ফটাঢোল

জীৱনৰ সহচৰ- মোনা অথবা বেগ বিন্দু ৰাজবংশী কলিতা

জীয়াই থকা দিনকেইটাত মানুহৰ অনেক সম্পত্তিয়েই অপৰিহাৰ্য হৈ পৰে। তাৰ ভিতৰত মোনা অথবা বেগটোৰ কিমান বেছি গুৰুত্ব সেই কথা আমি কোনেও ভাবিবলৈ সময় নাপাওঁ। পুৰণি কালত এই বেগক মানুহে জোলোঙা বুলি কৈছিল। বিশেষকৈ গ্ৰাম্য সমাজৰ প্ৰতিগৰাকী ব্যক্তিৰ বাবে জোলোঙা বিভিন্ন দিশত বিভিন্নভাৱে ব্যৱহৃত হৈছিল। সেই সময়তো জোলোঙা আছিল সহচৰ অথবা সংগী। পেছা অনুযায়ী বিশেষ বিশেষ ধৰণৰ ব্যক্তি বুলি ক’লেই আমি নেদেখাকৈয়ে কল্পনা কৰি ল’ব পাৰো সেই ব্যক্তিগৰাকীৰ ব্যক্তিত্ব। উদাহৰণস্বৰূপে শিক্ষক বুলি ক’লেই আমি ধাৰণা কৰি ল’ব পাৰিছিলো যে কান্ধত ওলোমাই লোৱা পৰিস্কাৰ জোলোঙা এটাৰে সৈতে ধূতি চোলা পৰিহিত এগৰাকী ব্যক্তি। ঠিক সেইদৰে গণনা কৰি ঘূৰি ফুৰা পেছাদাৰী গণক বা জ্যোতিষী এজনকো আমি কান্ধৰ জোলোঙাটো অবিহনে কল্পনা কৰিব নোৱাৰোঁ। এই জোলোঙা বা মোনাটোৰ ভিতৰতে থাকে মানুহৰ অনেক আশা, ভৰষা, জীয়াই থকাৰ সম্বল, লগতে থাকে ব্যক্তিত্ব। শিক্ষকৰ মোনাটো বা জোলোঙাটোৰ ভিতৰখন যেনেকৈ এসোপা জ্ঞান গৰিমাৰে পৰিপূৰ্ণ হৈ থাকে, ঠিক সেইদৰে কৰ্ম কৰি জীৱন নিৰ্বাহ কৰা লোক এজনৰ মোনাটোৰ ভিতৰত থকা সঁজুলিখিনিয়েই তেওঁৰ জীৱন সংগ্ৰামৰ হাথিয়াৰ। তেনেকৈ ভিক্ষাৰী এজনৰ ভিক্ষাৰ জোলোঙা বা মোনাটোত লিপিট খাই থাকে অনেকজনৰ ককৰ্থনা, অলেখ দুখৰ কাহিনী।

মোনাটো পাহৰি এৰি গ’লে অনেক আহুকালে পায়। কেতিয়াবা পত্নীয়ে মোনাটো দিবলৈ পাহৰাৰ ফলত সাংসাৰিক কলহৰো সৃষ্টি হৈ পৰে। স্বামী ওলাই যোৱাৰ সময়ত মোনা যতনাই দিয়াটো একপ্ৰকাৰ আমাৰ সমাজৰ নাৰীসকলৰ কৰ্তব্য বা দায়িত্ব বুলি ধৰা হয়। বহুতো পুৰুষৰ মোনাটোৱেই হৈছে উপাৰ্জনৰ স্থলী। সৰু সৰু ব্যৱসায়ীসকলে সন্ধিয়া ঘৰলৈ উভটি আহে আৰু মোনাত লৈ আহে পৰিয়ালৰ বাবে সুখ। পত্নী, সন্তানে আকুল হৈ ৰৈ থাকে মোনাৰ ভিতৰত পিতৃয়ে লৈ অহা বজাৰখিনিৰ বাবে। মোনাটো উদং হৈ আহিলে বহুতো পত্নী অভিমান বা খঙত অসন্তুষ্ট হয়। সেয়ে হয়তো পুৰণি প্ৰবাদ আছে “মাকে চাই মুখলৈ, পত্নীয়ে চাই  হাতলৈ” বুলি। অৰ্থাৎ হাতৰ মোনাটোলৈ। সৰু সৰু ব্যৱসায়ী যেনে বিজুলী বিভাগৰ যিকোনো সামগ্ৰী মেৰামতি কৰিবলৈ ঘৰে ঘৰে ঘূৰি ফুৰা ব্যৱসায়ী বা তেনেকুৱা আৰু অনেক ব্যৱসায়ীৰ বাবে মোনাটো হৈছে শৰীৰৰ এটা অংগৰ নিচিনা। মোনাৰ ভিতৰত সুৰক্ষিত হৈ থকা আহিলাকেইপদেই হৈছে জীৱিকাৰ মূল সামগ্ৰী, উপাৰ্জনৰ মূল আহিলা। পৃথিৱীত অনেক কেলেংকাৰীৰ মূল চৰিত্ৰও হৈ পৰে এই মোনাটো। কালক্ৰমত জোলোঙা অথবা মোনা হৈ পৰিছে জীৱনত এৰাই চলিব নোৱাৰা এটা প্ৰধান অংগ।

আজিকালি মোনা বুলিবলৈ পাহৰাৰ দৰেই হৈছে। আমি কথা কওঁঁতে দিনটোত কেইবাটাও ইংৰাজী শব্দ প্ৰয়োগ কৰোঁ। সেই কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে। এয়া আমাৰ অভ্যাসত পৰিণত হৈছে। সেই অভ্যাসৰ ফলস্বৰূপে আমি মোনা শব্দটো এৰি এতিয়া বেছি সংখ্যক লোকেই বেগ বুলি কওঁ। বেগৰ মহত্ত্ব অলেখ। বেগ এটাৰ ভিতৰত আমি বৰ্তমান দৈনন্দিন আৱশ্যকীয় সম্পদৰাজী লৈ জীৱন যাত্ৰা আৰম্ভ কৰোঁ। বেগৰ ভিতৰতে কঢ়িয়াই লৈ ফুৰোঁ জীৱনৰ অনেক গোপনীয়তা। বৰ্তমান যুগত বেগৰ আৱশ্যকতা, গুৰুত্ব আৰু অধিক হৈ পৰা দেখা গৈছে।

নৱপ্ৰজন্মৰ বাবে বেগ হৈ পৰিছে সাংঘাতিক জনপ্ৰিয় আহিলা। বিদ্যালয়ত নাম ভৰ্তি কৰাৰ দিনাই সন্তানৰ পিঠিত এটা বেগ ওলমাই দিয়া হয়। প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে বেগটোৰ প্ৰতি ইমানেই আকৰ্ষিত হৈ পৰে যে বেগটো ৰাতি সপোনতো আহে। লাহে লাহে বেগটো কিছুমানৰ বাবে প্ৰতিযোগিতাৰ আহিলা হৈ পৰে। কোনে কিমান দামৰ, কিমান দামী ব্ৰেণ্ডৰ বেগ কিনি ল’ব পাৰে তাৰ এখন অঘোষিত প্ৰতিযোগিতাৰ সৃষ্টি হৈ পৰে। সেইবোৰ কথা যদিও ধনী লোকৰ বাবে সম্ভৱ হৈছে তথাপিও এটা উৱলি যোৱা বেগেৰেও বহু বছৰ অধ্যয়ন কৰি সফলতা লাভ কৰা অনেক ছাত্ৰ-ছাত্ৰীৰ উদাহৰণ আছে।

এই যে স্কুলৰ আৰম্ভণিতেই আমি বেগ এটা পিঠিত ওলমাই লওঁ, সেই বেগটো আচলতে আমি আৰু কোনো দিনেই নমাবলৈ সময় নাপাওঁ। বেগটোৰ সৈতে আৰম্ভ হয় জীৱনৰ দীঘলীয়া যাত্ৰা। শ্ৰেণীকক্ষ সলনি হৈ আহে আৰু বেগৰ আকাৰ আৰু ওজনো ক্ৰমে বৃদ্ধি পাই আহে। পিঠিৰ বেগটোৰে আৰম্ভ হয় জীৱন গঢ়াৰ সংগ্ৰাম। এদিন পঢ়া সমাপ্ত কৰি কিতাপৰ বোজা সামৰা হয় আৰু বেগটোৰ ভিতৰত প্ৰৱেশ কৰে অধ্যয়নৰ সমাপ্তিৰ সফলতাৰ প্ৰমাণপত্ৰসমূহে। বেগটো হৈ পৰে ভগৱানৰ প্ৰতীকস্বৰূপ তাৰ ভিতৰতেই থাকে জীৱন জীয়াবলৈ গঢ়া শক্তি। বহুতেই ভুলতে বেগত ভৰিটো লাগিলে মনত কষ্ট পাই অপৰাধীৰ দৰে সেৱা কৰি ক্ষমা খোজে বেগটোক। বহুতৰ জীৱনত সদায় নতুন হৈয়েই থাকে বেগ, বৰঞ্চ বেগৰ মানদণ্ড উন্নত হৈ পৰে। বেগটোৰ মালিক তেওঁ নিজে হ’লেও তেওঁৰ সহায়কাৰীয়ে বেগৰ ওজন কঢ়িয়াই লৈ ফুৰে। আনহাতে কোনোবাই উৱলি যোৱা বেগটো লৈ অফিচ কাছাৰীৰ দুৱাৰমুখে দুৱাৰমুখে ঢপলিয়াই ঢপলিয়াই এটা সময়ত ভাগৰি পৰে। বৰ্তমান হেজাৰ হেজাৰ নিবনুৱা যুৱক যুৱতীৰ পিঠিৰ বোজা এই বেগটো।

চাবলৈ গ’লে এই বেগটো মৃত্যুৰ পিছতো সংগী হিচাপে মৃতকৰ লগত থাকি যায়। সাধাৰণতে হিন্দু ধৰ্মাৱলম্বীৰ লোকসকলে মৃতকৰ লগত তেওঁৰ ব্যৱহৃত   সামগ্ৰীসমূহ প্ৰদান কৰে এটা টোপোলা বান্ধি। এই টোপোলাটোক আমি নিশ্চিতভাৱে বেগ বুলি ক’ব পাৰোঁ। মোনা, সাধাৰণ টোপোলাই হওক কিম্বা আধুনিক বেগ, ই আমাৰ জনম জনমৰ সহচৰ!

☆ ★ ☆ ★ ☆

2 Comments

  • জয়ন্ত

    বৰ ভাল লাগিল৷

    Reply
  • হেমন্ত কাকতি

    বহুত ভাল লাগিল৷ বহুতেে গুৰুত্ব নিদিয়া টপিক এটাক বৰ সুন্দৰভাবে উপস্থাপন কৰিলে৷ লিখি থাকিব৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *