দেখনিয়াৰ কইনা-মানসী বৰা
মলয়াৰ ফটোখন দেখিবৰেপৰা পৱিত্ৰৰ মনত প্ৰেমৰ বীজ অংকুৰিত হ’ল। তাইক নিজৰ কৰি ল’বলৈ তাৰ মনত উখল-মাখল। ফটোখন দেখাৰ দিনাই যেন অতদিনে বিয়া পাতিবলৈ সুপাত্ৰী বিচাৰি চলোৱা অনুসন্ধানৰ অন্ত পৰিছিল। জীৱনসংগী হিচাপে মলয়াক সি প্ৰায় ঠিকেই কৰি পেলালে। মলয়াহঁতৰ ঘৰখনৰপৰা বিবাহৰ প্ৰস্তাৱত সন্মতি আছে বাবেই তাক মাতি পঠোৱা হ’ল। সেইবাবেই আজি ফেৰীৰে ভাবীজোঁৱাই হিচাপে সি যাত্ৰা আৰম্ভ কৰিছে। আনফালে বাটে বাটে মলয়াৰ প্ৰশংসাত পঞ্চমুখ হৈ প্ৰতিমটোৱে কোৱা কথাবোৰে মলয়াজনীক লগ পাবলৈ তাক আৰু দুগুণে উৎসাহিত কৰি তুলিছে।
পৱিত্ৰৰ বিয়াখনলৈ ঘৰৰ সকলোৰে বৰ আশা। পিচে ছোৱালী চাইহে চায়, কোনোপধ্যে তাৰ লগত খাপ নাখায়। ছোৱালী বিচৰাৰ ক্ষেত্ৰত পৱিত্ৰৰ নিজাববীয়াকৈ থকা ক্ৰাইটেৰিয়াৰ প্ৰথম আৰু প্ৰধানটো হ’ল, ছোৱালীজনী হেনো দীপিকা, কেটৰিনাৰ দৰে একেবাৰে ৰূপহী নহ’লেও অন্ততঃ কিছু পৰিমাণে দেখনিয়াৰ লাগিবই। দ্বিতীয়তে, সি নিজে এম এ পাছ হোৱা হেতুকে ছোৱালীজনীও বিএ পাছ হোৱাটো বাঞ্চনীয়। তৃতীয়তে, ছোৱালীজনী গাঁৱৰ হ’ব লাগিব। নগৰীয়া ছোৱালীৰ লগত সি কেতিয়াও বিয়াত নবহে।
কইনাৰ ক্ষেত্ৰত থকা উল্লেখিত কণ্ডিচনকেইটা জানিয়েই এসময়ত শোণিতপুৰ বেচেৰীয়াৰপৰা সিহঁতৰ বংশলৈ বিয়াহৈ অহা খুৰীয়েক এগৰাকীয়ে নিজৰ সম্বন্ধীয় ভতিজী এগৰাকীক দেখুৱাইছিল। ফটো চাই পৱিত্ৰৰ পচন্দ হৈছিল যদিও পিছত চাবলৈ গৈ দেখিলে ছোৱালীজনী হেনো বহুত চাপৰ। তাৰ কঁকাল মানতে থাকে। সেই গতিকে সিমানতে কথাটো অন্ত পৰিল। তাতেই বেচেৰীয়াৰ খুৰীয়ে পেচ পাতিলে। দেখুৱাই একো নক’লেও ভিতৰি ভিতৰি ভাৱ, ‘ময়ো চাওঁচোন তইনো কেনেকুৱা কইনা পাৱ।’
গাঁৱৰে নলিনী বৰুৱাইও বেলিমুখীয়া ফালৰ ছোৱালী এগৰাকী দেখুৱাইছিল। ঘৈণীয়েকৰ হেনো ভাগিনীয়েক। পিচে পৱিত্ৰই চাবলৈ গৈ লাজতহে পৰিল। তাতকৈ তাই প্ৰায় তিনি ইঞ্চিমানেই ওখ ওলাল। মানুহে তাক পাঁচ পইচা আৰু ঘৈণীয়েকক দহ পইচা বুলিব বুলি ভাবিয়ে কথাটো তাতেই সি ইতি পেলালে।
এবাৰ স্কুলৰ সহকৰ্মী এজনেও ছোৱালী এগৰাকী দেখুৱাইছিল। আগ দাঁতকেইটা সামান্য বাহিৰলৈ ওলোৱা কথাটোতে সি আগুৱাই দিয়া ভৰিখন পিছুৱাই আনিলে। মুঠতে কোনোপধ্যে পৱিত্ৰৰ জোৰা নিমিলিছে। বাচোঁতে বাচোঁতে গেলা বৰালিত হাত পৰিব বুলি বন্ধুমহলত তাকলৈ গুজৱ ওলায়। কোনো কোনোৱে কথা পাতে, বোলে ছোৱালী বেছিকে ৰিজেক্ট কৰি থাকিলে হেনো ছোৱালীৰ শাও খায়।এইবোৰ কথা কাণ বাগৰি আহি পৱিত্ৰৰ কাণতো নপৰাকৈ থকা নাই! পৱিত্ৰতকৈ বয়সত সৰুবোৰেই বিয়াপাতি বাপেকী হ’ল। বাটে-ঘাটে সিহঁতৰ ল’ৰা-ছোৱালীবোৰে তাক যেতিয়া বৰ্তা বুলি মাতে তাৰ এনে লাগে সিহঁতে যেন তাৰ বয়সটোহে সোঁৱৰাই দিছে।
আনফালে পুতেকৰ বিয়াখন বান্ধি থোৱা আছে বুলি ভাবি মাকে আজলীবুঢ়ীৰ ওচৰৰপৰা পানীকাটি তাক গাটোও ধুৱাই দিলেহি, জানোচা বিবাহৰ দোষ খণ্ডণ হয়েইবা। পৰিয়ালৰ আন সদস্যসকলো পৱিত্ৰৰ বিয়াখনৰ বাবে ব্যস্ত হৈ পৰিল। পয়ত্ৰিছৰ দেওনা পাৰহোৱা ল’ৰাটোৰ ঘৰখন পাতি দিবলৈকে সকলোৱে যেন উঠি পৰি লাগিল।
বৰদেউতাকৰ পুতেকৰ বন্ধুৱেক অচ্যুত ঠিকাদাৰ। এবাৰ কথাই কথাই হেনো তেওঁকো ছোৱালী চাবলৈ কোৱা হৈছিল। সেয়ে মাজুলীত থকা দূৰ সম্পৰ্কীয় পেহীয়েকৰ ছোৱালী মলয়াৰ কথা পৱিত্ৰৰ ঘৰত ক’লেহি। পেহাক
সনাতন হাজৰিকা সামাজিক মানুহ, ঠাইখনৰ প্ৰায়ভাগ মানুহে চিনি পায়। মলয়াও বিএ পাছ হোৱাৰ লগতে দেখনিয়াৰ ছোৱালী।
অচ্যুত ঠিকাদাৰৰ খুৰাকৰ পুতেক ভায়েক প্ৰতিমৰ মাজুলীলৈ সঘন আহ-যাহ। বছৰি মাজুলীত হোৱা ৰাসো চাই আহিছে সি। সেয়ে তাৰ লগতে গৈ পৱিত্ৰক মাজুলীৰ ছোৱালী মলয়াক চাই আহিব বুলি দিন-বাৰ ঠিক কৰা হ’ল। দুইখন ঘৰৰে প্ৰতিনিধিত্ব কৰিবলৈ প্ৰতিমো যেনিবা ৰাজি হ’ল। অচ্যুত ঠিকাদাৰে মাজুলীলৈ ল’ৰাই ছোৱালী চাবলৈ যাব বুলি খবৰ পঠিয়ালে। সেয়ে সময়-সুবিধা মিলাই নিমাতীৰ পৰা ফেৰীৰে মাজুলীলৈ বুলি পৱিত্ৰৰ কইনা চোৱাৰ এই যাত্ৰা আৰম্ভ হ’ল।
ফেৰী যাত্ৰাৰ সময়খিনিত পৱিত্ৰৰ বুকুত ‘দিলৱালে দুলহনীয়া লে যায়েংগে’ৰ “তু্ঝে দেখা হে য়ে জানা চনম” সুৰটো বাজি থাকিল। সেই শেষ নোহোৱা সুৰটো বুকুত লৈ সেইদিনা মাজুলীৰ সনাতন হাজৰিকাহঁতৰ ঘৰ পাওঁতে সন্ধিয়া লাগিল। অতিথিক বৰ আদৰ-সাদৰকৈ ভিতৰলৈ নি সনাতন হাজৰিকাই বহিবলৈ দিলে। চাহ-জলপানৰ উপৰিও লুচি-ভাজিৰে হ’বলগীয়া জোঁৱাই ল’ৰাটিক আপ্যায়ন কৰা হ’ল। মাকৰ সৈতে মলয়াই সকলো বস্তু মুখৰ আগত যোগান ধৰিলে। মাকৰ মতে চাহকাপ হেনো তায়েই বাকিছে। পৱিত্ৰই মলয়াক সমুখত দেখি চকুকে পচাব পৰা নাই। অকলশৰীয়াকৈ কাষত পাই মনৰ কথাকেইটা তাইক খুলি ক’বলৈ সি যেন ব্যাকুল হৈ পৰিল। প্ৰথমবাৰ ফটো দেখিয়ে সি তাইক যে ভালপাই পেলাইছে সেই কথাষাৰ ক’বলৈকে তাৰ মনটো উচপিচাবলৈ ধৰিলে। তাইৰ সুন্দৰতাৰ প্ৰেমত পৰিছে সি।বাটত আহোঁতে প্ৰতিমক বুজাই আহিছে সি, যেনেতেন তাক তাইৰ সৈতে অকলে কথাপতাৰ ব্যৱস্থাটো সি কৰি দিব লাগে। যিহেতু সি তাইক ভালকৈ জানে।
চাহ-জলপান পৰ্বৰ পিছতে কিছু ঘৰুৱা কথোপ-কথন হ’ল। মলয়াই নিজহাতে ৰন্ধা হাঁহৰ মাংসৰে ৰাতিৰ সাঁজটো আটায়ে গ্ৰহণ কৰিলে। ঘৰুৱা ল’ৰা বাবে প্ৰতিমে পৱিত্ৰক সকলোৰে লগত সহজ কৰি দিবলৈ চেষ্টা কৰিছে। মলয়াৰ লগতে সিহঁতৰ ঘৰখনো পৱিত্ৰৰ ভাল লাগি আহিল।সনাতন হাজৰিকা মানুহজনক শহুৰেক নহৈ নিজৰ দেউতাকৰ দৃষ্টিৰে চাই পৱিত্ৰৰ মনটো ভৰি পৰিল।
ভাতসাঁজ খাই টিভিৰ ওচৰত আহি বহাৰ অলপ পিছতে মলয়াক অকলে লগ পোৱাই দিয়াবলৈ পৱিত্ৰই লাহেকৈ আকৌ প্ৰতিমক সোঁৱৰাই দিবলৈ নাপাহৰিলে। প্ৰতিম ভিতৰলৈ গ’ল।বহুত দেৰি তাৰ কোনো দেখাদেখি নাই। সি গৈ আকৌ ক’ত নাইকীয়া হ’ল বুলি ভাবিবলৈ লওঁতেই বেকেটাবেকেটি মুখেৰে প্ৰতিমটো ওলাই আহিল।
: পৱিত্ৰদা, কি হ’ল জানো, মোৰ পেটটো অলপ বেয়া কৰিছে।এওঁলোকক জনাব নালাগে, বেয়া হ’ব কথাতো। ইমান আদৰ-সাদৰ কৰি খোৱাইছে। মই হয়তো আকৌ বাহিৰ ফুৰিবলৈ যাব লাগিব।
প্ৰতিমৰ অৱস্থাটোৰ বাবে চিন্তিত হ’ল যদিও পিছপাকতে পৱিত্ৰই নকওঁ বুলি মূৰ দুপিয়ালে। যি নহওক মলয়াৰ দৰে ছোৱালী এজনীৰ হাতেৰে ৰন্ধা মাংসৰ ভাতসাঁজ কেতিয়াও সি বেয়া বুলি বদনাম দিব নোৱাৰে। সেয়া খাই সি দেখোন নিজে ঠিকেই আছে। একোতো আহুকাল পোৱা নাই।
সময়ত আলহী কোঠাত পৱিত্ৰ আৰু প্ৰতিমৰ বাবে শোৱাৰ দিহা কৰি দিলে। কোঠাত সোমাই চাৰ্ট-পেণ্টকেইটা সলাই টিচাৰ্ট আৰু পাইজামা এটা পিন্ধি বিছনাতে সি দেহাটো এৰি দিলে। মলয়াৰ মুখখন চকুৰ আগত ভাঁহি উঠিল। ইমান অতিথি পৰায়ণা ছোৱালীজনী তাৰ মাকৰে লখিমী বোৱাৰী হ’ব। এই ফাগুনতে তাইক সি নিজৰ কৰি ল’ব আৰু এই সিদ্ধান্তত সি অটল।
তেনেতে পানী জাৰটো লৈ মলয়া কোঠাটোলৈ সোমাই আহিল। পৱিত্ৰই ভাবুক মনটো নিয়ন্ত্ৰণ কৰি শোৱাৰ পৰা উঠি বহি দিলে। নিশ্চয় প্ৰতিমেই এই দিহা কৰি দিছে। পানী জাৰটোৰ কাষতে ভাঁজকৰা কাগজ এখন থৈ মলয়া লৰালৰিকৈ কোঠাৰপৰা ওলাই গ’ল। অলপো পলম নকৰি পৱিত্ৰই কাগজখন পঢ়ি পেলালে।
“পৱিত্ৰদা, মই আপোনাৰ লগত বিয়াত বহিব নোৱাৰিম। মই আন কাৰোবাকহে ভালপাওঁ। আমাৰ আইনী বিবাহো হৈ আছে। ঘৰৰ মানুহে চাকৰি নকৰা ল’ৰালৈ বিয়া নিদিয়ে বাবে সৰু-সুৰা ঠিকা কাম কৰা ল’ৰাজনৰ কথা জনাবলৈ মোৰো সাহস নহ’ল। মোক ভুল নুবুজিব। মই আজিয়ে ঘৰ এৰি তেওঁলৈ যাম।এনেকৈ আজি আপুনি, কাইলৈ আন কোনোবা আহিব মোক চাবলৈ। এবাৰ এজনক মন-প্ৰাণ দি পৰ পুৰুষক দৃষ্টি দিয়াৰ পাপ মই গোটাই থাকিব নোৱাৰোঁ। আপুনি মোতকৈ যেন বেছি দেখনিয়াৰ কইনা পায়, তাৰেই আশা কৰিলোঁ। পাৰিলে মোক ক্ষমা কৰি দিব।
ইতি
মলয়া”
চিঠিখন পঢ়ি পৱিত্ৰৰ মূৰটো আচন্দাই কৰিলে। সি এইয়া কি পাকচক্ৰত পৰিল। লৰা-লৰিকৈ প্ৰতিমলৈ বুলি ফোন লগালে। বহুত দেৰিৰপৰা ল’ৰাটোৰ দেখা-দেখিয়ে নাই। ৰিং হৈ শেষ হৈ গ’ল। প্ৰতিমে ফোন তোলা নাই।
“ধেততেৰি আজি তাৰ লগত আহি মলয়াৰ হাতেৰে ভাত খাই বেচেৰাটোৰ পেট বেয়া হৈ গ’লগে। সি চাগে পেটটো ভালেই পোৱা নাই। হে ভগৱান! সি কি ভাবি আহিছিল আৰু কি হ’লগৈ।”
বিছনাত ইকাটি সিকাটিকৈ বাগৰি থাকোঁতে ফেঁচুৱে চিঞৰিলে। প্ৰতিমৰ তেতিয়ালৈকে দেখাদেখি নাই। ৰাতি তালৈ কেইবাবাৰো সি ফোন লগালে যদিও ফোনটো নালাগিল। ক’তবা গ’ল!
কিছু সময়ৰ পিছতে বাহিৰত কান্দোনৰ ৰোল। পৱিত্ৰৰ বুজিবলৈ বাকী নাথাকিল। মলয়াৰ কথা ইতিমধ্যে ঘৰত সকলোৱে গম পাইছে।সি কাপোৰ সাজ সলাই হাতত অনা বেগটো লৈ কোঠাৰ পৰা বাহিৰলৈ ওলাই আহিল। মাকে তেতিয়াও হাতত কাগজৰ টুকুৰা এটা লৈ হিয়ালি-জিয়ালীকৈ কান্দি আছিল।পৰিয়ালৰ দুই-একো আহি উপস্থিত হ’লহি। তেনেতে প্ৰশ্নবোধক দৃষ্টিৰে জলভৰ দি বাহিৰত বহি থকা দেউতাকে তালৈ চাই সুধিলে,
: প্ৰতিমৰ মনৰ ভাৱ কি একেবাৰে গম পোৱা নাছিলা? তুমি এবাৰলৈও কি তাক সন্দেহ কৰা নাছিলা?
☆ ★ ☆ ★ ☆
6:14 pm
ধেত তেৰি! কি জবৰদস্ত ধোখা অ’? মজা লাগিল মানসী! তামাম টুইষ্ট!
9:10 pm
বহুত বহুত ধন্যবাদ দাদা..
7:44 am
মজ্জা।