ব্ৰেক আপ কে বাদ-সোণটো ৰঞ্জন বৰুৱা
মোৰ বিশ্বাস, তই এই পোষ্টটো পঢ়িবিয়েই। তোৰ দৰে তাজা তাজা ব্ৰেকআপৰপৰা হোৱা মনোকষ্টৰপৰা উদ্ধাৰ পাবলৈ ককবকাই থকা বন্ধুবোৰে সকাহ পাওক বুলি আজিকালি মই ফ্ৰী এডভাইজ দিওঁ। প্ৰেমৰ সাগৰত সাঁতুৰি থকাকেইদিন না মোৰ ফোন ধৰিবলৈ, না মেছেজৰ ৰিপ্লাই দিবলৈ তোৰ সময় আছিল। আজিকালি পিচে তোৰ ক্লিক্ ৰেস্পঞ্চ পুনৰ ঘূৰি অহা যেন লাগিছে। ভাল কথা, এইটো ভাল লক্ষণ। এতিয়া সেই কথাবোৰত গুৰুত্ব দে, যিবোৰত সেই তেতিয়া দিবলৈ সময় পোৱা নাছিলি।
আজিকালি কিজানি পুৰণি চিনেমা আৰু পুৰণি গানক খুব সময় দিছ? মোৰ মতে, এই ইম’চনেল চিনেমা, গানবোৰৰপৰা আঁতৰি থাক। আঘাত পাতল কৰাৰ ঠাইত অধিক গভীৰহে কৰে এইবোৰে। মোৰ কথা মান যদি ক’ৰবালৈ ফুৰিবলৈ যা। ইয়াৰপৰা একো নহ’লেও নিজকে ট্ৰেজিক ফিল্মৰ হিৰ’ৰ লগত তুলনা কৰিব পাৰিবি, ভাল ফিলিং আহিব।
আৰু এটা কথা, তাইৰ নম্বৰটো ডিলিট কৰি দে। মই তোক যিমান জানো তোৰতো নম্বৰটো মনত নাই। (চেভ কৰিব পৰা হোৱাৰেপৰা কোনেনো কাৰ নম্বৰ মুখস্থ কৰে) ইয়াৰপৰা তোৰ দুটা লাভ হ’ব। কেতিয়াবা তাইলৈ ফোন কৰিবলৈ লিকলিকালেও ফোনলিষ্ট উলিয়াই লৈ আকৌ থমকি ৰ’ব লগা নহয়। দ্বিতীয়তে ৱাটছএপত তাইক অনলাইন দেখি কাৰ লগত চাট কৰিছে বুলি জ্বলিব নালাগে। ফেচবুকত বাৰু তায়েই ব্লক কৰিব, তাত তোৰ কৰিবলগীয়া একো নায়েই। কেতিয়াবা তাই আনব্লক কৰি তোৰ ৱাল চেক কৰি, তোৰ চকুত পৰাৰ আগতেই ব্লকো কৰিব। এনেও আজিকালি কোনে আগতে ব্লক কৰে সেয়াও সন্তুষ্টিৰ কথা হৈয়েই পৰিছে। আৰু এটা কথা, সেই ফটোবোৰ যে, চিলেক্ট অল কৰি একেকোবে ডিলিট কৰি দিবি। সেইখিনি চাই এতিয়া একো সুখ নাপাৱ, মিছামিছি সেইবোৰে পুৰণি সময়লৈ তোক টানি নি আকৌ তোৰ মন বেয়া কৰিব। তাইক যদি পাহৰিবলৈ বিচাৰিছ, তেন্তে তাইৰ লগত জড়িত সকলো স্মৃতিৰপৰা আঁতৰিব লাগিব। কষ্ট হ’ব, কিন্তু অসাধ্য নহয়।
মদ কমকৈ খাবি। আগতে তাইৰ শপত দি তোক খুৱাইছিলোঁ, কিন্তু এতিয়াতো তাইৰ শপত দি তোক বাধা দিয়াৰো উপায় নাই। কামলৈ ৰেগুলাৰ গৈ থাক, ৭-৮ ঘণ্টা নৰ্মেল হোৱাৰ এক্টিং কৰি থাকোঁতে টাইমপাচ হৈ যাব। যদি ইচ্ছা কৰ, তিনিমাহৰ আগতে ট্ৰাই মৰাজনীৰ লগত এবাৰমান কথা পাতি চাব পাৰ। না না, আকৌ ৰিলেছনশ্বিপত পৰিবলৈ কোৱা নাই। আচলতে ব্ৰেকআপৰ পাছত সকলো ছোৱালীকে ঘৃণা কৰা প্ৰৱণতা এটা থাকে, তাকে নহ’বলৈহে কথা পাতিবলৈ কৈছোঁ। আঘাত দিয়া আৰু মলম লগোৱা, দুয়োটাতে কাৰ্য্যতে ছোৱালী উত্তম।
কিন্তু তয়ো যে তাইক সদায়ে ভাল ব্যৱহাৰ কৰিছিলি, সেইটো মই ভুলতো নামানো। তই তাইক কি কি গালি দিছিলি, কি কি মিছা মাতিছিলি, তোৰ বন্ধু হৈ কেনেকৈ লিখোঁ? এতিয়া তোৰ দোষৰ বাবে গালি পাৰি উপদেশ দি কি লাভ? মুঠৰ ওপৰত নিজ নিজ স্থানত না তই বেয়া, না তাই বেয়া আছিল। মাত্ৰ বুজি ল, বেছিভাগ ৰিলেছনশ্বিপৰ শেষ পৰিণতি এনেকুৱাই হয়গৈ।
আৰু লেকচাৰ নিদিওঁ, এনেও দৰ্শনত তোৰ মোৰ কাৰোৱেই আগৰেপৰাই ৰুচি নাছিল। গতিকে আৰু জ্ঞান দি পষ্ট দীঘলীয়া নকৰোঁ। মন গ’লে মোৰ ৰূমলৈ আহিবি, চিনেমা টিনেমা চাই সময় পাৰ কৰিম। তাইৰ চক্কৰত পৰাৰ পাছৰেপৰা তোক বহুত মিছ কৰোঁ। আকৌ কাৰোবাক নোপোৱালৈকে দুয়োটা মিলি এঞ্জয় কৰিম, আহি যাবি।
☆ ★ ☆ ★ ☆
1:43 pm
বঢ়িয়া।
8:10 am
ভাল লাগিল..