ফটাঢোল

বান্ধোন-কাবেৰী মহন্ত

: …আস্ বুজি নোপোৱা কথাবোৰত মূৰটো মিচামিচিকৈ কিয় সুমুৱাই লোৱা?

কিমান সহজেই নিধিয়ে মাকক কথাষাৰ কৈ আঁতৰি গ’ল! কিয় বুজি পাব নোৱাৰে অমৃতাই? মূৰটো নাথাকিলও তাইৰ অন্তৰখনৰো একো অস্তিত্ব নাইনে? প্ৰতিটো শব্দই কাঁইটৰ দৰে খোঁচেহি অমৃতাক৷ বছৰ বছৰ ধৰি কাঁইটেৰে খুঁচি থকাসৰকা হৈয়েই আছে। হৃদয়ৰ নামত অমৃতাৰ চেতনা, মন আৰু মানুহজনী৷ সকলোৰে বাবে যেন তাতোকৈ সহজ কাম একোৱেই নাই!

বেলকনিৰ ৰাতিৰ আন্ধাৰত পুৰণা বেতৰ চকীখনত বহি অমৃতাই এনে সময়তে কেতিয়াবা তলৰ পথেদি খোজকাঢ়ি যোৱা মানুহবোৰলৈ চাই ৰয়৷ একঘেমীয়া  জীৱন আৰু নিধিৰ পচন্দৰ খানা-পিনা বনোৱাৰ বাদে তাইৰ জীৱন প্ৰায় স্থবিৰ আজিকালি৷  ক্ষন্তেকৰ বাবে সুখী মানুহবোৰৰ মুখবোৰৰ মাজত তাই নিজকে বিচাৰিবলৈ চেষ্টা কৰে, মানুহবোৰৰ হাঁহিৰ শব্দই নিজৰ মৰহি যাব ধৰা স্থবিৰতাত সজীৱতা আনিবলৈ চেষ্টা কৰে অমৃতাই৷ ল’ৰা-ছোৱালীবোৰ হাতত হাত ধৰি পাৰ হৈ যায়… যোৱা পথত সিঁচৰিত কৰি যায় প্ৰেমৰ সুৱাসবোৰ! সলনি হৈ যোৱা সময়ৰ পৃষ্ঠাবোৰ লুটিয়াই অবাক হৈ ৰয় অমৃতা কেতিয়াবা৷ এই সময়বোৰত তাই নিজকে জী চাবলৈ মন যায়…! কলেজৰ দিনবোৰত গধূলি হোৱা মানেই ঘৰলৈ আহি হাজাৰটা প্ৰশ্নৰ উত্তৰ দিয়াৰ সময়বোৰ আৰু আজিৰ বিয়া নামৰ সামাজিক বান্ধোনত নোসোমোৱাকৈয়েই একেলগে থকাৰ সাহসৰ সময়বোৰ!

নিধি ‘আজিকালি’ৰ ছোৱালী৷ নিজৰ চইছ, নিজৰ খুচিৰ সৈতে কোনো আপোচ নকৰা ছোৱালী৷ অমৃতাৰ নিজকে কেতিয়াবা অচিনাকি যেন লাগে, তায়েই নে নিধিৰ মাক? কথা এটা ক’বলৈ, সিদ্ধান্ত এটা দিবলৈ অমৃতাই নিজৰ সৈতে যুঁজি ভাগৰি যায়… নিজৰ পচন্দৰ কাপোৰ এটা ল’বলৈও অমৃতাৰ মনটোৱে যুদ্ধ কৰে, কিজানিবা ভুল হৈ যায়!

…. তাইৰেই ছোৱালী নিধি.. কলেজ পোৱাৰ পাছতে দামী কাপোৰ সলোৱাৰ দৰে বয়ফ্ৰেণ্ড সলাব পৰাৰ মন এটাৰে তাই সৱল৷ জীৱনৰ সোঁতত একো নুবুজা মানুহজনী হিচাপে অমৃতাহে ৰৈ গ’ল শুকান চাপৰি এটাৰ দৰে সিহঁতৰ ভাষাত৷ অকল জীৱনসংগীয়েই নে, নিধিয়ে যোৱা চাৰিবছৰত দুটা কোম্পানীও সলালে, কেতিয়াবা যদি ‘বছ’ৰ লগত মনোমালিন্য, কেতিয়াবা আকৌ কলিগৰ পলিটিক্স.. কিন্তু  প্ৰথমবাৰৰ বাবে অমৃতা আচৰিত হৈছে, একেটা কোম্পানীতে নিধিয়ে যোৱা দুইবছৰ ধৰি কোনো অভিযোগ নোহোৱাকৈ কাম কৰিছে৷ হয়তো ছোৱালীজনীৰ জীৱনলৈ সুস্থিৰতা আহিছে, হয়তো তাইৰে কলিগ সুনীলৰ প্ৰভাৱ৷ নিধিয়ে কোনোদিনেই অমৃতাৰপৰা তাইৰ সম্পৰ্কৰ কথা লুকুৱাই থোৱা নাই৷ সুনীলক চিনাকি কৰি দিয়াৰ পাছতে দুয়োটা ফুৰি আহিলগৈ তিনিদিনৰ ছুটী লৈ৷ এইবোৰ কথা অমৃতাইও সহজ ভাৱে ল’বলৈ শিকিছে৷ আচলতে বিয়াৰ আগতেই দুয়ো দুয়োকে বুজি লোৱাটো দৰকাৰ৷ তথাপিও নিজৰ ছোৱালী নিধিৰ ওপৰত অমৃতাৰ সন্দেহটো বেছি . .. কিমানদিনলৈ বা এই নতুন সম্বন্ধই একলগে বাট বোলে!  কিবা এটা ক’বলৈ, সুধিবলৈ গৈ অমৃতা ৰৈ যায়.. কিহবাই যেন তাইৰ মুখখন হেঁচা মাৰি ধৰে!

জীৱনক ইমান সহজ ভাৱে, বেপেৰোৱাকৈ লোৱা নিধি আজি দুদিনমানৰ পৰা সলনি হৈছে৷ বেলকনিৰ আন্ধাৰৰ চকীখনত অমৃতাৰ ঠাইত নিধি বহিবলৈ লৈছে৷ কি হৈছে ছোৱালীজনীৰ? ক’লাপৰা চকুৰ তলৰ অংশই তাই যে ৰাতি টোপনি খতি কৰিছে সেয়া অমৃতাই নুবুজাকৈ থকা নাই!

চাকৰিৰ কিবা প্ৰব্লেম? ওঁহো হ’বই নোৱাৰে, নিজৰ ব্ৰেকআপ চেলিব্ৰেট কৰা ছোৱালীজনীয়ে চাকৰিটোৰ বাবে এইদৰে মাকৰপৰা দূৰে দূৰে চকুৰ পানী নোটোকে৷ অফিচৰপৰা অহা ফোনবোৰ তাই  ৰিচিভ নকৰাকৈ থকা নাই, কিন্তু আগৰদৰে লেপটপটো লৈ বিছনাৰ ওপৰত ৰাতি ৰাতি কাম কৰাও চকুত পৰা নাই৷ মবাইল নহ’লে থাকিব নোৱাৰা ছোৱালীজনী বেলকনিৰ চকীখনত ঘণ্টাৰ পাছত ঘণ্টা কটাই দিছে৷ ৰাতিপুৱা চাহ কাপ লৈ সোধাৰ প্ৰশ্নৰ একেটাই উত্তৰ পালে অমৃতাই…

: তুমি বুজি নোপোৱা কথাবোৰত মূৰটো সুমুৱাই নলবা..!

এইজনী নিধি, অমৃতাৰ দৰে নিজৰ দুখবোৰ সামৰি ভিতৰি ভিতৰি শেষ হৈ যোৱাটো কেতিয়াও তাই মাক হিচাপে নিবিচাৰে। এজনী উৰণীয়া পখীৰ দৰেই ডাঙৰহোৱা নিধি অমৃতাৰ দৰে এটা লেটাৰ ভিতৰত সোমাই নপৰক৷ সৰু ডাঙৰ ভুলবোৰে তাইক ভাঙি নেপেলাওক, ভুলবোৰ তাইৰ বাবে হওক সৱলতাৰ একোটা খুঁটা৷

“সমীৰৰ লগত কিবা হ’ল নেকি?”

ফোন নম্বৰটো আছিলেই অমৃতাৰ ওচৰত, বিচাৰি তাই সমীৰলৈ ফোন কৰিলে৷ সিহঁতৰ মাজত তাই সোমাব নিবিচাৰে যদিও নিধিৰ উদাসীনতাই তাইক বাধ্য কৰালে তালৈ ফোন কৰাৰ৷

উতলি থকা দাইলৰ তলৰ গেছটো অমৃতাই অফ কৰি দিলে৷ বেলকনিত আন্ধাৰৰ মাজত নিজকে লুকুৱাই বহি থকা নিধিক ভিতৰৰ পৰাই তাই আঁৰ চকুৰে চাবলৈ চেষ্টা কৰিলে৷ সৰু সৰু হাত ভৰিৰে, থুনুক-থানাককৈ মাত কথাৰে ডাঙৰহোৱা ছোৱালীজনী আজি তাইৰেই অভিভাৱকৰ দৰে৷ কোনে ক’ব বেপেৰুৱা ছোৱালীজনীয়ে অন্তৰত ইমানবোৰ দুখ, দায়িত্ব কঢ়িয়াই লৈ ফুৰিছে?

সমীৰৰপৰা অহা বিয়াৰ প্ৰস্তাৱটো নিধিয়ে নিজৰ ফালৰ পৰাই অসন্মতি দিছে৷ নিধিৰ জীৱনত বিয়াৰ দৰে শব্দৰ বোলে স্থান নাই! কিয়? কাৰণ অমৃতা৷ মাক দেউতাকৰ বিফল বিয়া আৰু অমৃতাৰ নিঃসঙ্গতাৰ বাবেই নিধিয়ে বিয়া হ’ব নিবিচাৰে। সমীৰৰপৰা শুনা কথাখিনিয়ে অমৃতাক ভিতৰৰপৰা জোকাৰি গ’ল! মাকৰ বাবেই তাই ইটোৰ পাছত সিটো সম্পৰ্ক ছেদ কৰি যায় নেকি? সম্পৰ্কবোৰৰ এটা নাম অহাৰ আগতেই নিধিৰ সদায় ব্ৰেকআপ হয়… অমৃতাৰ আগত হাঁহি হাঁহি তাই সেয়া চেলেব্ৰেট কৰেহি!

দীঘলকৈ উশাহ এটা লৈ অমৃতা লাহে লাহে নিধিৰ কাষ পালেগৈ৷ আন্ধাৰতে এয়াৰফোনটো কাণত লগাই চকুমুদি গান শুনি আছে নিধিয়ে৷ নিজৰ দুখবোৰ হয়তো গানৰ মাজেদিয়েই উটাব খুজিছে তাই! চুলিখিনিৰ ওপৰেদি আলফুলে হাতখন দিওঁতেই নিধি চক খাই উঠিল.. মাকলৈ মূৰটো দাঙি চালে৷

: কালিলৈ সুনীলক মাতিছোঁ৷ কোনো নিয়ম কানুনৰ মোৰ দৰকাৰ নাই মাজনী, নিজৰ সুবিধা চাই দুয়ো মন্দিৰত গৈ বিয়াখন পাতি আহিবা৷

কোনো পাতনি নেমেলাকৈয়ে অমৃতাই কথাখিনি নিধিৰ চকুত চকু থৈ ক’লে৷

: ..মা, তুমি?..

: কিয় মোক ইমান দুৰ্বল বুলি ভাবিছা? তোমাৰ দৰে ছোৱালীৰ মাক হৈ মই ইমান দুৰ্বল হ’বই নোৱাৰোঁ৷ আৰু, মোৰ এইটো সিদ্ধান্ত সলনি নহয়.. সম্পৰ্কটো শেষ নকৰিবা৷

দুয়ো দুয়োলৈ কিছুসময় চাই ৰ’ল৷ তলৰ পথেদি যোৱা গাড়ীৰ লাইটৰ পোহৰত অমৃতাই মন কৰিলে নিধিৰ চকুযুৰি উজ্জ্বল হৈ উঠিছে…!

☆ ★ ☆ ★ ☆

4 Comments

  • জিতু

    ভাল লাগিল।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    ভাল লাগিল গল্পটো৷

    Reply
  • Minati Mahanta

    সুন্দৰ অনুভৱৰ কাহিনী , ভাল লাগিল । মাক সদায় মাকেই ! অহিত চিন্তা কৰা বিৰল ।

    Reply
  • পূৰ্ণময়ী

    বহুত ভাল লাগিল বা ❤️

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *