বাছৰ যাত্ৰা বোৰ-কমলা দাস
সৌ সিদিনালৈকে প্ৰায়বোৰ মানুহৰেই দূৰ দূৰণিলৈ হওক বা ওচৰলৈয়ে হওক, ইফাল সিফাল যোৱাৰ প্ৰধান বাহন আছিল বাছ। গুৰুত্বপূৰ্ণ কাম নাথাকিলে, নিজৰ সৰু গাড়ী লৈ খুব কম সংখ্যক মানুহেহে অহা যোৱা কৰিছিল। আপোনালোকৰো নিশ্চয় বাছত অহা যোৱা কৰাৰ অভিজ্ঞতা আছে। ৰাতিৰ বাছেই হওক বা দিনৰ ভাগতেই হওক, বাছ যাত্ৰাত বিভিন্ন অভিজ্ঞতা লাভ হয়। সেই অভিজ্ঞতাবোৰ কেতিয়াবা মধুৰ, ৰোমাঞ্চকৰ, হাস্যকৰ আৰু কেতিয়াবা তিতাও হয়।
ভালে কেইবছৰমান মই প্ৰায়েই মাহত দুবাৰ তিনিবাৰকৈ গুৱাহাটী-বৰপেটা অহা যোৱা কৰিছিলোঁ। ফলত সেইটো লাইনৰ গুৱাহাটীলৈ অহা প্ৰায়বোৰ বাছৰ কৰ্মচাৰীবোৰ চিনাকি হৈ পৰাৰ উপৰিও, সদায় অহা যোৱা কৰা যাত্ৰীসকলো চিনাকি হৈ পৰিছিল। তেওঁলোক কোনে ক’ত উঠিব, কোনটো ষ্টপেজত কোন নামিব সেয়া দেখোতে দেখোতে জনা হৈ গৈছিলোঁ। তেওঁলোকে পাতি যোৱা বিভিন্ন কথা বতৰাৰ ৰসো লৈছিলোঁ। লগতে বিভিন্ন ধেমেলীয়া ঘটনাও প্ৰত্যক্ষ কৰিছিলোঁ। তাৰে দুটামান কথা মনত পেলালোঁ।
এ এচ টি চি বাছত আহিলে বা গ’লে, এঘণ্টামান চলাৰ পাছত, মানুহ দুনুহ নথকা, ডাঙৰ গছ দুজোপামান থকা মুকলি ঠাই এডোখৰত সদায় বাছখন ৰাখি, যাত্ৰীসকলক প্ৰস্ৰাৱ কৰিবলৈ সুবিধা কৰি দিয়ে। সেইখিনি ঠাইৰ ঘাই আলিটোৰপৰা ফালৰি কাটি পথাৰৰ মাজেৰে এটা ৰাস্তা গৈছিল দূৰৰ গাঁও এখনলৈ। বহু বছৰ ধৰি এই প্ৰক্ৰিয়াটো চলি থকাত, ঠাইখিনিৰ নামেই হৈ পৰে “মুতাৰ চ’ক।” পিছলৈ কণ্ডাক্টৰে কিছুমান মানুহক ক’ত নামিব বুলি সুধিলে কয় – “মুতাৰ চ’কত নামিম”!
সেই বাছবোৰত বেপাৰী কিছুমান সদায় অহা যোৱা কৰিছিল। বৰপেটাৰপৰা নাইবা বিভিন্ন ঠাইত উঠা বেপাৰীবোৰে গাঁৱলীয়া শাক-পাচলি, মাছ, দৈ আদি গুৱাহাটীলৈ আনি দিনটোৰ ভাগত বিক্ৰী কৰি, আবেলি পুনৰ নিজ নিজ ঘৰলৈ ঘূৰি যায়। তেওঁলোকে বেছিভাগ বাছৰ ওপৰত বহি গৈছিল। একেবোৰ বেপাৰীয়ে সুবিধা মতে যিদিনা যিখন বাছ পায়, সেইখনতে যায় বা ঘূৰি আহে।
একেই বৰপেটা-গুৱাহাটী লাইনৰ দুখন বাছ অগা পিছাকৈ আহিলে, খেদাখেদিকৈ আহে। কোনোবাখনে যদি মানুহ নমাবৰ বাবে ক’ৰবাত ৰখাব লগাত পৰে, সেই চেগতে পিছৰখন আগবাঢ়ি যায় আৰু তাৰপাছত সেইখনে পিছৰখনক চাইদ নিদিয়া হয়। মানুহ নমাবলৈ ৰখাব লাগিলেও, পিছৰখন আগবাঢ়ি যাব নোৱাৰাকৈ ৰাখে! তাকে লৈ পিছৰ গাড়ীখনৰ কৰ্মচাৰীয়ে, আগৰ গাড়ীখনক হুতাহ পলুৱাই গালি দিয়ে। লগতে বাছৰ যাত্ৰীয়েও উজান দিয়ে।
এবাৰ তেনেকৈ মই অহা বাছখন আৰু বেলেগ এখন বাছে খেদাখেদিকৈ আহি আছিল! মই আহিছিলোঁ পিছৰখনত। আগৰখনে পিছৰখনক কোনোমতে চাইদ নিদিয়ে। ৰাস্তাত মানুহ নমাবলৈ ৰাখে, হয় আগটো বেকাকৈ, নহয় পাছটো অকণমান বেকাকৈ। মুঠতে সৰু গাড়ী যাব পাৰে কিন্তু ডাঙৰ বাছখন যাব নোৱাৰাকৈ। পাছৰ গাড়ীৰ দ্ৰাইভাৰ, হেণ্ডিমেনৰ লগতে যাত্ৰীসকলো উত্তেজিত হৈ গালি পাৰি আহি আছে! আহি আহি আগৰ গাড়ীখন এবাৰ এনেকুৱা ঠাইত ৰাখিব লগা হ’ল, যিখিনি ঠাইত ৰাস্তাটো অলপ বেছি বহল! সেই চেগতে আমাৰ গাড়ীখন আগবাঢ়ি গ’ল! আগবাঢ়ি গৈ অলপ পথালিকৈ ৰাখি থৈ, দ্ৰাইভাৰ, হেণ্ডিমেনৰ লগতে দুই চাৰিজন অত্যুৎসাহী যাত্ৰীও নামি গ’ল সিখন গাড়ীক দম্ দিবলৈ! সিখন গাড়ীৰপৰা কোনো নামি অহা নাই যদিও পূৰাদমে গাড়ীৰপৰাই কাজিয়া কৰিছে। কাজিয়া লগা হোৱাত, আমাৰ গাড়ীৰ কাজিয়াখোৰকেইটা উভতি আহি গাড়ী চলাবলৈ ধৰিলে একেবাৰে কম স্পিডত! নিজেও আগবাঢ়ি নাযায় আৰু পিছৰ গাড়ীকো আগবাঢ়ি যাবলৈ নিদিয়ে! পুনৰ কাজিয়া লাগিব বুলি আমাৰ টেনশ্যন হৈছে! আমাৰ গাড়ীৰ ওপৰৰপৰা মাজে মাজে হুলস্থুল ভাঁহি আহিছে! এবাৰ ঘূৰি পিছলৈ চাই দেখোঁ, সিখন গাড়ীৰ ওপৰত উঠি অহা বেপাৰীবোৰে আমাৰ গাড়ীখনৰ ফালে চকু ডাঙৰ কৰি চাই দম দিয়াৰ ভঙ্গীত কিবা কৈ আহি আছে। দুজনমানে বস্তু ভাড় বান্ধি নিয়া বাঙ্কাও (কান্ধমাৰি) জোকাৰিছে! অনুমান কৰিছোঁ, আমাৰ গাড়ীৰ ওপৰত অহা বেপাৰীবোৰেও চাগে একেটা কামকে কৰি আহি আছে। মোৰ ভয়ো লাগিছে অলপ, গাড়ীখন ৰাখিলে দুয়োখন গাড়ীৰ মানুহবোৰে ডাঙৰকৈ কাজিয়া কৰিব বুলি!
আহি আহি আমি দৌলাশাল পালোঁ। অলপ পাছতে সিখন গাড়ীও আহি পালে! চাহ দোকানৰ সন্মুখত দুয়োখন গাড়ীয়েই ৰখালে আৰু দুয়োখন গাড়ীৰ কৰ্মচাৰী সহিতে যাত্ৰীসকলে হাঁহি মাতি একেলগে বহি চাহ খালে! দেখি আচৰিত হৈ গৈছিলোঁ, কাজিয়াবোৰ কি হ’ল বুলি!
পিছত অনুমান কৰিছিলো, তেওঁলোকে হয়তো সদায় সদায় অহা যোৱা কৰা আমনিদায়ক যাত্ৰাবোৰ কেতিয়াবা এনেকৈ উপভোগো কৰে!
☆ ★ ☆ ★ ☆
3:30 pm
বঢ়িয়া লাগিল
3:34 pm
ধন্যবাদ জনালোঁ
4:29 pm
ভাল লাগিল।
5:04 pm
ধন্যবাদ জনালোঁ দেউ
5:40 pm
ভাল লাগিল মেডাম৷
6:12 pm
আন্তৰিক ধন্যবাদ জনালোঁ আপোনাক
3:10 pm
আমোদ পালোঁ পঢ়ি৷