কৌতুক-জ্ঞান বৰদলৈ
হেকা দাৰ ঘৰৰ ওচৰৰ নাট্য মঞ্চতো ত এজন কবিয়ে মাইক ত ইটোৰ পিছত সিটো স্ব- ৰচিত কবিতা পাঠ কৰি আছে। ষ্টেজৰ তলত হেকাদাই এখন প্ৰকাণ্ড দা লৈ উত্তেজিত ভাবে ইফালৰ পৰা সিফালে তহল দি ফুৰিছে। মঞ্চত কবিতা পাঠ কৰি থকা কবিয়ে ৰব নোৱাৰি হেকাদাক উদ্দেশ্যি কৈ উঠিল, মহাশয় মই আৰু মাত্ৰ এটা কবিতাহে গাম এইটোৱেই হব মোৰ অন্তিম কবিতা।
প্ৰচণ্ড খংত থকা হেকা দাই উত্তেজিত কন্ঠেৰে কৈ উঠিল – নহয় কবি মহাশয়, আপুনিতো আমাৰ অতি সন্মানীয় আমন্ত্ৰিত অতিথি, আপুনি নিশ্চিন্ত মনেৰে কবিতা পাঠ কৰি যাওঁক। মই মাত্ৰ কবি সন্মিলনৰ উদ্যোক্তা জনকহে বিছাৰি আছো যি জনে আপোনাক ইয়ালৈ আমন্ত্ৰণ কৰি আনিছে।
☆ ★ ☆ ★ ☆