বৰানীৰ টেলেণ্ট-ৰাস্না বৰা
শোৱাৰপৰা উঠি চাহকাপ হাতত লৈ পুৱাৰ মিঠা ৰ’দজাকৰ উম লৈ মানুহজনীয়ে মোবাইলটো হাতত তুলি ফেচবুকটো খুলিছিলহে এজনৰ আৰম্ভ হ’লেই নহয় বোলে তোমাৰ কাম নাই আৰু সেইডাল চাই চাই লোকৰ ফটোত কমেণ্ট মৰা, কোনে কিমান ধুনীয়া চাদৰ মেখেলা পিন্ধিছে তাকে মোক দেখুৱাই আজি বোলে এনেকুৱা এযোৰ ভতিজীৰ বিয়াতহে ল’ম আজি বোলে ভাগিনৰ বিয়াত নীলা ল’লোঁ ভাইটিৰ বিয়াত কমলা ৰঙৰ লওঁ, আকৌ বোলে এইখন গৰমৰ বিয়া পাতল গুলপীয়া এযোৰহে লওঁ তাৰমানে দাঁত সৰি চুলি পকী আলৰ বুঢ়ী হ’লে ছেকেণ্ডহেণ্ড কাপোৰৰ দোকান খুলিবা নেকি? ফেচবুকত কিবা এটা লেখা-মেলাকে কৰিবলৈ শিকাচোন। সেই কমলা দাস, চিত্ৰলেখা দেৱী, নিলাক্ষী, পৰী, ডলি, ৰাজশ্ৰীহঁতক দেখিছা কিমান টেলেণ্টেড? লিখাবোৰ পঢ়ি কিবা ভাল লাগি যায়। এইখিনি কথা শুনি নিজৰ মানুহজনী যে কালি গোসাঁনী ৰূপ নাই লোৱা সেইটোহে আচৰিত নহয়নে বাৰু? পুৱাই পুৱাই বৰাই এই সুন্দৰীসকলৰ নাম লৈ যে ভাল কাম নকৰিলে বপুৰাই ভাবিয়েই চোৱা নাই। উচাৎ মাৰি বৰানীয়ে পুৱাৰ কামত ধৰিলেগৈ, ইপিনে পাগঘৰত একো সাৰ-সুৰ নেপাই মানুহটো পাছফালে আহি দেখে ধমধমকৈ আচাৰি আচাৰি মানুহজনী কাপোৰ ধোৱাতহে ব্যস্ত। আনকালে হোৱা হ’লে ইমানপৰে লুচী ভাজি, গাখীৰ চাহ ৰেদি কৰি খাবলৈ মাতিলে হয়। গা বাজি গ’ল মানুহটোৰ, পুৱাই জগৰ লগালে বুলি। উপায় নাপাই মাতটো যিমান পাৰি মিঠাকৈ উলিয়াই জলপানকণকে দিবলৈ বৰানীক খাটিলে। একো মাতবোল নকৰি মানুহজনী চিধাই পাগঘৰ পালেহি। লুচী ভাজিৰ ঠাইত অ’টচৰ পেকেটটো উলিয়াই বাতি এটাত লৈ গৰম পানী এগাল দি এচিকুট গাখীৰ আৰু নামমাত্ৰ চেনী দি আগত দিলেগৈ। এচামুচ মুখত দিয়েই মুখ বিকটাই মানুহটোৱে বোলে, “ইমান বেয়া লাগিছে খায়। গাখীৰ চেনী একো নিদিলাই নেকি, কাজু খিছমিছো নাই নেকি?” নুশুনা ভাও ধৰি মানুহজনীয়ে কাপোৰবোৰ মেলি আজৰি হৈ মোবাইলটো লৈ চিন্তা কৰাত লাগিল। কিবা এটা লিখিব লাগিব। কিন্তু কি!
বহুত ভাবি চিন্তি নতুন আইডিয়া এটা পাই গ’ল। বিয়াৰ বতৰ যেতিয়া বিয়া নামকে লিখিব; কিন্তু নতুন শৈলীৰ ফেচবুকিয়া বিয়া নাম। এইবুলি লিখিবলৈ আৰম্ভ কৰিলে
ৰাম কৃষ্ণ গা ধুই আইদেৱে
ৰামকৃষ্ণ মুখখন ফুলাইছে
হৰি মোৰ ঐ তেল হালধি বেছি হ’ল বুলি।
ৰাম কৃষ্ণ খৰধৰ কৰা
ৰামকৃষ্ণ নিয়মবোৰ সামৰা
হৰি মোৰ ঐ
মুৱা(মেক আপ আৰ্টিষ্ট)আছেহি ৰৈ।
ৰাম কৃষ্ণ গুৱাহাটীৰপৰা
ৰাম কৃষ্ণ মুৱা আহিছে
কইনা সজাব লাগে।
ৰাম কৃষ্ণ আগৰ দিনৰ দৰে
ৰাম কৃষ্ণ সখীহঁত নালাগে
ত্ৰিশ হেজাৰ টকীয়া মুৱা।
ওলাই আহে আমাৰ আইদেউ
লগত ছাতি ধৰা ২
আগে পিছে ফটোগ্ৰাফাৰ
আয়তী কাষ হৈ দিয়া।
উলু উলু উলু।
মাহীদেৱে কান্দি কন্যাক
সাবটিব খোজাত২
কন্যাই বোলে প্লিজ মাহী
মাৰ সৈতেই কান্দা।
চকু ফুলি গ’লে মোৰ
ফটো হ’ব বেয়া২
লাজ পাম এলবাম চাই
নগৰীয়া দৰা।
উলু উলু উলু (সুৰ লগাই গাব দেই)। বঢ়িয়া নিজৰ টেলেণ্ট এইবাৰ জাগ্ৰত হ’ল যেতিয়া ৰক্ষা নাই। বৰাক দেখুৱাইহে এৰিব। ঠিকেই দিয়কচোন সুন্দৰী মহিলাৰ গুণ পতিয়ে বখানিলে এনে জ্বলন হ’বই দিয়কচোন। পাছৰখিনি ভাত পানী ৰান্ধি আজৰি হৈ লিখিব। এতিয়া চিধাই গৈ বৰাক বোলে দেখিছে মোৰ টেলেণ্ট পঢ়ি চাওক। মানুহটোৱে চশমাযোৰ লৈ পঢ়ি চাই চকীখনত ধৰি ভাগ্যেহে নপৰাকৈ থাকিল।
☆ ★ ☆ ★ ☆