ফটাঢোল

ল’ৰালিৰ বোকোচাত উঠি-জ্যোতিৰূপা কোঁৱৰ খাটনিয়াৰ

১) লুকালেও শকত হয়৷

আমি গোটেইজাকে লুকাভাকু খেলি আছোঁ৷ সৱকে বিচাৰি পোৱা গ’ল কিন্তু এই জিনি মহা ধুৰন্ধৰ৷ সদায় বিচাৰি নোপোৱা আচৰিত ঠাইত লুকায়৷ বহুত বিচৰাৰ অন্তত হাত দাঙি তই জিকিলি, ৰজা হ’লি বুলি তাক ওলাই আহিবলৈ কওঁ গোটেইজাকে৷ ইফালে দেৰি হৈছে ঘৰা-ঘৰি যাবগৈ লাগে৷ অৱশেষত কুঁহিয়াৰৰ মস্ত গছ এজোপাৰ মাজৰপৰা হাঁহি হাঁহি জিনিয়ে ওলাই দেখা দিলে৷ আৰে এয়া কি জিনি ইমান শকত হৈ গ’ল৷ গাল-মুখ ফুলা, ফুলা ৰঙা, ৰঙা৷ আমি মুখ মেলি চাই ৰ’লোঁ৷ আমাৰ ৰজাই দুইখন হাতেৰে শকত-আৱত দেহাটো খজুৱাই খজুৱাই দাঁত নিকতাই থাকিল৷

আমি একো এটা ক’বলৈ নাপালোঁৱেই তাৰ আগতেই কোনপাকত আহি বিছাই ডাকি শকত কৰা আমাৰ ৰজাক মাকে এচাৰিৰে আৰু অলপ শকত কৰি কৰি লৈ গ’ল তলকিবই নোৱাৰিলোঁ৷ ৰজাৰ কান্দোনত গছৰ পাত সৰা দেখি আমি প্ৰজাগণো ঘৰলৈ লৰ দিলোঁ৷

২) যজ্ঞৰ আয়োজন

মোৰ ওপৰৰ জনাই তেতিয়া মা-দেউতাই নজনাকৈ চিক্ৰেট্‌ লেবৰেটৰী খোলে কেতিয়াবা-য’ত বিভিন্ন পৰীক্ষা নিৰীক্ষা চলাই সি৷ টিভিত ভগৱানৰ চিৰিয়েলত ঋষি-মুনিৰ যজ্ঞৰ সফলতা দেখি আমিও আয়োজন কৰিলোঁ৷ মন্ত্ৰটো আজিও নাজানো যদিও গুৰি ধৰোঁতাৰ মতে সেইটো হ’ল,

“ঔম হায়েং ক্ৰিং চামুণ্ডাই বিছাই নমহঃ”

আৰু এই মন্ত্ৰটো মাতি জুইত কিবা মাৰি পঠিয়াব লাগে৷ লেবৰেটৰীত ক’ৰপৰা শিকিছিল নাজানো, মাটিৰ চাকি এটাত তিনিদিনমানৰপৰা কেৰাচিনত ম’ম গলাই যজ্ঞৰ বাবে হোমাগ্নি প্ৰস্তুত কৰি আছিল৷ ভাল দিন-বাৰ এটা চাই দুপৰীয়া ভাত খাই সকলোৱে শুৱা সময়টোকে যজ্ঞৰ বাবে শুভ সময় বিবেচনা কৰা হ’ল৷ মাটিৰ চাকিত জুই লগাই দিয়া হ’ল আৰু ভাড়াঘৰৰ অন্য দুজন আমাৰ সমনীয়া ঋষি-মুনিক আমন্ত্ৰণ কৰি আনিলোঁ৷ গোলাকাৰে বহি লৈ হাতে হাতে আঁজলি ভৰাই ল’লোঁ কেৰাচিন৷ কৰিলে মন্ত্ৰ জাপ,

“ঔম হায়েং ক্ৰিং চামুণ্ডাই বিছাই নমহঃ”

মাৰি পঠিয়ালোঁ চাৰিওটাই হাতত থকা কেৰাচিন৷ ইমান ডাঙৰ অগ্নি দেৱতাই দেখা দিলে যে ভয়তে ফৰিং ছিটিকা দিলোঁ৷ যজ্ঞৰ সফলতা হিচাপে গোটেইকেইটা ঋষিৰে কোনোবাটোৰ আঁঠু, কোনোবাটোৰ কিলাকুটি, কোনোবাটোৰ গাল-মুখ আদি ঠাইত অস্থায়ী টেটুৰ সৃষ্টি হ’ল৷ মূৰত খোপা বান্ধি অতি ঋষি হ’বলৈ যোৱা মোৰ অৱস্থাই আছিল আটাইবোৰতকৈ তথৈবচ৷

৩) আখৰা

বোধকৰো দেওবাৰ আছিল আৰু এঘণ্টামানৰ বাবে মোক এৰাল চিঙা গৰু কৰি ঘৰৰ আটাইবোৰ ওচৰতে ক’ৰবালৈ গৈছিল৷ ব্লেক এণ্ড হোৱাইট টিভিটোত যি দেখোঁ এবাৰ কৰি নোচোৱালৈকে শান্তি নাপাওঁ৷

“ঘৰত কোনোবা আছেনে? মাত দিবচোন!”

বাহিৰৰপৰা বাৰে বাৰে কোনোবাই মাতিছে৷ নাই মই ওলাই যাবপৰা নাই৷ ওলাই নগ’লে মা-দেউতাৰ ইজ্জত যাব, “কি অসভ্য মানুহ মাত এষাৰ নিদিয়ে” বুলি আৰু ওলাই গ’লে মোৰ মান-সন্মান মাটিত মিহলি হয় যাব কিন্তু ওলাই মাত এষাৰ দিয়াৰ বাহিৰে কোনো বিকল্প নাছিল৷ কাৰণ মানুহজনে মাত দিয়াৰ সময়ত চিঞৰি চিঞৰি পৰাই নোৱাৰাই ডাক টেইলচৰ “জিন্দেগী টুফানি হে” গানটো গাই আছিলোঁ৷ মুখখন সামান্য ঢাকি মূৰটো পৰ্দাৰ ফাঁকেৰে কাছটোৰ দৰে উলিয়াই মাত দিলোঁ৷

“মাহঁত নাই, কোনো নাই”

মানুহটোৱে দুনাই একো নুসুধিলে৷ দাঁতকেইটা ফেলেককৈ উলিয়াই দি মুখত হোপা দি ঘূৰি দিলে, অৱশ্যেই দিব কাৰণ মই দুচকুত এলেপা এলেপা কাজল সানি গোটেই মুখখন পাউদাৰত ডুবাই মূকাভিনেতা মইনুল হক হোৱাৰ আখৰা কৰি আছিলোঁ৷ মই মানুহজনক চিনি নাপালোঁ কিন্তু তেওঁ চাগে মোক এতিয়াও চিনি পাই, লাজেই লাগে৷ তাৰপাছত আৰু কোনোদিনেই শ্ৰদ্ধাৰ মইনুল হক হ’বলৈ চেষ্টা কৰা নাই ৷

☆ ★ ☆ ★ ☆

3 Comments

  • ডলী

    ভাল লাগিল পঢ়ি

    Reply
  • দীক্ষিতা

    বঢ়িয়া বঢ়িয়া কাহিনী। মন্ত্ৰটো আৰু বঢ়িয়া ?

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    জমনি দেই৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *