ফটাঢোল

নিভা কাকতি


বীজৰ প্ৰাৰম্ভিক স্তৰ শূন্য।এই বীজৰ পৰাই পুলি-পোখাৰে আৰম্ভ হয় জীৱনৰ। উকা হৈ পৰা শূন্যটোৰ পৰা পুনৰ বিয়োগ হৈ অচল অটল তলিত কেৱল পাখি ভগা প্ৰাণ এটা পৰি ৰয়। ককবকাওঁ তাত। তথাপিও প্ৰিয় শূন্য।

আত্মগৌৰৱৰ প্ৰাচীৰ ভাঙি শূন্যই শিকাই নতুন কৌশল পুন: প্ৰতিষ্ঠাৰ। প্ৰতিটো ধ্যান-ধাৰণাৰ অন্তৰালত আমাৰ অজ্ঞাতেই নতুনত্বৰ সানমিহলি হৈ থাকে। মনৰ কাপবোৰ খালি কৰি তাত মানসিক, শাৰীৰিক, বৌদ্ধিক,ব্যৱসায়িক, আধ্যাত্মিক ভাবে নতুনত্বৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিব পাৰো। অনাগত সময়ে শূন্য পিয়লাকেইটাত আকৌ প্ৰতিষ্ঠা কৰক নতুন যুগৰ।

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *