ফটাঢোল

আমি অসমীয়া নহওঁ দুখীয়া- অৰুণাভ মহন্ত

এসময়ত এটা জাতি আছিল, নাম আছিল “অসমীয়া”! যদিও জাতিটোৱে মাজে মাজে নিজৰ সংজ্ঞা বিচাৰি থাকে, তথাপিও সহজ ভাষাত ক’বলৈ গ’লে অতীজৰেপৰা অসম প্ৰদেশত বসবাস কৰা বা অসমীয়া ভাষা সংস্কৃতি মানি চলা লোকসকলকেই অসমীয়া বুলি কোৱা হৈছিল৷ অৱশ্যে এতিয়া জাতিটোত অসমীয়া কম আছে৷ এতিয়া জাতিটোত কলিতা, আহোম, বামুণ, উজনি-নামনিৰ, হিন্দু-মুছলিম ইত্যাদিহে বেছিকৈ থাকে৷ তথাপিও জাতিটো এতিয়াও জীয়াই আছে, কেলধোপ-কেলধোপকৈ হ’লেও।

এসময়ত অসমীয়া জাতিটো বিভিন্ন বনজ, খনিজ আৰু খাৰুৱা সম্পদেৰে চহকী আছিল, কিন্তু এই জাতিটো এতিয়া আৱেগেৰেহে চহকী, ইমান আৱেগিক জাতি চাগে পৃথিৱীত বহুত কমেই আছে৷ বিশ্বাস নকৰিলে জাতিটোৰ ইতিহাস চাই লওক – চৰকাৰ সলনি কৰাৰপৰা কোনোবা গায়কক “ভয়চ অব ইণ্ডিয়া” বনোৱালৈকে সকলো কৰি দেখুৱাইছে এই জাতিটোৱে৷

পাঞ্জাৱীসকল যেনেদৰে কৃষিপ্ৰধান, গুজৰাটীসকল যেনেদৰে এটা ব্যৱসায়প্ৰধান জাতি, তেনেদৰে অসমীয়া জাতিটো এটা উৎসৱপ্ৰধান জাতি৷ উৎসৱ পালন বা আয়োজন কৰাত এই জাতিটোৰ নাম আছে৷ অনাড়ম্বৰ বা গম্ভীৰ অনুষ্ঠান এটাকো অসমীয়াই গ্লেমাৰাছ বনাই তোলে৷ সৰস্বতী পূজাভাগ সুন্দৰী প্ৰতিযোগিতা পাতি পাতি কি বনাই দিয়া হ’ল সকলোৱে জানেই৷ নিজৰবোৰতো পালন কৰেই, আন ৰাজ্য বা দেশৰ উৎসৱকো অসমীয়াই কেতিয়াও এলাগী নকৰে৷ ধনটেৰছ, কৰৱাচৌথ, হেলোৱিন, ট’মেটিনো ফেষ্টিভেল আদি কিছু লেখত ল’বলগীয়া উদাহৰণ৷

জাতিটোৱে উৎসৱ পালন কৰাৰ পাছতেই কৰি ভাল পোৱা দ্বিতীয় কামটো হ’ল বিতৰ্ক৷ ফেচবুক অহাৰ পাছত সেয়া কিছু পৰিমাণে বাঢ়িছেও৷ বহুদিনলৈ একো নতুন বিতৰ্ক কৰিব নাপালে জাতিটো উদাস, হতাশ, নিৰাশ হৈ পৰা পৰিলক্ষিত হয়৷

ভাৰতবৰ্ষলৈ এই জাতিটোৰ অৱদান কি? বহুতো জাতিয়ে হয়তো বহুতো খেলুৱৈ, ৰাজনীতিবিদ, IAS অফিচাৰ, কলা-কুশলী, সাহিত্যিক, বিজ্ঞানী দিছে, কিন্তু এইটো জাতিৰ সমান আন্দোলনকাৰী না কোনোবাই দিছে বা আগলৈকে দিব পাৰিব৷ কিন্তু অসমীয়াসকলে নিজৰ বৰেণ্য ব্যক্তিসকলক বেছ সন্মান কৰে৷ মানে আন জাতিবোৰেও নকৰা নহয়, কিন্তু অসমীয়াই বেছিকৈ কৰে, মাথো মৰণোত্তৰভাৱেহে কৰে৷ জীয়াই থাকোতে বেছি পাত্তা নিদিলেও মৃত্যুৰ পাছত প্ৰায় এসপ্তাহমান সূতেমূলে দি দিয়ে৷ এমাহ নহওঁতেই অৱশ্যে পুনৰ পাহৰি যায় – সেইটো বেলেগ কথা৷

এই জাতিটোৱে নকৰে কি? বহুতো সৰুসুৰা, আংবাং কাম এই জাতিটোৱে কৰিবলগীয়া কাম বুলি নধৰে৷ যেনে? এই ধৰক চুলি কটা, জোতা পলিচ কৰা, পেট্ৰল পাম্পত পেট্ৰল দিয়া এইবোৰ কাম পৰাপক্ষত নকৰে অসমীয়াসকলে৷ তাৰ বাবে অনাঅসমীয়া মানুহ আছে যথেষ্ট৷ চুবুৰীয়া দেশ এখনৰপৰা মীনপালন, কৃষিকৰ্মৰ বাবে মানুহবোৰ আহি ভৰি যোৱাৰ পাছত সেয়াও মোটামুটি কৰিবলৈ বাদেই দিয়াৰ দৰে হৈছে৷

জাতিটোৰ প্ৰগতি আৰু বিকাশত প্ৰধান হেঙাৰ কি? বহুতে কয় এলাহ, আন বহুতে কয় এই জাতিৰ লোকৰ “কেকোঁৰা স্বভাৱ”টোৱেই প্ৰধান সমস্যা৷ মোৰ সমীক্ষা অনুযায়ী এই জাতিটোৰ প্ৰধান সমস্যা হ’ল “লেঠা”৷ এষাৰ কথা আছে – মাৰৱাৰীৰ খাতা, বাঙালীৰ মাথা আৰু অসমীয়াৰ লেঠা! প্ৰতিভা, যোগ্যতা, সমল গোটেইখিনি আছে প্ৰতিজন অসমীয়াৰ৷ কিন্তু কোনোবাই কিবা এটা বিশেষ কৰিবলৈ ওলালেই কিবা এটা লেঠা লাগে৷ সেয়েহে…

কিন্তু তাৰপাছতো গৌৰৱ কৰিবলগীয়া বহুত কিবাকিবি আছে জাতিটোৰ৷ সেয়ে নিজৰ এই জাতিটোক লৈ গৌৰৱ কৰোঁ৷ গৌৰৱ কিয় নকৰিম আমি? পৃথিৱী কঁপোৱা ছাত্ৰ আন্দোলন এটাৰ নেতৃত্ব দিয়া নেতা আছে আমাৰ – পাছলৈ মুখ্যমন্ত্ৰী হৈ তেখেতে আকৌ কমিউনেল “হাৰমনিয়াম”ও বজাইছিল, যিকোনো মুহূৰ্তত গীনিজ বুকত নাম উঠাৰ আশা থকা এজন বৰদেউতাৰ বয়সৰ ছাত্ৰ নেতা আছেই এতিয়াও, যিকোনো কথাত ৰাজপথত শুই পৰিব পৰা এজন কৃষক নেতা আছে, খৰ্গৰ দালালি কৰা এজন মন্ত্ৰী এতিয়াও দপদপাই আছে, শিক্ষাগুৰুক “মাল” বুলিব পৰা মন্ত্ৰী আছে, সকলো সময়তে বৰাক ব্ৰহ্মপুত্ৰৰ কথা কৈ থকা মুখ্যমন্ত্ৰী আছে, অন্ধ্ৰৰ মীন ব্যৱসায়ৰ প্ৰসাৰৰ বাবে মাঘ মাহত এটা উৎসৱ আছে, গামোছাৰ ৰূপত তামিলনাডুৰ বস্ত্ৰ ব্যৱসায়ৰ প্ৰসাৰৰ বাবে ব’হাগ মাহত আন এটা উৎসৱ আছে, ৰাজহ বৄদ্ধিৰ বাবে খোজে খোজে ৱাইন শ্বপ আৰু লগতে অগণন গ্ৰাহক আছে, অসমীয়া পঢ়িব-লিখিব নাজানো বুলি গৰ্ব কৰা এচাম নাগৰিক আছে, অসমৰপৰা তাহানিতে ভূপেন হাজৰিকাৰ দৰে শিল্পীক গতিয়াই কলিকতালৈ খেদি দিব পৰা দম আছে, বন্ধৰ দাবী কৰিবলৈ কৰ্মী যুৱক, জ্বলাবলৈ টায়াৰ-পেট্ৰোল-খেৰ আছে, চান্দাৰ বহীও ঢেৰ আছে, বিতৰ্ক কৰিবলৈ ফেচবুকত ভিন ভিন টপিক আছে…

কি নাই আমাৰ?

সেয়েহে আমি কওঁ – আমি অসমীয়া, নহওঁ দুখীয়া!

☆ ★ ☆ ★ ☆

2 Comments

  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    বঢ়িয়া বঢ়িয়া৷ আমি অসমীয়া নহওঁ দুখীয়া৷

    Reply
  • জিতু

    ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *