ফটাঢোল

বিমল-ৰজনী শাস্ত্ৰ- শ্ৰুতিমালা মিশ্ৰ

যোৱা পাঁচ বছৰমানৰ অভিজ্ঞতা। পাণদোকানেই হওঁক বা গেলামালৰ দোকানেই হওঁক হৰেক ৰকমৰ গুটখাৰ পেকেটৰ মালা ওলোমাই থোৱা দেখা পাওঁ। কমলা পছন্দ, বিমল, ৰজনীগন্ধা, তুলসী, শিখৰ, হৰপল ইত্যাদি বিভিন্ন সুন্দৰ সুন্দৰ নামৰ বাহাৰ। পেকেটবোৰো ৰংচঙীয়া। কোনোবাটো যদি আকাশী নীলা ৰঙৰ কোনোবাটো ৰঙা।

ডাঙৰ পেকেটটো ফালি লৈ লগত দিয়া জৰ্দাৰ সৰু পেকেটটো মিহলাই লৈ দুয়ো আঙুলিৰ ফাঁকত সুমুৱাই যিটো ডম্বৰু বজোৱাৰ দৰে বাজনা বজাব সেইটোৰ সুৰ-তাল-লয়ৰ কোনোদিনেই ভুল নহয়। তাৰপিছত দুয়োটা মিহলাই লোৱাৰ পিছত বগা বগা ধোঁৱাৰ নিচিনা মুখেৰে বাজ কৰি গোটেই মিশ্ৰণটো মুখৰ এচুকত ৰাখি কুৰুক কুৰুককৈ চোবাবলৈ আৰম্ভ কৰে।

এইখিনি সময়ত গুটখা খাই ভালপোৱা মানুহবোৰেই পৃথিৱীৰ সকলোতকৈ বেছি ভাল আৰু অত্যন্ত মনোযোগী ব্যক্তি হিচাপে পৰিগণিত হয়। তেওঁলোকে সকলোৰে কথা এইখিনি সময়ত খুব মনোযোগেৰে শুনি থাকে। কোনোধৰণৰ না আপত্তি কৰে আৰু না তৰ্ক-বিতৰ্ক কৰে। এইখিনি সময়ত যদি ফেইচবুকৰ চোতালত কিবা গৰম টপিক চলি থাকে তেওঁলোকে খুব মনোযোগেৰে মোবাইলটোৰ স্ক্ৰীণখনলৈ চাই মাজে মাজে টাইপ কৰি থাকে, মাজে মাজে গুটখাবোৰ চোবাই আৰু কেতিয়াবা চোবাওঁতে ওলোৱা পিকবোৰ পেলোৱাৰ এলাহতে গিলিও থৈ দিয়ে। বিশেষকৈ যিসকলে ২৫ টকীয়া ৰজনীগন্ধা আৰু তুলসী মিহলাই খায় তেওঁলোকে প্ৰায়েই ইমান দাম দি কিনা বাবে ৰজনী খোৱাৰ পিছত মুখত জমা হোৱা পিকবোৰ সেয়ে গিলি থয়।

মাজে মাজে এওঁলোকৰ গুটখা খাবলৈ লগত থকা ধনেৰে নাটিলে কাষৰজনকে হাত পাতি “অলপমান দিয়াচোন” বুলিও কয়। ফলত কাষৰজনৰপৰা সময়ে সময়ে গালিও নোখোৱা নহয়।

এওঁলোক এক প্ৰকাৰৰ শিল্পীও। গুটখা খাই জমা হোৱা পিকেৰে এওঁলোকে ৰাস্তাৰ কাষতে, অফিচ-কাছাৰীৰ বেৰত, ৰাজহুৱা টয়লেটত, চৰকাৰে নতুনকৈ উদ্বোধন কৰা ফ্লাইঅভাৰৰ গাত মুহূৰ্তৰ ভিতৰতে নানা ধৰণৰ নক্সা বনাই দিয়ে। আজি কিছুদিন আগতে ৰাজ্য চৰকাৰে উদ্বোধন কৰা ফ্লাইঅভাৰখনেই এওঁলোকৰ কৃতিত্বৰ সাক্ষী।

এওঁলোকৰ শিল্পকৰ্ম যে অকল ওপৰোক্ত স্থানবোৰতেই সীমাবদ্ধ এনেকুৱা নহয়; অন্যান্য ক্ষেত্ৰতো এওঁলোকৰ প্ৰতিভা বিকশিত হয়। যেনে ধৰক কেতিয়াবা চলন্ত বাছৰ কাষেৰে পাৰ হৈ গৈছে, পেৰেককৈ এসোপামান পিক বাছৰ ভিতৰৰপৰা কোনোবা গুটখাপ্ৰেমীয়ে বাহিৰলৈ নিক্ষেপ কৰোঁতে আপোনাৰ গাই-চাই পৰি যাব পাৰে, তাতে আপুনি আপত্তি কৰাৰো চান্স নাপাব। যদি বাছত বা যিকোনো ৰাজহুৱা পৰিবহনত আপুনি যাত্ৰা কৰোঁতে আপোনাৰ আগৰ চিটত যদি কোনোবা গুটখাপ্ৰেমী বহিছে তেতিয়াহʼলে তেওঁ খিৰিকীৰে বাহিৰলৈ পেলোৱা পিক বতাহত মৃদু মৃদুকৈ উৰি আহি আপোনাৰ গাৰ বস্ত্ৰত পৰি বিভিন্ন চানেকিৰ ফুল বা বুটা বাচিব পাৰে। তেতিয়া সেই বস্ত্ৰ আপুনি ঘৰলৈ অহাৰ পিছত গোটেই জীৱন হাৰপিকেৰে ধুলেও সেই দাগ নাযাব।

গুটখা খাই ভালপোৱা মানুহবোৰে যেতিয়াই তেতিয়াই গুটখা খাই ভালপায়। কোনো নিৰ্দিষ্ট সময় নাই। এওঁলোকৰ বহুতেই ৰাতিপুৱা বিচনাৰপৰা উঠি মুখ নুধোওতেই গুটখা মুখত ভৰায়। আসক্ত জনতাৰ বেছিভাগেই গুটখা নোখোৱাকৈ বেছি সময় শান্তিৰে বহি থাকিব নোৱাৰে। বহুতে কিন্তু পইচা বচাবলৈ দিনটোত এপেকেটেই কিনি কিঞ্চিত কিঞ্চিতকৈ খাই থাকে, পেকেটটোৰ কোণটো ভাঁজ কৰি পকেটত ভৰাই থয়, সময়ে সময়ে খাই থাকে। এই ভালপোৱাৰ বাবে বেছিভাগ গুটখাপ্ৰেমীকে গেষ্ট্ৰিকে বিৰাট ভালপায়, গেষ্ট্ৰিকে তেওঁলোকৰ সংগ নেৰে।

কেপি ( কমলা পছন্দ), বিমল, ৰজনী এইবোৰৰ দূৰ্ঘোৰ প্ৰেমিক যদি কোনোবা আপোনাৰ অত্যন্ত ভাল চিনাকি তেনেহ’লে জানি থওঁক তেওঁলোক এই পৃথিৱীত আলেকজেণ্ডাৰৰ পিছতেই ডাঙৰ বীৰ। গুটখাৰ পেকেটটোত জৰ্দা ভৰাই জোকাৰি জোকাৰি যিটো বাদ্য বজাব সেইটোতে আপুনি জানিব লাগিব যে আগন্তুক এঘণ্টালৈ তেওঁলোকৰ আগত খুটিতাল বজাই লাভ নাই।

যদি আপুনি তেওঁলোকৰ আগত অত্যন্ত গুৰুত্বপূৰ্ণ কিবা কথা কৈ আছে তেন্তে আনে আপোনাৰ কথাত গুৰুত্ব নিদিলেও এওঁলোকে দিবই দিব কাৰণ এই এঘণ্টা কথা কোৱা নিষেধ।  আপুনি কৈ থকাৰ মাজত বা শেষ হোৱাৰ পিছত কেনেবাকৈ তেওঁলোকে যদিহে পিক পেলাবলৈ উঠিছে বা পেলাইছে তেন্তে এতিয়া আপুনি নিশ্চিন্ত হ’ব পাৰে যে তেওঁলোকে এতিয়া সাংঘাটিক গুৰুত্বপূৰ্ণ কিবা এষাৰ ক’ব।

আজিৰ জ্ঞান সমাপ্ত।

☆ ★ ☆ ★ ☆

12 Comments

  • হেমন্ত কাকতি

    হাঃ হাঃ মজা লাগিল শ্ৰুতি৷

    Reply
  • শ্ৰুতিমালা মিশ্ৰ

    ধন্যবাদ ছাৰ ?

    Reply
  • পঢ়িলোঁ দিয়া।

    Reply
  • শ্ৰুতিমালা মিশ্ৰ

    ধন্যবাদ তবিবৰ দা ?

    Reply
  • Anonymous

    মজা ।

    Reply
  • Dwijen Taamuli

    বঢ়িয়া বৰ্ননা হা
    তামাম

    Reply
  • শ্ৰুতিমালা মিশ্ৰ

    বহুত ধন্যবাদ সকলোলৈকে ?

    Reply
  • ৰুপম ভাগৱতী

    বহুত ভাল লাগিল পঢ়ি ।

    Reply
  • ডলী তালুকদাৰ

    মজ্জা লাগিল।

    Reply
  • শ্ৰুতিমালা মিশ্ৰ

    বহুত ধন্যবাদ আটাইলৈকে ?

    Reply
  • দীক্ষিতা

    একদম ভালকৈ অধ্যয়ন কৰি লিখিছে দেই বৰ্ণনাখিনি।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    হাঃ হাঃ! বঢ়িয়া৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *