এডাল টাই-মৌচুমী গগৈ
সাক্ষাৎকাৰটো শেষ হোৱাৰ লগে লগে মই মিষ্টাৰ বৰুৱাৰ হাতত থকা কাগজখনলৈ চকু ফুৰালোঁ৷ যিজন ল’ৰাই ইণ্টাৰভিউত আটাইতকৈ ভাল কৰিছে, সেইজন ল’ৰাক বৰুৱায়ো মোৰ দৰেই বেছি নম্বৰ দিছেনে নাই তাকেই চাব খুজিছিলোঁ কিন্তু মোৰ নিজৰেই বিশ্বাস হোৱা নাছিল যেতিয়া মই বৰুৱাক সেই যোগ্য ল’ৰাজনক আটাইতকৈ কম নম্বৰ দিয়া দেখিলোঁ। মোৰ মনৰ ভিতৰত আৰম্ভ হোৱা জিজ্ঞাসাক অধিক কষ্ট দিবলৈ ইচ্ছা নকৰি বৰুৱাক সেই ল’ৰাজনক কিয় ইমান কম নম্বৰ দিলে সুধি পেলালোঁঁ৷
বৰুৱাই কোনো প্ৰতিক্ৰিয়া নেদেখুৱাকৈ ল’ৰাজনক চিলেক্ট নকৰিলোঁ বুলি উত্তৰ দিলে৷
: কিন্তু সেই ল’ৰাজনে আপোনাৰ সকলো প্ৰশ্নৰ উত্তৰ শুদ্ধকৈ দিছিল, তাৰ ভাষা সকলোতকৈ ভাল আছিল, তাৰ তৰ্ক খুব সৰল আছিল, তাৰ উচ্চাৰণ সুন্দৰ আছিল, তাৰ কথা কোৱাৰ ভঙ্গী সকলোতকৈ স্পষ্ট আছিল, তেতিয়াহ’লে তাক কিয় চিলেক্ট নকৰিলে?
: আপুনি ঠিকেই কৈছে৷
বৰুৱাই শান্তভাৱে ক’লে৷
: তেন্তে সেই ল’ৰাজনক বাচনি নকৰি প্ৰথম ৰাউণ্ডতেই বাহিৰলৈ উলিয়াই দিয়াৰ কাৰণটো কি?
ময়ো উগ্ৰভাৱেই সুধিলোঁঁ৷
: কাৰণ তেনেকুৱা ল’ৰাবোৰ বিপদজনক হয়৷
বৰুৱাই ক’লে৷
: আপুনি কিয় তেনেকৈ ভাবিছে?
ময়ো ব্যগ্ৰভাৱে সুধিলোঁ।
: কাৰণ ল’ৰাজনে টাই পিন্ধা নাই৷
বৰুৱাই উত্তৰ দিলে।
: আপুনি ইয়াত যোগ্য ব্যক্তিক বাচনি কৰিবলৈ আহিছে নে টাই বেচিবলৈ আহিছে? চাকৰিটোৰ লগত টাই পিন্ধা আৰু নিপিন্ধাৰ কি সম্পৰ্ক আছে?
ময়ো খঙেৰে ক’লোঁ।
: সম্পৰ্ক কিয় নাই, ইয়াত আপুনি বিদ্ৰোহৰ গোন্ধ পোৱা নাই?
বৰুৱাই মোৰফালে চাই সুধিলে৷ এইবাৰ মোৰ আচৰিত হোৱাৰ পাল৷
: ইমান শান্ত আৰু ভদ্ৰ ল’ৰাটোৰ মাজত বিদ্ৰোহ ক’ত দেখিলে আপুনি?
: আপুনি মূৰ্খৰ দৰে কথাবোৰ ভাবিছে৷ আজি ল’ৰাটোৱে টাই পিন্ধা নাই, কাইলৈ লংপেণ্ট নিপিন্ধি ধুতি পিন্ধি আহিব অফিচলৈ৷
মই আচৰিত হৈ তেওঁলৈ চাই ক’লোঁ,
: কোনোবা চাকৰিয়ালে যদি অফিচলৈ ধুতি পিন্ধি আহে, তাত আপত্তি কৰিবলগা কি আছে?
: কিয় আপত্তি নাথাকিব?
বৰুৱাই অসন্তুষ্টিৰে উত্তৰ দি পুনৰ ক’লে,
: কিছুদিন পিছত সেই ল’ৰাজনে কাটা চামুচেৰে খাবলৈ বাদ দি হাতেৰে খাবলৈ আৰম্ভ কৰিব আৰু গোটেই টেবুলবোৰ লেতেৰা কৰিব৷
: কি হ’ব লেতেৰা কৰিলে? আপুনি তাৰ টেবুলখন চাফা কৰিবলৈ যাব নালাগে নহয়, বেলেগ মানুহ থাকিব৷
ময়ো ক’লোঁ৷
: তাৰ পিছত আকৌ ইংৰাজী ভাষাৰ ঠাইত নিজৰ মাতৃভাষা ক’বলৈ চেষ্টা কৰিব তেতিয়া কি কৰিব?
বৰুৱাই মোক সুধিলে৷
: তাত বেয়া পাব লগা কি কথা আছে?
ময়ো আচৰিত হৈ তেওঁলৈ চালোঁ। বৰুৱাই মোলৈ হতাশভাৱে চালে৷
: আৰে বন্ধু, সি চানডে মানডে বুলি নকৈ সোমবাৰ, মঙ্গলবাৰ ক’ব৷ জানুৱাৰী, ফেব্ৰুৱাৰীক মাঘ, ফাগুন বুলি ক’বলৈ আৰম্ভ কৰিব৷ তেতিয়া আপুনি কেনেকৈ সহ্য কৰিব?
: আপুনি কি বুজাব খুজিছে?
মই সঁচাকৈ একো বুজি পোৱা নাছিলোঁঁ৷
: বজাৰত যদি চিকঞ্জী আৰু লাচ্চীয়েই বিক্ৰী হৈ থাকে তেতিয়াহ’লে হুইস্কি আৰু ক’ক কেনেকৈ বিক্ৰী হ’ব? গীতা আৰু ৰামায়ণেই যদি পঢ়ি থাকে তেন্তে পাশ্চাত্যৰ ঢংবোৰ কেনেকৈ গ্ৰহণ কৰিব? সি বিদেশী ব্যৱসায়ক কেনেকৈ আগবঢ়াই নিব?
: তেতিয়াহ’লে আপুনি এই দেশখনক ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক দিশৰপৰা তলতীয়া কৰিবলৈ খুজিছে নেকি?
ময়ো ওলোটাই সুধিলোঁ৷
: এতিয়া এইবোৰ বেলেগ বেলেগ নহয় মোৰ বাবে৷ সকলো লগ লাগিয়েইতো পেকেজ হৈছে৷
বৰুৱাই হাঁহি এটা মাৰি ক’লে৷
: ইয়াত আপোনাৰ কি লাভ সেইটো কওক৷
ময়ো শেষত চিঞৰি ক’লোঁ৷
: নহ’লে এই বিদেশী সংস্থানটোৱে মোক কিয় প্ৰতিমাহত লাখ টকা দৰমহা দিব?
বৰুৱাই বেঁকা হাঁহিৰে উত্তৰ দিলে৷
☆ ★ ☆ ★ ☆
6:19 pm
মজা লাগিল মৌচুমী৷ শেষত হে গোমৰ ফাঁকটো বাহিৰ হ’ল!