মুখাৰ আঁৰত-ৰীতা লীনা সোণোৱাল
প্ৰত্যুত্তৰ দিবলৈ শিকিব লাগে। সৰুৰেপৰা বৰ লেহুকাকৈ ডাঙৰ দীঘল কৰা হয় আমাক। যেন মম এডালৰ দৰে মৌন হৈ গলিবলৈ শিকিলেহে আমি ছোৱালীবোৰ ভাল। বহুদেৰিৰপৰা নমিতায়ে অসহায়ভাবে কথাখিনি কৈ আছিল। তাইৰ কথাখিনি শুনিছোঁ যদিও মোৰ সহজাত সন্দেহে লগ এৰা দিব বিচৰা নাই। কাৰণ মই যাক যি ভাবে দেখিছোঁ সেইটোকেই সত্য বুলি মানি আহিছোঁ সদায়। কিন্তু এতিয়া নমিতাৰ কথাখিনি শুনি ভাবিছোঁ, বহুত ভব্য-গব্য এজন মানুহৰ মাজতো পশুবৃত্তি কিছুমান সোমাই থাকিব পাৰে। যেনেকৈ তাই এতিয়া পৰমানন্দ বৰদেউতাৰ কথা কৈ আছে। কিন্তু মোৰ মনত সন্দেহো ওপজিছে। কথাবোৰ মিছাও হ’ব পাৰে। সাধাৰণতে কিছুমান ব্যক্তিক এনেকুৱা বিতৰ্কিত বিষয়ত সোমাই পৰিছে বুলি মানি ল’বলৈ টান হয়।
পৰমানন্দ শইকীয়া আমাৰ অঞ্চলৰ জনা-শুনা লোক। আমি বৰদেউতা বুলি মাতোঁ। বৰ সৰবৰহী মানুহ। সকলোৱে তেওঁক সমীহ কৰি চলে। নমিতাই কোৱাৰ আগলৈকে মইও তেওঁক বৰ সমীহ কৰি চলিছিলোঁ। কিন্তু এতিয়া প্ৰশ্নবোধক চিন এটা আহি পৰিছে। নমিতাই দুদিন আহি কন্দা-কটা কৰি কথাখিনি কৈছে। মই নিজেই সমস্যাত পৰি গৈছোঁ। কিবা বুধি এটা পাঙিবলৈও মনটোৱে একো চিন্তা কৰিব নোৱৰা হৈছে। সঁচা কথা ক’বলৈ হ’লে কথাখিনি মোৰ মনটোৱে মানি ল’ব পৰা নাই। পৰমানন্দ বৰদেউতাৰ বৈশিষ্ট্যয়ে সেইটো। তেওঁৰ ব্যক্তিত্ব দেখিলে, তেওঁৰ ওপৰত আঙুলি উঠোৱাৰ আগত দহবাৰ ভাবিব লাগিব।
ৰেঙনিপাম চুবুৰিৰ আমাৰ ঘৰৰ সন্মুখৰ ঘৰটোৱেই পৰমানন্দ বৰদেউতাহঁতৰ ঘৰ। বংশ সূত্ৰে সম্ভ্ৰান্ত মানুহ। আমাৰ চুবুৰিটোত পৰমানন্দ শইকীয়াৰ লগত ফেৰ মাৰিব পৰা কোনো মানুহেই নাই। কিন্তু তথাপিও ইঘৰ সিঘৰৰ লগত তেওঁলোকৰ আহ-যাহ আছে। আমাৰ ঘৰৰ লগতো আছে। নমিতা তেওঁলোকৰ বনকৰা ছোৱালী। মই স্কুলৰপৰা আহি পোৱাৰ পাছত নমিতাই তেওঁলোকৰ পাঁচ বছৰীয়া ডাঙৰ নাতিটোক লৈ আহে। মই কিবাকিবি অলপ পঢ়াই দিওঁ। তাক পঢ়োৱাৰ মাজে মাজে নমিতাৰ লগতো কথা-বতৰা পাতোঁ। আমি অকলশৰীয়া মানুহ। মা আৰু মইহে থাকোঁ। বাইদেউৰ বিয়া হৈছে। দেউতা ঢুকোৱাৰ পাছত মইও বিয়া হৈ এঘৰলৈ আঁতৰি যাওঁ বুলি ক’ব নোৱৰা হ’লোঁ। নমিতাৰ মনৰ আশঙ্কা আৰু বেদনাখিনি বুজি পাওঁ। তাইক সহায় কৰিব নোৱাৰিলে ময়ো শান্তি নাপাম। কিন্তু কথাখিনিৰ সত্যতা কিমান? বাৰে বাৰে তাকেহে ভাবোঁ। সততে মানুহৰ চৰিত্ৰৰ ওপৰত আঙুলি টোৱাবলৈ মন নাযায়। কিন্তু নমিতাৰ কথাখিনিয়ে মোক দুমোজাত পেলাইছে।
