৈছিল নহয়! সি বেচেৰা তাৰ সেই নম্বৰত ইমান খুচ আছিল অ বুইছে! কিন্তু তাৰ লগৰ বহুকেইটাই পৰীক্ষাত এশ শতাংশই হেনো নম্বৰ পালে। লেঠাটো তাতে লাগিল নহয় মাকৰ! ৰাতি এপৰলৈ মাকে তাৰ নম্বৰটো লৈ যিহে জ্ঞান জাৰিলে ঔ কণমানিটোক। যেন সি নাৰ্ছাৰীৰ ষ্টুডেণ্ট নহয় মেট্ৰিকৰ হে ষ্টুডেণ্ট, বুইছেনে! হাই বিধি, মাকৰ যি পুতেকক দিয়া জ্ঞান ঔ! সেই জ্ঞানৰ পোহৰত গোঁসাই দেৱতাৰো ডিপ্ৰেছন আহি যাব বুইছে?

কেঁচা মটৰৰ গুটিবোৰ এৰুৱাই এৰুৱাই পত্নী দেৱীয়ে পতিক কাহিনীভাগ এইবাৰ হেঁপাহেৰে শুনাবলৈ লাগিল।

: তাৰমানে? কি হ’ল। কথাটো খুলি কোৱাচোন।

সাধাৰণতে হাজৰিকাই পত্নীৰ এনেবোৰ কথাত কেতিয়াও এইদৰে গুৰুত্ব লৈ নুশুনে। কিন্তু ৰহমান চাহাব হাজৰিকাৰ বৰ ভাল বন্ধু; সেয়েহে কথাভাগ জানিবলৈ তেওঁৰ আগ্ৰহ বাঢ়িল। তাতে ৰহমানক তেওঁ সিদিনা বজাৰত  লগ পাওঁতে অলপ চিন্তিত যেনো দেখা গৈছিল।

: এহ, কি ক’ব এইবোৰ মানুহৰ কথা। পুত্ৰৰ আশী শতাংশ নম্বৰটোৱে মাকগৰাকীৰ বুকুত অলপো সন্তুষ্ট দিব পৰা নাছিল বোলে, বুইছে! তাৰ লগৰমখাই যে এশ শতাংশ পালে; আৰু সি, আশী? লগৰ মহিলাসকলৰ কাষত মাকে বহুত লজ্জিত অনুভৱ কৰিলে হেনো, বুইছে! আৰু সেই কথাটোকে মাকে ল’ৰাটোক আধাডোখৰ ৰাতিলৈ বহি বহি সদৰি কৰিলে বুইছেনে? সেয়াই নহয়, এই কথাটোত সিও যে বৈদ্য লাজ পোৱাৰ যোগ্য, এইবুলিও পুত্ৰক জ্ঞান দিলে। বেচেৰাই সেই ৰাতি মাকৰ জ্ঞান আহৰণ কৰি, উত্তৰত সি মাকক  সান্তনাৰ লগতে হেনো বিশ্বাস যোগালে..

“ঔ মা, কথাটো মই বুজিছোঁ। অহাবাৰ তুমি আৰু মই অলপো লাজ নাপাওঁ দিয়া। একদম পাক্কা প্ৰমিজ। নেক্সত ক্লাছত  মই এশ শতাংশ নম্বৰ আনি দিমেই দিম চাই থাকা।”

নকৈছোঁ‌নে ল’ৰাটোক সেইকাৰণেইতো আজিকালি আমি বাহিৰত দেখিবলৈ নাপাওঁ। খেলা-ধূলা, হাঁহি মাত এইবোৰ সব কৰিবলৈ এৰিলে কণমানিটোৱে। বুইছেনে! কিবা যেন অধিক গভীৰ  চিন্তাত তাক মাথোঁ বিভোৰ হৈ থকাহে দেখা যায় অ! বেচেৰাই দিনে নিশাই মাকক দিয়া প্ৰমিজটো ৰাখিবলৈ মন গ’লেও, নগ’লেও পঢ়া টেবুলৰপৰা মানে নুঠাই হ’ল জানে! পিছে হ’লে কি হ’ব, নতুন উদ্যমেৰে পঢ়া-শুনা কৰি স্কুলৰ  প্ৰথম ক্লাছ টেষ্টটোত বেচেৰাই এইবাৰ এশ পোৱা দূৰৰে কথা, পঞ্চাশ শতাংশ নম্বৰো যেনে তেনেহে বোলে পালে যাওঁক! ফলত, ল’ৰাটোৰ লগতে সমস্ত ঘৰখনেই এতিয়া হতাশাৰ কৱলত আকৌ..! হায় বিধি! চাওকচোন কি অৱস্থা এই মানুহবোৰৰ। নম্বৰ বেছি আনোতেও চিন্তা, কম আনোতেও আৰুহে চিন্তা; কিনি খুজি লোৱা বেমাৰ বুলি নকৈ কি ক’ম, এই ডিপ্ৰেছনক; নহয়নে বাৰু?

: ছেঃ ছেঃ! কথাটো শুনি বৰ বেয়া লাগিল দিয়া! এহ,আমাৰ অফিচৰ বৰুৱাৰো ঠিক এনেকুৱাই এটা অৱস্থা ঘটিছে বুইছা! সেই বাবেই তোমাক মই হতাশা কি বুলি সুধিছিলোঁ বুজিছা!

পতিয়ে দুখেৰে ক’লে।

: অঃ! সেইজনাৰ আকৌ কি হল?

পত্নীয়ে কপালখন কোঁ‌চাই সুধিলে।

: এই মানে, তেওঁৰ পৰিবাৰে বোলে সিদিনা দহটামান হাঁচি একেলেথাৰিয়ে মাৰিলে! তেওঁৰ তাতে বৰকৈ চিন্তা বাঢ়িল। এতিয়া পত্নীয়ে সেই সময়খিনিত শুকান জলকীয়া ভাজি থকাৰ বাবেই সেই হাঁচিকেইটা আহিল, নে…। তাকেই লৈ তেওঁৰ টোপনি হৰিছে এইকেইদিন।

পতিয়ে বৰ গভীৰ ভাবেৰে ক’লে।

: অঃ! হয়নেকি? ছেঃ! কিন্তু ডাক্তৰক এবাৰ দেখাইনো নাহে কিয় তেওঁলোকে?

পত্নীয়ে আকৌ কপাল কোঁ‌চাই ক’লে।

: এহ কি ক’বা, ডাক্তৰৰ ঘৰত যাবলৈ মানুহগৰাকীয়ে বোলে বৰ ভয় কৰে। ক’ত বা নাকে মুখে কি যন্ত্ৰ সুমুৱাই নিৰীক্ষণ কৰিব ডাক্তৰে, সেইবোৰ ভাবিয়ে হেনো তেওঁৰ ভয়। আৰু এতিয়া নোযোৱাকৈ থাকিও হেনো বৰুৱাই শান্তি পোৱা নাই! ওচৰ চুবুৰীয়াই সেইদিনা ভাগ্যে বোলে হাঁচিকেইটা  নুশুনিলে, নহ’লে চাগে তেওঁলোকক এঘৰীয়াই কৰিয়ে ৰাখিলে হয় কিজানি! এইবোৰ সকলো চিন্তা মূৰত লৈ তেওঁলোকৰ মানে এইকেদিন হতাশাই হতাশা বুজিছা..!

কথাখিনি কৈ পতিয়ে দীঘলকৈ উশাহ এটা এৰিলে।

: তাকেই! খবৰ এটা ল’বলৈ গ’লোঁ‌ হয় মই এপাক। পিচে.. হাঁচিকেইটা শুকান জলকীয়া ভজা ধোঁৱাৰপৰা ওলাইছে বুলিওতো পাক্কা নহয় না…! হেৰী! আপুনি কিন্তু এইকেইদিন বৰুৱাৰ লগত বেছি কথা বতৰা পাতি হাত মিলোৱা মিলি কৰি নাথাকিব দেই। ছেঃ! কি কৰা যায়!

পত্নীয়ে বেচ্ কিছু চিন্তাত পৰাৰ দৰে কথাষাৰ পতিক একেবাৰে কাষত বহি লৈ ক’লে।

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *