ফটাঢোল

চুপাৰ মম, মই আৰু গিটাৰখন- বৰ্ণালী ফুকন

মমে আজি সুধিছে,

– ইমান চাৰিওপিনে বেমাৰৰ বাবে হুৱাদুৱা লাগিছে দেখিছ নে?

– হমমমমম৷

– কি হমমমম? ভয় লগা নাই?

– লাগিলেনো কি হ’ব?

– কেনেকৈ যে পাৰিছ নহয়!

মোৰ উত্তৰটো আমাৰ চুপাৰ মমে বৰ ভাল নাপালে৷ মমৰ ওচৰত কি নাই কওক৷ কোনটো কথাৰ উত্তৰ নাই!

বেমাৰৰপৰা আৱিষ্কাৰলৈকে, ৰকেটৰপৰা নক্ষত্ৰলৈকে, ‘কা’ৰপৰা কভিডলৈকে, কটনৰপৰা আই আইটিলৈকে, কোনে কি আৱিষ্কাৰ কৰিলেৰপৰা কি বেমাৰত কি দৰৱ খোৱা উচিতলৈকে, ৰামদেৱৰ কপাল ভাটিৰপৰা জুম্বা নাচলৈকে, ইঞ্জিনীয়াৰিঙৰ কি পঢ়িলে ভাল হ’বৰপৰা মেডিকেলৰ কোন ডিপাৰ্টমেণ্টৰ ডিমাণ্ড বেছিলৈকে৷

ম বুলি ক’বলৈ পালোঁ কি নাপালোঁ ঔ, মুদৌ বৰ্তাৰ ন’টৰ আৱিষ্কাৰৰপৰা কোনটো ভাষণত ভায়ৌ বেহনৌ ক’বলৈ পাহৰিলেলৈকে কৈ আমাৰ মূৰ ঘূৰোৱাই দিয়ে৷

তাতোকৈ চুপাৰ মমক যেতিয়াই দেখিব তেতিয়াই হিমৌ দাক সন্মুখত লৈ “ইছ ইছ, বেচেৰা বেচেৰা”কৈ
কিবাকিবি ভোৰভোৰাই থাকে৷ তাকে দেখি ল’ৰাই এদিন ফুচফুচাই সুধিলে,

– আইতাই শৰ্মাক দেখিলে কিবা লেচেৰা লেচেৰা কৈ থকা শুনোঁ যে৷

আই ঔ ক’বলৈ পালেহে…

– হেৰৌ তহঁতহালে চুপতি মাৰিব আহিছ। বেচেৰাটোৱে……

পিছলৈ চাই মমক দেখি আমি দুইটাই পিছৰ লেকচাৰ শুনাৰ আগতেই তাৰপৰা উধাও৷ উফ! কেতিয়াবা ভাগৰ লাগি যায় হিচাপ কৰি৷ মই তাৰ তুলনাত তেনেই জ্ঞানগৰ্ভ শূন্য৷ মমে মাজে মাজে ফোনত কোৱা শুনোঁ

– ইঃ! আমাৰ এইজনী মই দেখা পাওঁ বুলি চকুৰ আঁতৰ হৈ সাহিত্য সভা, সাহিত্য চৰ্চা, কবিতা কানন, গান, গীটাৰ উফ নকৈছোঁ আৰু৷

সিফালে ভনীয়েকে চাগে বুজি নাপাই আকৌ সোধে,

– এই গান শিকিছে নেকি? এই কৰ’নাৰ দিনতনো কিয় গান শিকিব লাগে হয় বাইদ’৷

– ইঃ নক’বা বুইছা, পুৱাৰপৰা আমাৰ এই জ্যোতি সংগীত, বিষ্ণু সংগীত, ভুপেন্দ্ৰ সংগীত আৰু কিবা ৰক নে ফকসোপা, আইজৌ নকৈছোঁ৷

সিফালৰ মাৰ ভনীয়েকে বায়েকৰ কথা বুজি নাপাই ফোনটো কাটি দিয়ে৷ এইফালে চুপাৰ মমে গৰম হৈ মোকে উদ্দ্যেশ্যি দুটামান বকনি জুৰে,

– হ’ব ঐ কবিতা কাননত বহি কবি হ’ব নালাগে৷ নামি নাহ কিয়৷

মাৰ মতে মই ওপৰত উঠি কবিতা ৰচনা কৰোঁ৷ আৰু আনক দি বাঃ বাঃ লওঁ৷ হায়ৰে কপাল, মই আৰু কবিতা! লিখিলোৱেই যেনিবা পঢ়িব কোনে? মাক কোনে বুজাব! মই কবিতা লিখিবলৈ ল’লে মোৰ যে ফেচবুক একাউণ্টৰ ফ্ৰেণ্ডলিষ্ট শূন্য হৈ যাব৷

মই লৰালৰিকৈ তললৈ নামি আহিলোঁ৷

– গুগুলটো খোলচোন?

মই আচৰিত হৈ চালো আমাৰ চুপাৰ মমলৈ৷

– কিয়?

– ক’ভিদৰ ভেকচিনটো ওলাইছে নেকি চা৷ কম্পচিজচন চা৷ চাইড এফেক্ট চা৷ ক’ত কিমান আছে জানিবলৈ৷
“ৰ’ব, চাই আপোনাক জনাম” বুলি তৎক্ষণাত সেই স্থান ত্যাগ কৰিবলৈ লৈছোঁ আৰু, পিছফালৰপৰা তেওঁ চিঞৰিলে,

– এই হেৰি নহয় তহঁতৰ যমুনামুখৰ পেহীয়েৰে আজি ফোন কৰিছিলে বুজিছ!

মই বুজিলোঁ আজি কথা শেষ হোৱাৰ আশা নাই মমৰ৷

– জল্দি কওক, মোৰ অনলাইন ক্লাছ আছে৷

– অনলাইন ক্লাছ! এই ৰাতি এডোখৰত ক্লাছ কৰিবি? তহঁতৰ ইনিস……

মই সিমানতে কথাৰ অন্ত কৰিবলৈ ক’লোঁ,

– কি ক’ম বুলি কৈছিল কৈ লওক৷

– হেৰি মানে তহঁতৰ যমুনামুখৰ পেহীয়েৰৰ দৰে কালি ৰাতি মইও ক’ৰনা মৰা দৰৱ এটা পাইছোঁ নহয়৷

মই ফিট হৈ নপৰিলোঁ অলপতে৷

– কি? কি ক’লে?

– মানে কৰ’নাৰ দৰৱৰ কথা কৈছিলোঁ৷

– হ’ব হ’ব নেলাগে দিয়ক৷ ইমানে আটিছে – এইবুলি মুখৰ ভিতৰতে ভোৰভোৰাই ওপৰলৈ বুলি লৰ ধৰিলোঁ৷

ক’ভিডৰ কথা ভাবি আজিৰ দিনটো নষ্ট কৰিবলৈ মোৰ মন নাই৷ আচলতে এইবোৰ ভাবি থাকিবলৈ মোৰ সময় ক’ত? কামবোৰ ফটাফট অঁতাই লওঁ৷ তাৰপিছত নতুনকৈ ল’ৰাক গিটাৰখনৰ প্ৰতি অধিক উৎসাহিত কৰিবলৈ কৰ্ড দুটামান ধৰি দেখুৱাওঁ৷ লগতে বিভিন্ন অংগীভংগী কৰি ৰক মিউজিক বজোৱা দি তাঁৰবোৰত বেসুৰা অদ্ভুৎ কাণ ঝনঝনাই যোৱা শব্দৰ ঢৌ তোলো৷ সেয়া কৰি নৌ উঠোতেই আমাৰ চুপাৰ মমে চিঞৰে,

– হেৰৌ এই বাজনাবোৰ বন্ধ কৰি ভাত ৰান্ধিবি নে কি?

তেতিয়ালৈ ঘড়ীত ১১.৩০ বাজেগৈ৷ “এঃ ৰব” বুলি আধা ঘণ্টামান নতুনকৈ অনা কিতাপৰ দুই পৃষ্ঠামান পঢ়োঁ৷ নহ’লে কিতাপৰ মালিকে মোক কৈফিয়ৎ তলব কৰিবই৷ নপঢ়িলে চুৰচুৰিয়াকৈ গালিও শুনাব যে চিউৰ৷ পাকঘৰত সোমাওঁ মানে বাৰ বাজে৷ ভাত ৰান্ধি ১.৩০ বজাত ৰেডি৷ পাকঘৰৰ কাম মোৰ জীৱনৰ আটাইতকৈ বেয়া পোৱা কাম৷ সেইবুলি খাই বেয়া নাপাওঁ৷ হ’লেও মোৰ প্ৰিয় খাদ্য কিন্তু ভাত, ডাইল, আলু, কণী, ভাতকেৰেলা পিটিকাহে৷ ভাত খাই লৈ পাকঘৰটো চাফা কৰি পেলাওঁ৷ কামৰ মাজৰ যিকণ আজৰি সময় পাওঁ আমাৰ চুপাৰ মমে দিনটোৰ লেটেষ্ট খবৰেৰে মোৰ কাণ ভৰায়৷ কাণ ভৰ্তি হোৱাৰ পিছত কৈ থকাবোৰ মোৰ মূৰৰ ওপৰেৰে মমে নেদেখাকৈ পাৰ হৈ যায়৷ তাৰপিছতে মই অলপ ৰেষ্ট লৈয়ে গিটাৰত সন্ত্ৰাস সৃষ্টি কৰা গানৰ লিৰিকচ দুটামান বজাওঁ৷ এইফালে গিটাৰৰ কৰ্ডবোৰৰ বিষয়ে  পঢ়ি পঢ়ি সাগৰ সংগমৰ কৰ্ড ধৰিছোঁ যদি সিফালে  হঠাৎ মুখেৰে গাবলৈ ধৰিলোঁ “চুৰা লিয়া হে তুমনে জৌ….” শাৰীটো শেষ কৰিবই নাপালোৱেই, তলৰপৰা চুপাৰ মমে চিঞৰিলে,

– কিহে পাইছে? কিহে পাইছে? বুঢ়ীজনীয়ে গান গাবলৈ নাপালি?

লগে লগে গিটাৰৰ তাঁৰবোৰত টুং টুংকৈ টোকাৰী বজোৱাৰ দৰে গাবলৈ ধৰিলোঁ,

– দেহাৰ ভৰসা নাই জানিছা নে নাই…

তাৰপিছতে ৰাতিৰ ভাত ৰান্ধি খোৱাই বোৱাই শুবলৈ হয়৷ সেই সময়ত হয় গল্প এটা পঢ়োঁ নহ’লে চিনেমা চাওঁ৷ মোৰ কভিডৰ কথা ভাবিবলৈ বা মমৰ কথা ভাবিবলৈ সময় ক’ত? এতিয়া মোৰ গিটাৰত সন্ত্ৰাস কৰিয়েই তত নাই৷ মই বহুত ব্যস্ত জানে৷

অ’ ৰ’ব দেই, C কৰ্ডটো কেনেকৈ ক’ত কোনডাল তাঁৰত ধৰিছিল জানো! ধেই পাহৰিছোঁ৷ চাই আহোঁ ৰ’ব দেই৷

☆ ★ ☆ ★ ☆

5 Comments

  • দীক্ষিতা

    কিছু দৈনন্দিন কথা, কিন্তু ভিন্ন স্বাদেৰে। ভাল লাগিল বৰ।

    Reply
  • হেমন্ত কাকতি

    বঢ়িয়া লাগিল বৰ্নালী৷ তোমাৰ চুপাৰ মমৰ লগত মোৰ জমিব৷ এদিন বহি আড্ডা পিটিম৷

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    ৰস পালোঁ পঢ়ি৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *