ফটাঢোল

আয়ৈ দেহি আমাৰ জোঁৱাই-দীক্ষিতা বৰা

: সোণপোনা অ’, বৰ ডাঙৰ দৰকাৰ এটাত আহিলোঁ অ’।

আহি পায়েই চিধা ভিতৰৰ কোঠালৈ গৈ ভতিজাকক ক’লে মালতী জেঠায়ে।

: অ’ জেঠাইদ’, কিমান পৰত পালেহি? গমেই নাপাওঁ দেখোন মই।

: এহ পাইছোঁহি হে মই। তোৰ ওচৰলৈ আহিলোঁ বিশেষ দৰকাৰ এটাত, গতিকে চিধাই তোৰ গুৰিলৈকে আহিছোঁ।

: অ’ কওকচোন জেঠাইদ’ কি কথা।

: আমাৰ এটাৰ কথাতো তই জানই। চাকৰিটো পালে যেতিয়া, বয়সো হৈছে, বিয়াখন পাতিবলৈ কৈ আছোঁ। কিন্তু তাৰ মন কাণ নাই। বায়েক ভিনিহিয়েকৰ হতুৱাইও কোৱাইছোঁ, তথাপি কাণষাৰ নকৰে। আজি এফালে ছোৱালী চাবলৈ যাবলৈ খবৰ আহিছে, কিন্তু সি বোলে নাযায়। তয়ে পাৰিলে কৰ অ’ কিবা এটা।

: অ’ ই ডিম্বৰ লাজটো কমাই নাই হ’বলা! হ’ব বাৰু দিয়ক, আপুনি বহক। আমাৰ ঘৰতে ভাত পানী খাই সন্ধিয়া যাবগৈ। মই বাৰু কি কৰিব পাৰি চাওঁ।

ছোৱালীজনী বিয়া দিয়াৰ পিছত ঘৰত কেৱল জেঠাই আৰু পুতেক ডিম্বেশ্বৰ ওৰফে ডিম্ব। বিয়াৰ বয়স হ’ল বুলি তাক সকলোৱে বিয়া পাতিবলৈ জোৰ কৰি আছে যদিও সি কইনা চাবলৈ যোৱাৰ লাজতে ওঠৰটা মান বাহানা বনাই কথাবোৰ পিছুৱাই আছে। উপায়ন্তৰ হৈ সেয়ে মাক আজি ভতিজাক সোণপোনাৰ শৰণাপন্ন হৈছে, কাৰণ নাকৰ আগতে অনেক বুদ্ধি লৈ ফুৰা সোণপোনায়েই কিবা এটা কৰিব পাৰিব বুলি জেঠাইৰ বিশ্বাস। জেঠায়েকৰ লগত আলোচনা কৰি আবেলি পৰত সোণপোনা ওলাই গ’ল জেঠায়েকৰ ঘৰলৈ বুলি, ঘৰত তেতিয়া ডিম্ব অকলে। কাণসমনীয়া দুয়ো বন্ধুৰ মাজত কথাই কথাই ওলাল বিয়াৰ কথা, ডিম্বই নিজেই ক’লে ছোৱালী ঘৰৰপৰা নিমন্ত্ৰণ অহা আৰু অকলে যাবলৈ লাজ কৰি নাযাওঁ বুলি ভবাৰ কথা। পিচে সোণপোনা জানো কম, ছোৱালী পছন্দ নহ’লেও নাই কিন্তু মাতিছে যেতিয়া গৈ সন্ধিয়াৰ চাহকাপ ভালকৈ খাই আহোঁগৈ ব’লা বুলি জোৰ কৰি উলিয়াই লৈ গ’ল ডিম্বক।

নিজৰ পুৰণি বন্ধুক কইনাৰ ককায়েক হিচাপে দেখি সোণপোনাৰ চিন্তা কিছু কমিল। কথাবোৰ অন্ততঃ সংকোচ নোহোৱাকৈ চিধাচিধি পাতিবপৰা যাব। অতিথি আপ‍্যায়নৰ পিছতে দৰা কইনাক কথা বতৰা পাতিবলৈ দিলে, লগতে বাৰু সোণপোনাও থাকিল। দৰাই গহীন গম্ভীৰকৈ কথা আৰম্ভ কৰিলে।

: তোমাৰ নামটো কি?

 সিফালৰ পৰা লাহেকৈ উত্তৰ আহিল।

: কি কৰি আছা?

: পঢ়ি আছোঁ।

: ওমম ভাল কথা। মানুহে পঢ়িব লাগে। পঢ়াটো এটা বৰ ভাল বস্তু।

কথাৰ গতি-গোত্ৰ দেখি দৰা ৰখীয়া সোণপোনাই মনতে বোলে হৈছে আৰু, এইজনে কথা কি পাতে ঠিক নাই। হ’ব আৰু আজিলৈ। গতিকে ককায়েকক মাতিবলৈ বুলি কইনাক পঠিয়াই দিলে। দুই পুৰণি বন্ধুৱে থাওকতে আনুষ্ঠানিকতা নোহোৱাকৈ নিজৰ মাজত কথা থিৰ কৰি ল’লে বোলে দৰা যদি পছন্দ হৈছে বাকী দায়িত্ব দৰা ৰখীয়া, মানে সোণপোনাৰ। সেই মৰ্মে কইনা পক্ষৰ সেউজ সংকেত লৈ, বাটতে দুয়ো কথা বতৰা পাতি কইনাজনী পচন্দ হোৱা বুলি দৰাই থিৰ কৰি কোৱাত ৰসগোল্লা লৈ ঘৰ পালেগৈ।

: মূল অভিযান সমাপ্ত, এতিয়া পিছৰখিনি ভাবিব লাগিব।

সোণপোনাই নাকৰ আগতো খজুৱাই ভাবিলে।

নবিয়াঘৰত সকলো মানুহ ব‍্যস্ত, ভাগে ভাগে কামত লাগি আছে। বেলি বহাৰ পিছৰেপৰা পৰিয়ালৰ মহিলা সকলৰ আৰু এটা কাম ওলাল, অজলা দৰা ডিম্বক অলপ বুজনি দিয়া, কইনা ঘৰত গৈ কি কৰিব কি নকৰিব সেই বিষয়ে। অৱশ্যে লগত সখী হৈ সোণপোনা যাব, সি বাৰু জনা বুজা ল’ৰা। তথাপিও, দৰাটোক শিকাই পঠিওৱাৰ দায়িত্বটো সকলোৱে নিজেই গাত পাতি লৈছে। ইফালে সোণপোনাৰ মনত কি বুদ্ধি খেলাইছে, আয়তীসকলে জানো তাৰ ভূপায়!

বিয়াখন হৈ গ’ল, দৰা কইনা আৰু সখী ভিতৰলৈ মাতিলে। সখীয়ে দৰাক ক’লে,

: হেৰি নহয়, সাউৎকৈ তোমাক কথা এটা কৈ থওঁ। ভিতৰলৈ নি যে খাবলৈ দিব, জা-জলপান নাখাবা। এনেও টোপনি ক্ষতি, কালিৰ পৰাই খোৱাৰ খেলিমেলি। এই ৰাতিখন দৈ-জলপান খালে অশান্তি কৰিব।

: অ’ হয় দিয়া। পেহীদেউহঁতেও কৈ পঠাইছে নহয় নাখাবলৈ একো।

: হেই ডিম্ব, তুমি বুজা নাই। জলপান প্ৰথমতে দি ল’ব। তুমি ক’বা যে মই এয়া নাখাওঁ, একেবাৰে ভাতকে খাম দিয়ক। পিছত যে ভাতটো দিব, একদম মাৰি দিবা।

: অ’ হয় নেকি?

: অ’তো আকৌ।

শুভাকাংক্ষী সখাৰ উপদেশ মৰ্মে নতুন দৰাই নতুন শাহুৱেকক ক’লে,

: এইয়া জলপান নাখাওঁ দিয়ক, পেটৰ অশান্তি কৰিব পাৰে। ভাতকে খাম মই।

শাহুৱে এবাৰ জোঁৱাইৰ মুখলৈ এবাৰ ওচৰতে থকা ভনীয়েকৰ মুখলৈ চালে। মাহী শাহুৱে আহি কাঁহীখন আঁতৰাই নিলে। তাৰপিছতে আহিল ভাত। ইফালে কাণৰ কাষত সখাৰ উপদেশ,

: চাবা দেই, এইখন ঘৰত এইসাঁজ প্ৰথম ভাত তোমাৰ। কাঁহীত এৰি নাযাবা, বেয়া পাব। একদম চুঁচি-বাছি খাবা।

: হ’ব হ’ব দিয়া।

দুদিনৰ অধিবাস, সমুখত মাংস ভাত। কাঁহী আগবঢ়াই দিওঁতেই অভিযান আৰম্ভ কৰিয়ে দিলে দৰাই। লাহে লাহে সখায়েও। ক্ষন্তেকতে কাঁহী উদং। মাহী শাহু আগবাঢ়ি আহিল,

: কিবা দিম নেকি জোঁৱাই?

পিচে জোঁৱাইতকৈ আগেয়ে সখাই হে মাতিলে,

: দিয়ক দিয়ক, এনেও দুদিন ধৰি খোৱা বোৱাৰ খেলিমেলি। ঘৰত গৈয়ো বিয়াৰ হুলস্থুল থাকিবই। খাওঁতেই পেট ভৰাই খাই লওঁক। নে কি কোৱা ডিম্ব?

: হয় দিয়া, ঠিকেই।

দুবাৰ খুজি খুজি ভাত দিয়াই জোৰ কৰি খুওৱাৰ পিছত কোনোমতে সখাই দৰাৰ ওপৰত কৃপা কৰি ৰেহাই দিলে। দৰা আৰু সখা চোতাল পালেগৈ। কইনা ঘৰীয়া আয়তীসকলে চকু ডাঙৰ কৰি এজনীয়ে আন জনীলৈ চালে। মনত বা কি ভাৱিলে সেয়া জনা নাযায়।

বিয়াৰ নীতি নিয়মবোৰ প্ৰায় শেষ হৈছে। কইনা ঘৰীয়া আহি ন-ছোৱালীক দুনাই খাবলৈ নিলেহি। লগতে জোঁৱাইকো মাতি গ’ল। সেইমৰ্মে নিৰ্দিষ্ট দিনত ইষ্ট্ৰি কৰাই অনা চোলা পিন্ধি, চুলিত তেল সানি সুন্দৰকৈ ফণিয়াই নতুন জোঁৱাই ওলাল শহুৰৰ ঘৰলৈ। পিচে নহ’ব লগীয়াটোৱেই হ’ল। মানে য’তে বাঘৰ ভয় তাতেই ৰাতি হোৱাৰ লেখীয়াকৈ লগ পালে সখাক।

: কি হে ডিম্ব, কেনি যোৱা?

: এহ্ নক’বা আৰু বুইছানে, নতুন মিতিৰৰ ঘৰলৈ ওলাইছোঁ। কিবা দুনাই খোৱাৰ নিয়ম এটা আছে যে, তাকেই আৰু মোকো মাতি গ’ল।

লাজ লাজকৈ দৰাই ক’লে।

: তুমি আৰু সেইবুলি ক’লে নুশুৱায় নহয়। নতুন মিতিৰ বুলি আমি বাকীবোৰেহে কওঁ, তুমি কোৱা যে শহুৰৰ ঘৰলৈ।

: অ’ সেয়াই আৰু।

: পিচে সেইফালে নগৈ তুমি এই টাউন পালাহি দেখোন, কাৰণটো কি?

: মানে কথাটো কি, নতুন নতুন যাম যে আৰু তালৈ, কিবা এটা লৈ গ’লে ভাল হয় আৰু। তাকে বজাৰ কৰোঁ বুলি আহিলোঁ।

: অ’ হয় নেকি? বাৰু চাহ একাপ একাপ খাই লওঁ আহা, তাৰপিছত বজাৰ কৰিবা।

: ব’লা।

ভাল মিঠাইৰ বাবে নাম থকা চহৰৰ ভাল হোটেল এখনত বহি দুয়ো বন্ধুৱে চাহ খাবলৈ লাগিল। সোণপোনাই সুধিলে,

: পিচে কি কিনি নিবা ভাবিলা নে নাই?

হোটেলত বহি থকোঁতেই ভাবি চিন্তি ডিম্বৰ উত্তৰ —

: ভাবিছোঁ এটা বস্তু। এই এটা কথা কোৱাচোন, ৰসগোল্লাৰ টিং ক’ত পাম হে, টিং?

এখন্তেক তভক মাৰি সোণপোনাৰ প্ৰশ্ন,

: কিমান ডাঙৰ টিং?

: ইমানটো মান।

দুয়ো হাতেৰে জোখ দেখুৱাই ডিম্বৰ উত্তৰ।

: তাৰমানে টেমা?

: অ’ হয় হয় দিয়া, টেমা। পাম ক’ত বাৰু বস্তুটো?

: বাটাৰ দোকানত আকৌ, তাকো নাজানা নে?

: অহ্ হয় নেকি? মই জনাই নাছিলোঁ। বাৰু ব’লা সোনকালে যাওঁ, মই আকৌ বাটাৰ দোকানলৈ ইমান দূৰলৈ যাব লাগিব, সময় লাগিব।

ডিম্বৰ কথাৰ উৎসাহত সোণপোনা পৰম আহ্লাদিত হ’ল। উচাহেৰে বন্ধুক আগবঢ়াই দিলে, ‘বাটা’ৰ দোকানত ৰসগোল্লাৰ টিং বিচাৰি যাবলৈ।

বাটাৰ দোকানত ৰসগোল্লা নাপাই বেচেৰা ডিম্ব উভতি আহিবলগীয়া হ’ল। মানুহক সুধি-পুছি হে জানিলে ৰসগোল্লা নো ক’ত পায়। গতিকে আকৌ আহি সেই চাহ খোৱা হোটেলত সোমাই ৰসগোল্লাৰ টেমা এটা কিনি কোনোমতে শহুৰৰ ঘৰলৈ বাট পোনালে।

হেঁপাই ফোপাই পলমকৈ গৈ পোৱা, চুলিৰ তেল ঘামত মিলি কঁপালত ৰেঘা টানি থোৱা, ভাগৰুৱা জোঁৱাইক দেখি কইনাঘৰৰ আয়তী তেনেই ব‍্যথিত হ’ল, পানী চৰবত আদিৰে আপ‍্যায়ন আৰম্ভ হ’ল। এইবাৰ জোঁৱায়ে নিজেই মুখ খুলিলে, পলম হোৱাৰ কাহিনী শুনাবলৈ। পিচে কাহিনী গৈ যেতিয়া বাটাৰ দোকান পালেগৈ, তেতিয়াহে শ্ৰোতাসকলৰ মুখ মেল খালে, চকু ডাঙৰ হ’ল। শাহু আইৰ মুখেৰে এষাৰ হে যি কথা ওলাল,

‘আয়ৈ দেহি আমাৰ জোঁৱাই…’

☆ ★ ☆ ★ ☆

10 Comments

  • Anonymous

    আপোনাৰ জন বাৰু এনে হলে কি কৰিব?

    Reply
    • দীক্ষিতা

      বৰ চিন্তনীয় কথা ক’লে দেই। reasoning and aptitudeৰ পৰীক্ষা এটা লৈ ল’ম, সেয়া পাৰিলে এইবোৰ কথাও বুজি পাবই আৰু ন!!

      Reply
  • জমনি ৷ভাল লাগিল দেই দীক্ষিতা

    Reply
    • দীক্ষিতা

      ধন্যবাদ ভূপালী বা

      Reply
  • ডলী

    হাঃ হাঃ । বঢ়িয়া

    Reply
  • বন্দিতা জৈন

    ??বঢ়িয়া

    Reply
  • জিতু

    হাঃ হাঃ

    Reply
  • জয়ন্ত

    বঢ়িয়া জমনি৷ ভাল লাগিল৷

    Reply
  • হেমন্ত কাকতি

    জমনি জোৱাই দেই৷ মজা লাগিল দীক্ষিতা৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *