হম তুমহাৰা মাৰ্ডাৰ কৰ দেগা – ৰেখা ডেকা
ভয় শংকাত কটোৱা সেই ৰাতিটো৷ কেনেকুৱা লাগিছিল বুজাব নোৱাৰোঁ। চেকেণ্ডতে যেন ৰাতিটো পুৱাই যাওক৷ পিছ মুহূৰ্ততে আকৌ ভাবোঁ চেকেণ্ডত ৰাতি পুৱালে মোৰহে বাৰ বাজিব।
কথাটো ঠিক এনেকুৱা আছিল। ডিপাৰ্টমেণ্টত এচাইনমেণ্ট জমা দিব লাগে আৰু শেষ তাৰিখ আছিল পিছদিনা৷ ঠিক তাৰ আগতে মোৰ জীৱনলৈ সংশয় নামি আহিল। আহিল মানে নিজেই মাতিলোঁ৷ মনৰ মাজত জুকীয়াই লোৱা কথাবোৰ লিখিবলৈ সহজ মানে ভাতৰ লগত পানী খোৱা কথা বুলি ভাবি বহি থাকিলোঁ, তাতে সময় অফুৰন্ত আছিল যিহেতু৷ ভবা কথাহে জ্ঞান ঘূৰিল জমা দিয়াৰ শেষ তাৰিখৰ আগত৷ অথচ বিষয় বাচি লৈছিলোঁ মামণি ৰয়ছম গোস্বামীৰ সাহিত্যৰ ওপৰত, যিটো এটা ৰাতিত লিখাটো অসম্ভৱ৷ লিখিবলৈ বহি ভৰিৰ তলৰ মাটি এই যাওঁ যাওঁ। কাৰণ আৰম্ভণিয়ে সদায় কেণা লগায় মোৰ৷ আৰম্ভণি ভাল নহ’লে একো লিখিব নোৱৰা পুৰণা বেমাৰ এটা আছেই মোৰ৷ হোষ্টেলীয়া জীৱনহে পঢ়াৰ নামত নিৰ্দিষ্ট সময়খিনিতহে যি অলপ শান্ত পৰিবেশ এটা পোৱা যায়৷ সেইখিনিও শেষ হোৱাৰ সময়, তেনেতে কৰিডৰত চিঞৰি চিঞৰি কথা পতা আৰম্ভ কৰিলে লগৰ এজনীয়ে, তাকো মোবাইলত (যিহেতু হোষ্টেলত মোবাইল নিষিদ্ধ আছিল)৷ বাদ বাকী যিয়েই নহওক ধৰা পৰি মৰাৰ ইচ্ছা মুঠেও নাছিল৷ ইপিনে এছাইনমেণ্ট লিখাৰ চিন্তা, তাতে লিখিব নোৱাৰি মোৰ শূন্য মগজুৱে হাঁহাকাৰ কৰি আছে৷ সাতে পাঁচে মিলি যি হয় হওক বুলি গ’লোঁ উঠি ফ্ল’ৰ তদাৰক কৰা বাৰ ওচৰত কথাতো কৈ আহোঁ বুলি। কাৰণো দুটা যিহেতু৷ প্ৰথমে, লিখিব পাৰিম বুলি ভাবি বহি থকা বিষয়টোৰ ওপৰত এটা শব্দও লিখিব পৰা নাই৷ সম্পূৰ্ণ নোহোৱালৈ শান্তি নোপোৱা জীৱ তাতে সময় তাকৰ। দ্বিতীয়তে, ৱাৰ্ডেনে গম পাওক মোবাইল লৈ কথা পাতি থকা আৰু উলুৰ লগত বগৰী পোৰা অৱস্থা হওক আমাৰ সকলোৰে৷ হোষ্টেল খালী নহওক ভাবিয়েই ক’বলৈ গ’লোঁ বাৰ তালৈ৷ তেতিয়াও বাহিৰত ৰৈ কথা পাতি থকা তাইলৈ কেঁঁৰাকৈ চাৱনি এটা দি থৈ গৈছোঁ, ৰহ মজা বাহিৰ হ’ব আৰু তোৰ।
পঢ়া সময়ত বাহিৰত কথা পাতি থকাকলৈ চিনিয়ৰ বাৰপৰা লগৰজনীয়ে এজাউৰী খোৱাৰ কথাটো অলপ পিছতেই গম পালোঁ যেনিবা৷ এতিয়া আৰু কোনো চিন্তা নাই বুলি ভাত খোৱা কাম শেষ কৰি জিৰাই-সতাই লিখিবলৈ বহিছোঁ আৰু, বাহিৰত হুলস্থূল শুনিলোঁ মোৰ নাম লৈ লৈ৷ মই বোলো কি কৰিলোঁ মই বুলি কাণ উনাই শুনিবলৈ ধৰিলোঁ৷ যিজনী ছোৱালীৰ কথা অলপ আগতে লগাই আহিছিলোঁ তাইৰ মাত দেখোন৷ কি কৈ আছে মন দি শুনিবলৈ ধৰিলোঁ ই আই কি শুনিছোঁ! “হম তুমহাৰা মাৰ্ডাৰ কৰ দেগা”, লগতে আৰু কিবা কিবি কৈ আছিল সেইখিনি কিন্তু মনত নৰ’ল৷ ভয়ত মোৰ পেটতে হাত-ভৰি লুকুৱাৰ উপক্ৰম ঘটিল৷ নাই এই কথাই কথা নহয় এনেই অৰুণাচলৰ ছোৱালী, লগৰ হ’ল কি হ’ল তাতে, বিভাগো বেলেগ একো ঠিক নাই মাৰিও পেলাব পাৰে। জীৱনৰ প্ৰতি থকা মোহত ৰাতিটো বাহিৰ নহ’লোঁ আৰু৷ ৰূম মেটক ক’লোঁ মৰিলেও তাইক লগতে লৈ মৰিম৷ কালি পুলিচ ষ্টেচন যাম লগত গৈ দিয়ে যেন এফ আই আৰ লিখাবলৈ।
☆ ★ ☆ ★ ☆