বিশেষ প্ৰয়োজন-জয়ন্ত কুমাৰ ডেকা
অসমৰ এখন অখ্যাত ঠাই। তেতিয়া চাকৰিত জইন কৰা মোৰ প্ৰায় দুসপ্তাহমান হৈছিল। মোৰ এটা সমস্যা আছে, নতুন ঠাই আৰু নতুন মানুহৰ লগত চিনা-পৰিচয় হ’বলৈ মোৰ অলপ সময় লাগে। সেয়ে দিনটোৰ ব্যস্ততাৰ অন্তত আবেলিটো মোৰ বাবে আছিল আমনিদায়ক। ইণ্টাৰনেটৰ সহায়ৰেও সময় পাৰ কৰিব পৰা নাছিলোঁ। মানে ঠাই টুকুৰাত কাৰেণ্ট নাযায়, বছৰত বিহু অহাৰ দৰে আহেহে। তাৰোপৰি কিতাপবোৰো লগত নিয়া হোৱা নাছিল। এক কথাত ক’বলৈ গ’লে ভীষণ বিৰক্তিদায়ক আছিল সেই আবেলিকেইটা।
এদিন পুৱাই কাষৰে থানাৰপৰা চিপাহী এজন আহিল মোক লগ কৰিবলৈ।
– আপুনি অমুক হয়নে?
মই বোলো “হয়”
– আপোনাক আমাৰ ছাৰে মাতিছে। আবেলি এবাৰ দেখা দি আহিব।
“ঠিক আছে” বুলি কৈ মই তেওঁক পঠিয়াই দি ভাবিবলৈ ধৰিলোঁ, অচিনাকী ঠাই এখনত মোক এনেদৰে মতাৰ অৰ্থই বা কি! তথাপিও মনক আৰু বেছি কষ্ট নিদি ভাবিলোঁ আবেলি এবাৰ গৈয়ে চাওঁ।
যাৰ ঘৰত মই ভাড়া লৈ আছিলোঁ তাৰপৰা প্ৰায় ৩০০ মিটাৰমান আঁতৰতে আছিল পুলিছ থানাখন। থানাৰ কণ্ট্র’লত আছিল ওচৰে-পাজৰে থকা ৬-৭ খন গাঁও। আবেলি গৈ থানা পালোঁগৈ। থানৰ সম্মুখত দুডাল প্ৰকাণ্ড গছ। আগত বিল এখন আৰু সেউজ পথাৰ। আগষ্ট মাহৰ গৰমতো স্নিগ্ধ বতাহ দিয়াত তিলমানো কৃপণালী নাই গছ দুডালৰ। এক সুন্দৰ পৰিবেশ থানাখনৰ।
অ’চিজনে চিনা-পৰিচয় হৈ ক’লে,
– সৰু ঠাই দিয়কচোন। শুনিলোঁ নতুন শিক্ষক এজন আহিছে, সেয়ে ভাবিলোঁ চিনাকী হৈ লওঁ।”
খুব কথা-চহকী মানুহ। আধা-ঘণ্টাৰ ভিতৰতে মোৰ লগত ভাল সম্পৰ্ক এটাই গঢ়ি তুলিলে। ময়ো ক’লোঁ মোৰ নতুন ঠাইৰ সমস্যাৰ কথা। তেওঁৱে এটা প্ৰস্তাৱ দিলে,
– আপুনি এটা কাম কৰিব, মন বেয়া লাগিলে আবেলি ইয়ালৈয়ে আহিব। দুয়ো বহি গল্প কৰিম। গাঁওকেইখনৰ বিষয়েও কিছু জানিব পাৰিব মোৰপৰা।
সেইদিনৰপৰা মোৰো আৱেলিৰ আমনিদায়ক সময়বোৰ পাৰ কৰিবলৈ পথ এটা পালোঁ। সপ্তাহৰ ২-৩টা আবেলি থানাতে পাৰ কৰোঁ।
এদিন তেখেতক ক’লোঁ,
– বৰ সুন্দৰ পৰিৱেশত আছে দেই থানাখন। ইয়াত জনসংখ্যাও কম। কেছোতো বৰ বিশেষ চাগে নাহেই। গছ দুডালৰ বাবে কাৰেণ্টৰো প্ৰয়োজন নাই। খুব আৰামতেই দিনবোৰ যায় দিয়ক আপোনাৰ।”
কিছু সময় মৌন হৈ ৰৈ তেওঁ মিচিকিয়াই হাঁহি ক’লে,
– জানেনে, গছ দুডাল থানাখনৰ ঈশ্বৰ-আল্লাহ। সেই বাবেইতো বৰ বিশেষ কেছ নাহে ইয়ালৈ।
মই বোলো – “মানে?”
– শুনক ডেকা, প্ৰায় ডেৰ বছৰৰ আগৰ ঘটনা। কাষৰ গাওঁৰ ল’ৰা এজনক ডকাইতি কৰাৰ অপৰাধত ধৰি আনি ৰাতিটো ৰাখিলোঁ। ৰাতিপুৱাই কাউৰিয়ে কা নকৰোঁতেই গাঁৱৰ একাংশ মানুহ আহি থানাৰ আগত হাজিৰ। তাক মুকলি কৰি দিব লাগে; নহ’লে ইয়াত অনশন কৰিব। ক’লোঁ, আমাৰ হাতত প্ৰমাণ আছে সি ডকাইত বুলি। নাই, তথাপিও মানুহ নাৰাজ। তাক মুকলি কৰি দিবই লাগিব। আমি বুজাওঁ, নাই; তেওঁলোকে নুবুজে। এঘণ্টা পাৰ হয় মানে থানা একেবাৰে গৰম হৈ উঠিল। মই ওপৰ মহললৈ ফোন কৰিলোঁ। তেওঁলোকে ফ’ৰ্চ পঠিয়াম বুলি ক’লে। ফ’ৰ্চো আহি নাপাই হে নাপাই, তেওঁলোকো উগ্ৰ হৈ আহিবলৈ ধৰিলে। দুটামানে থানাৰ ভিতৰলৈ আহি টেবুল-চকীবোৰ ভাঙিবলৈ ধৰিলে, কাগজ-পাতি দলিয়ালে। আমাৰ ওপৰতো হাত উঠাবলৈ ল’লে। মোৰ মাথাই একেবাৰে কাম নকৰা হ’ল। পাৰ্মিচন নোলোৱাকৈ খনিকৰে আৰু উপাই নাপাই শূন্যলৈ বুলি গুলি দুজাঁই ফুটাই দিলে। জানেনে ডেকা, গুলি গৈ লাগিল সেই গছ দুডালত।
– বুজিলোঁ। কিন্তু গছকেইডাল ঈশ্বৰ-আল্লাহ কেনেদৰে হ’ল?
– কথা তাতেই, তাত আছিল দুখন মৌ বাঁহ। অৱশ্যে খনিকৰে জানি-বুজি তালৈ গুলি কৰা নাছিল। তাৰপিছত আৰু কি হ’ব পাৰে, বুজিছেই চাগে। মৌৰ কামোৰত মানুহবোৰ পলাই তত নাপালে। দুটামান গৈ বিলত জপিয়ালে। দুটামানৰতো লুঙিৰ ভিতৰত সোমাই মৌৱে তাণ্ডৱ চলালে। আমাৰো গগৈ আৰু ৰহমানক কামুৰিলে। তথাপিও দিয়কচোন আমাৰ জীৱনকেইটাতো বাচিল। তেতিয়াৰপৰাই পুৱা গা-ধুই খনিকৰে গছকেইডালৰ তলত চাকি জ্বলায়।
মোৰ অলপ হাঁহিও উঠিল। তথাপিও হাঁহি সংযত কৰি ৰাখিলোঁ।
– বুজিছে ডেকা, তেতিয়াৰেপৰা পূজা-প্ৰাৰ্থনাৰে নেদেখাজনক এটা কথাই কওঁ – মৌখিনি যাতে ইয়াতেই থাকে। লাগিলে কেতিয়াবা আমাকে এটা-দুটাই বিন্ধক। কিন্তু তথাপিও ইহঁত যেন ইয়াৰপৰা কেতিয়াও নাযায়।
তেওঁৰ মুখলৈ চালোঁ। সৰু হাঁহি আৰু চিন্তাৰ এক মিশ্ৰিত প্ৰতিক্ৰিয়া তেওঁৰ। তেওঁৰ সেই ৰাতিপুৱাৰ ভয়াবহ স্মৃতিয়ে মোক কিছু হাঁহিৰ খোৰাক দিলেও তেওঁ যেন ক’বলৈ বিচাৰিছে অসমৰ কেইখনমান থানা আৰু স্থানত মৌ অথবা বৰলৰ বাহৰ বৰকৈ প্ৰয়োজন আছে।
☆ ★ ☆ ★ ☆
8:36 pm
ভাল লাগিল।
11:34 am
প্ৰতি থানাতে এনেকুৱা দৰকাৰ ৰজাৰ ঢোল৷ ভাল লাগিল