ফটাঢোল

ভাইৰাছৰ আৱৰণ-নাজিফ হাজৰিকা

২৮ মাৰ্চ ২০২১ চন৷

ইতিমধ্যে COVJ21 ভাইৰাছ মহামাৰী ৰূপত সমগ্ৰ বিশ্বতে বিয়পি পৰিছে। WHO ৰপৰা আৰম্ভ কৰি বিশ্বৰ সকলোবোৰ উন্নত দেশ বিফল হৈছে এই মহামাৰী প্ৰতিৰোধ কৰাত। লকডাউন আৰু emergency ত বিধস্ত হৈ পৰিছে বিশ্বৰ জনজীৱন কিন্তু তেতিয়াও যোৰহাটৰ নিজা গৱেষণাগাৰত নীৰৱে গৱেষণাত ব্যস্ত হৈ আছে ডা° নিবাৰণ বৰা।

এবাৰ ইলেক্ট্ৰন মাইক্র’স্ক’পত, এবাৰ কম্পিউটাৰ স্ক্ৰীণত আৰু এবাৰ টেষ্ট টিউবত চকু ফুৰাই মুখখন ৰঙা হৈ পৰিল নিবাৰণ বৰাৰ। বুজি উঠিলে তেওঁ প্ৰকৃত সত্য। কাগজ এখন লৈ লিখিবলৈ আৰম্ভ কৰিলে :

প্ৰকৃততে COVJ21 ভাইৰাছটো তিনিখন প্ৰ’টিন আৱৰণৰ দ্বাৰা সুৰক্ষিত হৈ থাকে৷

আৱৰণ ১ :  Spike (S) protein (PDB code – 6CRV)। এইখন আৱৰণ আটাইতকৈ ওপৰত আৰু আটাইতকৈ পাতল আৱৰণ।  ৪৭ ডিগ্ৰীতকৈ বেছি বা ৪ ডিগ্ৰীতকৈ কম তাপমানত এইখন আৱৰণ ধংস হৈ যায়।

আৱৰণ ২ : Envelope (E) protein (PDB code – 5X29)৷ এইখন আৱৰণ মাজত থাকে আৰু কিছু শক্তিশালী। এলকহল বা চেনিটাইজাৰৰ সংস্পৰ্শত এক মিনিটমান থাকিলেই ধ্বংস হৈ যায়৷

আৱৰণ ৩ : Membrane (M) protein (PDB code – 3I6G)। এইখন আটাইতকৈ শক্তিশালী আৰু আটাইতকৈ ভিতৰত থকা আৱৰণ। ইয়াক ধ্বংস কৰিবলৈ মে’লটিন প্ৰ’টিনৰ প্ৰয়োজন।

ভাইৰাছটোক পৰাজিত কৰাৰ উপায় এটাই। সেয়া হৈছে একেসময়তে ইয়াৰ তিনিওখন আৱৰণক আঘাত কৰি ভাঙি পেলোৱা। ভাইৰাছটো তেনেই সাধাৰণ দুৰ্বল ভাইৰাছ, সি নিজেই নিষ্ক্ৰিয় হৈ পৰিব। নিবাৰণ বৰাই কথাখিনি মেইলত টাইপ কৰি আগশাৰীৰ মেডিকেল জাৰ্নেল TNEJMলৈ পঠিয়াই দিলে। আঠচল্লিশ ঘণ্টাৰ ভিতৰত বিশ্বৰ চিকিৎসাবিজ্ঞান মহলত খলকনি তুলিলে এইখন গৱেষণা পত্ৰই। ইমান দিনে বিচাৰি থকা সমাধান পাই গ’ল সকলোৱে। নিবাৰণ বৰাৰ গৱেষণাৰ ওপৰত ভিত্তি কৰি পোন্ধৰ দিনৰ ভিতৰতে প্ৰতিষেধকৰ সফল পৰীক্ষণ কৰিলে ৰাছিয়া আৰু ফ্ৰান্সে৷ লাহে লাহে বিখ্যাত হৈ পৰিল নিবাৰণ বৰা। বিশ্বলৈ শান্তি ঘূৰি আহিল। নিবাৰণ বৰা হৈ পৰিল অসমীয়াৰ বুকুৰ কুটুম, হিয়াৰ আমঠু৷ য’লৈকে যায় গামোচা, জাপি, বঁটাৰে শোভিত হৈ পৰে ডা° নিবাৰণ বৰা।

*   *    *
২০২১ চন, মে’ মাহ৷

অসমত এতিয়া নিৰ্বাচনৰ বতৰ। মুঠতে সকলো ফালে

“জিন্দাবাদ, জিন্দাবাদ”

নিবাৰণ বৰাৰ অভূতপূৰ্ব জনপ্ৰিয়তাক কোনো এটা ৰাজনৈতিক দলেই এৰি দিব বিচৰা নাই। সকলোৱে তেওঁক নিজৰফালে টানিবলৈ বিচাৰিছে। নিবাৰণ বৰাৰো জাতিটোৰ বাবে কিবা এটা কৰিবলৈ সদায়েই মন কিন্তু নিবাৰণ বৰা ঘোৰ জাতীয়তাবাদী আৰু অঞ্চলিকতাবাদী মানুহ। গতিকে ৰাষ্ট্ৰীয় দলক চিধা নস্যাত কৰিলে তেওঁ। গণ শক্তি পৰিষদ বা চমুকৈ GSP নামৰ নতুনকৈ গঠন হোৱা আঞ্চলিক দলটোত জইন কৰিলে তেওঁ। পূৰ্ণোদ্যমে চলিল নিৰ্বাচনী প্ৰচাৰ। এনেও নিবাৰণ বৰা এতিয়া জনপ্ৰিয়তাৰ তুংগত৷

প্ৰায় ষাঠি হাজাৰ ভোটৰ ব্যৱধানত দলঙনি সমষ্টিৰপৰা বিজয়ী হ’ল নিবাৰণ বৰা। বিভাগ এটাৰ মন্ত্ৰীত্বও পালে তেওঁ। এতিয়া নিবাৰণ বৰাৰ লগত ঢেৰ মানুহ। সকলোবোৰ ভাল মানুহ! নতুন চৰকাৰ, নতুন দল, নতুন মুখ। অসমীয়া আজি সুখী।

*   *   *

২০২২ চন

দৌৰিছে নিবাৰণ বৰা, খুব দৌৰিছে। ৰাইজৰ কামত নিজকে সম্পূৰ্ণ উচৰ্গা কৰি দিছে৷ য’লৈকে মাতিছে দলীয় কৰ্মীয়ে, যি সামাজিক কামতে মাতিছে, তেওঁ গৈছে৷ মুঠতে তেওঁ সমষ্টিৰ উন্নয়নৰ বাবে সকলো কৰিছে তেওঁ।

আজি দুপৰীয়া বালিজানৰ পঞ্চায়তৰ কাম চাই আহি ক্ষন্তেক সময় ঘৰতে জিৰণি লৈছিল। হঠাৎ তেওঁৰ  ঘৰৰ গেটৰ ওচৰত হুলস্থূল শুনিবলৈ পালে। ওলাই গ’ল তেওঁ। দেখিলে চিকিউৰিটি গাৰ্ড দুজনে এজন ধুতি-পাঞ্জাবী পিন্ধা গাঁৱলীয়া মানুহক বেটেৰে কোবাই আছে।

: কি হ’ল, কি হ’ল? কিয় মাৰ-পিট কৰিছা? কোন এওঁ?

নিবাৰণ বৰাই খঙেৰে সুধিলে গাৰ্ডক।

: ছাৰ এওঁৰ কোনো এপইণ্টমেণ্ট নাই, জোৰ জবৰদস্তি সোমাবলৈ বিচাৰিছে৷ কিবা গোচৰ লৈ আহিছে বোলে।

: একো নাই, একো নাই আহিবলৈ দিয়া। দাদা আহক, ভিতৰলৈ আহক।

নিবাৰণ বৰাই মাতি লৈ গ’ল তেওঁক ভিতৰলৈ৷

টেঙনিমুখ পঞ্চায়তত হৈ থকা বিয়াগোম কেলেংকাৰী এটাৰ বিষয়ে মানুহজনে বৰাৰ আগত বহুতো কথা ক’লে। বিভিন্ন তথ্যও দিলে। গোটেইবোৰ কথা শুনি বৰাই মানুহজনক বিদায় দিলে। গোটেই কেছটো তদাৰক কৰিবলৈ তেওঁ জ্ঞানদীপক দায়িত্ব দিলে।

জ্ঞানদীপ ভাল ল’ৰা, সাহসী ল’ৰা। যিকোনো কাম সহজতে সমাধা কৰিব পাৰে, তাৰ এক ডাঙৰ নেটৱৰ্ক আছে। বহুত ল’ৰা মেনেজ কৰি ৰাখিছে সি। অৱশ্যে মাজে মাজে মদ খাই সিহঁতে। খাবই! ডেকা ল’ৰা যিহেতু।

*   *   *

২০২৩ চন

বৰাৰ কাৰ্যকালত সমষ্টিৰ বহুতো উন্নতি হৈছে। ৰাইজ সুখত আছে৷

আজি ৰাতিপুৱাতে দলীয় কৰ্মী মদন আহি হাজিৰ হ’লহি বৰাৰ ঘৰত।
: ছাৰ, কথা এটা আছিল।

: অ, মদন। কোৱা কি কথা।

: ছাৰ চি চি ব্লকৰ ৰাস্তাৰ টেণ্ডাৰ ওলাইছিল যে।

: অ, কোৱা।

: অলপ চাই দিব নেকি? মোৰ ভতিজাটোৱেও টেণ্ডাৰ পেলাইছে৷

: হয় নেকি? হ’ব দিয়া মই SDO ক ক’ম বাৰু। হেৰি নহয়, কালিয়নীৰ দলঙৰ কাম আজি চাবলৈ যাম৷ ওলাবা।

: হয় ছাৰ, যাম দিয়ক।

*  *  *

নিবাৰণ বৰাই কালিয়নীৰ দলং পৰিদৰ্শন কৰিবলৈ যাওঁতে দলীয় কৰ্মীৰ ভিৰ ফালি আহি এজন মানুহে চিঞৰি উঠিল,

: ঐ MLA, এইবোৰ কি দলং বনাইছ? খুঁটাত দুই চুটা ৰড ফচাই আছ যে ….

মানুহজনে কথাখিনি শেষ কৰিব নৌপাওঁতেই জ্ঞানদীপ আহি মানুহটোৰ বুকুত খামুচি ধৰিল।

: ঐ কাক “তই” বুলি ক’বলৈ আহিছ? MLA ছাৰ হয়, দেখা নাই।

: আমি এনেকৈয়ে কওঁ …

“ঢাপ” প্ৰচণ্ড ভুকু এটা পৰিল মানুহটোৰ বুকুত। ঢলি পৰিল সি। নিবাৰণ বৰাই একো পাত্তাই নাপালে ঘটনাটোৰ। অৱশেষত মানুহটো ভিৰৰ পৰা অন্তৰ্ধান হৈ পৰিল। কাম পৰিদৰ্শন কৰি সকলো উভতিল৷ সন্ধিয়ালৈ জ্ঞানদীপ আহিল নিবাৰণ বৰাৰ ওচৰলৈ।

: ছাৰ৷

: কোৱা জ্ঞানদীপ।

: ছাৰ, আজি ল’ৰাখিনিয়ে কিবা এটা খাম বুলি ভাবিছে হেনো!

: অ হয় নেকি! ৰ’বা ৰ’বা।

বৰাই  গাৰ্ড  অনিমেশক ইংগিত দিলে। অনিমেশে টকা  পাঁচহাজাৰ জ্ঞানদীপৰ হাতত গুজি দিলে।

*   *   *

২০২৬ চন, মে’ মাহ।

ইতিমধ্যে অসমত আকৌ নিৰ্বাচনৰ বতৰ আৰম্ভ হৈছে৷ দলঙনি সমষ্টিৰ আকাশে বতাহে এতিয়া মাথো এটাই চিঞৰ। “নিবাৰণ বৰা জিন্দাবাদ, জিন্দাবাদ”৷ নিজৰ জনপ্ৰিয়তা, ৰাইজৰ মৰম আৰু সমষ্টিৰ উন্নয়নত নিবাৰণ বৰা আজি গৰ্বিত। তেওঁৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে সমীৰণ শইকীয়া নামৰ ৩০ বছৰীয়া এজন যুৱকে। অৱশ্যে জনপ্ৰিয়তা নাই, নিবাৰণ বৰা জিকাটো প্ৰায় নিশ্চিত। যথাসময়ত নিৰ্বাচন অনুষ্ঠিত হ’ল। এমাহ পিছত নিৰ্বাচনৰ ফলাফলো প্ৰকাশ হ’ল।

নিবাৰণ বৰা হাৰিল, বেয়াকৈ হাৰিল। ৩০ হাজাৰ ভোটৰ ব্যৱধানত হাৰিল তেওঁ। নিবাৰণ বৰা বাকৰূদ্ধ হৈ পৰিল। লাজে-অপমানে নিজকে গৃহবন্দী কৰিলে। আকৌ ঘূৰি গ’ল নিজৰ অতীতৰ গৱেষণাগাৰলৈ। এতিয়া এয়াই তেওঁৰ জীৱন।

*   *   *

সমীৰণ শইকীয়া এতিয়া ভীষণ ব্যস্ত। ৰাইজৰ কামত নিজকে অৰ্পণ কৰি দিছে। দলীয় কৰ্মীৰ সৈতে সকলো পৰিদৰ্শন কৰিছে। আজি মধুপুৰ পঞ্চায়তৰ অফিচলৈ আহিছিল সমীৰণ। অফিচৰপৰা ঘূৰিবলৈ লওঁতেই হঠাৎ লগ পালে এজন জপৰা চুলিৰ, দীঘল দাড়িৰ মানুহক। ভালকৈ চাই দেখিলে সেইয়া প্ৰাক্তন বিধায়ক নিবাৰণ বৰা।

: ছাৰ!

বৰাই একো উত্তৰ নিদিলে। মাথো নীৰৱে কাগজ এটুকুৰা তুলি দিলে সমীৰণৰ হাতত। আৰু তেওঁ আঁতৰি গুচি গ’ল। সমীৰণ শইকীয়াই গাড়ীত বহি  কাগজখন খুলি পঢ়িবলৈ ধৰিলে,

মৰমৰ ভাইটি।

তুমি বুলিয়েই কৈছোঁ, সৰু হ’বা যিহেতু। প্ৰথমতেই শুভেচ্ছা থাকিল তোমালৈ।

বিধায়ক হিচাপে এতিয়া তুমি কেইটামান কথা মনত ৰাখিব লাগিব। এজন মানুহ বিধায়ক হোৱাৰ লগে লগে তিনিখন আৱৰণে আৱৰি ধৰে।

আৱৰণ ১ : দলীয় কৰ্মীৰ আৱৰণ। এইখন আটাইতকৈ বাহিৰৰ আৱৰণ। এওঁলোক আটাইতকৈ ধুৰন্ধৰ (কিছুমানক বাদ দি)৷ এওঁলোকে তুমি য’লৈকে যোৱা, তাতেই তোমাৰ আগে-পিছে, সোঁৱে-বাঁৱে থিয় হৈ এনেকুৱা এক আৱৰণ সৃষ্টি কৰে যে সাধাৰণ মানুহ তোমাৰ ওচৰেই চাপিব নোৱাৰে। আৰু যি কামেই পৰিদৰ্শন কৰিবলৈ নোযোৱা লাগে এওঁলোকে এনেকুৱাকৈ ক’ব যেন সকলো কাম নিকা আৰু পৰিষ্কাৰকৈহে হৈছে। এওঁলোক ইমানেই ধুৰন্ধৰ যে পঞ্চায়তৰ কামবোৰত চকু ফুৰালে গম পাবা বেছিভাগ কামেই এওঁলোকৰ অঙহি-বঙহিয়েই পাই, কিন্তু তুমি গমেই নোপোৱা।

আৱৰণ ২ : ফকটীয়া মদ-গাহৰি খোৱাৰ ধান্দাত থকা ১০-১২ জনীয়া ডেকাৰ এটা গোট। এইখন আৱৰণ সহজে মানুহৰ চকুত নপৰে। বাহিৰত এওঁলোকৰ নাম “MLA ৰ সোঁহাত” বা “MLA ৰ ৰাইট হেণ্ড”৷ এওঁলোক অলপ গুণ্ডা টাইপৰ মানুহ আৰু দালালিৰ বাহিৰে একো নাজানে। কোনো সাধাৰণ মানুহে MLA ক লগ কৰিবলৈ হ’লে এওঁলোকৰ লগতহে প্ৰথমতে কথা পাতিব লাগিব।

আৱৰণ ৩ : এইখন হৈছে নিৰাপত্তাৰক্ষীৰ আৱৰণ। বন্দুকে, গাড়ীয়ে, চানগ্লাছে, বাইছেপ আৰু ট্ৰাইছেপছেৰে এওঁলোকে এনেকুৱা এখন গহীন আৱৰণ সৃষ্টি কৰে যে সাধাৰণ মানুহৰ দেখিলেই ভয় লাগে, নাৰ্ভাছ কৰে৷ এইখন অৱৰণ আটাইতকৈ শক্তিশালী আৰু আটাইতকৈ ওচৰৰ।

এই তিনিওখন আৱৰণ ফালি সমষ্টিৰ সাধাৰণ কথা ক’বলৈ, তোমাৰ ওচৰ চাপিবলৈ ৰাইজে ভয় কৰে। গতিকে সমষ্টিত আচলতে কি চলি আছে তুমি একো গম নোপোৱা। এই তিনিওখন আৱৰণ মিলি তোমাৰ চকুত এখন সপোনৰ মায়াজাল সৃষ্টি কৰে। তোমাৰ সমষ্টিত যেন ৰামৰাজ্যহে চলি আছে৷ তুমি যদি ৰাতিপুৱাৰেপৰা গধূলিলৈকে তোমাৰেই সংগোপাংগৰ লগত থাকা, তোমাৰেই দলীয় কৰ্মীৰ লগত থাকা, তোমাৰেই নিৰাপত্তাৰক্ষীৰ লগত থাকা, তোমাৰেই পঞ্চায়ত কৰ্মীৰ লগত থাকা, তুমিতো গোটেইখন এনেও ভালেই দেখিবা দিয়াচোন।

গতিকে মোৰ এটা উপদেশ আছে, পাৰিলে ভাঙি দিয়া এই তিনিওখন আৱৰণ। ধ্বংস কৰি দিয়া আৰু যদি নোৱাৰা, তেন্তে মাহত এবাৰ হ’লেও মাত্ৰ দুঘণ্টা বিৰোধীৰ লগত অকলে বহি কথা পাতা। একদম অকলে৷ চিন্তা নকৰিবা, তুমি বেয়া কাম নকৰিলে বিৰোধীয়েও তোমাক একো নকৰে।

ইতি

ডা° নিবাৰণ বৰা

চিঠিখন পঢ়ি সমীৰণ শইকীয়াৰ মুখখন ৰঙা পৰি গ’ল। সকলো কথাই বুজি উঠিল সি। ইতিমধ্যে সমীৰণৰ গাড়ীখন আহি ৰঙাপাৰা পঞ্চায়ত পাইছিলহি। গাড়ীৰপৰা নামি সি পঞ্চায়ত অফিচৰ ফালে আগবাঢ়ি গ’ল। পিছে পিছে আহিবলৈ লোৱা গাৰ্ড, দলীয় কৰ্মী আৰু দলীয় গুণ্ডালৈ চাই হাতখন দাঙি ৰ’বলৈ ক’লে৷

: ছাৰ!

এজন দলীয় কৰ্মীয়ে চিঞৰিলে।

: তোমালোক কোনো আহিব নালাগে, মই অকলে যাম।

: কিন্তু ছাৰ…

: নাই, কোনো নাহিবা, মই অকলে যাম, অকলে কথা পাতিম।

কথাখিনি কৈ সমীৰণ শইকীয়া আগবাঢ়ি গ’ল৷ মানুহবোৰে ভেবা লাগি চাই থাকিল। দলঙনি সমষ্টিয়ে আজি এজন বেলেগ MLA পালে। নিবাৰণ বৰা  তেতিয়াও নিজৰ গৱেষণাগাৰত ব্যস্ত আছিল।

☆ ★ ☆ ★ ☆

6 Comments

  • ৰাজশ্ৰী

    অশেষ ধন্যবাদ দেই নাজিফ।

    Reply
    • nazif hazarika

      আপোনালৈও ধন্যবাদ থাকিল বা।

      Reply
  • Prnita Giswami Barthakur

    বৰ ভাল লাগিল। সুন্দৰ সামঞ্জ্যঞ্চ ৰাখিছে গল্পটোত। উচ্চস্তৰীয় ব্যংগ।

    Reply
  • Devajit saud

    Jothesto bhal hoise… Apunaloi xubhkamona thakil..

    Reply
  • Rimjhim Borthakur

    সাংঘাতিক

    Reply
  • মানসী

    খুব ভাল লাগিল পঢ়িল..

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *