ফটাঢোল

লাগিলে দিম-দেৱজিত শইকীয়া

বিজয়ৰ পাল্লাত পৰিলে মানুহ যে পগলা হয় তাৰ এটা সৰু উদাহৰণ পেচ কৰিলোঁ৷

সিদিনা তাৰ লগত গুৱাহাটীলৈ যাওঁতে তাক সুধিলো বোলো তহঁতৰ ঘৰত কোমোৰা গছ আছে নেকি? সি ক’লে, “আছে দাদা, লাগিলে দিব পাৰোঁ৷”

মই বোলো লাগেই বুজিছনে। তই এই দুশ টকা ল, ভাল চাই কোমোৰা দুটা দিবি৷

তাৰপিছত আৰু তাৰ খবৰ খাতি নাই৷ সিদিনা ফোন কৰি সুধিলোঁ৷

সি বোলে, “আপুনি আমাৰ ঘৰত কোমোৰা গছ আছেনে নাই সুধিছিল হয়নে নাই?”

মই বোলো হয়৷

“মই আছে বুলি কৈছিলোঁ৷ হয় নে নহয়?”

মই বোলো হয়৷

“মই কৈছিলোঁ লাগিলে দিব পাৰোঁ৷ হয় নে নহয়?”

মই বোলো হয়৷

সি বোলে, “পুলি হৈ আছে৷ লাগিলে দিম৷”

☆ ★ ☆ ★ ☆

4 Comments

  • পঙ্কজ বৰুৱা

    আপোনাৰ এতিয়ালৈকে দুটা লেখা পঢ়িলো, মুঠতে ৮জন এডমিনৰ ১২ টা লেখা পঢ়িলোঁ ৷ সুন্দৰ….

    Reply
  • বন্দিতা

    হা:হা:

    Reply
  • মানসী

    বঢ়িয়া..

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *