ফটাঢোল

ঘটক-বিজয় মহন্ত

আদিত্য বৰঠাকুৰে এবাৰ জ্যোতিষ চৰ্চা কেন্দ্ৰ এটা খুলিলে৷ প্ৰথম দুদিনমান মাখি মাৰি পাৰ কৰাৰ পাছত আহিল এজন মানুহ, পুত্ৰ আৰু হ’ব লগা বোৱাৰীৰ কুণ্ডলী (সোঁৱৰণী) লৈ৷ বহু গণনাৰ অন্তত দুইখন কুণ্ডলী হুবহু সকলো গুণেই মিলি যোৱা পাই বৰঠাকুৰে মানুহজনক ক’লে, “খুব কম এনেকুৱা কেছ পাওঁ, য’ত পতি পত্নীৰ মাজত ইমানবোৰ মিল দেখা যায়৷ বৰ সুন্দৰ সংসাৰ হ’ব৷ বিয়া ফাইনেল কৰি দিব পাৰে।”

দৰাৰ পিতৃ : কোনো কাৰণতেই নোৱাৰি দেই৷ যদি দুয়োৰে সকলো গুণ মিলি গৈছে, তেন্তে মোৰ সেইটো ঘৰ গুচি ক্লাবঘৰ হ’বগৈ৷ ল’ৰাটোৰ পানী টুপি নধৰিলে নচলেই, এতিয়া বোৱাৰীও যদি একে হয়, মোৰ ঘৰৰ আগতে ৱাইনশ্বপ বহাব লাগিব৷”

☆ ★ ☆ ★ ☆

One comment

  • পঙ্কজ বৰুৱা

    কিছু লিখিছে মানিছো দেই ভাল লাগিল ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *