অথঃ বিষ্ণু উবাচ-দীপিমা শৰ্মা
হে নাৰদ মুনি,
কেনে আছা তুমি?
বহুদিন দিয়া নাইচোন,
মৰ্ত্যলোকৰ বা-বাতৰি!
কেনে আছে তাত নৰগণ
হৈ গৃহবন্দী,
পাইছানে বাৰু জীৱকুলৰ
কুশল-বাতৰি।
হৈছেনে বাৰু এতিয়া
গছ-গছনিৰ শ্ৰী-বৃদ্ধি,
শুনিছানে পশু-পক্ষীৰ
সুমধুৰ কাকলি?
দেখিছানে নদ-নদীত
স্বচ্ছতাৰ চিকমিকনি,
ভাঁহিছেনে বতাহত
ফুলৰ সুগন্ধি?
কৰিছেনে মানৱ জাতিয়ে
ভুলৰ উপলব্ধি?
কোৱাগৈ সিহঁতক
কৰক সংশোধনী,
পৰিবৰ্তন হওক
জীৱন ধাৰণৰ শৈলী।
সলনি কৰক দৃষ্টিভংগী
প্ৰকৃতিৰ সৃষ্টিৰাজিৰ প্ৰতি,
পৰিহাৰ কৰক নিজৰ
শ্ৰেষ্ঠত্বৰ দাবী।
অন্যথাই ধ্বংস হ’ব
অৱশ্যম্ভাৱী।।
☆ ★ ☆ ★ ☆
12:31 pm
Bhal lagile porhi ??
12:30 pm
বহুত ধন্যবাদ।
10:43 pm
Beautiful kobitaa…..
May you penned down much more
9:51 pm
Thank u so much dear!!?
11:00 pm
very nice
9:52 pm
Thank you!!
5:41 am
Superb..Looking ahead for more such masterpieces…
10:10 am
Sundar haise
9:55 pm
বহুত ধন্যবাদ ?
9:52 pm
Thank you Masfique!!
8:48 am
I was not good to write substance of unseen poems in Assamese second paper in my school days.
But I could understand your poem easily and must say it is a very good poem.Congratulation.
Looking forward to read many more poems composed by you and also to see your photography on nature.
Regards.
9:54 pm
Thank you so much Sir! Your words are really encouraging ?