সমস্যাটো যদি সঁচাকৈয়ে হৈছে তেন্তে পৰমানন্দ শইকীয়াহঁতৰ বৰমা, মানে তেওঁৰ পত্নীয়ে সমাধান কৰিব পাৰিব লাগিছিল। বৰমাক এনেই সচেতন মহিলা বুলিয়েই জানোঁ। মাহটোত হোৱা তিনিখন মহিলা সমিতি মিটিঙৰ প্ৰধান বক্তা সদায় তেঁৱেই হয়। ন্যায়-অন্যায় বুজি পোৱা মানুহ। কিন্তু নমিতাৰ ক্ষেত্রত যেন অলপ ব্যতিক্ৰম হৈছে। হয়তো বোৱাৰীয়েকৰ আগত লাজত পৰিম বুলি ভাবিয়েই মৌন হৈ আছে। নমিতাৰো সাহস নাই শইকীয়াৰ বোৱাৰীয়েকজনীক ক’বলৈ। অৱশ্যে নমিতাক শইকীয়াৰ বোৱাৰীয়েকৰ ঘৰৰ ফালৰপৰাই বিচাৰি খুচাৰি অনা হৈছে ঘৰুৱা কামৰ সহায়কাৰী হিচাপে। কিন্তু মানুহজনী খঙাল বাবে একান্তই ব্যক্তিগত কথাবোৰ ক’বলৈ অলপ ভয়। কেইবাদিনো গিৰিয়েকৰ ওপৰত খং কৰি নমিতাৰ সন্মুখতে বস্তু বাহানি দলিয়াই ভাঙি পেলাইছে। নমিতা সাহসী নহ’লে বৰ বিপদত পৰিব। কি কৰিব পৰা যায় নিজেও ভাবি উলিয়াব পৰা নাই। কিন্তু আকৌ মনতে ভাবোঁ কথাখিনিত কিমান দূৰ সত্যতা আছে? যদি মিছা হয়, তেন্তে এনেই দুৰ্নাম হ’ব মানুহঘৰৰ।
দুদিনমান হ’ল, নমিতা অহা নাই। শইকীয়া বৰদেউতাহঁতৰ নাতি পোৱালীটোও অহা নাই। স্কুলৰপৰা আহি আবেলি এপাক তেওঁলোকৰ ঘৰলৈ ওলাই গ’লোঁ। মনটোৱে কথাবোৰ জানিবলৈ উৎসুক হৈ পৰিছে। নমিতাৰ ওপৰতো মোৰ অলপ সন্দেহ জাগিছে। হয়তো তাইৰ আৰু এওঁলোকৰ ঘৰত থাকিবলৈ মন নাই। সেইবাবেই এইবোৰ বাহানা বনাই আছে। মানুহৰ মন যে সকলো কথাতে প্ৰশ্নবোধক এটা ৰাখিব পাৰোঁ।
শইকীয়া বৰদেউতাহঁতৰ ঘৰলৈ আহি দেখিলোঁ, বৰমায়ে বাৰাণ্ডাত বহি বৰদেউতাৰ ভৰি এখন মালিচ কৰি আছে।
: কি হ’ল বৰদেউতা?
:কালি চিৰিত পৰি ভৰি মোচোকা খালো অ’।
শইকীয়া বৰদেউতাৰ মাতটো বিষত কঁপি থকা যেন লাগিল।
: অহ্, ঠাণ্ডাদিনত কষ্ট পাব এতিয়া।
বৰমাৰ মনটো গোমা। হয়তো বৰদেউতাৰ ভৰিখনক লৈ চিন্তিত হৈ আছে। তাতে ডায়েবেটিছ থকা মানুহ। এনেতে চাহ তিনিকাপ লৈ নমিতা ওলাই আহিল। তাইৰ মুখখন আনন্দত উজ্জ্বল।
: মই কাইলৈ ঘৰলৈ যামগৈ নহয়।
নমিতায়ে মুখৰ মিচিকি হাঁহিটো ৰখাবই পৰা নাই। মই অলপ দেৰি ভেবা লাগি থাকিলোঁ। ঘৰত এইটো পৰিস্থিতি আৰু তাই ঘৰলৈ যাম বুলি আনন্দত অধীৰ হৈ আছে। আহিবৰ পৰত নমিতাই মোক আমাৰ ঘৰলৈকে আগবঢ়াই থৈ গ’লহি।
: বুজিছা ৰিমিবা, কালি বুঢ়াটোক চিৰিৰপৰা ঠেলি দিলোঁ নহয়।
: হা !
মোৰ মুখখন মেল খাই গ’ল।
: অ’তো, সদায় পাছে পাছে লাগি থাকে। পাকঘৰত অকলে কাম এটা কৰি থাকিব নোৱাৰোঁ আহি বেয়া ইঙ্গিত দিব। ঘৰ সাৰি থাকিব নোৱাৰোঁ মনে মনে আহি কঁকালতে ধৰি দিব। কালি গধূলি পানীৰ চুইছ দিবলৈ চিৰিৰে তললৈ নামি আহোঁতে বুঢ়াটোও মনে মনে পিছত লাগি আহিছিল। এপাকত হাতখন আগবঢ়াই দিওঁতে তললৈ ঠেলি দিলোঁ। গৈ তলত পৰিছে। উঠিবয়ে পৰা নাছিল। বৰমায়ে আহি উঠাইছেহি। বৰমাক কৈছোঁ, “বৰদেউতা বুলি নাজানো নহয়। আন্ধাৰত ধৰিবই নোৱাৰিলোঁ। বেলেগ কোনোবাই গাত হাত লগাইছে বুলিহে ঠেলা মাৰি দিলোঁ।”
নমিতায়ে খুকখুকাই হাঁহিছে।
: আজি ৰাতিপুৱাই বৰমাই মোক ঘৰলৈ গুচি যোৱাৰ কথা কৈছে।
: ভালেই কৰিলি দে। মানুহে আচলতে নিজৰ প্ৰতি হৈ থকা অন্যায়ৰ প্ৰতিবাদ কৰিব লাগে। যিকোনো উপায়েৰে নহওঁক কিয়।
নমিতাৰ কথাখিনি শুনি নিজৰ ওচৰত নিজেই লাজ পোৱা যেন লাগিল। ইমান সৰু ছোৱালীজনীয়ে এইখিনি সাহস কৰিছে আৰু মই তাইক সন্দেহ কৰি আছিলোঁ। বয়স বহুত বেছি হোৱা নাই নমিতাৰ। হয়তো পোন্ধৰ বা ষোল্ল হৈছে। তথাপিও তাই নিজক সুৰক্ষিত কেনেকৈ কৰিব লাগে শিকি গৈছে। নিজক লুকুৱাই কাওবাও কৰি থকা নাই। পৰমানন্দ শইকীয়াহঁতৰ দৰে মানুহৰ চৰিত্ৰৰ ওপৰত আঙুলি উঠোৱা সহজ কথা নহয়। তাতে এজনী সৰু বনকৰা ছোৱালীৰ বাবে মুঠেই সহজ কথা নহয়। কিন্তু তাই পাৰিছে। মনটো অলপ মুকলি লাগিল। নমিতাক সুধিলোঁ,
: তোৰ ঘৰত কোন কোন আছে?
: দাদা, বৌ আৰু মা আছে।
তাই ক’লে।
: ঘৰলৈ গৈ তই কি কৰিবিগৈ?
: আকৌ মানুহৰ ঘৰে ঘৰে গৈ কাম কৰিমগৈ।
: কাটিং নিটিং শিকিবি নেকি?
নমিতাৰ মুখখন উজ্বল হৈ পৰিল। নমিতাক কথা দিলোঁ তাই দুদিনমান ঘৰত থাকি ঘূৰি অহাৰ পাছত মই তাইক কাটিং নিটিংৰ স্কুলত নাম লগাই দিম। নমিতাৰ আনুষ্ঠানিক শিক্ষা কম। কিন্তু তাই বুধিয়ক। কিবা এটা লক্ষ্য দেখুৱাই দিলে তাই এদিন নিশ্চয় সফল হ’বই। কামৰ সৰু-বৰ নাই। তাক সুচাৰুৰূপে চলাব পৰাতোহে আচল কথা। নমিতাৰ মতেও সেয়াই হয়। বিদায়পৰত তাইৰ দুচকুত যেন আবেলিৰ বেলিটো জিলমিলাই আছিল।
☆ ★ ☆ ★ ☆
5:35 pm
ভাল লাগিল ৰীতা৷
7:55 am
ভাল লাগিল।