ফটাঢোল

ফটাপ্ৰশ্ন আৰু ফটহুকাইৰ উত্তৰ

১) মিলন চন্দ্ৰ দাস : বিয়াৰ বাবে ছোৱালী চাবলৈ আহিলে চাহৰ লগত খাবলৈ দিয়া খাদ্য মাজনীয়ে নিজ হাতেৰে বনোৱা বুলি যে মাকে কয়  আনকালে ভৰিৰে বনায় নেকি?

উত্তৰ : আনকালে আনৰ হাতেৰে বনায় আকৌ। পিচে এইষাৰ কথাৰ ওপৰত ভিত্তি কৰি বিয়া খাটাং নকৰাই ভাল, কথাষাৰ সঁচা  নে মিছা তাৰ চাক্ষুস প্ৰমাণ পোৱালৈ বহুত পলম হৈ যায়গৈ।

২) শান্তনু বৰপূজাৰী : কান্দিলে কেতিয়াবা কিছুমান মানুহে যে কয় ঘৰিয়ালৰ চকুপানী বুলি। ঘৰিয়ালবোৰে কি মিছাকৈ কান্দি থাকে নেকি সদায়?

উত্তৰ : কথাটো হ’ল ঘৰিয়ালৰ চকুৰপৰা এনেই পানী বাগৰি থাকে, মাটিত থকা সময়ছোৱাত; কিন্তু ঘৰিয়াল পানীত থকা সময়ছোৱাত কি হয়, ফটহুৱে চোৱাগৈ নাই, গালৈকে টান পৰে বুলি। তেনেকে বহু লোকে মিছা চকুপানী বোৱাই উদ্দেশ্য সিদ্ধি কৰে, তাকে ঘৰিয়ালৰ চকুপানী বুলি কোৱা হয়।

৩) দ্বীজেন তামূলী : (ক) প্ৰেম আৰু মৰমৰ পাৰ্থক্য কি?

উত্তৰ : (ক) পাৰ্থক্য মূলতঃ দুটা। এক- মৰম সকলোকে কৰিব পাৰি, পিচে প্ৰেম আকৌ বিশেষ এজনকহে কৰিব পাৰি। দুই- মৰম সঁচা আৰু প্ৰেম মিছা।

খ) ইহঁতৰ চকু থাকিলেও কেতিয়াবা কেতিয়াবা কিয় অন্ধ বুলি কোৱা হয়?

উত্তৰ : (খ) মৰম আৰু প্ৰেমৰ ক্ষেত্ৰত সাধাৰণতে মানুহে দেখিও নেদেখাৰ দৰে আচৰণ কৰে। ধৰক আপোনাৰ এই প্ৰেমিক প্ৰেমিকাবোৰেই, আয়ৌ, ইটোৱে সিটোক নেপালে যেন মৰিহে যাব, ভালপোৱাজনৰ ঠাই যেন আন কোনেও ল’বই নোৱাৰে। পিচে আচলতে কিডাল হয়, শেষত গৈ, “এয়া মামা দেই, বেটা নমষ্কাৰ দিয়া”। গতিকে অন্ধ নুবুলি কি বুলিব?

৪) কমলা দাস : (ক)
বুঢ়ীও উঠিল ডাং খাই
উত্তৰ দিলে বুঢ়ালৈ চাই,
তই হ’বি ঘৰৰ ঘৈণী
হাঁহ পাৰবোৰ চাবি,
আছে মানে ঘৰৰ কাম

মনোযোগ দিবি।

কবিয়ে ইয়াত বুঢ়াক, হাঁহ পাৰবোৰ চোৱাৰ উপৰিও আৰু বেলেগ ঘৰুৱা কি কামত মনোযোগ দিবলৈ কৈছে?

উত্তৰ : হেৰৌ ঘৰখনত নো কেৱল হাঁহ পাৰকেইটা চোৱাটোৱেই কামনে? ভাত পানী ৰন্ধা, বাচন প্ৰক্ষালন মহোৎসৱ, বেহৰবাৰী আউটপোষ্ট চোৱা, চুবুৰীয়া শইকীয়ানীৰ ঘৰলৈ গৈ বৰুৱানীৰ বোৱাৰীয়েকৰ বদনাম গোৱা, কাপোৰ-কানিকেইটা ৰ’দত দিয়া আকৌ ভিতৰ সুমুৱাই জাপি-কুচি থোৱা, …………. তেনেই অনাদি অনন্ত কাম।

খ) জ্যামিতিত যে এডাল জ্যা আছিল! সেই ডালক জ্যা কিয় বোলা হৈছিল ?

উত্তৰ : সেই সময়ত জ্যামিতিৰ চৰ্চা সম্পূৰ্ণ হোৱা নাছিল, মানে আৰম্ভহে হৈছিল। প্ৰথমতে ‘জ্যা’ আহিল, তাৰ পাছত ‘মি’ আহিল আৰু শেষত ‘তি আহিলত জ্যামিতি বিদ্যা পৰিপূৰ্ণ হ’ল। একেবাৰে প্ৰথম অৱস্থাৰ মাল বাবে তাক জ্যা বুলি কোৱা হয়।

গ) জ্যামিতি বক্সত থকা কম্পাচডালেৰে বৃত্ত অঁকাৰ উপৰিও আৰু কি কি কামত ব্যৱহাৰ কৰা হয়?

উত্তৰ : জ্যামিতিত আৰু কি কি কৰা হয় নেজানো, কিন্তু অমুকাই সেইডাল মাৰণাস্ত্ৰ হিচাপেহে বেছিকৈ ব্যৱহাৰ কৰিছিল।

৫) দিলীপ আৰ কাকতি : “প্ৰতিজন পুৰুষৰ সফলতাৰ আঁৰত এগৰাকী নাৰীৰ হাত থাকে।” যদি নাৰীৰ সংখ্যা এগৰাকীতকৈ বেছি হয় সফলতাৰ পৰিমাণো বৃদ্ধি  হ’বনে?

উত্তৰ : বাঢ়িব বুলি আশা কৰিব পাৰি, কাৰণ যোগ হ’লে বাঢ়ে।

৬) মিলন চন্দ্ৰ ডেকা : এজন মানুহৰ দুগৰাকী ঘৈণীয়েক আছিল। গ্ৰীষ্মকালৰ এটা দিনত দুয়োগৰাকীয়ে নিজ নিজ পিতৃগৃহলৈ গৈ বেলি ডুব যোৱাৰ আগেয়ে স্বামীগৃহলৈ পদব্ৰজে ঘূৰি আহে। এগৰাকীৰ পিতৃগৃহ স্বামীগৃহৰপৰা পশ্চিম দিশে তিনি কিলোমিটাৰ আঁতৰত। আন গৰাকীৰো পিতৃগৃহ স্বামীগৃহৰপৰা পূৱদিশে সঠিক তিনি কিলোমিটাৰ দূৰত্বত অবস্থিত। দুয়োগৰাকী ঘৈণীয়েক সমবয়সীয়া আৰু ৰূপৱতী আছিল। এতিয়া প্ৰশ্ন হ’ল ৰাতিৰ বাবে ভাত ৰান্ধিবলৈ গিৰিয়েকে কোন গৰাকীক কৈছিল আৰু কিয় কৈছিল? (কাহিনীটো আমাৰ ককাহঁতৰ সময়ৰ সঁচা ঘটনা)

উত্তৰ : খেলটো কিবা পূব বা পশ্চিমমূৱা হৈ ঘৰ সোমোৱাৰ ঘটনা হ’ব পাৰে, কিন্তু আচল কথা সেইগৰাকীয়েই ভাত ৰান্ধিব যাৰ মাহেকীয়া কেজুৱেল লীভ হৈ নেথাকে, আনগৰাকী যি দিশৰপৰাই নাহক কিয়, তেওঁ ৰান্ধিব নোৱাৰিব। পূৱ-পশ্চিমতকৈ এইটো নিয়ম বেছি কঠোৰ হ’ব, বিশেষকৈ আপোনাৰ ককাদেউতাৰ দিনৰ কথা যেতিয়া।

৭) ভূপালী দেৱী : ৪০/৪৫ বছৰীয়া আদহীয়াবোৰেও বিয়াৰ বাবে ১৮/২০ বছৰীয়া ছোৱালীহে বিচাৰে কিয়?

উত্তৰ : ৪০/৪৫ বছৰীয়াবোৰ ছোৱালী হৈ থাকে জানো, গতিকে ছোৱালী বিচাৰিলে ১৮/২০ বছৰীয়াই বিচাৰিব লাগিব। অৱশ্যে মহিলা বিচাৰিলে কথা বেলেগ।

৮) বৰ্ণালী এচ মুদৈ : আচ্ছা! যিবোৰে ফ্রেণ্ড ৰিকুয়েষ্ট একচেপ্ট কৰাৰ দুই মিনিটৰ পাছতেই ভিডিঅ’ কল কৰে, তেওঁলোক ঠিক কোন গ্রহৰ প্রাণী? দেখাতটো একদম মানুহৰ দৰেই৷

উত্তৰ : দেখাত মানুহৰ দৰে হ’লেই মানুহ হ’ব বুলি কোনো গেৰাণ্টি নাই কিন্তু, সময় থাকোঁতেই কৈ থ’লোঁ৷

৯) জয়ন্ত কুমাৰ ডেকা : সমাজত আনন্দত থকাৰ অভিনয় কৰা আৰু অভিনয় কৰি আনন্দত থকা বুলি দেখুৱাবলৈ যত্ন কৰাৰ ক্ষেত্ৰত পুৰুষ পাৰ্গত নে মহিলা পাৰ্গত?

উত্তৰ : জীৱন নামৰ ৰংগমঞ্চখনত আচলতে সকলোৱেই এজন এজন সফল অভিনেতা, যি অভিনয়ত বেয়া, সি বাচিয়েই থাকিব নোৱাৰে।

১০) ত্ৰিদিৱ আৰ শৰ্মা : খুচ মাৰি যদি মহৰি খানত নতুনকে এটা ফুটা কৰি দেউ, মহৰি খানৰ টোটেল ফুটা বাৰবো না কমবো?

উত্তৰ : মহৰিৰ ফুটাবোৰৰ মাজত থকা সূতাবোৰতকৈ সৰু চাইজৰ খোঁচা মৰিব পাৰিলে বাঢ়িব, হোলাবাৰিৰে খোঁচা মাৰিলে কমিব।

১১) দ্বিজেন তামূলী : লুটিবাগৰ কাক বোলে?

উত্তৰ : আনুভূমিক আৰু উলম্ব দুইটা দিশতে একেসময়তে বাগৰ মাৰিলে তাক লুটিবাগৰ বোলে।

১২) অণিমা দাস : লোকেল মুৰ্গী, লোকেল পঠা, খাহীৰ মাংস থাকোঁতেও হাঁহৰ মাংস জনপ্ৰিয় হোৱাৰ কাৰণ কি?

উত্তৰ : তাৰ কাৰণ কিছুমান বিশেষ মানুহ, নাম নকওঁ। ক’লে ভকতৰ দায় লাগিব পাৰে।

১৩) পূৰ্ণময়ী মেধি : চূণ বগা হ’লেও তাৰ নাম আছে। কিয় আমি তাক তাৰ নামেৰে নামাতি বগা বুলিব লাগে? সদায় তাক লৈয়ে তৰ্ক৷

উত্তৰ : বগাটো চূণৰ ঘৰত মতা নাম, চূণটো পোচাকী। গতিকে ঘৰুৱা কথা বাৰ্তাত ঘৰুৱা নামটোৱেই ব্যৱহাৰ কৰা ভাল। কিছুমান মানুহে আকৌ বিশ্বাস কৰে, চূণক বগা বুলি ক’লে সি অপকাৰ নকৰে, নহ’লে জিভা ডাকি সৰিয়হ ফুল দেখুৱাই দিব।

১৪) নীলাক্ষী ভট্টাচাৰ্য্য : হাঁ‌হৰ মাংস আৰু ভোজৰ তেলাল খাহিৰ প্ৰেমতপৰা আমাৰ ডেকাকেইজনে এনে কি বস্তু পাই ইয়াৰ মাজত সকলো পাহৰি খোৱাত হে মনটো থাকে?

উত্তৰ : সঁচা কথা ক’বলৈ গ’লে মতা মানুহৰ মনটো কেৱল খোৱাতেই থাকে। সেয়ে ইংৰাজীত এষাৰ প্ৰৱচন আছে, বোলে মতা মানুহৰ হৃদয়লৈ যোৱা বাটটো পেটৰ ভিতৰেদিহে থাকে। গতিকে খোৱাই মেইন, বাকী নিমিত্ত মাত্ৰ।

১৫) বন্দিতা জৈন : হাঁহি হাঁহি আহে জীৱনলৈ, পিছত কন্দুৱাই আঁতৰি যায়। কি হ’ব পাৰে?

উত্তৰ : প্ৰেম।

১৬) উত্তম নেওগ : মাহবোৰ যদি ত্ৰিশ দিনীয়া নহৈ পোন্ধৰ দিনীয়া হয় তেতিয়া কাৰ লাভ আৰু কাৰ লোকচান হ’ব?

উত্তৰ : মোৰ দৰে চাকৰিজীৱিৰ লাভ হ’ব, পোন্ধৰ দিনৰ মূৰে মূৰে বেতন পাম। কিন্তু সৰু ল’ৰা ছোৱালীবোৰৰ লোকচান হ’ব, বাৰটাৰ ঠাইত ২৪ টা মাহৰ নাম মুখস্থ কৰিব লাগিব।

১৭) তবিবৰ ৰহমান : ফটহু কাই, সময়ৰ টিকনিডাল যে আগফালে থকা বুলি কয়! টিকনিডাল আগফালে মুখত থাকে নে কঁপালত নে পেটত থাকে?

উত্তৰ : অমুকাই দেখা নাই দেও, সদায় সময়ৰ পিছে পিছে দৌৰোতেই জীৱনটো গৈছে। পিছে অনুমান হয়, টিকনি যেতিয়া কপালৰ ওচৰ পাজৰেই থাকিব, চুলি নেলাগিব জানো টিকনি বান্ধিবলৈ?

১৮) দীক্ষিতা বৰা : বাকী বস্তু যে চুটি হ’বলৈ কাটে, সূতা নো কিয় দীঘল হ’বলৈ কাটে বাৰু? এইটো কথা মই আজিকোপতি নুবুজিলোঁ।

উত্তৰ : এই কটা আৰু সেই কটা একে নহয় দেই। যেনেকৈ হাঁহ আৰু হাঁহ একে নহয়, যেনেকে গোট ‘খা’ আৰু ভাত ‘খা’ একে নহয়।

 ১৯) শ্ৰুতিমালা মিশ্ৰ : পত্নীক যদি ঘৰৰ লক্ষ্মী বুলি কোৱা হয়, তেন্তে গাৰ্লফ্ৰেণ্ডক কি বুলি কোৱা হʼব?

উত্তৰ : বিবাহিত পুৰুষৰ গাৰ্লফ্ৰেণ্ড হ’লে ঘৰৰ ‘কালীমাতা’ বুলি ক’ব পাৰি। অবিবাহিতসকলৰ গাৰ্লফ্ৰেণ্ডবোৰ দেৱ-দেৱী লেভেল নেপায়গৈ৷ সোণ, বাবু, দেহা, কলিজা আদি লেভেলতে থাকে।

২০) দিনমণি তালুকদাৰ : মাষ্টৰৰ ঘৈণী যদি মাষ্টৰনী হয়, ডাক্তৰৰ ঘৈণী ডাক্তৰনী হয়। তেনেহ’লে দোকানিৰ ঘৈণী কি হ’ব?

উত্তৰ : দোকানিনী।

২১) জয়ন্ত দাস : ছোৱালীবোৰে বাৰু বিয়াৰ আগতে ভাল স্বামী পোৱাৰ মানসেৰে শিৱ বাবাৰ ওচৰলৈ যায়, কিন্তু বিয়া হোৱা মহিলাসকলে কি বিচাৰি যায়?

উত্তৰ : ঘৰৰ মানুহজন যাতে শিৱবাবাৰ দৰে নহয়, তাকে প্ৰাৰ্থনা কৰিবলৈ যায়।

২২) জয়ন্ত শৰ্মা : শাসনৰ ‘বাঘজৰী’ বোলে যে, এই জৰীডাল কিহেৰে বনায়?

উত্তৰ : আপোনাৰ মোৰ বুৰ্বকামিৰ দীঘ আৰু স্বাৰ্থপৰতাৰ বাণিৰে, অপপ্ৰচাৰৰ আঁচুফুল বাচি সেইডাল জৰী বনায়।

২৩) সুশান্ত কুমাৰ শৰ্মা : ডাক্তৰ, মাষ্টৰ, উকিল, প্ৰফেচৰ আদি বৃত্তিত জড়িত পুৰুষৰ ঘৈণীয়েকসকলক সেই বৃত্তিত জড়িত নহ’লেও যথাক্ৰমে ডাক্তৰনী, মাষ্টৰনী, প্ৰফেচৰনী আদি অভিধাৰে নামাঙ্কিত কৰা হয়; কিন্তু ডাক্তৰনী, মাষ্টৰনী আদিৰ গিৰিয়েকসকল তেখেতসকল ঘৈণীয়েকৰ সৈতে একে বৃত্তিত জড়িত নহৈ নিবনুৱা হৈ থাকিলেও মাষ্টৰ, ডাক্তৰ, প্ৰফেচৰ আদি বুলি মতা নহয় কিয়?

উত্তৰ : মাতিব আকৌ, কোনেনো বাধা দিছে। অমুকাকো ৰাইজে ফুটুকীৰ মানুহটো বুলিহে চিনি পায় বা চিনাকি দিয়ে।

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *