ফটাঢোল

ৰক্ত-পূৰৱী বৰুৱা

“.….মানৱ সমাজত তেজৰ চাৰিটাই মূল ভাগ। ক’লা হওক বা বগা হওক দেখিবলৈ ধুনীয়া হওক বা বেয়া হওক কাটিলে জীৱিত মানুহৰ তেজ ওলাব। এই তেজ পৰীক্ষা কৰিলে চাৰিটা গ্রুপৰ মাজৰ এটাত পৰিব। সেয়ে আমি মানুহক মানুহ হিচাপে ভালপাব লাগে, সন্মান কৰিব লাগে, জাত-পাত ধনী-দুখীয়া, ক’লা-বগা চাই বেলেগ বেলেগ আচৰণ কৰা অনুচিত।….”

মঞ্চত সুবক্তা অভিষেক বৰুৱাই দিয়া ভাষণ পৰীস্মিতাই মনোযোগেৰে শুনিছে। জেৰিনাই তাইক চিকুটি দিলে। 

: উস্! 

চিকুট খোৱা জেগাখিনি মোহাৰি তাই জেৰিনালৈ চালে। 

: ঐ শহুৰৰ ভাষণ শুনি ভোল গ’লি দেখোন, শহুৰৰ পুতেকে ফোন কৰিছে ধৰ!

নিখিলেশ বৰুৱা অভিষেক বৰুৱাৰ পুত্ৰ। মাৰ্জিত যুৱকজনৰ প্ৰেমৰ প্ৰস্তাৱ আওকাণ কৰিবপৰা নাছিল পৰীস্মিতাই। নিখিলেশৰ ফোনটো ৰিচিভ কৰি জেৰিনাক লগত লৈ তাই সভা গৃহৰপৰা ওলাই আহিল। কলেজৰ বাহিৰত হাঁহি মুখে ৰৈ আছিল নিখিলেশ। জেৰিনাই জোকালে, 

: এগৰাকীয়ে শহুৰেকৰ ভাষণ শুনিয়েই ভোল গৈছিল এতিয়া আপোনাক লগ পাই মুচকছ যায়হে লাগে। 

: শহুৰেক? 

নিখিলেশ আচৰিত হ’ল।

: অ’, অভিষেক ছাৰ আহিছে বিশিষ্ট অতিথি হৈ আমাৰ কলেজলৈ,

জেৰিনাই উত্তৰ দিলে। লগতে ক’লে বৰ সুন্দৰ ভাষণ দিছে ছাৰে।

: ৰাতিপুৱা চাহ খাওঁতে মিটিং এখন আছে বুলি কৈছিল দেউতাই, তোমালোকৰ কলেজতে আছে যে জনা নাছিলোঁ। ভালেই হ’ল দিয়া আজি তোমাক দেউতাৰ লগত চিনাকি কৰাই দিম।

নিখিলেশে হাঁহি হাঁহি ক’লে।

নিখিলেশ আৰু অভিষেক বৰুৱা পৰীস্মিতাৰ ঘৰৰ চৰাঘৰত মূৰতল কৰি বহি আছে। পৰীস্মিতাৰ দেউতাকে ক’লে, 

: ছোৱালীয়ে যি সিদ্ধান্ত লৈছে তাত মই মাত নামাতো, কাৰণ তাই সম্পূৰ্ণ শুদ্ধ সিদ্ধান্ত লৈছে। আপোনালোক ইয়াৰ পৰা যোৱাই ভাল হ’ব।

হতাশ মনেৰে লজ্জানত হৈ পিতা আৰু পুত্ৰই পৰীস্মিতাৰ গৃহ ত্যাগ কৰিলে। 

সেইদিনা মিটিঙৰ পাছত নিখিলেশে পৰীস্মিতাক দেউতাকৰ লগত চিনাকি কৰি দিছিল। তাৰ পিছদিনা পৰীস্মিতালৈ এটা ফোন আহিছিল অভিষেক বৰুৱাৰপৰা। ফোন নহয় যেন ধুমুহা, কথা নহয় যেন কটাৰীৰ ৰেপ! অভিষেক বৰুৱাই কৈছিল,

: আমি উচ্চ বৰ্ণৰ শুদ্ধ ৰক্তৰ, তুমি কেনেকৈ ভাবিব পাৰিলা আমাৰ ঘৰত তোমাৰ দৰে নিম্ন বৰ্ণৰ এগৰাকীক বোৱাৰী কৰি আমি আমাৰ ৰক্ত প্ৰদূষিত কৰিম। মইতো বস্তি অঞ্চলৰ শিশু মহিলা সকলৰ কল্যাণ আৰু উন্নতিৰ হকে কাম কৰি পুৰষ্কাৰ পাইছোঁ, তাৰমানে কি মই সকলোকে আনি মোৰ ঘৰত ৰাখিম নেকি? সমাজত নিজৰ এটা সুন্দৰ ভাৱমূৰ্তি গঢ়ি তুলিবলৈ আমি এইবোৰ কাম কৰিব লগা হয় কিন্তু নিজৰ ঘৰখনত মই বংশ মৰ্যাদা ৰক্ষা কৰি চলিব লাগিব। তুমি পঢ়া-শুনা কৰা ছোৱালী ইয়াতকৈ বেছি মই বুজাব নালাগিব নহয় জানো।

অবাক হৈ নিজৰ কাণকে বিশ্বাস কৰিব নোৱাৰি পৰীস্মিতাই নিখিলেশক ফোন কৰিছিল, সিমূৰৰপৰা উত্তৰ আহিছিল, “বেয়া নাপাবা দেউতাই তল জাতিৰ ছোৱালী বোৱাৰী হিচাপে নামানে”। বেয়া তাই পোৱা নাছিল পাইছিল অপমান আৰু জ্বলিছিল ক্ষোভত।

দেউতাকৰ পছন্দৰ ছোৱালীজনী চাবলৈ যাওঁতে পাল খোৱা গৰুৱে নিখিলেশৰ বাইকখন মহতিয়াই নিলে, ভৰি এটা ভাগিল, অত্যাধিক ৰক্তক্ষৰণৰ বাবে এতিয়া তেজৰ প্ৰয়োজন। খবৰ দিছিল নিখিলেশৰ বন্ধু তথা সদৌ অসম স্বেচ্ছাসেৱী ৰক্তদাতা গোট সুহৃদৰ সদস্য অমৃতে।ঘটনাৰ গুৰুত্ব বুজি পৰীস্মিতাই চমুকৈ মাকক কৈ ওলাই আহিছিল। নিগেটিভ তেজ কিমান দুষ্পাপ্য তাই জানে তাতে অ’নিগেটিভ। ৰক্তদানৰ এমাহৰ পাছত আজি অভিষেক আৰু নিখিলেশ দুয়ো পিতা পুত্ৰই ক্ষমা বিচাৰি লগতে পৰীস্মিতাক নিজৰ ঘৰৰ বোৱাৰী কৰাৰ ইচ্ছাৰে পৰীস্মিতাৰ ঘৰত ভৰি দিছিল। অভিষেক বৰুৱাই ক্ষমা খুজি কৈছিল, 

: মাজনী আচলতে তুমি হে আমাৰ ঘৰৰ লখিমী হোৱাৰ যোগ্য, সিজনী কুলক্ষণী ছোৱালী চাবলৈ যাওঁতেই মোৰ ল’ৰাৰ ভৰি ভাগিল, বিয়া হৈ ঘৰত সোমোৱাহি হ’লে গোটেই ঘৰখনেই উছন গ’লহেঁতেন। পৰীস্মিতা বিৰক্ত হৈ পৰিল আৰু খঙেৰে ক’লে, 

: আপুনি শিক্ষিত কেৱল, জ্ঞানী নহয়। মুখাৰ আঁৰত এখন মুখ লুকুৱাই ৰাখে।আজি এজনী ছোৱালীক কুলক্ষণী বুলিছে, কালিলৈ মোক বিয়া পাতি নিয়াৰ পাছত কিবা এটা বেয়া ঘটনা হ’লে মোকো তেনেদৰেই ক’ব। মই আপোনাৰ ল’ৰালৈ বিয়া হোৱাৰ আশাত ৰক্ত দান কৰা নাছিলোঁ। অ’নিগেটিভ ৰক্ত দুষ্পাপ্য আৰু যিকেইজন আমাৰ গোটৰ সদস্যৰ অ’নিগেটিভ আছে তেওঁলোকৰ ৰক্তদান কৰা তিনিমাহ পূৰ হোৱা নাই, সেয়ে ময়ে দান কৰিলোঁ। তেজ দিবলৈ ওলাই যাওঁতে মাক কৈ যোৱা কথাষাৰকে আপোনাকো কওঁ, আৰ্তজনক সহায় কৰাতো মহান কাম সেয়ে মানৱতাৰ খাতিৰত মই গৈ ৰক্ত দান কৰিছিলোঁ। নিখিলেশ বৰুৱা তুমিও শুনি লোৱা যিজন লোকৰ নিজৰ বিচাৰ-বিবেচনা, বিবেক-বুদ্ধি নাই তেনে মেৰুদণ্ডহীন মানুহৰ লগত মই কেতিয়াও বিয়া নহওঁ। দেউতা এখেতসকলক বিদায় দিয়ক মোৰ সিদ্ধান্ত শুনালোঁ। 

পৰীস্মিতাই এনেকৈ কৈ ভিতৰলৈ সোমাই গৈছিল। 

“ৰক্তত শুদ্ধতা বিচৰা মানুহ নহয়, শুদ্ধ মানসিকতাৰ মানুহক মই জীৱন সংগী গ্ৰহণ কৰিম।” 

অপসৃয়মান পিতা পুত্ৰলৈ চাই পৰীস্মিতাই নিজকে নিজে ক’লে।

☆ ★ ☆ ★ ☆

2 Comments

  • জয়ন্ত দাস

    বাঃ বৰ ধুনীয়া লাগিল৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *