ফটাঢোল

অজগৰ-জয়ন্ত দাস

: মাজনীক এটা ফোন কৰকহে৷ তাইচোন অইন দিনা ইমান সময়লৈ কলেজৰপৰা আহি পায়। আজি দেৰিয়েই হ’ল বহুত।

চাহৰ কাপত চুমুক দি দি  নীলাক্ষীৰ মাক গৰিমাই গিৰিয়েকক কথাষাৰ ক’লে৷

: ৰ’বাহে, তুমি এনেই চিন্তা কৰা৷ সদায় একেখিনি সময়তেই আহি পাবনে? কেতিয়াবা অলপ দেৰী হ’বই৷ মই ফোন নকৰোঁ‌। ইমান যদি চিন্তা লাগিছে তুমিয়েই কৰা।

দেউতাক অজয়ে নিৰুদ্বেগভাবেৰে উত্তৰ দিলে৷”হুহ” বুলি এটা মৃদু শব্দ কৰি মাকে নীলাক্ষীলৈ ফোন লগালে৷

: হেল্ল’ মাজনী ক’ত আছা? দেৰি হ’লচোন ঘৰ পোৱাহি নাই যে এতিয়াও?

: মা মই ৰাজৰ লগত হোটেলত আছোঁ‌৷ আজি ৰাজৰ …..

কথাখিনি সম্পূৰ্ণ নহ’ল। ফোনটো কাটি গ’ল৷

: হেল্ল’… হেল্ল’…

মাকে আৰু কেইবাৰমান চিঞৰিলে কিন্তু সিফালৰপৰা কোনো উত্তৰ শুনা নগ’ল৷ গৰিমাৰ হাতৰপৰা চাহৰ কাপ মজিয়াতে উফৰি পৰিল৷

: হাৰে কি হ’ল?

অজয়ে আচৰিত হৈ  গৰিমাক সুধিলে৷ মানুহজনী মুক হৈ থাকিল৷ আচলতে অতিকৈ মৰমৰ জীয়েকৰ এনেকুৱা আচৰণত কি উত্তৰ দিব ভাবি পোৱা নাই৷ কোনোবা ল’ৰাৰ লগত হোটেলৰ কোঠাত থকা কথাটো কল্পনাই কৰিবপৰা নাই গৰিমাই৷

: মাজনীৰ কি হৈছে নোকোৱা কিয়?

 

অলপ জোৰ দিয়েই দেউতাকে সুধিলে৷

: আমি শেষ হৈ গ’লোঁ‌৷ মাজনী কোনোবা ৰাজ নামৰ ল’ৰাৰ লগত হোটেলত আছেগৈ৷

মাকৰ মাতটো কান্দোনত থোকাথুকি হৈ পৰিল৷

: কি! কি ক’লা তুমি? কি হ’ল ভালকৈ মোক  কোৱাচোন।

: মই ভালদৰে নুশুনিলোঁ‌৷ কথা পাতি থাকোঁ‌তেই ফোনটো কাট খাই গ’ল।

কান্দি কান্দিয়েই মাকে কথাখিনি ক’লে৷

: আচৰিত৷ চাও মোক দিয়াচোন ফোনটো৷ মই এবাৰ কল কৰোঁ‌।

বহুকেইবাৰ ফোন কৰাৰ পাছতো ফোনটো নেটৱৰ্ক সীমাৰ বাহিৰত বুলি কৈ থকাত অজয় চিন্তিত হৈ পৰিল৷

সচাকৈয়ে নীলাক্ষীয়ে কিবা ভুল কাম কৰিলে নেকি? ইমান মৰমৰ মাজেৰে তাইক ডাঙৰ দীঘল কৰোৱা হ’ল৷ কোনোদিনেই তাইক একোৰে অভাৱ হ’বলৈ দিয়া নহ’ল৷ সৰু দোকানখনেৰেই যিমানখিনিলৈ পাৰি তাইৰ বাবে খৰচ কৰা হ’ল৷ মাকেও কম কষ্ট কৰেনে তাইৰ বাবে৷ যেনেকুৱা ৰন্ধা খাই ভালপাই সেয়াই বিধে বিধে ৰান্ধি খোৱায়৷ মাজনীলৈ মৰম কমি যায় বুলি দ্বিতীয় সন্তান এটাও গৰিমাই নিবিচাৰিলে৷ ইমানখিনিৰ পিছতো তাই এনেকুৱা কিয় কৰিলে?  অজয়ৰ মনটো হাহাকাৰ কৰি উঠিল৷

“নাই নাই মোৰ ছোৱালীয়ে এনেকুৱা কাম কৰিব নোৱাৰে৷ কোনোদিনেই তাইক জোৰকৈ একো এটা ক’বলগীয়া হোৱা নাই৷ তাই ভাল ছোৱালী৷ মাকৰ নিশ্চয় কিবা ভুল হৈছে।” অজয়ে কথাবোৰ ভাবিবলৈ ধৰিলে৷

: কি হল? এনেকৈয়ে থাকিবনে? নে তাইক বিচাৰি যাব?

গৰীমাৰ কথাত অজয়ৰ সন্বিত ঘূৰি আহিল৷ কিমান সময় এনেদৰে চিন্তাৰ সাগৰত বুৰ গৈ আছিল অজয়ে গমেই নাপালে৷

: ক’তনো বিচাৰি যাওঁ‌। তথাপিও ব’লাচোন দুয়ো অলপ আগুৱাই যাওঁ৷

গেট খুলি অজয় আৰু গৰিমা ওলাই আহিল৷ দুয়োৰে কলিজাত প্ৰচণ্ড আঘাত, তথাপিও মৰমৰ জীয়েকক বিচাৰি আগুৱাই গৈছে৷

: হাৰে তোমালোক ক’ত যোৱা?

ৰিক্সাৰে আহি থকা  নীলাক্ষীৰ প্ৰশ্নত মাক দেউতাক উচপ খাই উঠিল৷

: অ মাজনী, আহা, নামি আহা ৰিক্সাৰপৰা৷ ক’ত গৈছিলা? কোন ল’ৰাৰ লগত হোটেল পাইছিলা?

মাকৰ উপৰ্যুপৰি প্ৰশ্ন৷

: হাৰে কোনে ক’লে মই ল’ৰাৰ লগত হোটেলত গৈছিলোঁ‌ বুলি? মই ৰাজৰ লগতহে গৈছিলোঁ‌৷

: কোন হয় সি? কিয় তাৰ লগত যাবা?

মাকৰ আকৌ কঠোৰ প্ৰশ্ন৷

: ৰ’বাচোন৷ ছোৱালীজনীক এনেকৈ ধৰিছা কিয়? তাইক ভালকৈ ক’ব দিয়াচোন৷

অজয়ে গৰিমাক প্ৰায় ধমকি দিয়েই ক’লে৷

: মা ল’ৰা নহয় অ ৰাজ৷ মোৰ লগৰ ছোৱালীহে৷ ৰাজশ্ৰী৷ মই ৰাজ বুলি মাতোঁ‌ আৰু তায়ো মোক নীল বুলি মাতে৷ এইটো আজিকালিৰ ফেশ্বন৷ তোমালোক এতিয়াও সেই পুৰণা জামানাতে আছা৷ আজি তাইৰ বাৰ্থ ডে’ আছিল৷ সেয়ে হোটেলত মোক খোৱালে তাই৷

নীলাক্ষীয়ে হাঁহি হাঁহি উত্তৰ দিলে৷

: কি!

বুলি মাকৰ মুখেৰে জোৰকৈ শব্দ হ’ল৷

 

: বৰ আজব ফেশ্বনহে৷ তোমালোকে বৰ চিন্তাত পেলাই দিয়া৷ ল’ৰাক ছোৱালী আকৌ ছোৱালীক ল’ৰা বনাই দি বৰ বিপদত পেলোৱা৷ চাবা পিছে এই ফেশ্বনৰ জোৰত কেতিয়াবা তোমাৰ লগৰবোৰে মোক আৰু মাৰাক একেলগে অজগৰ বুলি ক’ব।

দেউতাকে নীলাক্ষীলৈ কেৰাহিকৈ চাই ক’লে৷

☆ ★ ☆ ★ ☆

4 Comments

  • কাবেৰী মহন্ত

    শেষৰখিনিয়ে গল্পটো অধিক সুন্দৰ কৰি তুলিলে৷ লিখি থাকিব

    Reply
    • জয়ন্ত

      প্ৰকাশ কৰা বাবে ধন্যবাদ জনালোঁ৷

      Reply
  • জিতু

    হাঃ হাঃ হাঃ অজগৰ, হাও ফানী।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *