ফটাঢোল

মধুমতী দা ৰাজদূত-ৰূপম দত্ত

বিহু। বিহু বুলিলে আৰুনো কি লাগে। খাটি অসমীয়া লগতে পিলিঙা ডেকা। দেউতাৰ ৰাজদূতখন এতিয়া মোৰ কব্জাত। এম্বেচাদৰ গাড়ীৰ মিটাৰ এটা, গেৰেজ এটাৰপৰা আনি লগাই ল’লোঁ। কাৱাৰীৰ ওচৰত ডাঙৰ হেডলাইট এটা পালোঁ। চল্লিশ টকা দি কিনিলোঁ। নাজানো কিহৰ হেড লাইট। ৰেলৰটোতকৈ অলপমানহে সৰু, গোল। বহুত মেহনত কৰি লগালোঁ ৰাজদূতত।

চুগা নামৰ এটা বিহাৰী লগৰ ল’ৰাৰ বাইকৰ গেৰেজ আছে। তাতেই এইবোৰ পৰীক্ষা চলাই থাকোঁ। লাইট জ্বলিল কিন্তু পোহৰ একেবাৰে কম। হ’ব, মোৰ কাম চলি যাব। সেইদিনত দূৰ মানে এফালে ডিব্ৰুগড়, এফালে বৰডুবি, এফালে ডুমডুমালৈকে গৈ পাইছোঁ। পঢ়ি থকা ল’ৰা পইচা পাতিৰ নাটনি। যেনেতেনে চলি আছোঁ। ৰাজদূতখনৰ আগফালে নম্বৰ প্লেটত নাম দিলোঁ ‘মধুমতী’৷ চিনি নোপোৱা মানুহ কোনো নাই তিনিচুকীয়াত। দেউতাই লাজতে বাইক এৰি চাইকেলত ধৰিলে। মোৰ বুকু ফুলি থাকে৷ ইমান মডিফাই কৰা বাইক চলাই ফুৰোঁ। পাছফালে মৃদুল, দাদু, শান্তনু, ফৰিদ কোনোবা এটা থাকিবই।

আমাৰ ঘৰৰ ওচৰত বিহু ফাংচন চলিছে। আমাৰ গাত তত নাই। বিহুৰ কাম একো নাই, তথাপিও যেন আমিকেইটা নহ’লে বিহুখন নচলিব। তাতেই চিগাৰেট খাবলৈ নতুনকৈ শিকিছোঁ। পেণ্ডেলৰ পাছফালে আমাৰ জেগা আছে, তাত আমাৰ চিগাৰেটৰ আড্ডা। নহ’লেও ত্ৰিশটামান ল’ৰা, আমাৰ ফাইল। ওচৰৰ ছোৱালীবোৰৰ চকু অকল আমাৰ ওপৰত। সময় তেতিয়া গধূলি।

: ঐ শুনিছনে আজি বোলে দুলিয়াজানলৈ কুমাৰ চানু আহিব।

সঁচা-মিছা চোৱাৰ সময় নাই তেতিয়া। যোৱাৰ প্ৰগ্ৰেমৰ কথা ভৱাত লাগিলোঁ। ঠিক হ’ল, মই, মৃদুল আৰু দাদু যাম ৰাজদূত লৈ। এতিয়া চিন্তা আহিল তেল ভৰাবলৈ পইচা ক’ত পাওঁ। আমি নিজৰ নিজৰ পইচা মিলালোঁঁ৷ আশী টকামান ওলালে। বোলো এনেকৈ নহ’ব। বিহু পেণ্ডেলৰ আগফালে প্ৰায় ছয়টামান বিহাৰী চানাৱালাই চানা বেচি আছে। সিহঁতৰ ওচৰলৈ গৈ সুধিলোঁ,

: কেৰাচিন তেল কিমান আছে?

ঠেলাবোৰত বটলত কেৰাচিন ভৰাই চাকি জ্বলাই থয়। আৰু অলপ কেৰাচিন তেল ভিতৰত থৈ দিয়ে, ৰিজাৰ্ভ।

সুধি শেষ নহ’লেই, মৃদুল আৰু দাদুয়ে সিহঁতৰ চাকিবোৰ আৰু ভিতৰত বটলত সুমুৱাই থোৱা সকলো কেৰাচিন ৰাজদূতৰ টেংকিত ঢালি দিলে। আগৰ পেট্ৰল আছিল। বাইক ষ্টার্ট কৰিলোঁ। ফেট ফেট কৰি ষ্টাৰ্ট হৈ গ’ল। আমাৰ যাত্ৰা আৰম্ভ। দুলিয়াজান আগেয়ে এবাৰমান গৈছোঁ যদিও ৰাস্তা চিনি নাপাওঁ। ন পুখুৰী পাৰ হৈ বাইকৰ এক্সিলেটৰডাল পকাই শেষ কৰি দিলোঁ। মাজৰ পাছত দাদু, শেষত মৃদুল। পাছফালে দেখিলোঁ, বগা মেঘৰ দৰে ধোঁৱাই ৰাস্তা ঢাকি পেলাইছে। কেৰাচিনৰ ধোঁৱা। ধোঁৱা ওলালে কিবা বুকুখন ফুলি যায়। লাইটৰ দেখা-নেদেখা পোহৰত কেহাং বাগান পাৰহৈ আহিলোঁ। বাগান পাৰ হৈয়ে তিনিআলিয়েদি আমি বাওঁফালে সোমাই যাব লাগিছিল। ৰাস্তা চিনি নাপাওঁ, চিধাকৈ গ’লোঁ। গৈয়ে আছোঁ, গৈয়ে আছোঁ দুলিয়াজান নোপোৱাই হ’লোঁ। বহু দেৰি আহি টেঙাখাটৰ ৰাস্তাটো পালোঁ। সেইফালেৰে আহি টিপলিং তিনিআলিয়েদি আহি অইলৰ বিহুতলী পালোঁহি। বিহু চলি আছে। কোনোবাই গান গাই আছে। আমি তিনিটাই তিনিটা চিগাৰেট জ্বলাই চকুৱে মানুহৰ মাজত অন্তৰে বিচৰাজনী পাওঁ নেকি, তাকে বিচাৰি ফুৰিছোঁ। ৰাতি একমান বাজিবৰ হ’ল, নাই কুমাৰ চানু নুঠে। মৃদুলে গৈ কমিটিৰ মানুহক সুধি গ’ম পালে কুমাৰ চানু অহাৰ কথাই নাই। মনটো সেমেকি উঠিল। আকৌ ৰাজদূত ষ্টাৰ্ট কৰি এৰি দিলোঁ  তিনিচুকীয়াৰফালে। অহা ৰাস্তাইদি পোনালোঁ। টিপলিং হৈ টেঙাখাটৰ ৰাস্তাত উঠি আকৌ তিনিচুকীয়াৰফালে ফাট মেলি আহিম। মানে বিশ-পঁচিশ কিলোমিটাৰমান বেছি ঘূৰিম। ৰকেটৰ দৰে বাইক চলিছে। লাইটৰ কম পোহৰত একো মনিব নোৱাৰি। বহুদূৰ আহিলোঁ তিনিচুকীয়ালৈ যোৱা ৰাস্তাটো নোপোৱাই হ’লোঁ। তেনেতে এটা মাইল ষ্টন দেখি চালোঁ, ডিব্ৰুগড় ওঁঠৰ কিলোমিটাৰ। মানে তিনিচুকীয়ালৈ আহি থকা আমি ডিব্ৰুগড় কেনেকৈ পাম? আমি ঘূৰি দিলোঁ। বহুদূৰ ঘূৰি আহিলোঁ। ৰাজদূতখনত তেল শেষহৈ আহিছে। এখন ধাবা দেখি ৰখালোঁ,

: দাদা , তিনিচুকীয়ালৈ গৈ আছিলোঁ। দেখিলোঁ ডিব্ৰুগড়হে পাম। কি হ’ল বাৰু আমাৰ?

ধাবাৰ মালিকক সুধিলোঁ।

: আহিলা কৰ পৰা?

: দুলিয়াজানত বিহু চাই আহিলোঁ। তিনিচুকীয়ালৈ যাম৷

: ওৱা! এইফালে কেলেই আহিলা? ইমানদূৰ ঘূৰি? বৰডুবি হৈ নগ’লা কিয়? বাৰু শুনা, এইফালে যাবা৷ পাঁচ কিলোমিটাৰমান গৈ তিনিআলি পাবা। তাত বাওঁফালে সোমাই যাবা। চিধা গ’লেই তিনিচুকীয়া পাবা।

বাইকৰ লাইটৰ কম পোহৰত আমি তিনিআলি নেদেখিলোঁ। চিধা গুচি আহিলোঁ।

: ঠিক আছে দাদা। দাদা, সহায় এটা লাগিছিল। মটৰচাইকেলত তেল নাই। অলপ যোগাৰ কৰি দিকনা৷

: পেট্ৰল নাপাবা। কনডেন্সৰ তেল পাব পাৰা৷ চাওঁ কোনোবা গাড়ী আহে নেকি।

বহু দেৰি অপেক্ষা কৰাৰ পাছত এম্বেচাদৰ এখন আহিলে। ধাবাৰ মালিকে কথা পাতি ভালেমান তেল উলিয়াই দিলে, কনডেন্সৰ তেল। কেৰাচিনত যেতিয়া মোৰ মধুমতী চলিব পাৰে, কনডেন্সৰটো ফালি যাব। ত্ৰিশ টকা দি আধা টেংকি ভৰাই ল’লোঁ। বাইক আকৌ ৰকেটৰ গতিত আগবাঢ়িল। নিৰ্দিষ্ট দূৰ আহি তিনিআলিটোৱেদি সোমাই আহিলোঁ। তিনিচুকীয়া পাম আৰু বেছি দূৰ নাই। নপুখুৰীৰ ওচৰ পাই দেখিলোঁ আগৰ চাৰিআলিটোত এসোপামান মিলিটেৰী ৰৈ আছে। গোটেই অসমতে সেই সময়ত অপাৰেচন ৰাইন’ চলি আছিল। মিলিটেৰী দেখি আমাৰ কঁপনি উঠিল। দাদু জাঁপ মাৰি নামি দিলে। দুটা উঠাই মানা বাইকত, আমি তিনিটা। আজি আমাৰ কি হ’ব চকুৰ আগত ভাঁহি উঠিল। লাহে লাহে গৈ মিলেটেৰীৰ মাজত সোমাই দিলোঁ। যেন এটা কদু বাঁহতহে হাতখন ভৰাই দিলোঁ। 

মৃদুলে কিবা এটা বুজাবলৈ লৈছিল, এটা চৰ তাৰ গালত। মোৰ ভয়ত তত নাই৷ মই বাইকৰ ওপৰতে।

“ক’ৰ পৰা আহিলি, ক’লৈ যাবি। ক’ত থাক” বিভিন্ন প্ৰশ্ন। কঁপি কঁপি উত্তৰ দি আছোঁ। শেষত সুধিলে নাম কি? জানো মোৰ কি হ’ল ক’লোঁ দেউতাৰ নাম। আৰ চি বুকখন চাই আছিল, মিলিটেৰীয়ে। মই ভাবিলোঁ আৰ চি বুকখন চাই আছে, মধুমতীৰ মালিকৰ নাম সুধিছে।

সুধিলে দেউতাৰ নাম কি? আকৌ ক’লোঁ দেউতাৰ নাম।

এটা চৰ মোৰ গালত। তেতিয়াহে হুঁচ আহিল। মই কিয় মাৰ খালোঁ। তেতিয়া ৰাতি তিনিমান বাজিছে। বহু দেৰি কথা পতাৰ পাছত আমাক এৰি দিলে। অভাৰ ব্ৰিজ পাৰ হৈ আহিলোঁ, তললৈ নামি আহি চাৰিআলিটো। তাত দেখিলোঁ বহুত পুলিচ ৰৈ আছে। মিলিটেৰীয়ে এৰি দিলে পুলিচে কি কৰিব? এই ভাৱ লৈ নামি আহিলোঁ। ৰ’বলৈ ইংগিত দিয়াত আমি বাইক ৰখালোঁ।

: ক’ৰ পৰা আহিলি ইমান ৰাতি, তাকো তিনিটা উঠি?

দাদুৱে আমি কোৱাৰ আগতেই ক’লে,

: আগত মিলিটেৰী চেকিং আছিলে। এৰি দিলে আমাক।

কথাটো শেষ হ’বলৈ নাপালে। এটা পূৰ্ণহতীয়া চৰ দাদুৰ গালত। যি সুধিছে ক’লেই হ’ল, এনেই চৰটো খাই ল’লে। তাৰ পাছত আমাক তিনিটা তিনিটা চৰ যিমান জোৰত পাৰে দিলে। আধা ঘণ্টা কাণত ধৰি আঁঠুকঢ়ালে। পোহৰ হৈছে, ৰঙচুৱা আকাশখন দেখি বুজিব পাৰিলোঁ বেলি ওলাবলৈ বেছি দেৰি নাই৷ ঘৰ সোমাওঁতে সম্পূৰ্ণ পোহৰ হ’ল।

☆ ★ ☆ ★ ☆

5 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *