ফটাঢোল

নাকৰ কাহিনী-অঞ্জু মহন্ত

সৰু চহৰখনত থকা কৃষি বিভাগৰ অফিচটোতে কণক শৰ্মাই কাম কৰে। অফিচৰ প্ৰতিজন কৰ্মচাৰীৰে   চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী শৰ্মা অতি প্ৰিয়। কাৰো কথা নেপেলাই সকলো কামেই অতি আন্তৰিকতাৰে কৰে। শৰ্মাদেউক অফিচত প্ৰায়ভাগেই ‘নাকো শৰ্মা’ বুলি সম্বোধন কৰে। আপত্তি তেওঁ নকৰে, অফিচত কেইজনৰনো আছে তেওঁৰ দৰে নাক? দুজন মানকতো ভগৱানে অবিচাৰ কৰা বুলিয়েই তেওঁ ভাবে। নাকটো তেওঁৰ বাবে গৌৰবৰ বিষয়৷ প্ৰতিটো শনিবাৰে অফিচ ছুটীৰ পিছত শৰ্মাই গাঁৱলৈ যোৱা বাছখনত এসপ্তাহে যোগাৰ কৰি থোৱা টুক-টাক বস্তুৰ মোনাটো লৈ যাত্ৰা আৰম্ভ কৰে।

চাৰিআলিত নামি তেওঁ মাছ-মাংসৰ বজাৰখনত পাক এটা মাৰেই। কোৱাৰ্টাৰত তেওঁ মাছ-মাংসৰ জঞ্জালখন নকৰে, একেবাৰে ঘৰলৈ গৈ ল’ৰা দুটি আৰু ঘৈণীয়েকৰ লগতহে আমিষ ভোজনৰ সুখকণ লয়গৈ। কোৱাৰ্টাৰত তেওঁৰ ঘৰৰপৰা নিয়া চাউল, সৰু ঘিউৰ বটল এটা, ভাতৰ লগত সোনকালে সিজিবলৈ মধ্যমীয়া জোখৰ আলুকেইটামান, গেলামালৰ দোকানৰ বস্তাত থকা নিমখৰ বাহিৰে আন বস্তু দেখিবলৈ পোৱাটো  দুৰ্লভ।

অফিচৰ চাহ বনোৱাৰ দায়িত্ব শৰ্মাৰে, গতিকে ঘৰত কাৰনো চাহৰ চচপেন ধুবলৈ মন যাব! খং-ৰাগ চিনি নোপোৱা শৰ্মা, হাঁহিমুখীয়া। শনিবাৰ হ’লেতো কথাই নাই, গা সাতখন আঠখন। শনিবাৰে তেওঁ  ঘৰমুখী যাত্ৰা আৰম্ভ কৰিলে। বাছখন ৰোৱাৰ লগে লগে লৰালৰিকৈ নামিল। আগতেও কেইবাদিনো তেওঁ টোপনিৰ বাবে আগৰ ষ্টপেজত নামি খোজকাঢ়ি ঘূৰি আহিবলগীয়া হৈছিল৷

চাৰিআলিৰ মাছৰ বজাৰখনত সোমাই তেওঁ মাছ অলপ সৰহকৈয়েই ল’লে। এমাহমানৰপৰা মাছ ভালকৈ পাতত নপৰা হৈছে। শৰ্মানীয়ে মেকুৰী এজনী পুহিব লোৱাৰপৰাই ঘৰখনত এইবোৰ ঘটিবলৈ লৈছে, কিয় যে মানুহবোৰে এইবোৰ জঞ্জাল চপাই লয়! হেৰৌ কুকুৰ পোহ, মেকুৰী পোহ যি পোহ পুহি থাক সেইবুলি ইমান কষ্টৰে ঘটা ধনেৰে কিনা মাছ নোখোৱালে নহয়নে, মাছৰ কাঁইটবোৰ দিয়ই দেখোন। নকওঁ‌ বুলি ভাবিলেও কেতিয়াবা মুখৰপৰা অবাইচ মাত এষাৰ ওলাই আহিব খোজে, ল’ৰা-ছোৱালীকেইটাই শুনিব বুলিহে কিবা কৈ মুখখন জপাই থয় মানুহজনে৷

ঘিটমিটিয়া এন্ধাৰ ৰাস্তাটো, গাঁওবাসীয়ে বিজুলী বাতিৰ পোহৰ এতিয়াও পোৱা নাই। নঙলা খোলাৰ শব্দত শৰ্মানীয়ে টিপ-চাকিটো লৈ ওলাই আহিল, লগতে ৰাম-লক্ষণেও পদ্য আৰু নেওঁতা এৰি দৌৰ মাৰিলে। জেপৰপৰা টেঙা মৰ্টণকেইটা পুতেকহঁতক দি মোনাটো শৰ্মানীৰ হাতত দি ক’লে,

: মাছ সৰহকৈ আনিছোঁ‌, ভাতৰ ব্যৱস্থা অলপ সোনকালে কৰাগৈ।

চাহপানী খাই শৰ্মাই চোতালত মূঢ়া এটা লৈ বহিল। পাকঘৰৰপৰা মাছ ভজাৰ গোন্ধ ভাঁঁহি অহাৰ লগে লগে শৰ্মাৰ মনত এটা সন্দেহ জাগ্ৰত হ’বলৈ ধৰিলে। লাহে লাহে তেওঁ ৰান্ধনীঘৰৰ চৌকাৰ মুখৰ বাঁহৰ খিৰিকীখনৰফালে আগবাঢ়ি গ’ল। খিৰিকীখনেৰে ভিতৰলৈ চাই শৰ্মাদেউ চমকি উঠিল। শৰ্মানীয়ে দেখোন মাছ ভাজি আছে আৰু….। অ’ আচল কথা ক’ৰবাত, আজি বাপ্পেকে মেকুৰী ধৰা পেলালোঁ‌।

টিপ-চাকিৰ পোহৰত বাঁহৰ খিৰিকীখনৰ মুখত শৰ্মানীয়ে গুলপীয়া হালধীয়া কিবা এটা দেখি উচপ খাই উঠিল। কি হ’ব পাৰে বাৰু! মাছৰ গোন্ধ পাই ‘বাক’ আহি এইখিনি পালে নেকি? শৰ্মানীও পিচে এলাপেচা বিধৰ মানুহ নহয়! মাছ ভাজি থকা গৰম হেতাখন এটা পাকত খিৰিকীৰ মুখত ৰৈ থকা বস্তুটোত লগাই দিলে। লগে লগে বিকট চিঞৰ এটা শুনি তেওঁ ভয় খাই উঠিল। চিঞৰটো দেখোন চিনাকি চিনাকি লাগিছে! কেৰাহী চৌকাৰ ওপৰতে এৰি তেওঁ লৰালৰিকৈ ওলাই আহি শৰ্মাক মাটিত বাগৰি বাগৰি  চিঞৰা দেখি বুজি পালে যে খিৰিকীৰে দেখা বস্তুটো গিৰিয়েকৰ ধুনীয়া নাকটোহে আছিল। দৌৰি গৈ কুঁৱাৰপৰা ঠাণ্ডা পানী এবাল্টি আনি শৰ্মাৰ ওচৰত থৈছিলহে, শৰ্মাই ঔকিল আৰম্ভ কৰি দিলেই। পোৰণি আৰু ঔকিলৰ প্ৰভাৱত সৃষ্টি হোৱা ‘যুগলবন্দী’ কাণত পৰাৰ লগে লগেই চুবুৰীয়াকেইজনমান দৌৰি আহিল। ঘটনাটো বোধগম্য হোৱাৰ লগে লগেই তেওঁলোকে নিজে প্ৰস্তুত কৰা ফাষ্ট এইডেৰে শৰ্মাৰ চিকিৎসা আৰম্ভ কৰি দিলে। মাটিত বাগৰি থকা শৰ্মানীয়ে লাহেকৈ উঠি ভিতৰলৈ গৈ ভয়তে টোপনি যোৱা ৰাম-লক্ষণৰ কাষতে দীঘল দিলেগৈ। গোটেই ৰাতি শৰ্মানীয়ে ঘটি যোৱা ঘটনাবোৰকে খণ্ড খণ্ডকৈ সপোনত দেখিলে।

সোমবাৰে ৰাতিপুৱা অফিচলৈ ওলাই বাৰাণ্ডাৰ সৰু দাপোনখনত মূৰ ফণিয়াবলৈ লোৱা শৰ্মাৰ নিজৰ নাকটোকে দেখি “ফাট মেলা বসুমতী পাতালে লুকাওঁ” টাইপৰ ফিলিঙচ এটা আহিল। যি নাকটো লৈ তেওঁৰ গৰ্ব আছিল, তাৰ এই দুৰৱস্থা! অফিচৰ মানুহবোৰৰ প্ৰশ্নৰ উত্তৰত তেওঁ আজি কি ক’ব?

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *